For faster navigation, this Iframe is preloading the Wikiwand page for ছানিয়া মিৰ্জা.

ছানিয়া মিৰ্জা

ছানিয়া মিৰ্জা
দেশ  ভাৰত
বাসস্থান হাইদৰাবাদ, তেলেংগানা, ভাৰত.
জন্ম ১৫ নৱেম্বৰ, ১৯৮৬ (৩৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
উচ্চতা ১৭৩ ছেমি
মহাবিদ্যালয় ছেণ্ট মেৰী কলেজ, হাইদৰাবাদ
পেচা গ্ৰহণ ৩ ফেব্ৰুৱাৰী 2003
হস্তশৈলী সোঁহতীয়া (বেকহেণ্ড:দুয়োহাত)
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি US $4,339,283[1]
একক
কেৰিয়াৰৰ অভিলেখ ২৭১–১৬১
কেৰিয়াৰৰ খিতাপ ১টা ডব্লু’ টি এ, ১৪টা আই টি এফ
সৰ্ব্বোচ্চ ৰেংকিং ২৭ নং (২৭ আগষ্ট ২০০৭)
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন ৩য় ৰাউণ্ড (২০০৫, ২০০৮)
ফ্ৰেন্স অ'পেন ২য় ৰাউণ্ড (২০০৭, ২০১১)
উইম্বলডন ২য় ৰাউণ্ড (২০০৫, ২০০৭, ২০০৮, ২০০৯)
ইউ এছ অ’পেন ৪ৰ্থ ৰাউণ্ড (২০০৫)
আন প্ৰতিযোগিতা
অলিম্পিক ১ম ৰাউণ্ড (২০০৮)
দ্বৈত
কেৰিয়াৰৰ অভিলেখ ৩৭৫–১৮১
কেৰিয়াৰৰ খিতাপ ২৭টা ডব্লু’ টি এ, ৪টা আই টি এফ
সৰ্ব্বোচ্চ ৰেংকিং নং (১৩ এপ্ৰিল ২০১৫)
বৰ্তমান ৰেংকিং নং (২২ জুন ২০১৫)
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন চেমি (২০১২)
ফ্ৰেন্স অ'পেন ফাইনেল (২০১১)
উইম্বলডন বিজয়ী (২০১৫)
ইউ এছ অ’পেন বিজয়ী (২০১৫)
আন দ্বৈত প্ৰতিযোগিতা
ডব্লু’ টি এ টুৰ চেম্পিয়ন বিজয়ী (২০১৪)
অলিম্পিক ২য় ৰাউণ্ড (২০০৮)
মিক্সড্ ডাবলচ্‌
কেৰিয়াৰ খিটাপ
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্‌ পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন বিজয়ী (২০০৯)
ফ্ৰেন্স অ'পেন বিজয়ী (২০১২)
উইম্বলডন যোগ্যতা (২০১১, ২০১৩, ২০১৫)
ইউ এছ অ’পেন বিজয়ী (২০১৪)
আন মিক্সড্‌ ডাবলচ্‌ প্ৰতিযোগিতা
অলিম্পিক যোগ্যতা (২০১২)
১৫ ছেপ্টেম্বৰ ২০১৫ত শেষবাৰ আপডেট কৰা হৈছে।

ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে। একক শাখাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অংকিতা ৰেইনা ছানিয়াৰ স্থানত অধিষ্ঠিত হয়। মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব টেনিচত লাভ কৰা সফলতাৰ বাবে ছানিয়াক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা ছানিয়া কনিষ্ঠতম খেলুৱৈ। ২০০৬ চনত ছনিয়াই ডব্লু’ টি এৰ সন্মানীয় "ম’ষ্ট ইম্প্ৰেচিভ নিউ কামাৰ" সন্মান লাভ কৰে।[2]

১৯৯৯ চনত বিশ্ব জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত ভাগ লৈ ছানিয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ছানিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা আৰম্ভ কৰে আৰু সফলতা লাভ কৰে। ২০০৩ চনত ছানিয়া ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে ৱিম্বিল্ড’নৰ ছোৱালীৰ দ্বৈত শাখাত প্ৰৱেশ কৰে আৰু বিজয়ী হয়। ২০০৪ চনৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ২০০৫ চনক ছানিয়াক অৰ্জুন বঁটা প্ৰদান কৰা হয়। ২০০৫ চনৰ শেষলৈকে ছানিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং ৪২ হৈছিলগৈ, যিটো ভাৰতীয় মহিলা খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ আছিল। ২০০৯ চনত ছানিয়া গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ভাৰতীয় মহিলা হয়। মহেশ ভূপতিৰ সৈতে মিলি ছানিয়াই সেইবাৰৰ অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্স-ডাব’লচ্‌ খিতাপ দখল কৰে।[3]

ছানিয়াৰ নিজৰ একক কেৰিয়াৰত ছেটলেনা কুজনেট্‌চ’ভা, ভেৰা ভ’নাৰেভা, মেৰিয়ন বাৰ্ট’লি আদি খেলুৱৈৰ উপৰিও প্ৰক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ মাৰ্টিনা হিংগিজ,ডিনাৰা ছাফিনা আৰু ভিক্ট’ৰিয়া আজাৰেংকাক পৰাস্ত কৰিছে। ২০০৭ চনত বিশ্ব ৰেংকিঙত ছানিয়াই ২৭ পৰ্যন্ত আৰোহণ কৰে। হাতৰ গাঁঠিৰ আঘাতৰ বাবে ছানিয়াই একক কেৰিয়াৰ সামৰি, মাত্ৰ দ্বৈত শাখাতে নিজৰ কেৰিয়াৰ সীমাবদ্ধ ৰাখিবলৈ বাধ্য হয়। বৰ্তমান মহিলাৰ দ্বৈত শাখাত ছানিয়া ৰেংকিং ১, ২০১৫ চনৰ এপ্ৰিল মাহত ছানিয়া বিশ্বৰ শীৰ্ষ স্থানত উপনীত হয়।[4]

বৰ্তমানলৈকে ছানিয়াই চাৰিটাকৈ গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰিছে (মহিলা দ্বৈত শাখাৰ ৱিম্বিল্ড’ন খিতাপ আৰু তিনিটা আন গ্ৰেণ্ডশ্লামৰ মিক্সড ডাবল্‌চ খিতাপ), ২০১৪ চনত ক্লাৰা ব্লেকৰ সৈতে তেওঁ "ডব্লু’ টি এ টুৰ চেম্পিয়নশ্বিপ (ডব্লু’ টি এ ফাইনেলচ)"ৰ বাবে নিৰ্বাচিত হয় আৰু বিজয়ী হয়।[5] ইয়াৰ উপৰিও ৬টা স্বৰ্ণ পদক সহ ছানিয়াই এচিয়ান গেমচ্‌, কমনৱেল্‌থ গেমচ্‌ আৰু এফ্ৰ’-এচিয়ান গেমচ্‌ত মুঠ ১৪টা পদক দখল কৰিছে।

২০০৫ চনত টাইম আলোচনীয়ে ছানিয়াক ""৫০ হিৰ’জ অব এচিয়া"" তালিকাত স্থান দিয়ে।[6] ২০১০ চনত "দা ইক’নমিকচ্‌ টাইমচ্‌"এ "৩৩ ৱ’মেন হু মেড ইণ্ডিয়া প্ৰাউড" তালিকাত স্থান দিয়ে।[3] ২০১৪ চনৰ ২৫ নবেম্বৰত ৰাষ্ট্ৰসংঘৰ এচিয়াৰ বাবে "ৱ’মেন গুডৱিল এম্বেচেডৰ" হিচাপে নিযুক্ত হয়।[7]

গ্ৰেণ্ড শ্লেম পৰিসংখ্যা

[সম্পাদনা কৰক]

মহিলাৰ দ্বৈত: ৩ (২–১)

[সম্পাদনা কৰক]
ফলাফল বৰ্ষ চেম্পিয়নশ্বিপ পৃষ্ঠ সংগী চূড়ান্ত খেলৰ প্ৰতিপক্ষ স্ক’ৰ
ৰানাৰ আপ ২০১১ ফ্ৰেন্স অ’পেন মাটি ৰাছিয়া এলেনা ভেজনিনা চেক গণৰাজ্য আণ্ড্ৰে হ্লাভাচ্‌ক’ভা
চেক গণৰাজ্য লুচি ৰাডেক্কা
৪–৬, ৩–৬
বিজয়ী ২০১৫ ৱিম্বিলড’ন ঘাঁহ ছুইজাৰলেণ্ড মাৰ্টিনা হিংগিছ ৰাছিয়া একাটেৰিনা মাকাৰ’ভা
ৰাছিয়া এলেনা ভেজনিনা
৫–৭, ৭–৬(৭–৪), ৭–৫
বিজয়ী ২০১৫ ইউ এচ অ’পেন কঠিন ছুইজাৰলেণ্ড মাৰ্টিনা হিংগিছ অষ্ট্ৰেলিয়া কেচি ডেলাক’
কাজাখাস্তান য়াৰ’শ্লাভা শ্বেড’ভা
৬–৩, ৬–৩

মিক্সড্‌ ডাবলচ: ৫ (৩–২)

[সম্পাদনা কৰক]
ফলাফল বৰ্ষ চেম্পিয়নশ্বিপ পৃষ্ঠ সংগী চূড়ান্ত খেলৰ প্ৰতিপক্ষ স্ক’ৰ
ৰানাৰ আপ ২০০৮ অষ্ট্ৰেলিয়ান অ’পেন কঠিন ভাৰত মহেশ ভুপতি গণচীন চান টিনটিয়ান
ছাৰ্বিয়া নেনাড জিম’নজিক
৬–৭(৪–৭), ৪–৬
বিজয়ী ২০০৯ অষ্ট্ৰেলিয়ান অ’পেন কঠিন ভাৰত মহেশ ভুপতি ফ্ৰান্স নাটালি ডিকে’
ইজৰাইল এণ্ডি ৰেম
৬–৩, ৬–১
বিজয়ী ২০১২ ফ্ৰেন্স অ’পেন মাটি ভাৰত মহেশ ভুপতি পোলেণ্ড ক্ল’ডিয়া জাঁ-ইগ্নাছিক
মেক্সিকো চাণ্টিয়াগ’ গ’ঞ্জালেজ
৭–৬(৭–৩), ৬–১
ৰানাৰ আপ ২০১৪ অষ্ট্ৰেলিয়ান অ’পেন কঠিন ৰোমানিয়া হ’ৰিয়া টেকাও ফ্ৰান্স ক্ৰিষ্টিনা লাডেন’ভিচ
কানাডা ডেনেয়েল নেষ্ট’ৰ
৩–৬, ২–৬
বিজয়ী ২০১৪ ইউ এচ অ’পেন কঠিন ব্ৰাজিল ব্ৰুন’ চ’ৱাৰেজ আমেৰিকা যুক্তৰাষ্ট্ৰ এবিগেল স্পিয়েৰ্‌জ
মেক্সিকো চাণ্টিয়াগ’ গ’ঞ্জালেজ
৬–১, ২–৬, [১১–৯]

ছোৱালীৰ দ্বৈত: ১ (১–০)

[সম্পাদনা কৰক]
ফলাফল বৰ্ষ চেম্পিয়নশ্বিপ পৃষ্ঠ সংগী চূড়ান্ত খেলৰ প্ৰতিপক্ষ স্ক’ৰ
বিজয়ী ২০০৩ ৱিম্বিলডন ঘাঁহ ৰাছিয়া এলিচা ক্লেইবান’ভা চেক গণৰাজ্য কেটেৰিনা ব’ম’ভা
নেডাৰলেণ্ড মিছেলা ৰাজিছেক
২–৬, ৬–৩, ৬–২

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sania Mirza". Women's Tennis Association. http://www.wtatennis.com/players/player/9471/title/sania-mirza। আহৰণ কৰা হৈছে: 24 February 2015. 
  2. "Sania Mirza reaches on career best WTA doubles ranking [ছানিয়া মিৰ্জা ডব্লু’ টি এৰ দ্বৈত শাখাৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ স্থানত উপনীত]" (ইংৰাজী ভাষাত). পত্ৰিকা. ২৮ জুলাই ২০১৪. http://www.patrika.com/news/sania-mirza-reaches-on-career-best-wta-doubles-ranking/1016483। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০১৫. 
  3. 3.0 3.1 "DAY IN PICS-Sania Mirza [দিনটোৰ ছবি: ছানিয়া মিৰ্জা]" (ইংৰাজী ভাষাত). দা টাইমচ্‌ অব ইণ্ডিয়া. http://economictimes.indiatimes.com/pictures/videos/pictures/33-women-who-made-india-proud/sania-mirza/articleshowpics/5661392.cms। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০১৫. 
  4. "Mirza clinched the World No.1 doubles ranking, the first Indian woman to be No.1 [মিৰ্জা মহিলা দ্বৈত শাখাৰ বিশ্বৰ শীৰ্ষ স্থানত, বিশ্বৰ ১ নম্বৰ হোৱা প্ৰথম ভাৰতীয় মহিলা]" (ইংৰাজী ভাষাত). ডব্লু’ টি এ. এপ্ৰিল ১২, ২০১৫. http://www.wtatennis.com/news/article/4634188/title/hingis-mirza-win-mirza-becomes-no1। আহৰণ কৰা হৈছে: জুলাই ১৩, ২০১৫. 
  5. "Sania Mirza-Bruno Soares Win Mixed Doubles Title [ছনিয়া মিৰ্জা আৰু ব্ৰুন’চ’ৰ্ছৰ মিক্স্অড্‌ দাবলছৰ খিটাপ দখল]" (ইংৰাজী ভাষাত). এন ডি টি ভি. http://sports.ndtv.com/tennis/news/229393-us-open-sania-mirza-wins-mixed-doubles-title। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০১৪. 
  6. "Sania in Time 2005 Asia heroes [ছনিয়া টাইমৰ এচিয়াৰ ২০০৫ৰ নায়কৰ তালিকাত]" (ইংৰাজী ভাষাত). ২ অক্টোবৰ ২০০৫. 
  7. "Sania Mirza, UN Women's Goodwill ambassador for South Asia","Affairscloud", ২৬ নবেম্বৰ ২০১৪
{{bottomLinkPreText}} {{bottomLinkText}}
ছানিয়া মিৰ্জা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?