গান্ধাৰী
গান্ধাৰী | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | সুবল (পিতৃ) সুদৰ্মা (মাতৃ) শকুনি (ককায়েক) |
দাম্পত্যসঙ্গী | ধৃতৰাষ্ট্ৰ |
সন্তান | দুৰ্যোধন, দুশাসন, বিকৰ্ণ, আন ৯৭জন পুত্ৰ আৰু দুশালা (কন্যা) |
গান্ধাৰী (সংস্কৃত: गांधारी, অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা। পতীব্ৰতা নাৰী গান্ধাৰীক সদগুণৰ প্ৰতীক ৰূপে গণ্য কৰা হয় তথা মহাকাব্যৰ সকলোতকৈ সম্মানিত নৈতিক শক্তি সমূহৰ মাজৰ এটি চৰিত্ৰ। তেওঁ কেৱল এজন অন্ধ ৰজাৰে বিবাহপাশত আবদ্ধ হোৱাই নহয়, আনকি তেওঁ নিজ স্বামীৰ অক্ষমতাৰ সমভাগি হৈ বিবাহৰ পিছৰ জীৱনচোৱা সম্পূৰ্ণ ৰূপে অন্ধ নাৰী হিচাপে কটাবলৈ সিদ্ধান্ত ল'লে। সেয়ে পিছলৈ তেওঁ চকুত এখন কাপোৰ বান্ধি লৈ অন্ধকাৰৰ সৈতে সহবাস কৰিবলৈ শিকিলে। তেওঁ নিৰ্দিষ্ট জটিল সংকটৰ সময়ত নিজৰ স্বামীক বিভিন্ন পৰামৰ্শ দিছিল, যি সমূহ নৈতিক দৃষ্টিকোণৰ পৰা সঠিক নাছিল; তেওঁ ধাৰ্ম্মিকতাৰ সৈতে তেওঁৰ আনুগত্যেতা সদায়ে বজাই ৰাখিবলৈ চেষ্টা কৰিছিল আনকি বহু তিতা সংকটৰ শেষ পৰ্যন্ত তেওঁ নিজৰ মতত অটল আছিল। পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ মাজত হোৱা কুৰুক্ষেত্ৰৰ ৰণত ১৮ দিনৰ ভিতৰত হোৱা তেওঁৰ ১০০পুত্ৰৰ মৃত্যুৰ সাক্ষী তেওঁ নিজেই আছিল; সন্তানৰ মৃত্যুৰ দুঃখত ম্ৰিয়মাণ হৈ তেওঁ ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে, শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ বংশ এইদৰেই ধ্বংস হৈ যাব। জীৱনৰ অন্তিমচোৱা সময় তেওঁ তেওঁৰ স্বামীৰ সৈতে এখন বনৰ আশ্ৰমত কটায়। [1]
জীৱনৰ আদি সময়চোৱা
এগৰাকী নাৰী হিচাপে গান্ধাৰী পতীব্ৰতা তথা ধাৰ্মিক প্ৰকৃতিৰ বাবে সুপৰিচিত আছিল। গান্ধাৰীক জ্ঞানৰ দেৱী মাতিৰ অৱতাৰ ৰূপে গণ্য কৰা হয়। তেওঁ পৃথিৱীত গান্ধাৰৰ ৰজা সুবলৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল। তথা তেওঁৰ পিতাকৰ গৌৰৱৰ ভূমিৰ নামৰেই তেওঁৰ নাম গান্ধাৰী ৰখা হৈছিল। তেওঁ গান্ধাৰ-ৰজাৰ-দুহিতা (গান্ধাৰ ৰজাৰ কন্যা), সাবালেয়ী, সাবালী, সুবালজা, সুবালা-পুত্ৰী আৰু সুবালতমাজ (সকলোৰে অৰ্থ 'সুবলৰ কন্যা') হিচাবে মহাকাব্যৰ বিভিন্ন স্থানত উল্লেখ আছে। শকুনি তেওঁৰ ককায়েক আছিল।
বিবাহ
গান্ধাৰীৰ বিবাহ ৰজা ধৃতৰাষ্ট্ৰৰ সৈতে সম্পন্ন হৈছিল। তেওঁ আছিল কুৰু বংশৰ জ্যেষ্ঠ কোঁৱৰ। "মহাভাৰত"ৰ পাতত গান্ধাৰী এগৰাকী সুন্দৰী আৰু ধৰ্মপৰায়ণ তথা পতীব্ৰতা নাৰী হিচাপে বৰ্ণিত হৈছে। তেওঁলোকৰ বিবাহ ভীষ্মই ঠিক কৰিছিল। যেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ স্বামী এজন জন্মান্ধ ৰজা, তেতিয়াৰ পৰাই তেওঁ নিজৰ চকুযুৰিও কাপোৰৰে বান্ধি অন্ধৰ জীৱন অতিবাহিত কৰিছিল। অৱশ্যে হ'ব লগা স্বামী জন্মান্ধ বুলি জনাৰ পিছত গান্ধাৰীৰ প্ৰতিক্ৰিয়া কেনে আছিল সেই সম্পৰ্কে মহাকাব্য খনত কোনো উল্লেখ নাই। সামাজিক ব্যাখ্যাৰ ফালৰ পৰা গান্ধাৰীৰ এই ত্যাগক তেওঁৰ স্বামীৰ প্ৰতি থকা প্ৰেম আৰু উৎসৰ্গাক প্ৰতিনিধিত্ব কৰে বুলি ক'ব পাৰি। ইৰাৱতী কাৰ্ভে আৰু বহু আধুনিক পণ্ডিতে এই কাৰ্যক এজন জন্মান্ধ ৰজাৰে বিয়াত বহিবলৈ নিজ পিতৃক পিতামহ ভীষ্মই উচটনি দিয়াৰ বাবে ভীষ্মৰ বিৰুদ্ধে গান্ধাৰীৰ এয়া এক প্ৰতিবাদী আচৰণ বুলি যুক্তি আগবঢ়ায়।[2]
তথ্য সংগ্ৰহ
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.