For faster navigation, this Iframe is preloading the Wikiwand page for যোৰহাট জিলাৰ পৰিবহণ.

যোৰহাট জিলাৰ পৰিবহণ

যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল। ইয়াৰোপৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকেই ৰৰৈয়া বিমানবন্দৰটো নিৰ্মাণ কৰিছিল।

যোৰহাটৰ প্ৰথম পকী পথটো আছিল ব্ৰিটিছে সজোৱা নগৰৰ মধ্যভাগৰ পৰা জিমখানা ক্লাব সংলগ্ন ক্লাব ৰ'ড[1] তলৰ তালিকাখনত আহোমে বন্ধা কেইটামান পথৰ তথ্য দিয়া হৈছে:

পথৰ নাম নিৰ্মাণ কাল ৰাজত্ব মন্তব্য
চেউনী আলি (এ. টি. ৰ'ড) ১৬৫০ স্বৰ্গদেউ জয়ধ্বজ সিংহ যোৰহাটৰ পৰা গৌৰীসাগৰ ৪৮ কি:মি: বাদুলী বৰফুকনে গঢ়াইছিল.
ধোদৰ আলি ১৬৮১-১৬৯৫ স্বৰ্গদেউ গদাধৰ সিংহ কমাৰগাঁৱৰ পৰা মৰিয়নি চুই জয়পুৰলৈ মুঠ দৈৰ্ঘ্য ২১১ কি:মি:
খৰিকটীয়া ১৬৯৬-১৭১৪ স্বৰ্গদেউ ৰুদ্ৰ সিংহ খৰিকটীয়াৰ পৰা তিতাবৰ
ম'হবন্ধা আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা ম'হবন্ধা
কমাৰবন্ধা ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা কমাৰবন্ধা
মালৌ আলি ১৭৫১-১৭৬৯ স্বৰ্গদেউ কমলেশ্বৰ সিংহ দিচৈৰ পৰা বচা
সুসন্দেবন্ধা আলি? (Susandebandha Ali) ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ ভিতৰত
চোলাধৰা আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ ভিতৰত
বৰপাত্ৰ আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সম্মুখেৰে যোৱা পথ
ন-আলি ১৭৯৬ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা তিতাবৰ

বৰ্তমানৰ পথ পৰিবহণ

[সম্পাদনা কৰক]
আন্তঃৰাজ্যিক বাছ আস্থান

যোৰহাটৰ কটকীপুখুৰীত আন্তঃৰাজ্যিক বাছ আস্থানটো অৱস্থিত। ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত এই আস্থানটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিছিল। এই আস্থানটোৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যলৈ দৈনিক চৰকাৰী আৰু বেচৰকাৰী বাছ-চলাচল কৰে।

উল্লেখযোগ্য পথ
  • ধোদৰ আলি : ধোদৰ আলি পথটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে[3]। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।[3] এই পথটো উজনি অসমৰ চাৰিখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে। কথিত আছে যে, ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি দিয়া হয়[4]। ১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল[3]। পিছলৈ আহোম ৰজা প্ৰতাপ সিংহই পথটোত ড'ৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। দলংখন ৯০৪ ফুট দীঘল (২৭৬ মিটাৰ), ১৮ ফুট বহল (৪.৯ মিটাৰ), আৰু ১৬ ফুট ওখা (৪.৯ মিটাৰ)। ড'ৰিকাৰ দলংখনে শিৱসাগৰক ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে।[5]

ৰেলৰ ইতিহাস

[সম্পাদনা কৰক]

১৮৮৪ চনত যোৰহাটত ইংৰাজ চৰকাৰে এখন সৰুফুটীয়া ৰেলগাড়ী চলোৱাৰ কাম আৰম্ভ কৰিছিল। ১৮৮৪ চনৰ ৯ ডিচেম্বৰৰ দিনা মঙ্গলবাৰে যোৰহাটৰ পৰা ককিলামুখলৈ ৰেলগাড়ীখন চলোৱা হৈছিল।[6] সেই সময়ৰ উপায়ুক্ত ক্লাৰ্ক চাহাবৰ ডায়েৰীত শুভাৰম্ভ উৎসৱৰ কথা বিষদভাৱে পোৱা যায়। এই ৰেলখন চলোৱাৰ প্ৰধান উদ্দেশ্য আছিল – যোৰহাটৰ কাষত থকা চাহ-বাগিচাবিলাকৰ পৰা চাহৰ বাকচ চালান দিয়া। প্ৰথমতে ৰেলখনৰ নাম ‘ষ্টেট ৰেল’ ৰখা হৈছিল। পাছত নাম সলনি কৰি ‘যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে’ কৰা হৈছিল।[6] ১৯২৭ চনত এই ৰেলগাড়ীখন চলোৱাৰ দায়িত্ব ‘ৰিভাৰ ষ্টিম নেভিগেচন’ কোম্পানীয়ে লৈছিল। এই ৰেলখনৰ ডবা যোৰা দিয়া কপ্‌লিং ডাল প্ৰায়ে চিগি বাটত ডবা ৰৈ থাকিব লগা হৈছিল। সেয়ে যোৰহটীয়া ৰাইজৰ মাজত এই ৰেলখন ‘কপ্‌লিং চিগা ৰেল’ বুলি জনাজাত আছিল। প্ৰথম অৱস্থাত ৰেলপথ নগৰৰ ভোগদৈ নদীৰ বৰদলঙৰ কাষেদি বড়িগাঁৱত প্ৰৱেশ কৰিছিল। এই পথ একা-বেকি কাৰণে, এটা নতুন ৰেলপথ ফাঁচী আলিৰ কাষেদি খোলা হৈছিল। চেউনি আলিৰ অলপ দূৰত ভোগদৈৰ ওপৰত এখন নতুন দলং সাজি এই পথটো নিৰ্মাণ কৰা হৈছিল।[6]

বৰ্তমানৰ ৰেল পৰিবহণ

[সম্পাদনা কৰক]
যোৰহাট টাউন ৰেল ষ্টেচনত ৰৈ থকা অৱস্থাত জন শতাব্দী এক্সপ্ৰেছ

যোৰহাট জিলাৰ ৰেল সংযোগ ভাৰতীয় ৰেলসেৱাউত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। নগৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আনহাতে কিছু আঁতৰত মৰিয়নি জংচন আৰু তিতাবৰ ষ্টেচন আছে।

যোৰহাট টাউন ৰেল ষ্টেচন

যোৰহাট নগৰৰ মাজ-মজিয়াতে যোৰহাট টাউন ৰেল ষ্টেচন অৱস্থিত। যোৰহাট আৰু গুৱাহাটীৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছ এই ষ্টেচনৰ পৰাই যাত্ৰা আৰম্ভ কৰে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ।

মৰিয়নি জংচন

যোৰহাট নগৰৰ পৰা প্ৰায় ১৭ কিঃমিঃ আঁতৰত মৰিয়নি জংচন অৱস্থিত। তদুপৰি ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদি বহুতো গুৰুত্বপূৰ্ণ ৰেল এই জংচনৰ মাজেদি চলাচল কৰে।

ককিলামুখ ঘাট

ককিলামুখত পূৰ্বতে এটা জাহাজ ঘাট আছিল।[7] ১৮৪৭ চনতে ব্ৰহ্মপুত্ৰ নদীয়েদি ভাপ জাহাজ অসমলৈ আহিছিল। কিন্তু জাহাজ অহাৰ কোনো নিৰ্দিষ্ট সময় নাছিল। মিল্‌চ চাহাবৰ হাতত ‘অসাম কোম্পানী’য়ে প্ৰতি মাহতে জাহাজ আনিবলৈ অনুৰোধ কৰি এখন আৰ্জ্জি দিছিল। ১৮৮৩ চনৰ পৰা, ‘ৰিভাৰ ষ্টিম নেভিগেচন’ আৰু ‘ইণ্ডিয়া ষ্টিম নেভিগেচন’ কোম্পানীয়ে জাহাজ চলাবলৈ লৈছিল।[7] জাহাজ নিয়মীয়াকৈ চলিবলৈ লোৱাত যোৰহাটৰ পৰা গুৱাহাটীলৈ যোৱা সহজ হৈ পৰিছিল।[8]

নিমাতি ঘাট নিৰ্মাণ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ সামগ্ৰী, তেল, খাদ্যবস্তু আনিব লগা হৈছিল। ককিলামুখ জাহাজ ঘাটটো তৰাং হৈ পৰাত, ওচৰতে মাটিৰে বন্ধাই এটা নতুন ঘাট নিৰ্মাণ কৰা হৈছিল। এইদৰে নতুন মাটি দি জাহাজ ঘাট বন্ধোৱাত বিহাৰী শ্ৰমিকবিলাকে এই ঘাটৰ কথা কওঁতে ‘নয়া মাটি ঘাট’ বুলি কৈছিল। এনেদৰে ঘাটটোৰ নাম ‘নয়ামাটি’ বা ‘নিয়ামাটি’ হৈ শেষত নিমাতি হ’লগৈ।[9]

বৰ্তমানৰ জল পৰিবহণ

[সম্পাদনা কৰক]

বৰ্তমান নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

বিমানপথ

[সম্পাদনা কৰক]
প্ৰথম বিমান অৱতৰণ

১৯২৮-২৯ চনত যোৰহাট জিমখানা ক্লাবত প্ৰথমবাৰৰ বাবে এখন উৰাজাহাজ অৱতৰণ কৰিছিল। এইখন বাৰ্নাড্‌ লেটি নামৰ এজন চাহাবৰ নিজা উৰণীয়া জাহাজ আছিল। এইখন সেইসময়ত কলিকতালৈ যাত্ৰী নিবৰ বাবে অনা হৈছিল।[10]

ৰৰৈয়া বিমানঘাটি নিৰ্মাণ

যোৰহাটত বিমানঘাটি পতাৰ প্ৰধান কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ। ১৯৩৯ চনৰ ছেপ্তম্বৰ মাহত জাপানী সেনা বাহিনীয়ে ব্ৰহ্মদেশ অতিক্ৰম কৰি ভাৰতৰ দিশে অগ্ৰসৰ হৈছিল।[10] ভাৰতীয় আৰু ব্ৰিটিছ সেনা বাহিনীয়েও তৎপৰ হৈ উঠিছিল। ‘ৰয়েল এয়াৰ ফ’ৰ্চ’ আৰু ‘ইণ্ডিয়ান এয়াৰফ’ৰ্চ’ আহি ৰৰৈয়াৰ মাটিত অন্বেষণ কৰছিলহি। পকিমূৰি চাপৰিৰ মাটি বিমান ঘাটিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি জিলা কৰ্তৃপক্ষৰ যোগেদি মাটি অধিগ্ৰহণ কৰা হৈছিল। সেই সময়ত ৰৰৈয়াত মুৰলিধৰ বৰুৱাৰ বাগিচাৰ টকলা অংশটো বিমান ঘাটিৰ বাবে কিনি লোৱা হৈছিল। দ্বিতীয় মহাযুদ্ধৰ অগ্ৰগতিৰ লগে লগে ৰৰৈয়া বিমান ঘাটিৰো সম্প্ৰসাৰণ হ’ব ধৰিছিল। এই অঞ্চলৰ অসমীয়া পৰিয়ালৰ পৰা মাটি কিনি এই ঘাটিটো সম্প্ৰসাৰণ কৰা হৈছিল।[10]

বৰ্তমানৰ বিমান পৰিবহণ

[সম্পাদনা কৰক]
ৰৰৈয়া বিমানবন্দৰ

ৰৰৈয়া বিমানবন্দৰ (আইএটিএ: JRH, আইচিএঅ’: VEJT) হৈছে যোৰহাট নগৰৰ একমাত্ৰ বিমানবন্দৰ। যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিঃমিঃ দূৰত ৰৰৈয়া বিমানবন্দৰটো অৱস্থিত। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী, কলকাতা, নতুন দিল্লী আদি ঠাইলৈ ইণ্ডিগ'ৰ বিমান চলাচল কৰে। ৰৰৈয়া বিমানবন্দৰৰ স্থানাংক হৈছে26°26′N 94°06′E / 26.43°N 94.10°E / 26.43; 94.10[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Mediaeval Monuments Of Jorhat". N. F. Railway. Archived from the original on November 24, 2011. https://web.archive.org/web/20111124130632/http://www.nfr.railnet.gov.in/tourist/jorhat.htm। আহৰণ কৰা হৈছে: April 28, 2012. 
  2. "National Highways and their lengths". National Highways Authority of India. Archived from the original on 2010-02-10. https://web.archive.org/web/20100210021118/http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12. 
  3. 3.0 3.1 3.2 "List of Mediaeval Monuments Of Jorhat". http://jorhat.nic.in/places_of_interest.htm#historical%20places। আহৰণ কৰা হৈছে: December 02, 2012. 
  4. Muirhead Thomson, R. C.. "Village Life". Assam Valley - Beliefs and Customs of the Assamese Hindus. পৃষ্ঠা. 77. http://books.google.co.in/books?id=-HrAiLZE9lwC&pg=PA77&dq=BOOK+ON+DHODAR+ALI,+ASSAM&cd=1#v=onepage&q=BOOK%20ON%20DHODAR%20ALI%2C%20ASSAM&f=false। আহৰণ কৰা হৈছে: April 9, 2010. 
  5. Kharkhuwa (May 12, 2003). "Sibsagar - Monuments of Unageing Intellect". IgoUgo. http://www.igougo.com/journal-j20115-Assam-Sibsagar_-_Monuments_of_Unageing_Intellect.html। আহৰণ কৰা হৈছে: 31 March 2010. 
  6. 6.0 6.1 6.2 ড॰ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৬০, ৬১ পৃষ্ঠা. 
  7. 7.0 7.1 ড॰ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৫৭, ৫৮ পৃষ্ঠা. 
  8. বেণুধৰ শৰ্মা – ‘মণিৰাম দেৱান’ ১৯৫৬, পিঠি ১১৭
  9. ড॰ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৭, ৭৮, ৭৯ পৃষ্ঠা. 
  10. 10.0 10.1 10.2 ড॰ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৮৩, ৮৪ পৃষ্ঠা. 
  11. "ৰৰৈয়া বিমানবন্দৰৰ অৱস্থিতি". Archived from the original on September 9, 2011. https://web.archive.org/web/20110909074647/http://ekikrat.in/Jorhat-Airport। আহৰণ কৰা হৈছে: August 18, 2012. 
{{bottomLinkPreText}} {{bottomLinkText}}
যোৰহাট জিলাৰ পৰিবহণ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?