For faster navigation, this Iframe is preloading the Wikiwand page for নামেৰি ৰাষ্ট্ৰীয় উদ্যান.

নামেৰি ৰাষ্ট্ৰীয় উদ্যান

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল
Nameri National Park & Tiger Reserve
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান)
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল Nameri National Park & Tiger Reserveৰ অৱস্থিতি
অৱস্থান শোণিতপুৰ অসম ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 27°0′36″N 92°47′24″E / 27.01°N 92.79°E / 27.01; 92.79স্থানাংক: 27°0′36″N 92°47′24″E / 27.01°N 92.79°E / 27.01; 92.79
মাটিকালি 200 বৰ্গ কি.মি. (20,00,00,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা 1978
কৰ্তৃপক্ষ Ministry of Environment and Forests, ভাৰত চৰকাৰ
নামেৰীৰ কুৰুৱা বিলৰ দেওহাঁহ অন্যতম কেন্দ্ৰবিন্দু

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমশোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি, অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল।

ইতিহাস

  • ১৭-১০-১৯৭৮ : নামেৰিক সংৰক্ষিত বনাঞ্চল (Reserved Forest) ঘোষণা
  • ১৮-০৯-১৯৮৫ : অভয়াৰণ্য (Sanctuary) ৰূপে স্বীকৃতি প্ৰদান (১৩৭ বৰ্গ কি:মি:)
  • ২৭-০২-১৯৯৭ : নামেৰি(২১২ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ প্ৰাৰম্ভিক অনুজ্ঞা প্ৰদান
  • ০৯-০৯-১৯৯৮ : নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান[1]
  • ০১-০৩-২০০০ : নামেৰি (৩৪৪ বৰ্গ কিলোমিটাৰ)ক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা। (Core area: ২০০ বৰ্গকিলোমিটাৰ, Buffer area: ১৪৪ বৰ্গকিলোমিটাৰ)
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষীকুলৰ নাম আৰু চিত্ৰ বৰ্ণিত এখন ফলক

নামৰ উৎস (etymology)

উদ্যানখনক ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত ন - দুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে ১৩৭ বৰ্গ কিলোমিটাৰ এলেকাৰ সৈতে ইয়াক নামেৰী অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। তেতিয়ালৈকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন লগিংৰ বাবে যথেষ্ট ব্যৱহাৰ কৰা হৈছিল। ১৯৯৮ চনৰ ১৫ নৱেম্বৰত যেতিয়া ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আৰু ৭৫ কিলোমিটাৰ যোগ কৰা হৈছিল।

অসমৰ জীয়া-ভৰলী নদী ব্ৰিটিছৰ সময়ৰ পৰাই সোণালী মাহচীৰ এংলিঙৰ বাবে বিখ্যাত আছিল। ২০১১ চনৰ পৰা এই টাইগাৰ ৰিজাৰ্ভত এংলিং আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হৈছিল।

ভৌগোলিক অৱস্থান

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূবে অৰুণাচল প্ৰদেশৰ পাকে সংৰক্ষিত বনাঞ্চল (Pakhui Wildlife Sanctuary) তথা পাকে ব্যাঘ্ৰ প্ৰকল্প (Pakke Tiger Reserve)। এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী জীয়াভৰলী বৈ গৈছে। তদুপৰি জীয়াভৰলীৰ উপনৈ দিজি (Diji), দিনাই (Dinai),দইগুৰুং (Doigurung), নামেৰি (Nameri), দিকৰাই (Dikorai) ইত্যাদিও এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি বৈ গৈছে। তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ৩৪ কিঃমিঃ। তেজপুৰ চহৰ, গুৱাহাটী, যোৰহাট তথা নগাঁৱৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্বয়ে ৪০, ২২০, ২১৫ আৰু ১১০ কিলোমিটাৰ।

জলবায়ু

এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে


বনাঞ্চলৰ প্ৰকাৰ

নামেৰীৰ বনাঞ্চল মূলত: ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল। তদুপৰি উদ্যানখনৰ প্ৰায় ১% ঘাঁহনিৰে পৰিপূৰ্ণ।[2] অন্যান্য বনাঞ্চলৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হৈছে-

  • Assam Valley Tropical Evergreen Forests – IR/C 2b Mesua Sub type.
  • Assam Alluvial Plains semi Evergreen Forests- 2B/C I. A.
  • Sub Himalayan light Alluvial Semi- Evergreen Forests 2B/I.S.IMekahi Sub Type.
  • Eastern Alluvial Secondary Semi Evergreen Forests- 2B/2.S.
  • Cane Brakes- 2B/E.I.
  • Wet Bamboo Brakes 2B/K.2.
  • Northern Secondary Moist Mixed, Deciduous Forests – 3C/ 2.S.I.
  • Low Alluvial savanna Wood Land- 3/ I.S.I.
  • Eastern Hollock Forests –3/I.S.2b.

4.D/SSI

  • Eastern Seasonal Swamp Forests.
  • Eastern Dillenia Swamp Forests- 4D / SS Dillenia Altingia Association.
  • Eastern wet Alluvial Grass land- 4.D / 2.5.2

প্ৰাণীকুল

নামেৰীৰ প্ৰাণস্বৰূপ জীয়া- ভৰলী নৈ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ White- Dragontail পখিলা
অসমৰ জাতীয় পক্ষী দেওহাঁহ: নামেৰীৰ পৰ্যটকৰ মূল আকৰ্ষণ

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ইয়াত দেখা পোৱা বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীসমূহ তলত উল্লেখ কৰা হৈছে-

  1. ঢেঁকীয়াপতীয়া বাঘ (tiger)
  2. নাহৰফুটুকী বাঘ (Leopard)
  3. শৰপহু (Sambar)
  4. ৰাংকুকুৰ (Asatic wild dog)
  5. নল গাহৰি(Pygmy Hog)
  6. সুগৰী পহু (ইংৰাজী: Indian Muntjac or Barking Deer)
  7. মেথোন (Gaur)
  8. বনৰীয়া গাহৰি (Wild Boar)
  9. ভালুক (Sloth Bear)
  10. ক'লা ভালুক (?) (Himalayan Black Bear)
  11. টুপীমূৰীয়া বান্দৰ (Capped Langur)
  12. কেৰ্কেটুৱা Indian Giant Squirrel)
  1. গোধাফুটুকী বাঘ (Clouded Leopard)
  2. হেপা (Indian jungle cat)
  3. হাতী (Elephant)
  4. কৃশাঙ্গী বান্দৰ (Gray Slender Loris)
  5. গাহৰি-নেজীয়া বান্দৰ (Pig-tailed macaque)
  6. দল-হৰিণা (Barasingha or Swamp deer)
  7. বন-ৰৌ(Pangolin)
  8. মলুৱা বান্দৰ ( Rhesus Macaque)
  9. লাজুকী বান্দৰ (Bengal slow loris)
  10. শিয়াল (Golden Jackal)
  11. খটীয়া পহু (Hog Deer))
  12. সেন্দূৰী বান্দৰ (Stump-tailed Macaque)

তদুপৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি দেখিবলৈ পোৱা যায়।[3]

উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ বন সংমণ্ডল বিষয়া শ্ৰীযুত পঙ্কজ শৰ্মা আৰু চৰাই পৰ্যবেক্ষক শ্ৰীযুত মান বৰুৱাই ২০০৫ চনতে নামেৰীত ৩৭৪টা প্ৰজাতিৰ চৰাই বিজ্ঞানসন্মতভাৱে গণনা কৰি থৈ গৈছে[4]। উল্লেখ্য যে শ্ৰীযুত পঙ্কজ শৰ্মা অসম বন সেৱাৰ ১৯৮৪ চনৰ বিষয়া লগতে অসমৰ এজন বিশিষ্ট পক্ষীবিদ।

ইয়াৰে উল্লেখযোগ্য চৰাইৰ প্ৰজাতিসমূহ হ'ল-

  1. গংগা চিলনী (River Tern)
  2. বৰ হাইঠা (Thick-blled Green Pigeon)
  3. শেত কপৌ (Eurasian Collared Dove)
  4. হাৰুৱা কপৌ (Red Collared Dove)
  5. কৈলাঙী (Indian Cormorant)
  6. মণিয়ৰী (Darter)
  7. বৰবগ (Great Egret)
  8. মাজু বগ (Intermediate Egret)
  9. কণুৱা (Woolly-necked Stork)
  10. বৰ শৰালি (Fulvous Whistling Duck)
  11. শেন চৰাই (Pied Falconet)
  12. ফেঁচা (Owl)
  13. কণুৱা (Woolly-necked Stork)
  14. কেতেকী(Indian Cuckoo)
  15. লক্ষ্মী ফেঁচা (Barn Owl)
  16. শামুকভঙা (Asian Openbill Stork)
  1. ঘৰ বতাহী (House Swift)
  2. মাছৰোকা (Kingfisher)
  3. মৌখাতী (Green Bee-eater)
  4. নীলা পাখি খোৱা (Blue Bearded Bee-eater)
  5. গোবৰ খোচৰা (Hoopoe)
  6. ধনেশ (Hornbill)
  7. বাঢ়ৈটোকা (Woodpecker)
  8. ভৰত পক্ষী (Lark)
  9. কেশৰাজ (Spangled Drongo)
  10. কাঠশালিকা (Chestnut-tailed Starling)
  11. ৰূপহী (Rosy Minivet)
  12. ৰাজকোঁৱৰ (Black-Taped Monarch)
  13. কণুৱা (Woolly-necked Stork)
  14. মণিয়ৰি (Darter)
  15. তেলীয়া সাৰেং (Black-necked Stork)
  16. ডাউক (White-breasted Waterhen)
  1. ঢাপলিকা (Babbler)
  2. নল খাগৰি ভাটৌ (Black Breasted Parrotbill)
  3. দলমৰা Pheasant-Tailed Jacana
  4. ইটা গুড়িয়া নাচনী (Ferruginous Flycatcher)
  5. নাচনী চৰাই (White Throated Fantail)
  6. টিক টিক চৰাই (Bright Headed Cisticola)
  7. ধোঁৱাবৰণীয়া নলচুপি (Ashy Prinia)
  8. ৰূপহী চমকা (Jerdon's Bushchat)
  9. ফুলটোকা (Scarlet Backed Flowerpecker)
  10. বনচিৰিকা (Eurasian Tree Sparrow)
  11. ভাটৌ (Parrot)
  12. দেওঁহাঁহ (White-winged Wood Duck)
  13. চাকৈ-চকোৱা (Ruddy shelduck)
  14. হয়কলি (Swamp Francolin)
  15. কণামুছৰি (Indian Pond Heron)

তদুপৰি এই ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ সৰীসৃপ যেনে, ৰজা ফেঁটী, ফেঁটী সাপ, Pit Viper, Russels Viper, গোৱালা সাপ, অজগৰ, মছোৱা গোম, Assam Roof Turtle, Malayan Box Turtle, Keeled Box turtle, Asian Leaf Turtle, Narrow Headed soft Shelled Turtle, Indian soft Shelled Turtle আদি প্ৰাণীও দেখিবলৈ পোৱা যায়।

উদ্ভিদকুল

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এবিধ অৰ্কিড

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়। ইয়াৰে উল্লেখযোগ্য প্ৰজাতিসমূহ হ'ল- গমাৰী, তিতাচপা, আমাৰি, বগীপমা, লালীপমা, আজাৰ, উৰিয়াম, ভেলৌ, ভেলকৰ, ৰুদ্ৰাক্ষ, বনজলকীয়া, হাতীপয়লা, খকন, নাহৰ, এপিঠিয়া, পানী ভেৰ, বান্দৰডিমা Terminalia myriocarpa আদি। তদুপৰি ইয়াত বিভিন্ন ৰং-বিৰঙী অৰ্কিড যেনে Dendrobium, Cymbidium, Cypripedium reginae আদি পোৱা যায়।[5]

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য

প্ৰশাসন

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ক'ৰ এলেকাৰ প্ৰশাসন অসম বন আৰু পৰিৱেশ বিভাগৰ 'পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ ওপৰত' ন্যস্ত। এই বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াজনেই হ'ল নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক। ইয়াৰ দুটা ক'ৰ এলেকা ক্ৰমে নামেৰী ৰাষ্ট্ৰীয় উদ্যান (২০০ বৰ্গ কি: মি:) আৰু ছেটেলাইট ক'ৰ সোণাই- ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য (১২০ বৰ্গ কি:মি:) নামেৰী ৱাইল্ডলাইফ ৰেঞ্জ আৰু কালামাটি বন্যপ্ৰাণী ৰেঞ্জৰ নিয়ন্ত্ৰণাধীন। নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ দুটাকৈ বাফাৰ এলেকা ক্ৰমে বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ ৬৪ বৰ্গ কি:মি:আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৮০ বৰ্গ কি:মি: ৰ প্ৰশাসন ন্যস্ত আছে ক্ৰমে পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনত।

সংৰক্ষণ ব্যৱস্থা

নামেৰীৰ জীৱকূলৰ সুৰক্ষাৰ কাৰণে অৰণ্যখনৰ বিস্তৃত এলেকা জুৰি কেইবাটাও বন- শিবিৰ আছে। সেই বন শিবিৰ সমূহৰ বনকৰ্মী সকলে দিনটোৰ চৌবিছ ঘণ্টাই পহৰাদাৰী বা টহলদাৰী কৰি অৰণ্যখনৰ চোৰাংচিকাৰী আৰু দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আহিছে।

পৰ্যটকৰ বাবে কৰ্ম

পৰ্যটকসকলে namerinptr.in ৰ জৰিয়তে আগতীয়াকৈ বা পোটাশালীস্থিত নামেৰী ৰেঞ্জ অফিচলৈ আহি কাউণ্টাৰ টিকট বুকিং কৰিব পাৰে।

ৰাফটিং
নামেৰীৰ জীয়া ভৰলী নদীত পৰ্যটকসকলে ৰাফটিং কৰা এক দৃশ্য

ৰাফটিং নামেৰিৰ অন্য এক আকৰ্ষণ। জীয়াভৰলীৰ দক্ষিণ-পূব অংশত উত্তাল ঢৌ ফালি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ অভিজ্ঞতাৰ বাবেও পৰ্য্যটকৰ দল গোট খায়। এই ৰাফটিং প্ৰায় ১৩ কি:মি পৰ্যন্ত কৰিব পৰা যায়।

ট্ৰেকিং তথা চৰাই নিৰীক্ষণ

এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেকিং কৰাৰ অভিজ্ঞতাও উল্লেখযোগ্য আকৰ্ষণ। দেশী- বিদেশী বহু পৰ্যটক নামেৰীলৈ চৰাই চাবলৈ আহে। ইয়াত ৩৭৪ বিধ চৰাই পোৱা যায়।[6]

এংলিঙ

জীয়াভৰলী তথা ইয়াৰ উপনৈ সমূহেৰে পূৰ্ণ বাবে এই ৰাষ্ট্ৰীয় উদ্যানত এংলিঙ এসময়ত খু্বেই জনপ্ৰিয় আছিল। ইয়াত পোৱা Golden Masheer (জোঙা পিঠিয়া) নামৰ ৩-৯ ফুট দৈৰ্ঘ্যৰ মাছৰ প্ৰজাতিয়েও এংলিঙৰ বাবে বহুতো পৰ্য্যটকক আকৰ্ষিত কৰিছিল। ২০১১ চনৰ পৰা ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

সমস্যা

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল সমস্যা হৈছে দাঁতিকাষৰিয়া অঞ্চলৰ বেদখলকাৰী তথা কিছুমান গাঁৱৰ মানুহে অৰণ্যৰ ভিতৰচৰাত অবৈধভাৱে চোৰাং চিকাৰৰ লক্ষ্যৰে প্ৰৱেশ কৰি জীৱ- জন্তুসমূহৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰে। তদুপৰি এই অঞ্চলৰ বাফাৰ এলেকাত কিছুমান দুষ্কৃতিকাৰীয়ে শিল- বালি আদি অবৈধভাৱে সংগ্ৰহ কৰি বন্যজীৱ কূলৰ বাসভূমিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত এই অৰণ্যখন সুৰক্ষা দিয়াত চৰকাৰে অসমৰ আন আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে নামেৰীকো উন্নত সা- সুবিধা প্ৰদান কৰি এনেধৰণৰ কাৰ্য- কলাপ প্ৰতিহত কৰিবলৈ ব্যৱস্থা ল'ব পাৰে। লগতে বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত জন্তু আৰু মানুহৰ সংঘাত, বেদখল আদি এই ৰাষ্ট্ৰীয় উদ্যানৰ আন কিছুমান সমস্যা। [7]

ভ্ৰমণৰ উপযুক্ত সময়ঃ

বছৰটোৰ অক্টোবৰ মাহৰপৰা এপ্ৰিল মাহলৈকে উদ্যান খনৰ ভ্ৰমণৰ উপযুক্ত সময়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে যোগাযোগৰ ঠিকনা—

i. Divisional Forest Officer, Western Assam Division, Dolabari, Tezpur .

ii. Tourist Information Officer, Tezpur

iii. Range Forest Officer, Nameri Wildlife Rangae, Potasali

তথ্য-সংগ্ৰহ

বাহ্যিক সংযোগ

{{bottomLinkPreText}} {{bottomLinkText}}
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?