For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৫.

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৫

সম্পাদকীয়

অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যে গঢ় লৈ উঠা ‘অসমীয়া ৱিকিপিডিয়া’ই শামুকীয় গতিত ইয়াৰ যাত্ৰা আৰম্ভ কৰিছিল যদিও লাহে লাহে ইয়াৰ গতি বৃদ্ধি হোৱাতো পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহটো অসমীয়া ৱিকিপিডিয়াৰ বাবে এটা উল্লেখযোগ্য মাহ হিচাপে চিহ্নিত হৈ ৰ’ব। কিয়নো এই মাহতে প্ৰৱন্ধৰ সংখ্যা প্ৰায় ৩১২৫ টালৈ বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত ৱিকিপিডিয়াক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে দুখনকৈ ‘ৱিকিপিডিয়া সন্মিলন’ সফলতাৰে অনুষ্ঠিত কৰা হ’ল। প্ৰথমখন সন্মিলন অনুষ্ঠিত কৰা হ’ল ৰাষ্টীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, শিলচৰত (১৩ ফেব্ৰুৱাৰী) আৰু দ্বিতীয়খন গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত (২৮ ফেব্ৰুৱাৰী)।

২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্টীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, শিলচৰত এখন ৱিকিপিডিয়া সন্মিলনৰ কথা প্ৰভাকৰ শৰ্মা ছাৰৰ লগত আলোচনা কৰিছিলোঁ। আমাৰ চকুত পৰিছিল চৌহদত অসমীয়া ল’ৰা বহুত আছে যদিও অসমীয়া ৱিকিপিডিয়াত কাম কৰিবলৈ কোনো সহকৰ্মী বিচাৰি পোৱা নাছিলোঁ। আমি জানিছিলোঁ আগ্ৰহী ল’ৰা আছে, কিন্তু ইমান এটা বিশাল চৌহদত কোনজন আগ্ৰহী বিচাৰি পাম কেনেকৈ? গতিকে আমি এটা ফেচবুক গ্ৰুপ খোলাৰ সিদ্ধান্ত লৈছিলোঁ ‘অসমীয়া ৱিকিপিডিয়া ক্লাব, শিলচৰ।’ বহুতে প্ৰশ্ন কৰিছিল ‘অসমীয়া ৱিকিপিডিয়া’ৰ কেইবাটাও ডাঙৰ গ্ৰুপ আছেই ফেচবুকত। তেনে অৱস্থাত আৰু এটা গ্ৰুপটো খোলাৰ প্ৰয়োজন কি? আমি ভাবিছিলোঁ প্ৰয়োজন আছে। পাছত আমি চৌহদৰ প্ৰায় প্ৰতিখন হোষ্টেলৰ এজনকৈ ছাত্ৰক দায়িত্ব দিছিলোঁ হোষ্টেলত আগ্ৰহী যেন লগা ছাত্ৰ- ছাত্ৰীসকলক গ্ৰুপটোত এদ কৰিবলৈ। এনেদৰেই লগ পাইছিলোঁ তেতিয়া জুনিয়ৰ হোষ্টেলৰ আবাসী ছাইদুল ইছলাম আৰু অন্যান্য হোষ্টেলৰ নিতু দাস, চম্পকজ্যোতি ৰাজবংশী আদিক। আমি আটাইকেইজনে মিলি ৰাতি ৰাতি হোষ্টেলে হোষ্টেলে গৈ মিটিং পাতি হ’বলগীয়া ‘ৱিকিপিডিয়া সন্মিলন’ৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিছিলোঁ। ফেচবুকৰ যোগেদি হওঁক বা মুখেৰে আমি আটায়ে প্ৰায় দুশজনক আমি এই সন্মিলনৰ বিষয়ে কৈছিলোঁ আৰু ইয়াৰ ভিতৰত চল্লিছজনমানে আগ্ৰহ দেখুৱাইছিল। এইবোৰ কৰি ফুৰা কাৰণে আমাৰ কেইবাজনো সহযোগীয়ে ‘কামোৰ’ নাম পাইছিল। তথাপি আমি সফলতাৰে এন আই টি শিলচৰৰ চৌহদত আমি প্ৰথমখন ‘ৱিকি সন্মিলন’ পতাত সফল হৈছিলোঁ (৬ মাৰ্চ,২০১৪)। সিদিনা প্ৰায় ২৫জন ছাত্ৰ উপস্থিতিত প্ৰভাকৰ ছাৰে ৱিকিৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে আলোচনা কৰিছিল। প্ৰথমখন ‘ৱিকি সন্মিলন’ৰ পাছত আমাৰ সৰু ক্লাবটোৰ পৰা কেইবাটাও প্ৰবন্ধ আমি ‘অসমীয়া ৱিকিপিডিয়া’লৈ আগবঢ়াবলৈ সমৰ্থ হৈছিলোঁ। প্ৰথমখন ‘ৱিকিপিডিয়া সন্মিলন’ৰ আঁৰৰ কথাখিনি মই এইকাৰণে বৰ্ণনা কৰিলোঁ- ঠিক এনেদৰেই অসমৰ প্ৰতিখন বিদ্যালয় বা প্ৰতিখন মহাবিদ্যালয়ত এনেদৰে কিছুমান সৰু ক্লাব গঢ়ি তুলিব নোৱাৰিনে? প্ৰধান শিক্ষক বা যিকোনো এজন বিষয় শিক্ষকে গোটেই ক্লাবটো পৰিচালনা কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ সাধাৰণ সদস্য হ’ব। যি ‘অসমীয়া ৱিকিপিডিয়া’ক ৰাইজৰ মাজলৈ লৈ যোৱাত সহায় কৰিব আৰু এই সকলৰ মাজতে বহু নতুন সদস্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব যি পৰৱৰ্তি পৰ্যায়ত ‘অসমীয়া ৱিকিপিডিয়া’ক দোপত দোপে আগুৱাই লৈ যোৱাত সহায় কৰিব।

২০১৫ চনৰ ১৩ ফেব্ৰুৱাৰীত যোৱা বছৰ গঢ় লৈ উঠা ৱিকি ক্লাবটোৰ সৌজ্যনত দ্বিতীয়খন আৰু এই বছৰৰ প্ৰথমখন ‘ৱিকি সন্মিলন’ অনুষ্ঠিত হ’ল। প্ৰভাকৰ ছাৰৰ লগতে নেতৃত্বত আছিল ছাইদুল, কন্দৰ্পকে ধৰি কেইবাজনো। পাৰ্থক্য মাথো এটাই মোৰ দৰে যোৱাবছৰৰ কেইবাজনো সদস্য এই সন্মিলনখনত নাই, কাৰণ শিক্ষা সমাপ্ত হোৱাৰ বাবে আমি এন আই টি শিলচৰৰ চৌহদ ত্যাগ কৰিছিলোঁ; কিন্তু বহুতো নতুন সদস্য এই ক্লাবটোত যোগদান কৰিছে যি অনাগত দিনত ক্লাবটোক আৰু এখোজ আগুৱাই লৈ যাব। এইবাৰ বিশিষ্ট ৱিকিপিডিয়ান জলি ৰুমী বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাটোৰ আঁত ধৰে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰৰ কম্পিউটাৰ বিভাগৰ প্ৰৱক্তা প্ৰভাকৰ শৰ্মা নেওঁগ দেৱে। নিজৰ বক্তৱ্যত নেওঁগ দেৱে ন-শিকাৰু সকলক অসমীয়া ৱিকিপিডিয়াৰ জন্ম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। প্ৰবন্ধ অনুসন্ধান, মানসম্পন্ন নতুন প্ৰবন্ধ সৃষ্টি, প্ৰবন্ধ লিখাৰ নিয়ম, তথা ৰ’দালী, জাহ্নবী, আৰু অভ্ৰ লিখন সজুলিৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰভাকৰ শৰ্মা নেওঁগ, কন্দৰ্প বৰচেতিয়া আৰু ছাইদুল ইছলামে। প্ৰায় ত্ৰিছ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰা এই অনুষ্ঠানত মুখ্য অতিথি জলি ৰুমী বৰাই তেখেতৰ অনুপ্ৰেৰণাদ্বায়ক বক্তব্যত কয় যে অসমীয়া ভাষা তথা সংস্কৃতিৰ প্ৰতি সকলোৰে এক দ্বায়িত্ব আৰু কৰ্তব্য আছে আৰু সকলোৱে তাক পালন কৰা উচিত। ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ মাজত মাতৃভাষাৰ স্থায়িত্ব তথা উন্নতিৰ বাবে অসমীয়া ৱিকিপিডিয়া এক বৃহৎ সুযোগ বুলি অভিহিত কৰি সকলোকে একগোট হৈ কাম কৰাৰ বাবে শ্ৰীমতি বৰাই আহ্বান জনায়।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সঙ্গতি ৰাখি ২৮ ফেব্ৰুৱাৰী,২০১৫ অসমৰ এখন আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিস্থান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত এখন ৱিকিসন্মিলনৰ আয়োজন কৰা হৈছিল। এইবাৰো আগৰবাৰৰ দৰেই ফেচবুকৰ সহায়ত প্ৰথমতে আমি প্ৰচাৰ চলাইছিলোঁ, লগতে শ্ৰেণী কোঠালৈ গৈও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা আনিবলৈ চেষ্টা চলাইছিলোঁ। সন্মিলনখনত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল অভিজ্ঞ ৱিকিপিডিয়ান নিতুল বৰা দেৱ আৰু অসমীয়া ৱিকিপিডিয়াৰ প্ৰকাশক বিষ্ণু শইকীয়া দেৱক। সন্মিলনখনত অংশগ্ৰহণকাৰীৰ বিপুল ভিৰ পৰিলক্ষিত হৈছিল। আমি মন কৰিছিলোঁ সন্মিলনখনৰ আৰম্ভণী হোৱাৰ লগে লগে বিজ্ঞান দিৱসৰ অন্যান্য অনুষ্ঠানসমূহৰ প্ৰতিযোগী আৰু দৰ্শকসকল ৱিকি সন্মিলন অনুষ্ঠিত হৈ থকা প্ৰেক্ষাগৃহত উপস্থিত হয়হি। ফলশ্ৰুতিত দৰ্শক-প্ৰতিযোগীৰ অভাৱৰ বাবে অন্যান্য অনুষ্ঠানসমূহ আমি কিছু সময়লৈ স্থগিত ৰাখিবলৈ বাধ্য হওঁ। বিগত সপ্তাহত মহাবিদ্যালয় চৌহদত ৱিকি সন্মিলনখনৰ ঘোষণা হোৱাৰ পাছৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত ৱিকি সন্মিলনখনৰ মনত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এই উৎসাহে যুৱ প্ৰজন্মৰ মাজত যে অসমীয়া ভাষাৰ বাবে কিবা এটা কৰাৰ আশা যে সুপ্ত হৈ থাকে তাকে সূচাইছে।

সন্মিলনখনৰ আৰম্ভণিতে মই ইউনিকোডত অসমীয়া লিখিবলৈ মনতে পুহি ৰখা ভয় ভাৱ আঁতৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই অসমীয়া লিখন সঁজুলি ‘ৰ’দালি’ৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰোঁ। বিষ্ণু শইকীয়াই অসমীয়া ৱিকিপিডিয়াৰ ইতিহাস আৰু বৰ্তমানৰ ই-বিশ্বত ভাষা এটাৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্বন্ধে ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰায়। তেওঁ আকৌ কয় ভাৰতীয় ভাষা সমূহৰ ভিতৰত মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুক্ত-বিশ্বকোষ হিচাপে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল আৰু বৰ্তমান ইয়াত প্ৰায় ৩১২৫ টা প্ৰবন্ধ আছে। প্ৰায় একে সময়তে মুকলি কৰা অন্যান্য ভাৰতীয় ভাষাসমূহ অসমীয়া ভাষাতকৈ বহু যোজন দূৰ আগুৱাই গ’ল বুলি আক্ষেপ কৰে। প্ৰায় আশীজনমান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা সন্মিলনখনৰ আনজন অতিথি নিতুল বৰাই ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিপিডিয়াৰ কাৰিকৰী দিশসমূহৰ বিষয়ে অৱগত কৰায়। তেখেতে ৱিকিপিডিয়াত নতুন পৃষ্ঠাৰ সৃষ্টি, পুৰণি সাহিত্য সংৰক্ষণত ৱিকি উৎসৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। লগতে অসমীয়া ৱিকিপিডিয়াৰ মূল সমস্যাসমূহৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। মূলত অৱদানকাৰীৰ অভাৱ আৰু সচেতনতাৰ অভাৱেই প্ৰবন্ধৰ স্ংখ্যা বৃদ্ধিত প্ৰধান অন্তৰায় হৈ দেখা দিয়া বুলি তেখেতে জানিবলৈ দিয়ে। অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকজন আগ্ৰহী ব্যক্তিক ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়াই অসমীয়া ভাষাক জগত সভালৈ লৈ যাবলৈ সকলোকে আহ্বান জনোৱা হয়।

এই সন্মিলন কেইখনৰ দৰে অসমৰ অন্য চহৰতো যদি এনেধৰণৰ সন্মিলন অনুস্থিত কৰিব পৰা যায়; তেনেহ’লে ‘অসমীয়া ৱিকিপিডিয়া’ যি মহৎ উদ্দেশ্য আগত ৰাখি গঢ়ি তোলা হৈছিল সেয়া অন্তত কিছু পৰিমাণে পূৰণ হ’ব বুলি আশা কৰিব পাৰি। অসমৰ বৌদ্ধিক মহল আৰু সংবাদ জগতে এই ক্ষেত্ৰত বলীষ্ঠ পদক্ষেপ লৈ ‘অসমীয়া ৱিকিপিডিয়া’ক ৰাইজৰ মাজলৈ লৈ যোৱাত আমাক সহায় কৰিব বুলি আমি আশাবাদী।

-ফাৰুক আজিজ, তেজপুৰ

পদক তালিকা

পদক
পাওঁতাৰ নাম
এইমাহৰ ৱিকিপিডিয়ান
মঞ্জিল কোঁৱৰ
ৱিকিপিডিয়া অনুপ্ৰেৰণা বঁটা
জলি বৰা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
ঈশান কাশ্যপ হাজৰিকা
The Teamwork Barnstar
ছাইদুল ইছ্লাম
The Teamwork Barnstar
কন্দৰ্প বৰচেতিয়া
Valued Picture Barnstar
দ্বিজেন মহন্ত

ভাল প্ৰবন্ধ

বিশ্বকাপ ক্ৰিকেট ২০১৫ৰ আনুষ্ঠানিক ল'গ'

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত মুঠ ১৪ খন ষ্টেডিয়ামত ৪৯ খন খেল অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ ৭ খন ষ্টেডিয়ামত ২৬ খন খেল আৰু নিউজিলেণ্ডৰ ৭ খন ষ্টেডিয়ামত ২৩ খন খেল অনুষ্ঠিত হ'ব। মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ১৯৯২ চনৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ পাছত পুনৰবাৰ আই চি চিয়ে শচীন টেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) ঘোষণা কৰে। ২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰে৷ পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়৷ টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।

আৰু পঢ়ক...

নিৰ্বাচিত চিত্ৰ

ফেব্ৰুৱাৰী ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

উল্লেখনীয় কাম


ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
মঞ্জিল কোঁৱৰ ১৬৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা ১৪৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ৯৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনিমেষ বৰা ৬৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Pathoschild ৫৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কন্দৰ্প বৰচেতিয়া ৫০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ৩৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ Sakiisla ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ফাৰুক আজিজ ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ দীপাংকৰ চেতিয়া ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ Magioladitis ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ Nahid Sultan ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৫
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?