For faster navigation, this Iframe is preloading the Wikiwand page for হিৰণ্য চন্দ্ৰ ভূঞা.

হিৰণ্য চন্দ্ৰ ভূঞা

ড॰ হিৰণ্য চন্দ্ৰ ভূঞা
জন্ম ১৯০৫ চন
নগাওঁ জিলাৰ ৰহা, অসম, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ বিজ্ঞান
কৰ্মস্থান গুৱাহাটী বিশ্ববিদ্যালয়

ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৫ চনত নগাওঁ জিলাৰ ৰহাৰ ওচৰৰ কঁহাৰ গাঁৱত ড॰ হিৰণ্য চন্দ্ৰ ভূঞা জন্ম হয়। তেওঁৰ পিতৃ নগাওঁ জিলাৰ এগৰাকী প্ৰখ্যাত বিজ্ঞান শিক্ষক গোপাল ভূঞা। কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বি এছ চি পৰীক্ষাত পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীসহ উত্তীৰ্ণ হয়। ১৯২৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীসহ এম এছ চি লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯২৯ চনত তেওঁ কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে যোগদান কৰে। ১৯৪৭ চনলৈকে শিক্ষাদান কৰি অৱশেষত গৱেষণাৰ বাবে যুক্তৰাজ্যৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত যোগ দিয়ে। তাত প্ৰখ্যাত পদাৰ্থবিদ তথা গণিতজ্ঞ ড॰ এন মটৰ তত্ত্বাবধানত গৱেষণা কৰি পি এইচ ডি লাভ কৰে। ১৯৫১ চনত ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। ১৯৫৫ চনত অসমৰ শিক্ষাধিকাৰ ৰূপে তেওঁ শ্বিলঙত যোগদান কৰে। তাৰ পৰৱৰ্ত্তী কালত অসম চৰকাৰৰ শিক্ষা সচিব, লোকসেৱা আয়োগৰ সদস্য আৰু অধ্যক্ষ পদতো কাৰ্যনিৰ্বাহ কৰে। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়। ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তেওঁ অসম বিজ্ঞান সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে। [2]

সমগ্ৰ জীৱনজুৰি তেওঁ অসমত বিজ্ঞান চৰ্চাৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰাত অৱদান আগবঢ়ায়।[3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
হিৰণ্য চন্দ্ৰ ভূঞা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?