For faster navigation, this Iframe is preloading the Wikiwand page for শৰদ কুমাৰ.

শৰদ কুমাৰ

শৰদ কুমাৰ

এছিয়ান পেৰা গেমছত শৰদ কুমাৰ
ব্যক্তিগত তথ্যাৱলী
জন্ম ১ মাৰ্চ, ১৯৯২ (৩২ বছৰ)[1]
পাটনা, বিহাৰ, ভাৰত[2]
শিক্ষা ৰাজনীতি বিজ্ঞান
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক[2]
শিক্ষানুষ্ঠান চেইণ্ট পলছ স্কুল, দাৰ্জিলিং
মডাৰ্ণ স্কুল, নতুন দিল্লী
কিৰোৰী মল কলেজ
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়[2]
জীৱিকা পেৰা-এথলীট আৰু প্ৰশিক্ষক (ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ)
সক্ৰিয় হৈ থকা সময় ২০১০– বৰ্তমানলৈকে
উচ্চতা ১.৮১ মিটাৰ[2]
ওজন ৫৮ কেজি[2]
ক্ৰীড়া
ক্ৰীড়া হাই জাম্প
শিতান হাই জাম্প টি৪২
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
সৰ্বোচ্চ বিশ্ব ৰেংকিং [3]

শৰদ কুমাৰ (ইংৰাজী: Sharad Kumar; জন্ম: ১ মাৰ্চ ১৯৯২) এজন ভাৰতীয় পেৰা হাই জাম্পাৰ আৰু প্ৰাক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ। বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা শৰদ কুমাৰে ২০১০ চনৰ এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৪ চনৰ এছিয়ান পেৰা গেমছত তেওঁ ১২ বছৰীয়া এছিয়ান গেমছৰ অভিলেখ ভংগ কৰি হাই জাম্পৰ টি৪২ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে বিশ্বৰ শীৰ্ষ স্থান পুনৰ দখল কৰে। শৰদে ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁক পেৰা চেম্পিয়নছ কাৰ্যসূচীৰ জৰিয়তে গোস্পৰ্টছ ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থন কৰা হয়। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৩ মিটাৰ উচ্চতা অতিক্ৰম ব্ৰঞ্জৰ পদক লাভ কৰে।[4]

প্ৰাৰম্ভিক জীৱন

শৰদ কুমাৰৰ জন্ম ১৯৯২ চনৰ ১ মাৰ্চত বিহাৰৰ পাটনাত হৈছিল।[1][2] দুবছৰ বয়সত স্থানীয় পলিঅ' ৰোগ নিৰ্মূল অভিযানত নকল পলিঅ' ঔষধ গ্ৰহণ কৰাৰ পাছত তেওঁৰ বাওঁ ভৰিৰ পক্ষাঘাত হয়।[2][5] শৰদে দাৰ্জিলিঙৰ চেইণ্ট পলছ স্কুলত অধ্যয়ন কৰিছিল আৰু তাতেই তেওঁ সপ্তম শ্ৰেণীত হাই জাম্প খেলা আৰম্ভ কৰিছিল। তেওঁ শাৰীৰিকভাৱে সক্ষম খেলুৱৈসকলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি বিদ্যালয় আৰু জিলাৰ অভিলেখ ভংগ কৰিছিল।[6] উচ্চ শিক্ষাৰ বাবে তেওঁ দিল্লীলৈ যায় আৰু মডাৰ্ণ স্কুলত উচ্চত্তৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি কিৰোৰী মল কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বিশেষজ্ঞতাৰ সৈতে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2][7]

কেৰিয়াৰ

শৰদে ২০১০ চনত চীনৰ গুৱাংঝৌত এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল।[2] ২০১২ চনৰ জানুৱাৰীত তেওঁ ১.৬৪ মিটাৰ উচ্চতা অতিক্ৰম কৰি ২০১২ চনৰ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ২০১২ চনৰ এপ্ৰিল মাহত মালয়েছিয়ান অপেন পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ১.৭৫ মিটাৰ অতিক্ৰমী তেওঁ ১৯ বছৰ বয়সত বিশ্বৰ এক নম্বৰ স্থানত উপনিত হয়। অৱশ্যে নিষিদ্ধ ঔষধৰ বাবে কৰা পৰীক্ষাত ইতিবাচক চিহ্নিত হোৱাৰ পাছত তেওঁ লণ্ডন পেৰালিম্পিকত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল।[7] তেওঁ ২০১৪ চনৰ পেৰা এছিয়ান গেমছত প্ৰত্যাৱৰ্তন কৰি ১.৮০ মিটাৰ উচ্চতা অতিক্ৰম কৰি স্বৰ্ণ পদক অৰ্জন কৰে। ফলত তেওঁ ১২ বছৰীয়া এছিয়ান গেমছৰ অভিলেখ ভংগ কৰে আৰু লগতে বিশ্বৰ এক নম্বৰ স্থান পুনৰ লাভ কৰে।[3] তেওঁ ২০১৬ ৰিঅ' পেৰালিম্পিকত অংশগ্ৰহণ কৰে আৰু ১.৭৭ মিটাৰৰ সৈতে ষষ্ঠ স্থান লাভ কৰে। তেওঁ ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ প্ৰশিক্ষক সত্যনাৰায়ণৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰিছিল।[8] তেওঁ ২০১৭ চনৰ বিশ্ব পেৰাএথলেটিকছ চেম্পিয়নশ্বিপত ১.৮৪ মিটাৰ অতিক্ৰমী ৰূপৰ পদক জয় কৰিছিল। তেওঁ ২০১৮ চনৰ জাকাৰ্টা পেৰা এছিয়ান গেমছত ১.৯০ মিটাৰ অতিক্ৰমী এটা নতুন গেম ৰেকৰ্ড আৰু মহাদেশীয় ৰেকৰ্ড স্থাপন কৰি সোণৰ পদক জিকিছিল। তেওঁ ভাৰতৰ চৰকাৰৰ টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (টপ্‌ছ)-ৰ অধিনত ২০১৭ চনৰ পৰা ইউক্ৰেইনত প্ৰশিক্ষণ লৈছিল।

তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৩ মিটাৰ উচ্চতা অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। একেটা ইভেণ্টতে ভাৰতৰ মাৰীয়াপ্পান থানগাভেলুৱে ১.৮৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে।[4]

তথ্য উৎস

  1. 1.0 1.1 "Sharad Kumar". rio2016.com. Archived from the original on 22 September 2016. https://web.archive.org/web/20160922202134/https://www.rio2016.com/en/paralympics/athlete/sharad-kumar। আহৰণ কৰা হৈছে: 12 September 2016. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 "Kumar Sharad". Paralympic.org. Archived from the original on 8 June 2018. https://web.archive.org/web/20180608080828/https://m.paralympic.org/asp/lib/theasp.asp?pageid=8937&sportid=513&personid=1051696&refreshauto=1। আহৰণ কৰা হৈছে: 12 September 2018. 
  3. 3.0 3.1 Amit Kumar (6 November 2014). "Para-athlete Sharad Kumar fighting for recognition despite gold at 2014 Asian Games". news18.com. Archived from the original on 8 June 2018. https://web.archive.org/web/20180608080829/https://www.news18.com/news/india/para-athlete-sharad-kumar-fighting-for-recognition-despite-gold-at-2014-asian-games-724364.html। আহৰণ কৰা হৈছে: 13 September 2016. 
  4. 4.0 4.1 Sportstar, Team. "Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump" (en ভাষাত). Archived from the original on 2021-08-31. https://web.archive.org/web/20210831115450/https://sportstar.thehindu.com/olympics/tokyo-paralympics/tokyo-paralympics-thangavelu-mariyappan-wins-silver-sharad-kumar-takes-bronze-in-mens-high-jump/article36201260.ece. 
  5. Sarakshi Rai (23 March 2015). "Discriminated and ignored:The sad story of India's paralymians". Firstpost.com. Archived from the original on 17 September 2016. https://web.archive.org/web/20160917005608/http://m.firstpost.com/sports/discriminated-and-ignored-the-sad-story-of-indias-paralympians-2053495.html। আহৰণ কৰা হৈছে: 13 September 2016. 
  6. Deepika Das (9 November 2014). "Jumping on a high road". Deccan Chronicle. Archived from the original on 11 October 2016. https://web.archive.org/web/20161011154949/http://www.deccanchronicle.com/141109/sports-other-sports/article/jumping-high-road। আহৰণ কৰা হৈছে: 13 September 2016. 
  7. 7.0 7.1 K P Mohan (19 September 2012). "Sharad Kumar alleges 'sabotage'". The Hindu. Archived from the original on 8 June 2018. https://web.archive.org/web/20180608080830/http://www.thehindu.com/todays-paper/tp-sports/sharad-kumar-alleges-sabotage/article3913127.ece। আহৰণ কৰা হৈছে: 13 September 2016. 
  8. "Mariyappam Thangavela wins gold, Varun Bhati wins bronze in mens T42 high jump". The Indian Express. Archived from the original on 13 September 2016. https://web.archive.org/web/20160913021336/http://indianexpress.com/article/sports/sport-others/mariyappan-thangavelu-gold-varun-bhati-bronze-mens-t42-high-jump-paralympics-rio-india-3023510/। আহৰণ কৰা হৈছে: 13 September 2016. 
{{bottomLinkPreText}} {{bottomLinkText}}
শৰদ কুমাৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?