For faster navigation, this Iframe is preloading the Wikiwand page for হিড়িম্ব.

হিড়িম্ব

হিড়িম্ব
দেৱনাগৰী हिडिम्ब
সংস্কৃত লিপ্যন্তৰ Hidimba
সম্পৰ্ক ৰাক্ষশ
নিবাস কামাখ্যা অৰণ্য
সহোদৰ হিড়িম্বী

হিড়িম্ব (সংস্কৃত: हिडिम्ब) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা।[1] তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দেশ্যে হিড়িম্বীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি পাণ্ডৱসকলক হিড়িম্বৰ ওচৰলৈ লৈ আনিছিল। হিড়িম্বই ভীমৰ সৈতে যুঁজ কৰি মৃত্যুক আঁকোৱালি লয়[2][3] হিড়িম্বীৰ ককায়েক হিচাপে তেওঁ ঘটোৎকচৰ খুৰাৱক আছিল। তেওঁ ১২ ফুট দৈৰ্ঘ্যৰ আছিল বুলি জনা যায়। লোকবিশ্বাস মতে হিড়িম্ব কামৰূপৰ আছিল আৰু ডিমাছাসকলে নিজকে দৈত্যৰাজ হিড়িম্বৰ বংশধৰ বুলি বিশ্বাস কৰে। তেওঁ হিড়িম্বেশ্বৰ বা হিড়িম্ব বুলিও জনা যায়। ভাসৰ এখন বিশেষ সংস্কৃত নাট 'মধ্যমা' (হিন্দী: मध्यमव्यायोग, ইংৰাজী: The Middle One)। এই নাটকত পিতা-পুত্ৰ ভীম আৰু ঘটোতকচৰ পুনৰ মিলনৰ বিষয়ে বৰ্ণিত হৈছে যি নেকি হিড়িম্বৰ মানৱ দেহেৰ আকাঙ্ক্ষাৰ অধীনত সঞ্চালিত। ইয়াৰ চৰিত্ৰসমূহ যদিওবা মহাভাৰতৰ পৰা সংগ্ৰহ কৰা, কাহিনীটো প্ৰকৃততে ভাসৰ কাল্পনিক সৃষ্টি।

মঠ-মন্দিৰ

হিমাচল প্ৰদেশত হিড়িম্বী দেৱীৰ নামত উৎসৰ্গিত বহু কেইটা মঠ-মন্দিৰ বৰ্তমানো পোৱা যায়। মানালিৰ হিড়িম্বী দেৱীৰ মন্দিৰ আটাইতকৈ জনপ্ৰিয়। এই মন্দিৰত দেৱীৰ এটা সৰু মূৰ্তি আৰু পদ চিহ্ন আছে। হিড়িম্বক কুল্লু উপত্যকাৰ সকলোতকৈ শক্তিশালী আৰু আধ্যাত্মিক দেৱতা হিচাপে গণ্য কৰা হয়। দেৱীৰ নামত উৎসৰ্গিত কাঠৰে নিৰ্মিত আন এটা মন্দিৰৰ শিখৰ ভাগ আৰু মূল দৰ্জাখন ৫০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। প্ৰচলিত আছে যে এই মন্দিৰৰ শিল্পনিৰ্মাণ কৰা শিল্পী জনে মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ তেওঁৰ হাত দুখন কাটি পেলাইছিল যাতে তেওঁৰ পুনৰাই ক'তো তেনে শিল্প নিৰ্মাণ কৰিব নোৱাৰে। এই মন্দিৰটো দেৱদাৰ অৰণ্যৰ মাজত অৱস্থিত।

প্ৰতিবছৰে দশহাৰা উৎসৱত অংশগ্ৰহণৰ বাবে ভক্তগণ চুবুৰীয়া কুল্লু চহৰলৈ যায় য'ত কুল্লু ঘাটৰ পৰা হিড়িম্বৰ ৰথ আৰু প্ৰভু শ্ৰীৰামৰ মুখ্য ৰথৰ লগতে অন্যান্য দেৱতা সকলৰ ৰথযাত্ৰা অনুষ্ঠিত হয়। সম্পূৰ্ণ সাত দিনৰ এই উৎসৱৰ অন্তত 'লংকাদাহনৰ' দিনা হিড়িম্ব দেৱতা বাবে বলি উৎসৰ্গা কৰা হয়। হিড়িম্বী পুত্ৰ ঘটোৎকচ চুবুৰীয়া বাঞ্জাৰ আৰু চিৰাজ উপত্যকাৰ জন্মপ্ৰিয় লোক দেৱতা।

বিশ্বাস

  • নাগালেণ্ডৰ ডিমাপুৰ নামটো হিড়িম্ব নামৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। এই নামটো হিড়িম্বপুৰ নামৰ পৰা সৃষ্ট। ডিমাপুৰ হৈছে ডিমাছা কছাৰীসকলৰ প্ৰথম ৰাজধানী।
  • গুজৰাটৰ সাবৰকাণ্ঠা জিলাৰ বিজয়নগৰৰ বনতেই হিড়িম্ব আৰু ভীমৰ মাজত যুঁজ হোৱা বুলি বিশ্বাস কৰা হয়। ইয়াৰোপৰি ভাৰতৰ আন আন বহু অঞ্চল হিড়িম্বীৰ স্থান বুলি গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. HimVani, Team (2007-03-28). "Hidimba: The unsung heroine of Mahabharata" (en-US ভাষাত). HimVani. http://www.himvani.com/688/hidimba-the-unsung-heroine-of-mahabharata/। আহৰণ কৰা হৈছে: 2019-07-03. 
  2. "The Mahabharata, Book 1: Adi Parva: Hidimva-vadha Parva: Section CLIV". www.sacred-texts.com. https://www.sacred-texts.com/hin/m01/m01155.htm। আহৰণ কৰা হৈছে: 2021-03-10. 
  3. Mahabharata. 1. Penguin Books. 2015. পৃষ্ঠা. 265-272. ISBN 9780143425144. 
{{bottomLinkPreText}} {{bottomLinkText}}
হিড়িম্ব
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?