For faster navigation, this Iframe is preloading the Wikiwand page for মহাশ্বেতা দেৱী.

মহাশ্বেতা দেৱী

মহাশ্বেতা দেৱী
জন্ম ১৪ জানুৱাৰী, ১৯২৬ (৯৮ বছৰ)
ঢাকা
মৃত্যু ২৮ জুলাই ২০১৬ (৯০ বছৰ বয়সত)
কলকাতা
ছদ্মনাম জুবানশ্ব
পেচা সমাজকৰ্মী, লেখিকা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ১৯৫৬-বৰ্তমানলৈকে
ধৰণ উপন্যাস, চুটিগল্প, নাটক,ৰচনা
বিষয় Denotified tribes of India
সাহিত্যিক বিপ্লৱ গণনাট্য
উল্লেখনীয় কৰ্মৰাজি Hajar Churashir Maa (No. 1084's Mother)
Aranyer Adhikar (The Occupation of the Forest)
Titu Mir

স্বাক্ষৰ

মহাশ্বেতা দেৱী (ইংৰাজী: Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬)[1][2] এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।[3]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯২৬ চনত ঢাকাৰ এক শিক্ষিত হিন্দু ব্ৰাহ্মণ পৰিয়ালত মহাশ্বেতা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মণীষ ঘটক 'কল্লোল যুগ'ৰ এগৰাকী প্ৰখ্যাত কবি আৰু উপন্যাসিক আছিল, যাৰ ছদ্মনাম আছিল জুৱানশ্ব (Jubanashwa)।[4] বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ঋত্বিক ঘটক মণীষ ঘটকৰ কনিষ্ঠ ভাতৃ আছিল। তেওঁৰ মাতৃ ধৰিত্ৰী দেৱীও এগৰাকী লেখিকা আৰু সমাজকৰ্মী আছিল। ধৰিত্ৰী দেৱীৰ ভাতৃসকল, যেনে বিশিষ্ট ভাস্কৰ শঙ্খ চৌধুৰী, 'ইকনমিক এণ্ড পলিটিকেল ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক-সম্পাদক শশীন চৌধুৰী আদিয়েও বিভিন্ন ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিছিল। মহাশ্বেতা দেৱীৰ পঢ়াশলীয়া জীৱন আৰম্ভ হৈছিল ঢাকাত; কিন্তু ভাৰত বিভাজন হোৱাৰ পিছত তেওঁ ভাৰতৰ পশ্চিম বঙ্গলৈ গুচি আহে। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু ইংৰাজী ভাষাত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা। পিছলৈ তেওঁ যশস্বী নাট্যকাৰ তথা ১৯৪৮ত প্ৰতিষ্ঠা হোৱা ভাৰতীয় গণনাট্য সংঘৰ অন্যতম প্ৰতিষ্ঠাপক বিজয় ভট্টাচাৰ্যৰ সৈতে বিয়াত বহে। তেওঁলোকৰ যুগ্মজীৱনৰ স্বাক্ষৰ আছিল সাম্প্ৰতিক সময়ৰ শীৰ্ষস্থানীয় উপন্যাসিক নবাৰুণ ভট্টাচাৰ্য, যাৰ সাহিত্যকৰ্ম বৌদ্ধিক ওজস্বিতা আৰু দাৰ্শনিক সুবাসৰ বাবে সুপৰিচিত। ১৯৫৯ত বিজয় ভট্টাচাৰ্যৰ সৈতে তেওঁৰ বিবাহ-বিচ্ছেদ হয়।

  • The Queen of Jhansi (biography, translated in English by Sagaree and Mandira Sengupta from the 1956 first edition in bangla Jhansir Rani)
  • Hajar Churashir Maa[5]
  • Aranyer Adhikar (The Occupation of the Forest, 1977)
  • Agnigarbha (Womb of Fire, 1978)
  • Bitter Soil tr, Ipsita Chandra. Seagull, 1998. Four stories.
  • Chotti Munda evam Tar Tir (Choti Munda and His Arrow, 1980) Translated by Gayatri Chakravorty Spivak.
  • Imaginary Maps (translated by Gayatri Spivak London & New York. Routledge,1995)
  • Dhowli (Short Story)
  • Dust on the Road (Translated into English by Maitreya Ghatak. Seagull, Calcutta.)
  • Our Non-Veg Cow (Seagull Books, Calcutta, 1998. Translated from Bengali by Paramita Banerjee.)
  • Bashai Tudu (Translated into English by Gayatri Chakraborty Spivak and Shamik Bandyopadhyay. Thima, Calcutta, 1993)
  • Titu Mir
  • Rudali
  • Breast Stories (Translated into English by Gayatri Chakraborty Spivak. Seagull, Calcutta, 1997)
  • Of Women, Outcasts, Peasants, and Rebels (Translated into English By Kalpana Bardhan, University of California, 1990.) Six stories.
  • Ek-kori's Dream (Translated into English by Lila Majumdar. N.B.T., 1976)
  • The Book of the Hunter (Seagull India, 2002)
  • Outcast (Seagull, India, 2002)
  • Draupadi
  • In Other Worlds: Essays in Cultural Politics (Translated into English by Gayatri Chakraborty Spivak. Methuyen and Company, 1987. New York, London)
  • Till Death Do Us Part
  • Old Women
  • Kulaputra (Translated into Kannada by Sreemathi H.S. CVG Publications, Bangalore)
  • The Why-Why Girl (Tulika, Chennai.)
  • Dakatey Kahini

মহাশ্বেতা দেৱীৰ কৰ্মৰ আধাৰত নিৰ্মিত বোলছবি

[সম্পাদনা কৰক]
  • সংঘৰ্ষ (১৯৬৮), তেওঁৰ কাহিনীৰ ওপৰত আধাৰিত, যিখন বাৰাণসী চহৰৰ এটি থুগি সম্প্ৰদায়ৰ ভিতৰত প্ৰতিশোধৰ এটি কল্পিত বিৱৰণ প্ৰস্তুত কৰিছে।
  • ৰুদালী (১৯৯৩)
  • হাজাৰ চুৰাশী কী মা (১৯৯৮)
  • মাটি মায় (২০০৬),[6]'দায়েঁ' গল্পৰ আধাৰত।[7]
  • গঙ্গোৰ (২০১০) 'চোলী কে পিছে' গল্পৰ আধাৰত ইটালো স্পীনেলীৰ দ্বাৰা পৰিচালিত।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ১৯৭৯: সাহিত্য অকাডেমি বঁটা (বঙালী)- Aranyer Adhikar (উপন্যাস)
  • ১৯৮৬: পদ্মশ্ৰী[2]
  • ১৯৯৬: জ্ঞানপীঠ বঁটা
  • ১৯৯৭: 'ৰমন মেগছেছে বঁটা - সাংবাদিকতা, সাহিত্য তথা সৃষ্টিশীল কলা[2][8]
  • ১৯৯৯: সন্মানীয় ডক্টৰেট ডিগ্ৰী- ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়
  • ২০০৬:পদ্ম বিভুষণ
  • ২০১০:Yashwantrao Chavan ৰাষ্ট্ৰীয় বঁটা
  • ২০১১: 'Bangabibhushan' পশ্চিমবংগ চৰকাৰৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান
  • ২০১২: সাহিত্যব্ৰহ্ম-জীৱনযোৰা অৱদানৰ বঁটা (the first Lifetime Achievement award in Bengali Literature from 4thScreen-IFJW)
  • ২০১৪:অসম সাহিত্য সভামামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

১৬ জুলাই ২০১৬ত মহাশ্বেতা দেৱীয়ে গুৰুত্বপূৰ্ণ হৃদৰোগত আক্ৰান্ত হয়। তেওঁক কলকাতাৰ Belle Vue Clinic -ত ভৰ্তি কৰা হয় যদিও একাধিক অংগ বিকল (multiple organ failure) হোৱাৰ ফলত ২৮ জুলাইৰ দিনা তাতে তেওঁৰ মৃত্যু হয়।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Detailed Biography Archived 2010-03-26 at the Wayback Machine Ramon Magsaysay Award.
  2. 2.0 2.1 2.2 John Charles Hawley (2001). Encyclopedia of Postcolonial Studies. Greenwood Publishing Group. পৃষ্ঠা. 142–. ISBN 978-0-313-31192-5. http://books.google.com/books?id=tQILKOwnX-0C&pg=PA142। আহৰণ কৰা হৈছে: 6 October 2012. 
  3. "আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি". ০৩ মাৰ্চ, ২০১৪. Archived from the original on 2015-11-08. https://web.archive.org/web/20151108122715/http://www.amarasom.glpublications.in/epapermain.aspx। আহৰণ কৰা হৈছে: 3 মাৰ্চ 2014. 
  4. Sunil Sethi (15 February 2012). The Big Bookshelf: Sunil Sethi in Conversation With 30 Famous Writers. Penguin Books India. পৃষ্ঠা. 74–. ISBN 978-0-14-341629-6. http://books.google.com/books?id=iPDjseAl0ooC&pg=PA74। আহৰণ কৰা হৈছে: 5 October 2012. 
  5. Hajar Churashir Maa (No. 1084's Mother, 1975)
  6. মহাশ্বেতা দেৱী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
  7. Marathi cinema has been producing a range of serious films.. Archived 2008-02-27 at the Wayback Machine Frontline, The Hindu Group, Volume 23 – Issue 20: 7–20 Oct. 2006.
  8. Citation Ramon Magsaysay Award.
  9. Staff, Scroll. "Eminent writer Mahasweta Devi dies at 90 in Kolkata". Scroll. http://scroll.in/latest/811738/eminent-writer-mahasweta-devi-dies-at-90-in-kolkata। আহৰণ কৰা হৈছে: 28 July 2016. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
মহাশ্বেতা দেৱী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?