গৌহাটী বাণিজ্য মহাবিদ্যালয়
গৌহাটী বাণিজ্য মহাবিদ্যালয় গৌহাটী কমাৰ্চ কলেজ | |
---|---|
স্থাপিত | ১৯৬২ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড০ হোমেশ্বৰ কলিতা |
শিক্ষাৰ্থী | ৩০০০+[1] |
স্থান | গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | gauhaticommercecollege.in |
গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমাৱস্থাত কটন মহাবিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণীকোঠাত মহাবিদ্যালয়খনৰ পাঠদান কৰা হৈছিল[2] আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩০০ গৰাকী। ২০১১ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ে বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে।[1] মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
ইতিহাস
[সম্পাদনা কৰক]অধ্যক্ষৰ তালিকা
[সম্পাদনা কৰক]
ক্ৰ. নং | অধ্যক্ষৰ নাম | কাৰ্যকাল |
---|---|---|
১ | ভগৱান লহকৰ[1] | ১৯৬২- |
পাঠ্যক্ৰম
[সম্পাদনা কৰক]মহাবিদ্যালয়খনত বাণিজ্যৰ উচ্চতৰ মাধ্যমিক, বাণিজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ লগতে ব্যৱসায় পৰিচালনাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।
পুথিভঁৰাল
[সম্পাদনা কৰক]মহাবিদ্যালয়ৰ পুথিভঁৰালৰ নাম ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম অনুসৰি ৰখা হৈছে।
উল্লেখনীয় প্ৰাক্তন বিদ্যাৰ্থী
[সম্পাদনা কৰক]- ভূপেন উজিৰ
- গোপাল বড়ো
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Gauhati Commerce College turns 50, eyes more glory". The Times of India. 10 September 2011. http://timesofindia.indiatimes.com/city/guwahati/Gauhati-Commerce-College-turns-50-eyes-more-glory/articleshow/9938605.cms। আহৰণ কৰা হৈছে: 17 December 2015.
- ↑ "Commerce college crosses milestone". The Telegraph. 18 August 2011. http://www.telegraphindia.com/1110818/jsp/northeast/story_14391135.jsp। আহৰণ কৰা হৈছে: 17 December 2015.
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.