For faster navigation, this Iframe is preloading the Wikiwand page for শৰপহু.

শৰপহু

শৰপহু
সংৰক্ষণ স্থিতি

অসুৰক্ষিত  (IUCN 3.1)[1]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
উপবৰ্গ: Ruminantia
পৰিয়াল: Cervidae
উপপৰিয়াল: Cervinae
গণ: Rusa
প্ৰজাতি: R. unicolor
বৈজ্ঞানিক নাম
Rusa unicolor
(Kerr, 1792)
সমাৰ্থক
  • Cervus unicolor

শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি। ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে। পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি। শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায়[1]

ক্ৰমবিৱৰ্তন

[সম্পাদনা কৰক]
কৰ্ণাটকৰ বিলিগিৰিৰংগা পাহাৰ (Biligiriranga Hills) ত শৰপহু

প্লিষ্টচিন যুগৰ শৰপহুৰ জীৱাশ্ম উদ্ধাৰে এই জীৱ বিধ দক্ষিণ এছিয়াত প্ৰথম উৎপত্তি হৈছিল বুলি প্ৰমাণ কৰিছে। তাৰ পিছত ক্ৰমান্বয়ে ই হয়তো অন্যান্য বসতিস্থল সমূহলৈ বিস্তাৰিত হ’ল[2]

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

বৰ্তমানলৈকে শৰপহুৰ সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[2][3] -

উপ-প্ৰজাতি সাধাৰণ নাম বিতৰণ
R. u. boninensis বনিন শৰপহু (Bonin Sambar Deer) বনিন দ্বীপ (লুপ্তপ্ৰায়)
R. u. brookei বৰ্ণিয়’
R. u. cambojensis ইণ্ডোনেছিয়া আৰু মালয়েছিয়া
R. u. dejeani দক্ষিণ চীনৰ শৰপহু দক্ষিণ তথা দক্ষিণ-পশ্চিম চীন
R. u. equina মালয়ান শৰপহু (Malayan Sambar Deer) সুমাত্ৰা
R. u. hainana হায়নান শৰপহু (Hainan Sambar Deer) হায়নান দ্বীপ, চীন
R. u. swinhoii ফৰমছান শৰপহু (Formosan Sambar Deer) টাইৱান
R. u. unicolor শ্ৰীলংকাৰ শৰপহু ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা

শৰপহুৰ দৈহিক গঠন ঠাই বিশেষে ভিন্ন হোৱা দেখা যায়। সাধাৰণতে ইয়াৰ কান্ধলৈকে উচ্চতা প্ৰায় ১০২-১৬০ ছে: মি: আৰু ওজন প্ৰায় ২২৫-৩২০ কি: গ্ৰা:[4]। পশ্চিমৰ উপ-প্ৰজাতি সমূহৰ দেহৰ আকাৰ পূব দিশত বিস্তৃত জন্তুতকৈ ডাঙৰ হোৱা দেখা যায়[2]

দেহৰ বৰণ হালধীয়া-মটীয়া বা ডাঠ মটীয়া হয়। শৰপহুৰ সৰু কিন্তু ঘন কেশৰো থাকে। তুলনামূলক ভাৱে দীঘল, ক’লা নেজ এডাল থাকে। [2] মতা শৰপহুৰ মূৰত শিং (antler) থাকে।

চৰি থকা শৰপহু

শৰপহু প্ৰধানত: ভাৰতবৰ্ষ, বাৰ্মা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন আৰু সুমাত্ৰা তথা বৰ্ণিয়’ ত পোৱা যায়[1]

শৰপহুয়ে পৰ্ণপাতী অৰণ্যৰ ডাঠ জোপোহা তথা ঘাঁহনিত থাকি ভাল পায়[5]। এই প্ৰাণীবিধে ঘাঁহ, পাত, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে[5]

শৰপহু সাধাৰণতে নিশাচৰ। মতা প্ৰাণীবোৰে জীৱনৰ সৰহভাগ সময় অকলশৰেই কটায়। মাইকী শৰপহু সৰু সৰু দলত বাস কৰে। পানীৰ উৎসৰ কাষত থাকে। শৰপহু সাঁতোৰাত পাকৈত বুলি জনা যায়[2]। আনবোৰ পহুৰ দৰেই শৰপহু স্বভাৱত শান্ত প্ৰাণী।

ই সমগ্ৰ বছৰ ধৰি প্ৰজনন কৰে। মাইকী প্ৰাণীয়ে আঠ মাহলৈকে গৰ্ভধাৰণ কৰে। সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম হয়। পোৱালিয়ে জন্মৰ ৫-১৪ দিনৰ ভিতৰত কঠিন আহাৰ খাবলৈ আৰম্ভ কৰে[6]

সাধাৰণতে আয়ুস প্ৰায় ১২ বছৰমান হয়[2]

চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Timmins, R.J., Steinmetz, R., Sagar Baral, H., Samba Kumar, N., Duckworth, J.W., Anwarul Islam, Md., Giman, B., Hedges, S., Lynam, A.J., Fellowes, J., Chan, B.P.L. & Evans. (2008). Rusa unicolor. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 12 December 2010.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Leslie, D.M. (2011). "Rusa unicolor (Artiodactyla: Cervidae)". Mammalian Species খণ্ড 43 (1): 1–30. doi:10.1644/871.1. http://www.asmjournals.org/doi/full/10.1644/871.1. [সংযোগবিহীন উৎস]
  3. Wilson, D.E., Reeder, D.M. (eds.) (2005) Mammal Species of the World. A Taxonomic and Geographic Reference (3rd ed), Johns Hopkins University Press online
  4. Boitani, Luigi, Simon & Schuster's Guide to Mammals. Simon & Schuster/Touchstone Books (1984), ISBN 978-0-671-42805-1
  5. 5.0 5.1 Deer of the world: their evolution, behaviour, and ecology. Valerius Geist. Stackpole Books. 1998. Pg. 73-77.
  6. Semiadi, G. et al. (1993). "Growth, milk intake, and behaviour of artificially reared sambar deer (Cervus unicolor) and red deer (Cervus elaphus)". Journal of Agricultural Science খণ্ড 121 (2): 273–281. doi:10.1017/S0021859600077157. http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=4819680&fulltextType=RA&fileId=S0021859600077157. 

বহি:সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
শৰপহু
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?