For faster navigation, this Iframe is preloading the Wikiwand page for মদৰাম ব্ৰহ্ম.

মদৰাম ব্ৰহ্ম

মদৰাম ব্ৰহ্ম
জন্ম ১৯০৩
কোকৰাঝাৰ, অবিভক্ত ধুবুৰী জিলা, অসম প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান কোকৰাঝাৰ জিলা)
মৃত্যু ৬ ছেপ্টেম্বৰ ১৯৯০
কোকৰাঝাৰ, অসম, ভাৰত
পেচা কবি
নাট্যকাৰ
জনা যায় বড়ো সাহিত্য
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ১৯৮৮

মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল।[1][2][3] ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]পদ্মশ্ৰী সন্মান লাভ কৰা মদৰাম ব্ৰহ্ম প্ৰথম গৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তি।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৩ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অবিভক্ত ধুবুৰী জিলাৰ কোকৰাঝাৰৰ দুন্ধুনিকটাৰ বড়ো পৰিয়ালত মদৰাম ব্ৰহ্মৰ জন্ম হৈছিল। তাৰপিছত তেওঁ প্ৰাৰম্ভিক শিক্ষা ধুবুৰীৰ চৰকাৰী হাইস্কুলত গ্ৰহণ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৩২ চনত তেওঁ দৰঙৰ হৰিসিং হাইস্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ স্থানীয় প্ৰশাসনত যোগদান কৰিছিল। পিছলৈ তেওঁ ১৯৪৫ চনত খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰে। এই পদৱী লাভ কৰা মদৰাম ব্ৰহ্ম বড়ো সম্প্ৰদায়ৰ প্ৰথম গৰাকী ব্যক্তি।[3]

সাহিত্যিক কীৰ্তি

[সম্পাদনা কৰক]

মদৰাম ব্ৰহ্ময়ে কেইবাটাও কবিতা, গীত, স্তুতিগীত[1] আৰু নাটক ৰচনা কৰিছিল। তেওঁৰ প্ৰথম পুথি বৰণি গুদি শিবছা আৰৱ আৰজ বড়ো ভাষাত ৰচনা কৰা স্তুতিগীতৰ সংকলন।[2] তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল,

  • খান্থাই মেথাই (কবিতা আৰু গীত - ১৯২৩)
  • বড়োনি গুদি শিবছা আৰৱ আৰজ (বড়ো স্তুতিগীত আৰু প্ৰাৰ্থনা – ১৯২৬)
  • ৰায়মালি (নাটক – ১৯২৬)
  • ডিমাপুৰ নৱগৰ বাইনাই (ডিমাপুৰৰ পতন, নাটক)
  • চাডং বৈৰাগী (নাটক)
  • ৰূপেশ্ৰী ৰাইঠাই খান্থাই (ৰূপেশ্ৰী-পদ্য আৰু গদ্য, ১৯৮৮)
  • ফাংচেয়াও বিবাৰ বাৰনৱী (এটা ডালত দুপাহ ফুল)[2][3]

তেওঁৰ কিছুমান ৰচনা স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে আৰু[5] অসামৰিক পৰীক্ষাৰ বড়ো সাহিত্যৰ পাঠ্যক্ৰমটো তেওঁৰ ৰচনা সন্নিবিষ্ট কৰা হৈছে।[6] ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]পদ্মশ্ৰী সন্মান লাভ কৰা মদৰাম ব্ৰহ্ম প্ৰথম গৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তি।

১৯৯০ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে ৮৭ বছৰ বয়সত কোকৰাঝাৰ জিলাৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মদৰাম ব্ৰহ্মৰ মৃত্যু হয়।[2] বাক্সা জিলাৰ বনগাঁৱত অৱস্থিত পদ্মশ্ৰী মদৰাম ব্ৰহ্ম মেছ স্কুল তেওঁৰ নামেৰে ৰখা হৈছে।[7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Phukana Candra Basumatārī (2005). "An Introduction to the Boro Language". Mittal Publications. পৃষ্ঠাসমূহ: 99. ISBN 9788183240857. https://books.google.ae/books?id=v6kbnrumEWkC&pg=PA4&lpg=PA4&dq=Madaram+Brahma&source=bl&ots=8zA1TGmdQt&sig=sU6JZzFMNAL9UQDAdqfzGlj_gfs&hl=en&sa=X&ved=0CCAQ6AEwAWoVChMIyvywkN_TxwIVhQ3bCh1gDAko#v=onepage&q=Madaram%20Brahma&f=false। আহৰণ কৰা হৈছে: 31 August 2015. 
  2. 2.0 2.1 2.2 2.3 Ramanika Gupta (2006). Indigenous Writers of India: North-East India. Concept Publishing Company. পৃষ্ঠা. 227. ISBN 9788180693007. https://books.google.ae/books?id=FWCiWWeRCU4C&pg=PA50&lpg=PA50&dq=Madaram+Brahma&source=bl&ots=ftT-b5IELh&sig=V9X1eFCLWqgd4uPpQTYRCiAhx2M&hl=en&sa=X&ved=0CCkQ6AEwA2oVChMIyvywkN_TxwIVhQ3bCh1gDAko#v=onepage&q=Madaram%20Brahma&f=false. 
  3. 3.0 3.1 3.2 3.3 "Madaram Brahma (1903-1990)". Fpfbfb. 2015. Archived from the original on 22 July 2018. https://web.archive.org/web/20180722011700/https://fpfbfb.wordpress.com/category/madaram-brahma/। আহৰণ কৰা হৈছে: 31 August 2015. 
  4. 4.0 4.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  5. "Bodo Paper I". APSC. 2015. http://apsc.nic.in/main-bodo.pdf। আহৰণ কৰা হৈছে: 31 August 2015. 
  6. "Foresight IAS". Foresight. 2015. http://foresightias.com/wp-content/uploads/2015/06/Bodo_Mains_Syllabus.pdf। আহৰণ কৰা হৈছে: 31 August 2015. [সংযোগবিহীন উৎস]
  7. "Padmasri Madaram Brahma Mes School". ICBSE. 2015. http://www.icbse.com/schools/padmasri-madaram-brahma-mes/18240302504। আহৰণ কৰা হৈছে: 31 August 2015. 
{{bottomLinkPreText}} {{bottomLinkText}}
মদৰাম ব্ৰহ্ম
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?