For faster navigation, this Iframe is preloading the Wikiwand page for গোলাঘাট.

গোলাঘাট

গোলাঘাট
চহৰ
দেশ ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট জিলা
উচ্চতা
95 m (312 ft)
জনসংখ্যা
 (2011)
 • মুঠ 60,782

গোলাঘাট উজনি অসমৰ এখন উল্লেখযোগ্য চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাট জিলা গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়। প্ৰথম অসমীয়া চনেট কবি হেমচন্দ্ৰ গোস্বামী, মিতভাষৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, ড° হীৰেন গোহাঁই, শ্বহীদ কুশল কোঁৱৰ, অলিম্পিকৰ পদকজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই, কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী প্ৰথম অসমীয়া মহিলা নয়নমণি শইকীয়া, আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰা আৰু মুনিন বৰুৱাকে আদি কৰি অনেক ব্যক্তি মূলতঃ গোলাঘাটৰ।

কমেও পঞ্চম-ষষ্ঠ শতিকামানৰ পৰাই ইতিহাসত গোলাঘাটৰ স্বাক্ষৰ পোৱা যায়। অসমীয়া লিপিৰ আদিৰূপ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি, দেওপাহাৰ, কাছমাৰী আদিত উদ্ধাৰ হোৱা বিভিন্ন স্থাপত্য-ভাস্কৰ্যৰ ধ্বংসাৱশেষে গোলাঘাট অঞ্চলৰ ইতিহাসৰ এক নিদৰ্শন ডাঙি ধৰে। গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰী নৈৰ ঘাটত আহোমসকলৰ গোলা-বাৰুদ থোৱা ঘৰ আছিল কাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰী নদীখন গোলাঘটীয়া ৰাইজৰ বোঁৱতী জীৱন ৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়।

ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি

[সম্পাদনা কৰক]

গোলাঘাটৰ স্থানাংক হৈছে 26°31′N 93°58′E / 26.52°N 93.97°E / 26.52; 93.97 আৰু গড় উচ্চতা ৯৫ মিটাৰ (৩১১ ফুট)। গোলাঘাট জিলাৰ পূবে যোৰহাট জিলা, পশ্চিমে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। ২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট নগৰৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬০,৭৮২। পুৰুষ আৰু মহিলাৰ অনুপাত ক্ৰমে ৫৩% আৰু ৪৭%।

গোলাঘাট অসমীয়া কলা সংস্কৃতিত গুৰুত্বপূ্ৰ্ণ অৱদান আগবঢ়োৱা বহুতো ব্যক্তিৰ বাবে বিখ্যাত। ইয়াত বহুতো ন পুৰণি শিক্ষানুষ্ঠান আছে।

মহাবিদ্যালয়
বিদ্যালয়

২০২০ চনত অসম চৰকাৰে গোলাঘাটত নতুনকৈ চুতীয়া সাম্ৰাজ্যৰ ৰাণী বীৰাংগনা সতী সাধনীৰ নামত 'বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়' স্থাপন কৰাৰ আঁচনি লয়।

যাতায়ত

[সম্পাদনা কৰক]
বিমান

গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ

ৰেল

গোলাঘাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰে'লসেৱাৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰে'ল চলাচল কৰে।

পথ

অসমৰ আন প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ নুমলীগড়ৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথে গোলাঘাটক দেৰগাঁৱৰ সৈতে সংযোগ কৰিছে। গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক ধোদৰ আলি (বৰ্তমানৰ ১ নং ৰাজ্যিক ঘাইপথ)।

উল্লেখযোগ্য স্থান

[সম্পাদনা কৰক]

গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।

  • বীৰাংগনা সাধনী কলাক্ষেত্ৰ

এই কলাক্ষেত্ৰ চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত নিৰ্মাণ কৰা হৈছে। সাধনী কলাক্ষেত্ৰত অসমৰ বিভিন্ন কলা-সংস্কৃতি, সংগীতৰ বিভিন্ন নিদৰ্শন দাঙি ধৰাৰ উপৰিও বীৰাংগনা সতী সাধনীৰ জীৱনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

  • ৰবীন বেনাৰ্জী সংগ্ৰহালয়

বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় ৰবীন বেনাৰ্জীৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

  • যমুনা উদ্যান

গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে।

  • নামবৰ দৈগ্ৰুং অভয়াৰণ্য

৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।

  • শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত।

  • দেৰগাঁও

দেৰগাঁও গোলাঘাট জিলাৰ লগতে উজনি অসমৰ ভিতৰত এখন লেখত ল'বলগীয়া ঐতিহ্যমণ্ডিত ঠাই। দেৰগাঁৱত নেঘেৰিটিং শিৱদৌল আৰু আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত। কুঁহিয়াৰৰ পৰা উৎপন্ন গুৰৰ বাবে দেৰগাঁৱৰ বিশেষ খ্যাতি আছে। অসমীয়া সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়োৱা অনেক খ্যাতিমান ব্যক্তিৰ জন্মস্থান দেৰগাঁও। দেৰগাঁৱতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা,কবি নীলমণি ফুকনৰ জন্ম হৈছিল।

ৰাজনীতি

[সম্পাদনা কৰক]

গোলাঘাট কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট, খুমটাই আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ ক্ৰমে অজন্তা নেওগ, মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকন। ইয়াৰোপৰি অসম গণ পৰিষদ দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেন্দ্ৰ নাথ ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
গোলাঘাট
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?