For faster navigation, this Iframe is preloading the Wikiwand page for লক্ষ্মীনন্দন বৰা.

লক্ষ্মীনন্দন বৰা

লক্ষ্মীনন্দন বৰা
জন্ম ১৫ জুন, ১৯৩২
মৃত্যু ৩ জুন, ২০২১ (৮৮ বছৰ)[1]
পেচা সহিত্যিক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি পাতাল ভৈৰৱী
কায়কল্প
যাকেৰি নাহিকে উপাম
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (২০১৫)[2]
সাহিত্য অকাডেমি বঁটা (১৯৮৮)[3]
অসম উপত্যকা সাহিত্য বঁটা (২০০৪)
সৰস্বতী সন্মান (২০০৮)

লক্ষ্মীনন্দন বৰা (ইংৰাজী: Lakshmi Nandan Bora; ১৫ জুন, ১৯৩২ – ৩ জুন ২০২১) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।[2] তেখেতৰ উপন্যাস 'গঙা চিলনীৰ পাখি'ৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। ২০২১ চনৰ ৩ জুনত ক'ভিড-১৯ৰ ফলত হোৱা জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।[1]

পত্নীৰ সৈতে লক্ষ্মীনন্দন বৰা

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩২ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা। লক্ষ্মীনন্দন বৰাই বেবেজিয়া পণ্ডিত কণকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। কিছুদিন জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিছাপে, ইণ্ডো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে। তেখেতে ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্‌' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল।[4]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল।[5] সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিশখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে। ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ড॰ বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল[6]। তেখেতে ২০২১ চনৰ জুন মাহলৈকে গৰীয়সী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 'নিশাৰ পূৰৱী' (১৯৬২) হ’ল তেখেতৰ প্ৰথম উপন্যাস। 'কাল বলুকাত খোজ' তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।[7]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
উপন্যাস
  • গঙা চিলনীৰ পাখি
  • যাকেৰি নাহিকে উপাম
  • পাতাল ভৈৰৱী
  • শিখৰ সুৰভি
  • মেঘালী দুপৰ
  • বলুকাত বিজুলী
  • উত্তৰ পুৰুষ
  • বিশেষ এৰাতি
  • পতন
  • নায়ক অধিনায়ক
  • মৎস্যকন্যা
  • সেহি গুণনিধি
  • মেঘত মাদল বাজে
  • কায়কল্প
  • চতুৰংগ
  • কাঁচিয়লিৰ কুঁৱলী
  • মন মাটি মেঘ
  • গৌৰি ৰূপক
  • নিষিদ্ধ চেতনা
  • মাজত তৃষাৰ নৈ
  • মাটিত মেঘৰ ছাঁ
  • দহন দুলড়ী
  • বহ্ন ব্যাকুলতা
  • কাল ডিঙৰাৰে পাল
  • আকাশ থমকি ৰয়
  • ছাঁ জুইৰ পোহৰত
  • গণেশগুৰি
  • আকৌ শৰাইঘাট
  • এৰাবাৰীৰ লেছেৰী
  • প্ৰেয়সী
  • পাখি
  • হিয়াত তিৰেবিৰায়
আত্মজীৱনী
  • কাল বলুকাত খোজ
নাটক
  • মহে গুণ গুণ কৰে[8]
চুটিগল্প
  • দৃষ্টিৰূপা
  • সেই সুৰে উতলা
  • গোপন গধূলি
  • অচিন কইনা
  • এই ৰূপ এই চন্দ
  • ব্যতিক্ৰম
  • দুষ্টৰ কাৰাগাৰ
  • প্ৰেয়সী ইত্যাদি
ভ্ৰমণ কাহিনী
  • জোৰালগা জাৰ্মানীত
  • সীমাৰ পৰিধি ভাঙি

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "COVID-19: Assamese litterateur Lakshmi Nandan Bora passes away". The Hindu. প্ৰকাশক Guwahati. 3 June 2021. https://www.thehindu.com/news/national/covid-19-assamese-litterateur-lakshmi-nandan-bora-passes-away/article34715572.ece। আহৰণ কৰা হৈছে: 4 June 2021. 
  2. 2.0 2.1 "Padma Awards 2015". Press Information Bureau. http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 25 January 2015. 
  3. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  4. সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃষ্ঠা. ৪৪০. 
  5. http://enajori.com/literature/authors/authorsL.html[সংযোগবিহীন উৎস]
  6. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  7. গ্ৰন্থ: পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লিখক: ত্ৰিদিপ গোস্বামী, পৃষ্ঠ নং-?
  8. ৰূপালীপৰ্দা ডট কম
{{bottomLinkPreText}} {{bottomLinkText}}
লক্ষ্মীনন্দন বৰা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?