For faster navigation, this Iframe is preloading the Wikiwand page for ৰাজিন্দৰ সিং ৰহেলু.

ৰাজিন্দৰ সিং ৰহেলু

ৰাজিন্দৰ সিং ৰহেলু

২০১৯ চনত ৰাজিন্দৰ সিং ৰহেলু
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২২ জুলাই, ১৯৭৩ (৫০ বছৰ)
মেহচামপুৰ, পঞ্জাব, ভাৰত
উচ্চতা ১.৫০ মিটাৰ (U=ft)))
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া পাৱাৰলিফ্টিং

ৰাজিন্দৰ সিং ৰহেলু (ইংৰাজী: Rajinder Singh Rahelu; জন্ম: ২২ জুলাই ১৯৭৩) এজন ভাৰতীয় পেৰালিম্পিক পাৱাৰলিফ্টাৰ। তেওঁ ২০০৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৫৬ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ভাৰতক প্ৰতিনিধিত্ব ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন পেৰালিম্পিকত পঞ্চম স্থান লাভ কৰিছিল আৰু ২০১২ লণ্ডন গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিযোগিতাত ১৭৫ কিলোগ্ৰাম তিনিওটা প্ৰচেষ্টা বিফল হৈছিল।[1] ভাৰত চৰকাৰে তেওঁক ২০০৬ চনত অৰ্জুন বঁটা প্ৰদান কৰে।[2]

ব্যক্তিগত জীৱন

ৰহেলুৰ জন্ম ১৯৭৩ চনৰ ২২ জুলাইত পঞ্জাবৰ জলন্ধৰ জিলাৰ মেহচামপুৰ গাঁৱত এক দৰিদ্ৰ পৰিয়ালত হৈছিল।[3] তেওঁ পাঁচজন ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আছিল।[4] তেওঁৰ দেউতাক ৰতন সিঙে বেণ্ডমাষ্টাৰ হিচাপে কাম কৰিছিল আৰু তেওঁৰ মাতৃ মীৰা সিং আছিল এগৰাকী বনকৰা মহিলা। তেওঁ আঠ মাহ বয়সত পলিঅ' ৰোগত আক্ৰান্ত হৈছিল আৰু শৈশৱৰ পৰাই পক্ষাঘাতত ভুগিছিল। তেওঁ জচবিন্দৰ কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু দম্পতীহালৰ ৰিধিমা আৰু ৰৱনীত নামৰ দুগৰাকী কন্যা সন্তান আছে।[5]

কেৰিয়াৰ

উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি ৰহেলুৱে তেওঁৰ শিক্ষা আৰু অব্যাহত নাৰাখিবলৈ সিদ্ধান্ত লয়। তেওঁ তেওঁৰ এজন পাৱাৰলিফ্টাৰ বন্ধু সুৰিন্দৰ সিং ৰাণাৰ উৎসাহত পাৱাৰলিফ্টিং কৰাৰ সিদ্ধান্ত লৈছিল। ১৯৯৬ চনত বশিষ্ঠ সেৱা পদক বিজয়ী কেপ্টেইন পিয়াৰা সিংৰ অধীনত তেওঁ প্ৰশিক্ষক লয়।[4] তেওঁ তেওঁৰ প্ৰথম বেঞ্চ প্ৰেছ প্ৰচেষ্টাত ৭০ কিলোগ্ৰাম ওজন দাঙিব পাৰিছিল আৰু ছমাহৰ ভিতৰতে ১১৫ কিলোগ্ৰাম ওজন দাঙিব সক্ষম হৈছিল। তেওঁ ১৯৯৭ চনত পঞ্জাব অপেন মিটত পাৱাৰলিফ্টিংত তেওঁ প্ৰথমবাৰৰ বাবে খিতাপ জিকিছিল। ১৯৯৮ চনৰ আগষ্ট মাহত তেওঁ মধ্য প্ৰদেশৰ ছিন্দৱাড়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাৱাৰলিফ্টিং চেম্পিয়নশ্বিপ জয় কৰিছিল।[6]

২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰহেলুৱে ৫৬ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিছিল। মুঠ ১৫৭.৫ কিলোগ্ৰাম ওজন উঠোৱাৰ পাছত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল। অৱশ্যে তৃতীয় স্থানত থকা ছিৰিয়াৰ খেলুৱৈ ইউচেফ য়ুনেছ চেখক ড'পিংৰ বাবে অযোগ্য ঘোষণা কৰাৰ পাছত তেওঁক তৃতীয় স্থানলৈ উন্নীত কৰি ব্ৰঞ্জ পদক প্ৰদান কৰা হয়।[7] ফলস্বৰূপে তেওঁ পেৰালিম্পিকৰ পাৱাৰলিফ্টিংইভেণ্টত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী হৈ পৰে। ২০০৬ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা প্ৰদান কৰা হয়।[2]

২০০৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰহেলু দুজন ভাৰতীয় পাৱাৰলিফ্টিং প্ৰতিযোগীৰ মাজৰ এজন আছিল। ৬০ কিলোগ্ৰাম শাখাত তেওঁ মুঠ ১৭০ কিলোগ্ৰাম ওজন উঠাই পঞ্চম স্থান পাইছিল। ৰহেলুৱে ২০১৪ কমনৱেলথ গেমছত মুঠ ১৮৫ কিলোগ্ৰাম উত্তোলনৰ সৈতে ৰূপৰ পদক অৰ্জন কৰিছিল।[8]

বৰ্তমানে তেওঁ গুজৰাটৰ এনএছডব্লিউচি গান্ধীনগৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পাৱাৰলিফ্টিং প্ৰশিক্ষক হিচাপে কাম কৰে।

তথ্য উৎস

  1. Agnihotri Chaba, Anju (22 August 2012). "Challenging disability, and winning". The Indian Express (Jalandhar). http://www.indianexpress.com/news/challenging-disability-and-winning/991392/0। আহৰণ কৰা হৈছে: 30 August 2012. 
  2. 2.0 2.1 "List of Arjuna Awardees (1961–2018)". Ministry of Youth Affairs and Sports (India). https://yas.nic.in/sites/default/files/LIST%20OF%20ARJUNA%20AWARDEES.docx%2061%20-%2017_0_0.pdf। আহৰণ কৰা হৈছে: 11 October 2020. 
  3. Agnihotri Chaba, Anju (28 August 2012). -denied-aid-leave/992453/0 "Punjab’s only paralympian left to fend for self; denied aid, leave". The Indian Express. http://www.indianexpress.com/news/punjabs-only-paralympian-left-to-fend-for-self; -denied-aid-leave/992453/0। আহৰণ কৰা হৈছে: 28 August 2012. 
  4. 4.0 4.1 Chandel, Himani (11 October 2010). "Rajinder Rahelu Wheeling his way to success". The Tribune (New Delhi). http://www.tribuneindia.com/2010/20101012/delhi.htm#8। আহৰণ কৰা হৈছে: 29 August 2012. 
  5. "Powerlifting – India – Singh Rahelu Rajinder". ipc.infostradasports.com. International Paralympic Committee. Archived from the original on 23 February 2018. https://web.archive.org/web/20180223050609/http://ipc.infostradasports.com/asp/lib/theasp.asp?pageid=8937&sportid=515&personid=689870&refreshauto=1। আহৰণ কৰা হৈছে: 31 August 2012. 
  6. "Senior National Powerlifting Championship held since 1975 under the authority of Indian P/L Federation". indianpowerliftingfederation.org. Indian Powerlifting Federation. Archived from the original on 25 October 2012. https://web.archive.org/web/20121025125941/http://indianpowerliftingfederation.org/National.html। আহৰণ কৰা হৈছে: 28 August 2012. 
  7. "Rajinder Singh wins bronze". The Hindu (Bangalore). 1 October 2004. Archived from the original on 31 October 2004. https://web.archive.org/web/20041031140934/http://www.hindu.com/2004/10/01/stories/2004100109341800.htm। আহৰণ কৰা হৈছে: 27 August 2012. 
  8. "Commonwealth Games 2014: Rajinder Rahelu Wins Silver in Powerlifting, Sakina Khatun Gets Bronze". NDTV. 3 August 2014. http://sports.ndtv.com/commonwealth-games-2014/news/227762-commonwealth-games-2014-rajinder-rahelu-wins-silver-in-powerlifting-sakina-khatun-gets-bronze। আহৰণ কৰা হৈছে: 3 August 2014. 
{{bottomLinkPreText}} {{bottomLinkText}}
ৰাজিন্দৰ সিং ৰহেলু
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?