For faster navigation, this Iframe is preloading the Wikiwand page for হৃদযন্ত্ৰ.

হৃদযন্ত্ৰ

Real-time MRI of the human heart

হৃদযন্ত্ৰ (ইংৰাজী: Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীজীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। নিম্নখাপৰ মেৰুদণ্ডী প্ৰাণীৰ পৰা ক্ৰমে উচ্চখাপৰ প্ৰাণীলৈ ইয়াৰ জটিলতা বৃদ্ধি পায়।

বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ

[সম্পাদনা কৰক]
The human heart

স্তন্যপায়ী প্ৰাণী(মানুহ)ৰ হৃদযন্ত্ৰ

[সম্পাদনা কৰক]
  • অৱস্থান : স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মাজত মধ্যচ্ছদাৰ ঠিক ওপৰৰ ফালে মধ্য অক্ষৰ পৰা ৯ চে.মি. বাওঁফালে অৱস্থিত। হৃদযন্ত্ৰটোৰ প্ৰশস্ত প্ৰান্ত (base) ওপৰৰ পিনে আৰু জোঙা শীৰ্ষপ্ৰান্ত (apex) তলৰ ফালে আৰু ই পঞ্চম আৰু ষষ্ঠ কামিহাড়ৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকে।
  • হৃদয়াৱৰণ : হৃদযন্ত্ৰটো এখন দ্বি-স্তৰীত আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে,ইয়াক হৃদয়াৱৰণ বোলে। হৃদয়াৱৰণৰ বাহ্যিক আৱৰণখনক অংগীয় স্তৰ (visceal layer) আৰু অন্ত: আৱৰণক গহ্বৰাৱৰণী স্তৰ (parietal layer) হৃদয়াৱৰণ বোলে। এই আৱৰণ দুখনৰ মধ্যৱৰ্তী স্থানক হৃদয়াৱৰণ গহ্বৰ (pericardial cavity) বোলে এই গহ্বৰত থকা পনীয়া ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে তথা সংকোচনৰ আৰু প্ৰসাৰণৰ সময়ত হ'ব পৰা ঘৰ্ষণৰ পৰা ৰক্ষা কৰে।
  • আকাৰ,আয়তন আৰু ওজন : হৃদপিণ্ডৰ আকাৰ ত্ৰিভুজাকৃতিৰ,আঁহত পাত এখিলাৰ দৰে। ইয়াৰ দৈঘ্য ১২-১৩ চে.মি. আৰু প্ৰস্থ ৯-১০ চে.মি.। প্ৰাপ্তবয়স্ক পুৰুষৰ হৃদপিণ্ডৰ ওজন ২৮০-৩৪০ গ্ৰাম আৰু মহিলাৰ ২৩০-২৮০ গ্ৰাম। মানুহৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত।[1]


মৎস্যবোৰৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। ইয়াৰে এটা অলিন্দ (auricle) আৰু আনটো নিলয় (ventricle)। মৎস্যৰ হৃদযন্ত্ৰই কেৱলমাত্ৰ অশুদ্ধ তেজ বহন কৰে। দেহৰ বিভিন্ন অংশৰপৰা অহা তেজ প্ৰথমতে পাতল বেৰযুক্ত ছাইনাছ ভেন'ছাছ বা শিৰাকোটৰ (sinus venosus) নামৰ কোঠালিত জমা হয় আৰু তাৰ পৰা ছাইনু অলিন্দ ৰন্ধ্ৰ (sinu auricular aperture) ৰ দ্বাৰা অলিন্দলৈ আহে। অলিন্দৰ সংকোচনৰ ফলত তেজ নিলয় লৈ আহে আৰু ইয়াৰ পৰা এই অশুদ্ধ তেজখিনি অন্তৰ্বাহী ধমনীৰ জৰিয়তে ফুল বা জলক্লোমলৈ আহে। এনে ধৰণৰ হৃদযন্ত্ৰক ব্ৰেংকিয়েল হৃদযন্ত্ৰ (branchail heart) বোলে।

উভচৰৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। ইয়াৰে দুটা অলিন্দ আৰু এটা নিলয়। অলিন্দ দুটা আন্তঃঅলিন্দ পৰ্দা (inter auricular septum) ৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক হৈ থাকে। সোঁ অলিন্দই ছাইনাছ ভেন'ছাছৰ যোগেদি দূষিত তেজ আৰু বাঁও অলিন্দই ক্লোম শিৰা (pulmonary vein) ৰ যোগেদি শুদ্ধ তেজ গ্ৰহণ কৰে। অলিন্দ দুটা অলিন্দ-নিলয় ৰন্ধ্ৰৰ দ্বাৰা নিলয়ৰ লগত সংযুক্ত। উভচৰৰ হৃদযন্ত্ৰত মিশ্ৰিত তেজ থাকে। নিলয়ৰ পৰা ধমনীকাণ্ড (trunchus arteriosus) ৰ জৰিয়তে তেজ ধমনীৰে শৰীৰৰ বিভিন্ন প্ৰান্তলৈকে প্ৰৱাহিত হয়।

সৰীসৃপৰ হৃদযন্ত্ৰ অসম্পূৰ্ণভাৱে চাৰিটা কোঠালিত বিভক্ত। ইয়াৰ দুটা অলিন্দ আৰু সম্পূৰ্ণকৈ বিভাজিত নোহোৱা এটা নিলয় থাকে (কাছ আৰু ঘঁৰিয়ালৰ ক্ষেত্ৰত হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত-দুটা অলিন্দ আৰু দুটা নিলয়)।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম। পৃষ্ঠা ৫৬২

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
হৃদযন্ত্ৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?