For faster navigation, this Iframe is preloading the Wikiwand page for সাইখোম মীৰাবাই চানু.

সাইখোম মীৰাবাই চানু

সাইখোম মীৰাবাই চানু

২০১৬ দক্ষিণ এছিয় ক্ৰীড়া সমাৰোহত মীৰাবাই চানু
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা  ভাৰত
জন্ম ৮ আগষ্ট, ১৯৯৪ (২৯ বছৰ)
নংপক কাকছিং, পূব ইম্ফল জিলা, মণিপুৰ, ভাৰত
বাসগৃহ মণিপুৰ, ভাৰত
উচ্চতা ১.৫০ মিটাৰ
ওজন ৪৮ কেজি
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ভাৰোত্তোলন
শিতান ৪৮ কেজি
প্ৰশিক্ষক কুঞ্জৰাণী দেৱী

সাইখোম মীৰাবাই চানু (ইংৰাজী: Saikhom Mirabai Chanu, জন্ম: ৮ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল। একে বছৰে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।

তেওঁ ২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। আকৌ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিছিল। তেওঁৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনাহাইমত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৪ চনৰ ৮ আগষ্টত মণিপুৰৰ ৰাজধানী ইম্ফলত অৱস্থিত নংপক কাকচিঙৰ এটা মেইতেই পৰিয়ালত মীৰাবাইৰ জন্ম হৈছিল। জীৱনৰ আদিছোৱা বয়সতেই পৰিয়ালৰ সদস্যসকলে মীৰাবাইৰ শক্তি-সামৰ্থ চিনাক্ত কৰিছিল। জ্যেষ্ঠ ভ্ৰাতৃৰ বাবে কষ্টসাধ্য এবোজা খৰি মীৰাবাইয়ে হেলাৰঙে দাঙি ঘৰলৈ লৈ আহিব পাৰিছিল।[2]

ক্ৰীড়া জীৱন

[সম্পাদনা কৰক]

তেওঁ ২০১৪ চনৰ গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছত ৪৮ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল।[3]

মীৰাবাই চানুয়ে ২০১৬ ৰিঅ' অলিম্পিকত মহিলাৰ ৪৮ কেজিৰ শাখালৈ অংশগ্ৰহণ কৰিবলৈ অৰ্হতা অৰ্জন কৰিছিল। কিন্তু তেওঁ ইয়াত বিশেষ ফল দেখুৱাব নোৱাৰিলে।[4] তেওঁ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ এনাহাইমত অনুষ্ঠিত বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।[5] এই প্ৰতিযোগিতাত তেওঁ ১৯৪ কেজি ভাৰোত্তোলন কৰি অভিলেখ সৃষ্টি কৰিছিল।

তেওঁ ২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। আকৌ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিছিল।[6][7] তেওঁ ইয়াত ১৯৬ কেজি ভাৰোত্তলন কৰি কমনৱেলথ গেমছৰ অভিলেখ সৃষ্টি কৰিছিল। এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন। চানুয়ে ২০২০ টকিঅ' অলিম্পিকত মহিলাৰ ৪৯ কেজিৰ শাখাত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।[8] উল্লেখ্য যে, অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰা মীৰাবাইয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেখেতে সৰ্বমুঠ ২০২ কেজি ওজনৰ ভাৰ উত্তোলন কৰে।[9] মহিলাৰ ভাৰোত্তোলনত বিজয়ৰ মুকুট পিন্ধা মীৰাবাই চানু হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক। ইয়াৰ আগতে কৰ্ণম মালেশ্বৰীয়ে অলিম্পিকৰ ভাৰোত্তোলনৰ শাখাত পদক জয় কৰিছিল। ভাৰোত্তোলনৰ 'ক্লিন এণ্ড জাৰ্ক'ত ১১৫ কেজিৰ ভাৰ সফলভাৱে উত্তোলন কৰি মীৰাবাইয়ে নতুন অলিম্পিক অভিলেখ গঢ়ে।[10] ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত মীৰাবাইয়ে অংশগ্ৰহণ কৰি মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে ৷ মীৰাবাইয়ে 'স্নেচ'ত ৮৮ কিলোগ্ৰাম আৰু 'ক্লিন এণ্ড জাৰ্ক'ত ১১৩ কিলোগ্ৰাম সহ মুঠ ২০১ কিলোগ্ৰাম ওজন উত্তোলন কৰি নতুন কমনৱেলথ গেমছ অভিলেখ সৃষ্টি কৰাৰ লগতে নিজৰ ব্যক্তিগত শ্ৰেষ্ঠত্বও সৃষ্টি কৰে। [11]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল। এই বঁটা তেওঁ বিৰাট কোহলিৰ লগত এই বঁটা লাভ কৰিছিল। ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মণিপুৰী মহিলা। একে বছৰে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।[12][13] ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে মীৰাবাই চানুক এই বঁটা প্ৰদান ৰিছিল।

তেওঁক মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙে ২০ লাখ টকাৰে সম্বৰ্ধনা জনাইছিল।

মীৰাবাই চানুক ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৰাষ্ট্ৰপতি ভৱনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰাৰ মুহূৰ্ত।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Mirabai wins first medal for India at Tokyo Olympics". 24th July, 2021. https://thenewsglory.com/mirabai-wins-first-medal-for-india-at-tokyo-olympics/। আহৰণ কৰা হৈছে: 24 July 2021. 
  2. "Explained: Mirabai's Olympic medal, and why Manipur is churning out world-class weightlifters" (en ভাষাত). The Indian Express. 2021-07-24. https://indianexpress.com/article/explained/mirabai-saikom-chanu-silver-medal-tokyo-olympics-explained-7420127/। আহৰণ কৰা হৈছে: 2021-07-24. 
  3. "Lifter Sanjita Khumukcham wins India`s first gold medal at 2014 Commonwealth Games". 24 July 2014. http://zeenews.india.com/sports/commonwealth-games-2014/lifter-sanjita-chanu-wins-india-s-first-gold-medal-at-2014-commonwealth-games_792347.html. 
  4. "Rio Olympics 2016: India’s Saikhom Mirabai Chanu fails to complete weightlifting event". First Post. 7 August 2016. http://www.firstpost.com/sports/rio-olympics-2016-indias-saikhom-mirabai-chanu-fails-to-complete-weightlifting-event-2940026.html। আহৰণ কৰা হৈছে: 8 August 2016. 
  5. "Mirabai Chanu wins gold at world Weightlifting Championships". 30 November 2017. https://m.timesofindia.com/sports/more-sports/others/mirabai-chanu-wins-gold-at-world-weightlifting-championships/articleshow/61859324.cms. 
  6. "Mirabai Won Gold". http://indianexpress.com/article/sports/commonwealth-games/cwg-2018-live-score-mirabai-chanu-weightlifting-live-streaming-5124033/. 
  7. https://www.firstpost.com/sports/commonwealth-games-2018-cwg-2018-gold-coast-live-updates-mirabai-chanu-wins-indias-first-gold-medal-4418861.html/amp
  8. "Mirabai Sanu wins silver இந்தியாவின் India’s first medal at Tokyo Olympics!". Indian Express. 24th July 2021. https://www.indianexpres.in/2021/07/24/mirabai-sanu-wins-silver-%E0%AE%87%E0%AE%A8%E0%AF%8D%E0%AE%A4%E0%AE%BF%E0%AE%AF%E0%AE%BE%E0%AE%B5%E0%AE%BF%E0%AE%A9%E0%AF%8D-indias-first-medal-at-tokyo-olympics-mirabai-chanu-wins-silver-medal/। আহৰণ কৰা হৈছে: 24 July 2021. 
  9. Oliver, Brian (24 July 2021). "Gold for China and disappointment for United States in first weightlifting event of Tokyo 2020". InsideTheGames.biz. https://www.insidethegames.biz/articles/1110694/gold-china-usa-weightlifting-tokyo-2020. 
  10. "Mirabai Chanu Silver Tokyo 2020". IndiaToday. https://www.indiatoday.in/amp/sports/tokyo-olympics/story/tokyo-olympics-weightlifting-mirabai-chanu-women-s-49kg-1832018-2021-07-24। আহৰণ কৰা হৈছে: 2021-07-24. 
  11. INDIA, THE TIMES OF. "Record-shattering Mirabai Chanu bags India's first gold at Birmingham Commonwealth Games" (ইংৰাজী ভাষাত). THE TIMES OF INDIA. https://www.timesofindia.com/sports/commonwealth-games-2022/indiabirmingham/record-shattering-mirabai-chanu-bags-indias-first-gold-at-birmingham-games/articleshow/93241642.cms#_ga=2.130980168.677488300.1659245536-amp-ZqLj1vLt-Xgy28IV-D7zu6DOd971A0mCWGZgzc1HB8ifqx_Km9UiCrG3dZh_oXqw। আহৰণ কৰা হৈছে: 2022-07-31. 
  12. "World weightlifting champion Mirabai gets Rs 20 lakh" (en ভাষাত). Zee News. 2018-01-27. http://zeenews.india.com/other-sports/world-weightlifting-champion-mirabai-gets-rs-20-lakh-2076548.html. 
  13. "Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list". India TV. 25 January 2018. https://www.indiatvnews.com/news/india-padma-awards-2018-announced-ms-dhoni-sharda-sinha-among-85-recipients-here-s-complete-list-424273। আহৰণ কৰা হৈছে: 26 January 2018. 
{{bottomLinkPreText}} {{bottomLinkText}}
সাইখোম মীৰাবাই চানু
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?