For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬.

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬


ছেপ্টেম্বৰ, ২০১৬

ৱিকিপিডিয়া চন্দ্ৰলৈ-- অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাব!

ঈশান কাশ্যপ হাজৰিকা


প্ৰশ্নটো হ'ল, আমি ৩ কোটি ২০ লাখ অসমীয়াই ৮টাহে প্ৰবন্ধ প্ৰেৰণ কৰিম নে?.......এতিয়াতো মানুহক ক'বলৈ এটি আমোদজনক কাৰণো ওলাইছে-- অসমীয়া ৱিকিপিডিয়াত লিখক! ভালকৈ লিখিলে আপোনাৰ প্ৰবন্ধ ৰ'ভাৰত উঠাই চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব!.......আহক, সকলোৱে কাম আৰম্ভ কৰো, .......


অসমীয়া ভাষা জগৎ সভালৈ যাব

উজ্জ্বল সুউজ্জ্ব কহিনুৰ পিন্ধি

হাঁহি জ্যোতি ৰূপা হ'ব

-- জ্যোতি প্ৰসাদ আগৰৱালা

জ্যোতি প্ৰসাদ আগৰৱালাই কিমান আগ্ৰেহেৰে এই কথা লিখিছিল, নহয় নে? আজিৰ যুগেই বিশ্বায়নৰ যুগ। আজি কোনো বিষয়েই কোনো এক বিশেষ স্থানত সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ এমূৰৰ সমস্যাই সমস্যাত পেলাইছে বিশ্বৰ আনটো মূৰৰ লোকক। ঠিক তেনেদৰে বিশ্বৰ কোনো ঠাইৰ ভাল খবৰে পুলকিত কৰিছে ভাল ভাল পোৱা বিশ্বৰ সকলো মানুহকে। সংস্কৃতি আজি কোনো ঠাইৰ নিজা সম্পদ নহয়, বিশ্ব সংস্কৃতিৰ এক অংগ। ভাষা--? ভাষাৰ কথাও একেই ক'ব পাৰি। বিশ্ব ভাষা হিচাপে ইংৰাজীৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে, ভিন ভিন ভাষাই বিশ্বব্যাপী কথনকাৰী সন্ধানিছে। নিজৰ বৈশিষ্ট্য, নিজৰ চিন বিশ্বত অংকিত কৰিবলৈ যত্নপৰ হৈছে।

অসমীয়া ভাষায়ো তেনে প্ৰচেষ্টা হাতত নোলোৱা নহয়। কিন্তু কিমান দূৰ সফল হৈছে, সেয়া চিন্তাৰ বিষয়।

আজিৰ যুগত বিশ্বত প্ৰভাৱ বিস্তাৰৰ সহজ মাধ্যম হৈ পৰিছে আন্তৰ্জাল। যোগ্যই নিজক বিশ্বত জিলিকোৱাটো জিলিকাইছেই, আনকি সন্ত্ৰাসবাদৰ দৰে কাৰ্য-কালাপো আন্তৰ্জালৰ মাধ্যমেৰে সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে! এনে ক্ষেত্ৰত অসমীয়া ভাষা-সংস্কৃতিক যে বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আন্তৰ্জাল এক উৎকৃষ্ট মাধ্যম, তাত কোনো দ্বিমত থাকিব নালাগে। এই কথা অসমীয়াই উপলব্ধিও কৰিছে, আৰু তাৰ পৰিণতিৰ অংশ স্বৰূপেই মই আজি এই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ এখন মঞ্চ পাইছো। আন আন ৱেবছাইটো আছে, কিছুমান ব্যৱসায়িক, কিছুমান অ-ব্যৱসায়ীক। অসমীয়া ভাষাৰ অস্তিত্ব আন্তৰ্জালত বৃদ্ধি পাইছে। কিন্তু কিমান?

সেই কথা পাছত পাতিম। অসমীয়া ভাষা জগত সভাত কিমান দূৰ স্থাপিত হৈছে, সেয়া এক চৰ্চাৰ বিষয়, কিন্তু সেই চৰ্চাৰ পূৰ্বেই 'জগত'ৰ সীমা চেৰাই গৈ, পৃথিৱীৰ বাহিৰলৈ, অৰ্থাৎ সৌৰ-জগত সভালৈ অসমীয়া ভাষাক প্ৰেৰণ কৰাৰ সুযোগ আহি পৰিছে!! আৰু সেয়াও আন কোনো মাধ্যমৰ জড়িয়তে নহয়, স্বয়ং এই অসমীয়া ৱিকিপিডিয়াৰ জৰিয়তেই!

প্ৰকল্পটোৰ নাম 'ৱিকিপিডিয়া টু দ্য মুন', অসমীয়াত ক'বলৈ গ'লে 'ৱিকিপিডিয়া চন্দ্ৰলৈ'। কি নো, এই ৱিকিপিডিয়া চন্দ্ৰলৈ??

সম্পূৰ্ণ প্ৰবন্ধ পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰযুক্তি বাৰ্তা: নতুন ইউজাৰ স্ক্ৰিপ্ট

মূল: ইংৰাজী ৱিকিপিডিয়াৰ ইভাড ৩৭, অনুসৃষ্টি: ঈশান কাশ্যপ হাজৰিকা

তলত আপোনাৰ ৱিকিপিডিয়া অভিজ্ঞতা সুখকৰ কৰি তুলিবলৈ কিছু নতুন ইউজাৰ স্ক্ৰিপ্টছৰ তালিকা প্ৰদান কৰা হৈছে--

  • প্ৰব্লেমইমেজেছ-- পাৰ্হেলিয়নৰ দ্বাৰা সৃষ্ট, বিলোপ কৰিবলৈ বা মেৰামতিৰ বাবে চয়নিত কমন্সৰ ছবি চিহ্নিত কৰিবলৈ
  • ছাইটইড-- চেলিক্স আল্বাৰ দ্বাৰা সৃষ্ট, চাইটইড চাৰ্ভাৰ ব্যৱহাৰ কৰি ইউ আৰ এল আৰু ডি অ আইৰ পৰা উদ্ধৃতি সৃষ্টি কৰে
  • আই ই-- ফিল্প্ৰ'ৰ দ্বাৰা সৃষ্ট, ভাৰতীয় ইংৰাজী বানান সম্বলিত প্ৰবন্ধত বানান সাল-সলনি কৰিবলৈ
  • পে'জস্বেপ-- এণ্ডি এম ৱেঙৰ দ্বাৰা সৃষ্ট, প্ৰশাসক আৰু পৃষ্ঠা স্থানান্তৰকাৰী সকলে এই স্ক্ৰিপ্ট ব্যৱহাৰ কৰি পে'জ হিষ্টৰি, বা পৃষ্ঠাৰ ইতিহাস সলাব পাৰে

উল্লেখনীয় কাম

আগষ্ট মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৪১৮৮ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২২২ টালৈ বৃদ্ধি পালে।
২৯ জুলাইৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ইণ্ডিয়া এট ৰিঅ' অলিম্পিক এডিট-এ-থননামৰ সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা সদস্য অজয় দাসে বিশেষ বৰঙণি আগবঢ়ায়।

আগষ্ট ২০১৬ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. তাৰা শৰ্মা
  2. গান্ধী (চলচ্চিত্ৰ)
  3. শশীকান্ত গগৈ
  4. দীপা কৰ্মকাৰ
  5. দীপিকা কুমাৰী
  6. বোম্বাইলা দেৱী লাইশ্ৰাম
  7. সাক্ষী মালিক
  8. পি. ভি. সিন্ধু
  9. ভাৰতীয় অলিম্পিক সংঘ
  10. অভিনৱ বিন্দ্ৰা
  11. লিয়েণ্ডাৰ পেজ
  12. যোগেশ্বৰ দত্ত
  13. দূতী চান্দ
  14. ছিলঠীয়া নাগৰী
  15. লক্ষ্মীৰাণী মাঝি
  16. ঙুল্ট্ৰুম (ভূটান)
  17. থোনাকল গোপী
  18. ললিতা বাবৰ
  19. অতনু দাস
  20. মাচেত্তিৰা ৰাজু পুভাম্মা
  21. শ্ৰীকান্ত কিদাম্বি
  22. জিতু ৰায়
  23. জিন্দাবাদ
  24. মৈথিলী ভাষা
  25. ৰোহিত খান্দেলৱাল
  26. নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ
  27. টৰ্ক
  28. ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা
  29. ধ্যান চান্দ বঁটা
  30. ২০১৬-১৭ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
  31. মোনালী ঠাকুৰ
  32. দূৰদৰ্শন...এটি যন্ত্ৰ
  33. মোক্ষগুণ্ডম বিশ্বেশ্বৰায়

পদক

পদক
পাওঁতাৰ নাম
প্ৰবন্ধকাৰ পদক
অজয় দাস
জীৱনীকাৰ পদক
চাণক্য কুমাৰ দাস







আগষ্ট ২০১৬ত সৰ্বাধিক দৰ্শিত প্ৰবন্ধৰ তালিকা

অন্যান্য

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
দিব্য দত্ত ১০৬ ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ৯৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কাইছেৰ আহমেদ ৬২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
তিতু দত্ত ৫৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা ৫৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কন্দৰ্পজিৎ কল্লোল ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ছাজিৰ আহমেদ মাছা ১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অংশুমান দত্ত ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক

অভিনন্দন

  • কেইবামাহৰ মূৰত এইবাৰ ৱিকিপত্ৰিকা প্ৰকাশ পাইছে, নতুন ফিচাৰ্চৰ সৈতে! অভিনন্দন সকলোলৈ!!
  • ওপৰত সকলো পৃষ্ঠাতে প্ৰকাশ পোৱা লিংকটোত এতিয়াও এপ্ৰিল মাহৰ ৱিকিপত্ৰিকাৰ লিংকটোৱেই আছে পিচে

{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?