For faster navigation, this Iframe is preloading the Wikiwand page for দেৱেন্দ্ৰ ঝাঝাৰীয়া.

দেৱেন্দ্ৰ ঝাঝাৰীয়া

দেৱেন্দ্ৰ ঝাঝাৰীয়া
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১০ জুন, ১৯৮১ (৪৩ বছৰ)
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া এথলেটিকছ
শিতান এফ৪৬ জেভলীন
প্ৰশিক্ষক আৰ.দি. সিং
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০০৪, ২০১৬ আৰু ২০২০

দেৱেন্দ্ৰ ঝাঝাৰীয়া (ইংৰাজী: Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভলীন থ্ৰ'ত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰি পেৰালিম্পিক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় ভাৰতীয়ত পৰিণত হৈছিল। ২০১৬ চনৰ ৰিঅ' পেৰালিম্পিকত একে খেলত তেওঁ নিজৰ ব্যক্তিগত ৰেকৰ্ড ভাঙি সোণৰ পদক লাভ কৰিলে।[1] ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুনৰ একে শিতানতে ৰূপৰ পদক লাভ কৰে।[2]

প্ৰাৰম্ভিক জীৱন

১৯৮১ চনৰ ১০ জুন তাৰিখে ৰাজস্থানৰ চুৰু জিলাত দেৱেন্দ্ৰৰ জন্ম হৈছিল। ৮ বছৰ বয়সত এজোপা গছত উঠোঁতে তেওঁ এডাল বিদ্যুৎ পৰিবাহী তাঁৰক স্পৰ্শ কৰে। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, কিন্তু চিকিৎসকে তেওঁৰ বাওঁ হাতখন কাটিবলৈ বাধ্য হয়।[3][4] ১৯৯৭ চনত দ্ৰোণাচাৰ্য বঁটা বিজয়ী প্ৰশিক্ষক আৰ ডি সিঙে তেওঁক এখন বিদ্যালয় ক্ৰীড়া দিৱসত তেওঁক লক্ষ্য কৰে। তেওঁ তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক আৰ ডি সিঙক ২০০৪ চনত জিকা সোণৰ পদকৰ কৃতিত্ব দিয়ে।[5][6]

কৰ্মজীৱন

২০০২ চনত কোৰিয়াত অনুষ্ঠিত অষ্টম FESPIC ক্ৰীড়াত তেওঁ সোণৰ পদক লাভ কৰে। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিক প্ৰতিযোগিতাত ঝাঝাৰীয়া প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। ইয়াত তেওঁ জেভলীন থ্ৰ'ত ৬২.১৫ মিটাৰ অতিক্ৰম কৰি বিশ্ব ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে।[7]

তাৰপাছত তেওঁ ২০১৩ চনত ফ্ৰান্সৰ লয়নত অনুষ্ঠিত আইপিচি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। আকৌ ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান পেৰা ক্ৰীড়াত তেওঁ ৰূপৰ পদক লাভ কৰে। ২০১৫ চনত দোহাত অনুষ্ঠিত আইপিচি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদক লাভ কৰে।

২০১৬ চনত ডুবাইত অনুষ্ঠিত এছিয়া-ওচেনিয়া চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক অৰ্জন কৰে। একে বছৰতে ২০১৬ ৰিঅ' পেৰালিম্পিক ক্ৰীড়াত পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ ইভেণ্টত ৬৩.৯৭ মিঃৰ ৰেকৰ্ড গঢ়ি সোণৰ পদক অৰ্জন কৰে।[1] তেওঁ পুনৰ টকিঅ' ২০২০ পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ ইভেণ্টত ৰূপৰ পদক লাভ কৰে।[2]

বঁটা আৰু সন্মান

  • FICCI বৰ্ষশ্ৰেষ্ঠ পেৰা খেলুৱৈ (২০১৪)[8]
  • পদ্মশ্ৰী (২০১২; পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী পেৰালিম্পিয়ান)[9]
  • অৰ্জুন বঁটা (২০০৪)

তথা উৎস

  1. 1.0 1.1 "Paralympics: Javelin thrower Devendra Jhajharia wins gold by breaking world record". The New Indian Express. 14 September 2016. Archived from the original on 17 September 2016. https://web.archive.org/web/20160917062115/http://www.newindianexpress.com/sport/Paralympics-Javelin-thrower-Devendra-Jhajharia-wins-gold-by-breaking-world-record/2016/09/14/article3620669.ece। আহৰণ কৰা হৈছে: 13 September 2016. 
  2. 2.0 2.1 "Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)" (en ভাষাত). https://sports.ndtv.com/athletics/paralympics-devendra-jhajharia-wins-silver-bronze-for-sundar-singh-gurjar-2523261. 
  3. "Devendra". infostradasports.com. Archived from the original on 23 September 2013. https://web.archive.org/web/20130923010317/http://ipc.infostradasports.com/asp/lib/TheASP.asp?pageid=8937&sportid=513&personid=1187810। আহৰণ কৰা হৈছে: 21 September 2013. 
  4. Sharma, Sandipan (9 March 2005). "At awards night, Govt ignores Paralympic gold winner". indianexpress.com. http://www.indianexpress.com/oldStory/66104/। আহৰণ কৰা হৈছে: 21 September 2013. 
  5. http://www.sportskeeda.com/general-sports/indian-javelin-thrower-devendra-jhajharia-wins-silver-world-para-athletics-meet
  6. http://www.thehindu.com/news/cities/mumbai/sport/paralympic-gold-medallist-devendra-jhajharia-javelin-genius/article8456210.ece
  7. Shrikant, B (22 August 2012). "Forgotten hero: India’s first Paralympic gold medallist". hindustantimes.com. Archived from the original on 25 September 2013. https://web.archive.org/web/20130925130445/http://www.hindustantimes.com/sports-news/OtherSports/Forgotten-hero-India-s-first-Paralympic-gold-medallist/Article1-917904.aspx। আহৰণ কৰা হৈছে: 21 September 2013. 
  8. "FICCI announces the Winners of India Sports Awards for 2014". IANS. news.biharprabha.com. http://news.biharprabha.com/2014/02/ficci-announces-the-winners-of-india-sports-awards-for-2014/। আহৰণ কৰা হৈছে: 14 February 2014. 
  9. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on October 15, 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
{{bottomLinkPreText}} {{bottomLinkText}}
দেৱেন্দ্ৰ ঝাঝাৰীয়া
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?