For faster navigation, this Iframe is preloading the Wikiwand page for ইণ্ডিয়ান ছুপাৰ লীগ.

ইণ্ডিয়ান ছুপাৰ লীগ

ইণ্ডিয়ান ছুপাৰ লীগ
দেশ ভাৰত ভাৰত
কনফেডাৰেচন AFC
উদ্ধোধন ২১ অক্টোবৰ, ২০১৩[1]
দলৰ সংখ্যা ১১
Relegation to নাই
Domestic cup(s) ছুপাৰ কাপ, ডুৰাণ্ড কাপ
International cup(s) এ এফ চি কাপ, এ এফ চি চেম্পিয়নছ লীগ
বৰ্তমানৰ চেম্পিয়ন হায়দৰাবাদ এফ চি
সৰ্বাধিক সফল এ টি কে (৩টা খিতাপ)
টিভি সহযোগী ষ্টাৰ স্পোৰ্টছ
ৱেবছাইট www.indiansuperleague.com
2017-18 ISL season

ইণ্ডিয়ান ছুপাৰ লীগ (ইংৰাজী: Indian Super League) হৈছে ভাৰতবৰ্ষৰ এখন সৰ্বোচ্চ পেছাদাৰী ফুটবল লীগ। স্পনচ'ৰশ্বিপ সম্বন্ধীয় কাৰণৰ বাবে ইয়াক Hero Indian Super League হিচাপেও জনা যায়। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন(All India Football Federation) আৰু ফুটবল স্প'ৰ্টছ্ ডেভেলপমেণ্ট লিমিটেড (Football Sports Development Limited)ৰ দ্বাৰা আয়োজিত ভাৰতবৰ্ষৰ এই উচ্চখাপৰ লীগত সমগ্ৰ ভাৰতবৰ্ষৰ ১১ টা ফ্ৰেন্সাইজ(franchise) দলে ভাগ লয়।[2] এই লীগখন অক্টোবৰৰ পৰা ডিচেম্বৰলৈ চলে। [3]ইণ্ডিয়ান ছুপাৰ লীগ গঠনৰ পূৰ্বে আই-লীগ (I-League) ভাৰতৰ সৰ্বোচ্চ লীগ হিচাপে বিবেচিত আছিল, যি বৰ্তমান ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পেছাদাৰী লীগ।

ফুটবলৰ জনপ্ৰিয়তা বৃদ্ধি আৰু ভাৰতীয় ফুটবলৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যৰে এই লীগখন ২০১৩ চনত গঠন কৰা হয়।[1] টুৱেণ্টি২০ ক্ৰিকেটৰ জনপ্ৰিয় লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(Indian Premier League), আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেজৰ লীগ চ'কাৰ আৰু অষ্ট্ৰেলিয়াৰ এ-লীগৰ আৰ্হিত পৰিচালিত[4] ইণ্ডিয়ান ছুপাৰ লীগে বিশ্বৰ সৰহ সংখ্যক পেছাদাৰী ফুটবল লীগে ব্যৱহাৰ কৰা promotion and relegation ব্যৱস্থা ব্যৱহাৰ নকৰি franchise ব্যৱস্থা গ্ৰহণ কৰিছে।[4]

প্ৰথম ইণ্ডিয়ান ছুপাৰ লীগৰ উদ্বোধনী অনুষ্ঠান

২০১০ চনৰ ৯ ডিচেম্বৰ তাৰিখে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে(All India Football Federation) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (Reliance Industries) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ International Management Groupৰ সৈতে এখন ৭০০ কৌটি টকীয়া ১৫ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে।[5] এই চুক্তি খনে IMG-Reliance ক স্পনচ'ৰশ্বিপ, বিজ্ঞাপন, সম্প্ৰচাৰ, ব্যৱসায়, ভিডিঅ', ফ্ৰেন্সাইজিং( franchising) আৰু নতুন ফুটবল লীগ গঠনৰ স্ম্পূৰ্ণ অধিকাৰ দিয়ে। [5] ২০১০ চনৰ অক্টোবৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে Zee Sportsৰ সৈতে কৰা ১০ বছৰীয়া চুক্তি ৫ বছৰ আগতে ভংগ কৰাৰ ঠিক পিছতে এই চুক্তিখন কৰা হয়।[6]

আই-লীগৰ ক্লাব সমূহৰ স্বত্বাধিকাৰীসকল আৰু ফেডাৰেচনৰ মাজত যোগাযোগৰ অভাৱত সংঘাত হোৱাত আই পি এল ৰ আৰ্হিৰ ফুটবল লীগ এখন আয়োজনৰ বিষয়ে প্ৰথম গুজৱ ওলায়। গুজৱটো এইবুলি ওলাইছিল যে IMG-Reliance এ আই-লীগক আই পি এল আৰু যুক্তৰাষ্ট্ৰৰ Major League Soccer ৰ আৰ্হিত পুনৰ্গঠনৰ পৰিকল্পনা কৰি আছে।[7]

২০১১ চনৰ ২৫ এপ্ৰিলত আই পি এল ৰ আৰম্ভণিৰ সমসাময়িক ভাৱে পশ্চিম বংগৰ ইণ্ডিয়ান ফুটবল এচ'চিয়েচনে(Indian Football Association) বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰ(Bengal Premier League Soccer)ৰ উদ্বোধন কৰে আৰু প্ৰথম চিজনৰ ২০১২ খেলা হ'ব বুলি নিৰ্ধাৰণ কৰে।[8] এই লীগৰ গোটেই ৬টা ফ্ৰেন্সাইজ দল পশ্চিম বংগৰে হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ২০১২ চনৰ ফেব্ৰুৱাৰীত ইয়াক অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয় আৰু শেষত ২০১৩ চনত বিত্তীয় দুৰ্বলতাৰ বাবে ইয়াক বাতিল কৰা হয়।[9]

বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰৰ বিফলতাৰ স্বত্বেও সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে IMG-Relianceৰ আই পি এল আৰ্হিৰে ২০১৪ চনত ফুটবল লীগ আয়োজনৰ প্ৰস্তাৱটো অনুমোদন জনায়।[10] কিন্তু আই লীগৰ ক্লাবসমূহে এই অনুমোদনক সম্পূৰ্ণৰূপে বিৰোধ কৰিবলৈ ধৰিলে।[11] ক্লাবৰ স্বত্বাধিকাৰীসকলে Indian Professional Football Clubs Association বুলি সংগঠন এটি গঠন কৰি ক্লাব সমূহৰ খেলুৱৈসকলক IMG-Reliance লীগত খেলোৱাৰ তীব্ৰ বিৰোধিতা কৰে।[11] কিন্তু আগষ্ট ২০১৩ ত IMG-Relianceএ প্ৰয়োজনীয় সংখ্যক ভাৰতীয় খেলুৱৈৰ লগত ইতিমধ্যে চুক্তি কৰা বুলি ঘোষণা কৰে।[12]

অৱশেষত ২০১৩ চনৰ ২১ অক্টোবৰত IMG-Reliance, STAR Sports আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আনুষ্ঠানিক ভাৱে ইণ্ডিয়ান ছুপাৰ লীগ উন্মোচন কৰে।[1] লগতে লীগখন ২০১৪ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ চলিব বুলি ঘোষণা কৰা হৈছিল।[13]কিন্তু ২৯ অক্টোবৰ ২০১৩ ত লীগখন ছেপ্তেম্বৰ ২০১৪ লৈ বিলম্বিত কৰা হয়।[13]

২০১৭-১৮ পৰা দুই নতুন দল, জামছেদপুৰ এফ চি আৰু আই-লীগৰ দল বেংগালুৰু এফ চি আই এছ এলৰ অন্তৰ্ভুক্ত হয়। ২০১৯ চনত এফ চি পুণে চিটি দলক বিলুপ্ত কৰা হয় আৰু এই দলৰ সলনি হায়দৰাবাদ এফ চি নামৰ নতুন দল গঠন হয়। আনহাতে ২০১৯ চনৰ ৩১ আগষ্টত দিল্লী ডাইনাম'জ এফ চি দলৰ গৰাকীয়ে নিজৰ ভেটি দিল্লীৰ পৰা ওড়িশাৰ ভূৱনেশ্বৰলৈ স্থানান্তৰিত কৰে আৰু দলৰ নাম ওড়িশা এফ চি লৈ সলনি কৰে।[14]

Locations of the ISL Teams
এ টি কে মোহন বাগান এফ চি
চেন্নাইয়িন এফ চি
এফ চি গোৱা
হায়দৰাবাদ
ওড়িশা
কেৰালা ব্লাষ্টাৰ্ছ
বেংগালুৰু
জামছেদপুৰ
আই. এছ. এল. দলসমূহৰ অৱস্থিতি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "RELIANCE, IMG WORLDWIDE AND STAR INDIA, LAUNCH `INDIAN SUPER LEAGUE' FOR FOOTBALL". IMG. Archived from the original on 13 March 2016. https://web.archive.org/web/20160313201118/http://img.com/news/news/2013/october/reliance,-img-worldwide-and-star-india,-launch-%60in.aspx। আহৰণ কৰা হৈছে: 21 July 2014. 
  2. Katakey, Rakteem. "Tendulkar Buys Team as Cricket-Mad India Tests Soccer League". Bloomberg. http://www.bloomberg.com/news/2014-04-14/tendulkar-buys-soccer-team-as-cricket-mad-india-tests-new-league.html। আহৰণ কৰা হৈছে: 21 July 2014. 
  3. Mergulhao, Marcus. "ISL postponed again, by 3 weeks". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/ISL-postponed-again-by-3-weeks/articleshow/39144547.cms। আহৰণ কৰা হৈছে: 28 July 2014. 
  4. 4.0 4.1 Bali, Rahul. "IMG-Reliance keen to start an eight team franchisee competition, I-League likely to follow the MLS". Goal.com. http://www.goal.com/en-india/news/136/india/2012/07/19/3250992/img-reliance-keen-to-start-an-eight-team-franchisee। আহৰণ কৰা হৈছে: 20 October 2013. 
  5. 5.0 5.1 "AIFF signs 700-crore deal with IMG-RIL". Times of India. http://timesofindia.indiatimes.com/sports/football/top-stories/AIFF-signs-700-crore-deal-with-IMG-RIL/articleshow/7072492.cms?referral=PM। আহৰণ কৰা হৈছে: 14 July 2014. 
  6. "AIFF approaches Jindal, Videocon to sponsor I-League". Top News. Archived from the original on 26 October 2014. https://web.archive.org/web/20141026065117/http://topnews.in/sports/aiff-approaches-jindal-videocon-sponsor-i-league-214114। আহৰণ কৰা হৈছে: 14 July 2014. 
  7. "I-League clubs refuse to accept AIFF diktat". Times of India. http://timesofindia.indiatimes.com/sports/football/i-league/I-League-clubs-refuse-to-accept-AIFF-diktat/articleshow/11982740.cms। আহৰণ কৰা হৈছে: 14 July 2014. 
  8. "IFA announces launch of Premier League Soccer". Times of India. http://timesofindia.indiatimes.com/sports/football/top-stories/IFA-announces-launch-of-Premier-League-Soccer/articleshow/8083290.cms?referral=PM। আহৰণ কৰা হৈছে: 28 July 2014. 
  9. "India’s ambitious Premier League Soccer plan finally axed". Goal.com. http://www.goal.com/en-ke/news/4631/soccerex/2013/01/30/3712016/indias-ambitious-premier-league-soccer-plan-finally-axed। আহৰণ কৰা হৈছে: 28 July 2014. 
  10. Mohan, Srinivasan. "IMG-Reliance to host franchisee based tournament in 2014". Goal.com. http://www.goal.com/en-india/news/1064/i-league/2013/01/16/3675461/img-reliance-to-host-franchisee-based-tournament-in-2014। আহৰণ কৰা হৈছে: 28 July 2014. 
  11. 11.0 11.1 "Clubs hit out against new I-League format, IMG Reliance tournament". New Indian Express. Archived from the original on 14 August 2014. https://web.archive.org/web/20140814172111/http://www.newindianexpress.com/sport/Clubs-hit-out-against-new-I-League-format-IMG-Reliance-tournament/2013/06/06/article1621581.ece। আহৰণ কৰা হৈছে: 28 July 2014. 
  12. Baber, Mark. "India's I-League teams fail licensing tests as AIFF and IMG-Reliance forge ahead". Inside World Football. Archived from the original on 8 August 2014. https://web.archive.org/web/20140808044603/http://www.insideworldfootball.com/world-football/asia/13093-india-s-i-league-fail-licensing-tests-as-aiff-and-img-reliance-forge-ahead। আহৰণ কৰা হৈছে: 28 July 2014. 
  13. 13.0 13.1 "Indian Super League postponed". The Hindu. http://www.thehindu.com/todays-paper/tp-sports/indian-super-league-postponed/article5283477.ece। আহৰণ কৰা হৈছে: 28 July 2014. 
  14. "Delhi Soccer Private Limited signs MoU with Government of Odisha to facilitate Bhubaneswar move". ISLindiansuperleague.com. https://www.indiansuperleague.com/press-releases/delhi-soccer-private-limited-signs-mou-with-government-of-odisha-to-facilitate-Bhubaneswar-move। আহৰণ কৰা হৈছে: 31 August 2019. 
{{bottomLinkPreText}} {{bottomLinkText}}
ইণ্ডিয়ান ছুপাৰ লীগ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?