For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৬.

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৬


এপ্ৰিল, ২০১৬

ৱিকিপিডিয়ানৰ মনৰ কথা


সেয়া আছিল ২০১২ চনৰ মাজ ভাগৰ কথা, নতুনকৈ ফেচবুকৰ এটা একাউণ্ট সৃষ্টি কৰি একো আওভাও নাপাই আনৰ পোষ্টবোৰ খুচৰি খুচৰি পঢ়িবলৈ ধৰিছোঁ। তাৰ মাজতে কেতিয়াবা অসমীয়াত লিখা কিবা পোষ্ট পালেই হেঁপাহ পলুৱাই আগৰ পৰা গুৰিলৈকে পঢ়িছিলোঁ। তেনেকৈয়ে দিন বাগৰাৰ অন্তত এদিন জ্যোতি প্ৰকাশ নাথৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন হৈছিল আৰু পিছলৈ সেই বন্ধুত্বৰ চিনস্বৰূপেই তেওঁ অসমীয়াত কেনেকৈ ইণ্টাৰনেটত লিখিব পাৰি মোক শিকাই দিছিল। সেয়াই আছিল মোৰ বাবে জীৱনৰ একমাত্ৰ অমূল্য উপহাৰ। এই চেগতে জ্যোতি প্ৰকাশক অলেখ ধন্যবাদ জনাইছোঁ। তাৰ পিছত সময়খিনিত নিজৰ ফেচবুকৰ পৃষ্ঠাত এটাৰ পিছত এটাকৈ অসমীয়াতে লিখি পোষ্ট দিবলৈ আৰম্ভ কৰিছিলোঁ, বহুতৰে উত্সাহ ভৰা মন্তব্যই মন ভৰাই তুলিছিল। পিছলৈ জ্যোতি প্ৰকাশৰ অনুৰোধ মৰ্মেই অসমীয়াত কথা-বতৰা গোটৰ সদস্য হৈ পৰিছিলোঁগৈ। সেয়াও এক অধ্যায় বুলিলে ভুল কোৱা নহব নিশ্চয়। কেতিয়াও নেদেখা কেতিয়াও চিনি নোপোৱা ভিন্ন বয়সৰ বিভিন্ন অভিজ্ঞ ব্যক্তিৰ সান্নিধ্য লাভৰ সৌভাগ্য লাভিছিলোঁ। পিছলৈ সকলোকে সামৰি একোটা পৰিয়ালৰ লেখীয়া হৈ পৰিছিলোঁ।

এদিন দুদিনকৈ বন্ধুত্বৰ পৰিসৰ বহল হৈছিলগৈ, তেনেকুৱা এটি শুভক্ষণতে চিনাকি হৈছিলো তেজপুৰীয়া ডেকা ৱিকিপিডিয়ান শ্ৰীবিষ্ণু শইকীয়াৰ লগত। তেৱেঁই মোক অসমীয়া ৱিকিপিডিয়াৰ কথা প্ৰথমে অৱগত কৰাইছিল। তাৰ আগলৈকে যে ইণ্টাৰনেটত অসমীয়া ভাষাৰ কিবা আছে বুলি কল্পনাই কৰা নাছিলোঁ। অসম আৰু অসমীয়াৰ প্ৰতি থকা হেঁপাহৰ বাবেই বিষ্ণু শইকীয়াৰ সেইসময়ৰ কথাবোৰে মোক আকৰ্ষিত কৰিব পাৰিছিল আৰু তাৰেই ফলস্বৰূপে ২০১২ চনৰ জুন মাহৰ কোনোবা এটা তাৰিখত বিষ্ণু শইকীয়াৰ পৰামৰ্শ মতে অসমীয়া ৱিকিপিডিয়াত এটি একাউণ্ট সৃ্ষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰথম অৱস্থাত ৱিকিপিডিয়াত লিখিবলৈ যথেষ্ট ভয় আৰু শঙ্কাবোধে আগুৰি ধৰিছিল যদিও যিকোনো সময়ত শ্ৰী শইকীয়াৰ লগত ৱিকিপিডিয়াৰ তলা-নলাৰ বিষয়ে কৰা আলোচনাই সেই ভয় ভাৱ দূৰ কৰিবলৈ সক্ষম হৈছিল। ১০ জুন ২০১২ চনত কটন কলেজ চুডমাৰ্চন হলত ৱিকিপিডিয়াৰ এখন সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ পাইছিলোঁ আৰু তাতেই অসমীয়া ৱিকিপিডিয়া ধ্ৰুৱতৰা সদৃশ অভিজ্ঞ ৱিকিপিডিয়ান বিষ্ণু শইকীয়া, গীতাৰ্থ বৰদলৈ, জ্যোতি প্ৰকাশ নাথ, বনজীৎ পাঠক, উদ্দীপ তালুকদাৰৰ দৰে ব্যক্তিক লগ পোৱাৰ সৌভাগ্য লভিছিলোঁ। সেইসকলৰ পৰামৰ্শ শিৰোগত কৰি পিছৰ সময়ছোৱাত বেণুধৰ ৰাজখোৱা, চন্দ্ৰশেখৰ ভেঙ্কটৰমন, পুৰুষোত্তম দাস টেণ্ডন, ৰাজেন্দ্ৰ প্ৰসাদ, নেলছন মেণ্ডেলা, ৰাজীৱ গান্ধী, মোৰাৰাজী দেশাই আদি ভাৰত ৰত্ন বঁটা পোৱা বিভিন্ন ব্যক্তি সকলৰ বিষয়ে লিখা পৃষ্ঠাৰে ৱিকিপিডিয়াত লিখিবলৈ বা সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কেতিয়াবা কিবা খোকোজা লাগিলে সময় অসময় নাই বিষ্ণু শইকীয়াৰ লগত ফোনযোগেই হওক বা মেইলেই হওক বা ফেচবুকৰ জৰিয়তেই হওক যোগাযোগ অব্যহত ৰাখিছিলোঁ আৰু বিষ্ণু শইকীয়াও যেতিয়াই যেনেকৈ পাৰে তেতিয়াই সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ পিছত ২০১৫ চনৰ শেষৰ ফালে গিৰিজানন্দ ইন্‌ষ্টিটিউট অৱ মেনেজমেণ্ট, তেজপুৰত অনুষ্ঠিত হোৱা আন এখন ৱিকিপিডিয়াৰ কৰ্মশালাত বিষ্ণু শইকীয়াৰ লগত একেলগে যোগদান কৰাৰ সৌভাগ্য হৈছিল। উক্ত কৰ্মশালাতেই বলিষ্ঠ ৱিকিপিডিয়ান ফাৰুক আজিজ, ৰামকিংকৰ মহন্তৰও সান্নিধ্য লাভিছিলো।

লাহে লাহে ৱিকিপিডিয়াৰ কাৰিকৰী কৌশল বোৰ এটাৰ পিছত এটাকৈ প্ৰয়োগ কৰিব পৰা হলোগৈ, দিন বাগৰাৰ লগে লগে দেখিলো ৱিকিপিডিয়াৰ সদস্যৰ সংখ্যাও বাঢ়িবলৈ ধৰিলে। তেনে এটি সময়তেই শ্ৰীবিষ্ণু শইকীয়াৰ পৰাই জানিব পাৰিলোঁ যে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প "ৱিকিউৎস" বুলিও এটি প্ৰকল্প আছে, যিটো সেইসময়লৈকে ইনকিউবেটৰতে পৰি আছে। পিছে এই ইনকিউবেটৰ কি বস্তু, খাই নে পিন্ধে সেইটো সেইমূহূৰ্তলৈকে মই বুজিবই পৰা নাছিলোঁ, জীৱনত কেতিয়াও নুশুনা শব্দ কিছুমান প্ৰথম শুনিছোঁ, সেয়ে বিষ্ণু শইকীয়াক প্ৰথমে সুধিবলৈ অলপ লাজ সংকোচে ধৰিছিল যে এইটো মানে কি? বিষ্ণ শইকীয়াই কথাটো বুজাই দিলে যে সেইটো প্ৰকল্পত অসমীয়া সমলৰ অৱদান তেনেই নগন্য বাবে সেইখন মুকলি কৰিব পৰা নাই, যদিহে নিয়মিত ভাবে আমাৰ কিছু সংখ্যক ৱিকিপিডিয়ানে ৱিকিউৎসতো উপযুক্ত অৱদান আগবঢ়াব পাৰে তেনেহলে সেইখন উদ্ধাৰ কৰিব পৰা যাব আৰু তাৰ বাবে লাগিব অধিক অসমীয়া সমলৰ সংযোগ। কথাটো জানিব পাৰি মনত অলপ দুখ লাগিল যে অসমীয়াৰ হেমাহিৰ বাবে বা অজ্ঞতাৰ বাবেই ৱিকিউৎসৰ সেই অৱস্থা হৈছে। সেয়ে মই সেইমুহূৰ্ততেই বিষ্ণু শইকীয়াক কলোঁ যে মই ৱিকিউৎসৰ কামত হাত উজান দিম আৰু চেষ্টা কৰিম সেই অসমীয়াৰ সম্পদটি সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ। কাৰণ ৱিকিপিডিয়া প্ৰকল্পটোত সম্পদনা কৰিব পৰাকৈ বহু কেইজন সম্পাদক মজুত আছে, কিন্তু ৱিকিউৎসত তেনে কোনো মানুহ নোহোৱাৰ লেখীয়াই। সেয়ে তেতিয়াৰে পৰা মই একক ভাৱেই একেলেথাৰিয়ে ৱিকিউৎসৰ কামত হাত উজান দিবলৈ উঠি-পৰি লাগিছিলোঁ। বাকী অভিজ্ঞ ৱিকিপিডিয়ান সকলে অংগসজ্জাৰ কামবোৰ কৰি দিছিল আৰু এটা সময়ত সেইখন ইনকিউবেটৰৰ পৰা উদ্ধাৰ কৰিবলৈ সমক্ষ হৈছিলোঁ। সেয়া আছিল আমাৰ বাবে এক বৃহৎ সাফল্য। মিৰি-জীয়ৰী, প্ৰহ্লাদ চৰিত্ৰ, শ্ৰীৰামবিজয় নাট, হৰগৌৰীৰ বিবাহ, খোৱা-খুবী পুথি, গু-কৰতি বা বিষ জাৰা মন্ত্ৰ, ভক্তি ৰত্নাৱলী, বৰ-কৰতি ৰাম-নবমী, হৰিচন্দ্ৰ উপাখ্যান, শঙ্কৰ-মাধৱৰ বৰগীত, শিশুলীলা, চোৰধৰা- পিম্পৰা গুচোৱা, গুণমালা, উদ্ধৱ-সংবাদ, অজামিল উপাখ্যান, কালিয়া দমন, পাৰিজাত হৰণ, স্যমন্তক হৰণ নাট, ৰুক্মিণীহৰণ নাট, কংসবধ নাট, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম আৰু বিভিন্ন পাঁচালি, একাংক নাটককে আদি কৰি বিভিন্ন অৱদানেৰে বৰ্তমান ৱিকি-উত্সৰ পৃষ্ঠা ১৫৭ টা পৰা ১২২০ টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছোহঁক।

ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননী পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। তাৰ উপৰি ভাল লাগিছিল এইটো ভাবি যে মই মোৰ জীৱনত যিবোৰ পৃষ্ঠা ৱিকিপিডিয়াত বা ৱিকিউৎসত সৃষ্টি কৰি থৈ যাম সেইবোৰৰ ইতিহাস যুগযুগান্তৰলৈ মোৰ নামতেই ৱিকিপিডিয়াত খোদিত হৈ থাকিব। আমি এনেকৈ সৃষ্টি কৰা পৃষ্ঠাবোৰে আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ পৰিব। আজি এই কথা বহুতেই উপলদ্ধি কৰিব পৰা নাই যদিও, অনাগত দিনত এই কথা নিশ্চয় স্বীকাৰ কৰিবই লাগিব। এই কথাটোৱেই মোক বহুত প্ৰেৰণা দি আহিছে। এনেকৈয়ে মই ৱিকিপিডিয়াৰ পৰিয়ালৰ এজন হৈ গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ৰাইজৰ সহায় সহযোগ, মৰম চেনেহৰ মাজেৰে পাৰোঁ মানে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই যাবলৈ মন ডাঠ কৰি ৰাখিছোঁ।

শেষত ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ সফলতা কামনা কৰিলোঁ।

--Boranitul (talk) 20:42, 31 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


উল্লেখনীয় কাম

মাৰ্চ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৯৭০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২২০ টালৈ বৃদ্ধি পালে।

মাৰ্চ ২০১৬ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎জন্‌ছ মহলীয়া
  2. ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
  3. ‎প্ৰাগঐতিহাসিক অসম
  4. ‎ৰুছ ভাষা
  5. ‎আন্তজাৰ্তিক নাৰী দিৱস
  6. ‎আজিৰ দৈনিক বাতৰি
  7. ‎নীৰজা ভানোট
  8. ‎সৌৰ শক্তি
  9. ‎‎জৈৱ ইন্ধন
  10. ‎‎ৰমণ প্রভাৱ
  11. ‎‎মৰীচিকা
  12. ‎‎লংকেশ্বৰ দেৱালয়
  13. ‎হলেশ্বৰ দেৱালয়
  14. ‎আউন্স
  15. ভেম্পায়াৰ বাদুলী
  16. ‎নট
  17. ‎সুখ
  18. বৈষ্ণো দেৱী
  19. ‎বিলাসীপাৰা পূব (বিধান সভা সমষ্টি)
  20. ‎‎উপনিষদ
  21. ‎ঋকবেদ
  22. ‎অথৰ্ববেদ
  23. ‎‎ঘনত্ব

নিৰ্বাচিত চিত্ৰ

মুকলি পথাৰত মহিলাই বিহু নচাৰ দৃশ্য

বিক্ৰমজিৎ কাকতি
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পদক

পদক
পাওঁতাৰ নাম
প্ৰতিভাবান ন সম্পাদক
প্ৰাঞ্জল দাস








অন্যান্য

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
প্ৰাঞ্জল দাস ৩৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ২৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিষ্ণু শইকীয়া (কাৰিকৰী সহায়ক) ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৬
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?