বিজেন্দৰ সিং
বিজেন্দৰ সিং বেনিৱাল (ইংৰাজী: Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল। তেওঁ ২০০৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে ২০০৬ আৰু ২০১৪ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছিল। আটাইবোৰ পফক আছিল মিডলৱেইট বিভাগত।[1]
২০১৫ চনৰ জুনত আই.অ'.এছ. ক্ৰীড়া আৰু মনোৰঞ্জনৰ জৰিয়তে কুইন্সবেৰী প্ৰম'চনৰ সৈতে এক বহু-বছৰীয়া চুক্তি স্বাক্ষৰ কৰি বিজেন্দৰ সিঙ পেছাদাৰী বক্সাৰ হৈ পৰে। ইয়াৰ ফলত তেওঁ ২০১৬ চনৰ অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা হেৰুৱাই যিটো তেওঁৰ চতুৰ্থটো অলিম্পিক হ'লহেঁতেন।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Vijender Singh - BoxRec". boxrec.com. https://boxrec.com/media/index.php/Vijender_Singh। আহৰণ কৰা হৈছে: 2019-11-21.
- ↑ "Olympic bronze-medallist boxer Vijender Singh turns professional, will miss Rio Olympics". The Times of India. http://timesofindia.indiatimes.com/sports/boxing/Olympic-bronze-medallist-boxer-Vijender-Singh-turns-professional-will-miss-Rio-Olympics/articleshow/47866540.cms?.
|
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.