For faster navigation, this Iframe is preloading the Wikiwand page for মহিম বৰা.

মহিম বৰা

মহিম বৰা
জন্ম জুলাই ৬, ১৯২৪
ঘোপসাধাৰু চাহবাগিছা, দৰং জিলা
মৃত্যু আগষ্ট ৫, ২০১৬
গুৱাহাটী
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কাঠনিবাৰী ঘাট
এধানি মাহীৰ হাঁহি
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (২০১১)
সাহিত্য অকাডেমি বঁটা (২০০১)[1]
দাম্পত্যসংগী দীপ্তিৰেখা হাজৰিকা

মহিম বৰা (ইংৰাজী: Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়[2]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা'। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাকলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।[3][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।[3][4]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

গল্প সংকলন

[সম্পাদনা কৰক]
  • কাঠনিবাৰী ঘাট (১৯৬১)
  • দেহা গৰকা প্ৰেম (১৯৬৭)
  • ম‍ই, পিপলী আৰু পূজা (১৯৬৭)
  • বহুভুজী ত্ৰিভুজ (১৯৬৭)
  • এখন নদীৰ মৃত্যু (১৯৭২)
  • ৰাতি ফুলা ফুল (১৯৭৭)
  • বৰযাত্ৰী (১৯৮০)
  • মোৰ প্ৰিয় গল্প (১৯৮৭)
  • গল্প সমগ্ৰ মহিম বৰা (১৯৯৩)

প্ৰবন্ধ সংকলন

[সম্পাদনা কৰক]
  • চিন্তা বিচিত্ৰা (১৯৭৫)
  • সাহিত্য বিচাৰ (১৯৮৯)

উপন্যাস

[সম্পাদনা কৰক]
  • হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)[4]
  • পুতলা ঘৰ (১৯৭৩)
  • এধানি মাহীৰ হাঁহি (১৯৯৭)
  • বন্দুলি ফুলৰ ৰং (২০০৭)

শিশু সাহিত্য

[সম্পাদনা কৰক]
  • বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
  • তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)

অনুবাদ গ্ৰন্থ

[সম্পাদনা কৰক]
  • ৰাজা ৰামমোহন ৰায় (১৯৮৯)

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]
  • শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)

কবিতা পুথি

[সম্পাদনা কৰক]
  • ৰঙা জিঞা (১৯৭৮)
  • জোনমণিৰ হাঁহি

ৰেডিঅ' নাট

[সম্পাদনা কৰক]
  • লাৰু গোপালৰ প্ৰেম
  • লাৰু গোপালৰ বিবাহ
  • লাৰু গোপালৰ ঘৰ-সংসাৰ
  • পদুম কুঁৱৰী (১৯৫১)
  • নিৰ্মল ভকত( ১৯৫১)
  • পঞ্চস্বৰ
  • গৰখীয়া ভীম (১৯৫১)
  • তিনিৰ তিনি গ'ল
  • পাখিলগা দিন (১৯৮৯)

অন্যান্য

[সম্পাদনা কৰক]
  • এই নদীৰ সোঁতে (১৯৭৫)
  • মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭)

বঁটা-সন্মান

[সম্পাদনা কৰক]

৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৫ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. 3.0 3.1 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১৬০, ১৬১. 
  4. 4.0 4.1 4.2 4.3 4.4 "কাঠনিবাৰী ঘাট এৰি চিৰদিনলৈ গ'লগৈ মহিম বৰা". অসমীয়া প্ৰতিদিন. পৃষ্ঠাসমূহ: ১, ১৪. http://asomiyapratidin.in/article.php?date=06-08-2016&page=1&article=24.jpg&cid=273547#.V6VEvdJ97IU। আহৰণ কৰা হৈছে: 6 August 2016. 
{{bottomLinkPreText}} {{bottomLinkText}}
মহিম বৰা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?