For faster navigation, this Iframe is preloading the Wikiwand page for প্ৰণব মুখাৰ্জী.

প্ৰণব মুখাৰ্জী

অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগউল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত ((উদ্ধৃতিৰ প্ৰয়োজন)) বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।
প্ৰণব মুখাৰ্জী
ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ২০১২ – ২৫ জুলাই ২০১৭
প্ৰধানমন্ত্ৰী মনমোহন সিং
উপ ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনচাৰী
পূৰ্বসূৰী প্ৰতিভা পাটিল
উত্তৰসূৰী ৰাম নাথ কোৱিন্দ
বিত্ত মন্ত্ৰী
কাৰ্যকাল
২৪ জানুৱাৰী ২০০৯ – ২৬ জুন ২০১২
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী মনমোহন সিং
উত্তৰসূৰী মনমোহন সিং
কাৰ্যকাল
১৫ জানুৱাৰী ১৯৮২ – ৩১ ডিচেম্বৰ ১৯৮৪
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
ৰজীৱ গান্ধী
পূৰ্বসূৰী আৰ ভেংকটাৰমন
উত্তৰসূৰী ভি পি সিং
বিদেশ পৰিক্ৰমা মন্ত্ৰী
কাৰ্যকাল
২৪ অক্টোবৰ ২০০৬ – ২৩ মে' ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী মনমোহন সিং
উত্তৰসূৰী এছ এম কৃষ্ণ
কাৰ্যকাল
১০ ফেব্ৰুৱাৰী ১৯৯৫ – ২৬ মে' ১৯৯৬
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
পূৰ্বসূৰী দীনেশ সিং
উত্তৰসূৰী অটল বিহাৰী বাজপায়ী
প্ৰতিৰক্ষা মন্ত্ৰী
কাৰ্যকাল
২২ মে' ২০০৪ – ২৬ অক্টোবৰ ২০০৬
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী জৰ্জ ফাৰ্ণাণ্ডেজ
উত্তৰসূৰী এ কে এণ্টনী
পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ
কাৰ্যকাল
২৪ জুন ১৯৯১ – ১৫ মে' ১৯৯৬
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
পূৰ্বসূৰী মোহন ধাৰিয়া
উত্তৰসূৰী মধু দণ্ডৱতে
ব্যক্তিগত তথ্য
জন্ম
প্ৰণব কুমাৰ মুখাৰ্জী

১১ ডিচেম্বৰ, ১৯৩৫
বিৰভুম জিলা, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ শাসিত ভাৰত
(এতিয়া পশ্চিম বংগ, ভাৰতত)
মৃত্যু ৩১ আগষ্ট, ২০২০ (৮৪ বছৰ)
নতুন দিল্লী, ভাৰত
মৃত্যুৰ কাৰণ ক'ভিড-১৯
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৯-১৯৮৬; ১৯৮৯-২০১২)
ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ (১৯৮৬-১৯৮৯)
আন ৰাজনৈতিক
সম্পৰ্ক
United Front (১৯৯৬-২০০৪)
United Progressive Alliance (২০০৪-বৰ্তমানলৈ)
দাম্পত্যসঙ্গী শুভ্ৰা মুখাৰ্জী (১৯৫৭-বৰ্তমানলৈ)
সন্তান শৰ্মিষ্ঠা, অভিজিৎ, ইন্দ্ৰজিৎ
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
বঁটা পদ্মবিভূষণ, ২০০৮
ভাৰত ৰত্ন, ২০১৯
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

প্ৰণব কুমাৰ মুখাৰ্জী (ইংৰাজী: Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ৰ পৰা ২০১২ চনলৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা (troubleshooter) আছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনৰ ১৩ জুলাইত প্ৰণৱ মুখাৰ্জী সুভৰা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সুভৰা মুখাৰ্জীৰ জন্ম হৈছিল বৰ্তমান বাংলাদেশৰ বংগ প্ৰেচিডেন্সিৰ নাৰায়লত। তেওঁ ১০ বছৰ বয়সত কলকাতালৈ গুচি যায় আৰু ১৯৫৭ চনত প্ৰণৱ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] দম্পতীহালৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল।[2] ২০১৫ চনৰ ১৮ আগষ্টত ৭৪ বছৰ বয়সত হৃদযন্ত্ৰ বিকল হৈ সুভৰা মুখাৰ্জীৰ মৃত্যু হয়। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ অভিজিৎ মুখাৰ্জী ২০১৯ চনলৈকে পশ্চিমবংগৰ জংগীপুৰৰ কংগ্ৰেছ সাংসদ আছিল। দেউতাকৰ আসনখন খালী হোৱাৰ পিছত তেওঁ উপ-নিৰ্বাচনত নিৰ্বাচিত হৈছিল। লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে অভিজিত বীৰভূমৰ নলহাটীৰ বিধায়ক আছিল।[3]

মুখাৰ্জী ডেং জিয়াওপিঙৰ পৰা অনুপ্ৰাণিত হৈছিল।[4] তেওঁৰ পঢ়া, বাগিচা আৰু সংগীতত চখ আছিল।

তেওঁৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী কথক নৃত্যশিল্পী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।[5]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত ছোনিয়া গান্ধীক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভুত ভূমিকা গ্ৰহণ কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত প্ৰণব মুখাৰ্জী প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ জনপ্ৰিয়তাৰে নিৰ্বাচিত হোৱা নিম্ন সদন লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেতিয়াৰ পৰা ২০১২ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চৰকাৰৰ পৰা ইস্তফা দিয়া সময়লৈকে মুখাৰ্জী প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্ত্ৰীসভাত দ্বিতীয় বৰিষ্ঠ নেতা আছিল। এই সময়ছোৱাত লোকসভাৰ নেতা আৰু বিভিন্ন মন্ত্ৰীৰ গোটৰ অধ্যক্ষতা কৰাৰ উপৰিও তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪-২০০৬), বিদেশ মন্ত্ৰী (২০০৬-০৯) আৰু বিত্তমন্ত্ৰী (২০০৯-১২) পদত আসীন আছিল।

পদবীসমূহ

[সম্পাদনা কৰক]
  • কেন্দ্ৰীয় ঔদ্যোগিক উন্নয়ন মন্ত্ৰী (১৯৭৩–১৯৭৪)
  • কেন্দ্ৰীয় জাহাজ আৰু পৰিবহণ মন্ত্ৰী (১৯৭৪)
  • ৰাজ্যিক বিত্ত মন্ত্ৰী (১৯৭৪–১৯৭৫)
  • কেন্দ্ৰীয় ৰাজহ আৰু বেংকিং মন্ত্ৰী (১৯৭৫–১৯৭৭)
  • কংগ্ৰেছৰ কোষাধ্যক্ষ (১৯৭৮–৭৯)
  • নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ (১৯৭৮–৭৯)
  • ৰাজ্যসভাৰ সদনৰ নেতা (১৯৮০–৮৫)
  • কেন্দ্ৰীয় বাণিজ্য, তীখা আৰু খনি মন্ত্ৰী (১৯৮০–১৯৮২)
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী (১৯৮২–১৯৮৪)
  • আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • বিশ্ব বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • এছিয়ান ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৪)
  • আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • কেন্দ্ৰীয় বাণিজ্য আৰু যোগান মন্ত্ৰী (১৯৮৪)
  • অধ্যক্ষ: সংসদলৈ ৰাষ্ট্ৰীয় নিৰ্বাচন, ১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন, ১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন, ১৯৯৬ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন আৰু ১৯৯৮ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কংগ্ৰেছ-I ৰ প্ৰচাৰ সমিতি
  • ২৪ নং গোটৰ অধ্যক্ষ (আই এম এফ আৰু বিশ্ব বেংকৰ সৈতে সংযুক্ত এটা মন্ত্ৰী গোট) (১৯৮৪ আৰু ২০০৯–২০১২ চন)
  • কংগ্ৰেছ পাৰ্টিৰ ৰাজ্যিক এককৰ সভাপতি (১৯৮৫ আৰু ২০০০–০৮)
  • এআইচিচিৰ অৰ্থনৈতিক পৰামৰ্শদাতা কোষৰ অধ্যক্ষ (১৯৮৭–১৯৮৯)
  • পৰিকল্পনা আয়োগৰ উপ-অধ্যক্ষ (১৯৯১–১৯৯৬)
  • কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী (১৯৯৩–১৯৯৫)
  • কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (১৯৯৫–১৯৯৬)
  • সভাপতি, ছাৰ্ক মন্ত্ৰী পৰিষদৰ সন্মিলন (১৯৯৫)
  • এআইচিচিৰ সাধাৰণ সম্পাদক (১৯৯৮–১৯৯৯)
  • কেন্দ্ৰীয় নিৰ্বাচন সমন্বয় সমিতিৰ অধ্যক্ষ (১৯৯৯–২০১২)
  • লোকসভাৰ নেতা (২০০৪–২০১২)
  • কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪–২০০৬)
  • কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (২০০৬–২০০৯)
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী (২০০৯–২০১২)
  • ভাৰতৰ ৰাষ্ট্ৰপতি (২৫ জুলাই ২০১২ – ২৫ জুলাই ২০১৭)

জুলাই, ২০১২ চনত পূৰ্ণ এ চাংমাক প্ৰায় ৭০% ইলেক্টৰেল কলেজৰ ভোটেৰে পৰাস্ত কৰি প্ৰণব মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০৮ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত প্ৰণৱ মুখাৰ্জীৰ মৃত্যু হয়।[6]

অধিক পঢ়ক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
প্ৰণব মুখাৰ্জী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?