For faster navigation, this Iframe is preloading the Wikiwand page for বিউটি শৰ্মা বৰুৱা.

বিউটি শৰ্মা বৰুৱা

বিউটি শৰ্মা বৰুৱা

২০১১ চনত বিউটি শৰ্মা বৰুৱা
প্ৰাথমিক তথ্য
জন্মৰ নাম বিউটি বৰুৱা
আন নাম বিউটি বাইদেউ
জন্ম ১৮ জুন, ১৯৫১ (৭৩ বছৰ)
ডফলাটিং চাহ বাগিচা,গোলাঘাট জিলা, অসম
মূল অসমীয়া
সংগীতৰ প্ৰকাৰ আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন
পেচা গায়িকা
কাৰ্যকাল ১৯৫৮-বৰ্তমানলৈ

বিউটি শৰ্মা বৰুৱা (জন্ম ১৮ জুন ১৯৫১) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে। তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰী দেৱীৰ আজু নাতিনী। তেওঁ ১৯৭৬ চনত সাহিত্যিক আৰু গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫১ চনৰ ১৮ জুন তাৰিখে গোলাঘাট জিলাৰ ডফলাটিং চাহ বাগিচাত বিউটি বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভুৱেনশ্বৰ বৰুৱা চাহ বাগিচাৰ মেনেজাৰ আছিল আৰু নিৰ্মলা দেৱী।

তেওঁ তিনি বছৰ বয়সতে প্ৰথমতে যোৰহাটত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৮ চনত ৭ বছৰ বয়সতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে তেওঁক সম্বৰ্ধনা জনাইছিল। ৯ বছৰ বয়সত তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিছিল। প্ৰথমতে তেওঁ কিৰাণা ঘৰণা আৰু পিছলৈ ইন্দোৰ ঘৰাণাৰ শাস্ত্ৰীয় সংগীত শিকিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৬০ৰ দশকত তেওঁ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শ্বিলংৰ লগত জড়িত আছিল। সেই সময়ত তেওঁ ভজন, গজল আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বেছি জনাজাত আছিল। আকাশবাণী গুৱাহাটীত গোৱা তেওঁৰ প্ৰথম গীতটো হল তোমালৈ মনত পৰে। জিতু তপনৰ সংগীত আৰু নুৰুল হকৰ কথাৰ এই গীত তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত গাইছিল। তেওঁ ঘাইকৈ অসমীয়া সংগীতত শাস্ত্ৰীয় ৰাগৰ ব্যৱহাৰৰ বাবে বিখ্যাত হৈছিল।

১৯৭৬ চনত তেওঁ গীতিকাৰ আৰু কবি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত অসমীয়া লোক-সংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক নতুন ধাৰাৰ আৰম্ভ হৈছিল। সেই সময়তে তেওঁলোকৰ মাহ হালধিৰে, ঘৰমুৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলোঁ, দীঘল কৈ উৰণি, উজনি মুৱা ৰে'ল গাড়ী আদি কালজয়ী গীতৰ সৃষ্টি হৈছিল। বিউটি শৰ্মা বৰুৱায়ে বৰ্তমানলৈ দ্বিজেন্দ্ৰ মোহন শৰ্মায়ে লিখা প্ৰায় ৩০০ গীত গাইছে।

বিউটি শৰ্মা বৰুৱা আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা, ১৯৮৯

১৯৮০ৰ দশকত বিউটি শৰ্মা বৰুৱায়ে অলকানন্দ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। ২০০৭ চনত তেওঁ শিশু সকলৰ বাবে ওমলা ঘৰৰ গীত নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। তেওঁ দূৰদৰ্শন আৰু আকাশবাণীৰ কেইবাটাও সংগীতিক অনুষ্ঠান প্ৰযোজনা কৰিছিল। ইয়াৰ লগতে তেওঁ কেইখনমান অসমীয়া ধাৰাবাহিকত অভিনয়ো কৰিছিল।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Dwijendra Mohan Sharma". The Daily Telegraph. 26 July 2007. http://www.telegraphindia.com/1070726/asp/guwahati/story_8105260.asp। আহৰণ কৰা হৈছে: 2011-12-03. 
  2. Enajori (21 September 2004). "Musical Minds". Enajori. Archived from the original on 8 July 2012. https://archive.is/20120708043719/http://enajori.com/art-and-literature/musical-minds/। আহৰণ কৰা হৈছে: 2011-08-19. 
{{bottomLinkPreText}} {{bottomLinkText}}
বিউটি শৰ্মা বৰুৱা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?