For faster navigation, this Iframe is preloading the Wikiwand page for ইছলাম.

ইছলাম

এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই। অনুগ্ৰহ কৰি HTML markupৰ যোগেদি প্ৰযোজ্য অংশত নকলৰ পুৰীয়া চিহ্নসমূহ যোগ কৰক। ৱিকি চিহ্নসমূহ যোগ দিয়ক (সহায়) প্ৰয়োজন অনুসৰি, অন্য প্ৰবন্ধসমূহলৈ "[[" আৰু "]]" সম্পৰ্কীয় শব্দৰ দুয়োকাষে যোগ কৰাৰ (অধিক জানিবৰ বাবে সহায়:সংযোগ পৃষ্ঠা চাওক) লগতে পৰীক্ষা কৰক যে আপুনি দিয়া সংযোগসমূহ ৱিকিপিডিয়াত বিচৰাধৰণে হয়। অনুগ্ৰহ কৰি সংযোগসমূহ পাঠকৰ সহায়ৰ বাবে, যেনে: বিখ্যাত ব্যক্তিৰ নাম, বিখ্যাত ঠাই, সাধাৰণ জীৱিকাকে আদি ধৰি নিত্য ব্যৱহৃত প্ৰয়োজনীয় শব্দসমূহ যিবোৰ ৱিকিপিডিয়াত প্ৰবন্ধ হিচাপে সংযোগ কৰিব পাৰি। প্ৰবন্ধৰ পৰিচিতি অংশটো সুন্দৰভাৱে গঢ় দিয়ক, লক্ষ্য ৰাখিব যে ই অতি চমু বা বেছি দীঘল হৈ নাথাকে। গঠনশৈলী আৰ্হি অনুসৰি অনুচ্ছেদৰ শিৰোনাম সমূহ সজাওক যদি সম্ভৱ হয় তেন্তে প্ৰবন্ধটোত এটা সঠিক তথ্যপেৰা যোগ দিয়ক। ওপৰত দিয়া চৰ্তসমূহ পূৰণ হোৱাৰ পাছত সাঁচটো আঁতৰাই দিয়ক।
চৌদি আৰৱৰ মক্কাকাবা শ্বৰীফ; য'ত গোটেই বিশ্বৰ লাখ লাখ মুছলিমে একতাৰ মাধ্যমেৰে ধৰ্মীয় ভাৱগাম্ভীৰ্যৰ সৈতে প্ৰাৰ্থনা কৰি থাকে।

ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰবী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম[1] ইছলাম (আৰবী: الإسلام‎) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা।[2] ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি।[3] খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদে (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।

ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়[4] মুছলমানৰ সংখ্যা অনুমাণিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী।[5] মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[6] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব আফ্ৰিকা, পশ্চিম আফ্ৰিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[7] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[8][9] Pew Research Centerৰ জৰীপৰ মতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা ধৰ্ম হৈছে ইছলাম।[10]

ধৰ্মবিশ্বাস

[সম্পাদনা কৰক]

মুছলিম সকলে বিশ্বাস কৰে যে, আল্লাহ মানৱজাতিৰ বাবে তেখেতৰ বাণী ফৰিষ্টা জিব্ৰাইলৰ (আঃ) মাধ্যমেৰে মুহাম্মাদ(ছাঃ)ৰ ওচৰত অৱতীৰ্ণ কৰিছে। কোৰআনত উক্ত "খতমে নবুওৱত" আৰু মুহাম্মাদ(ছাঃ) নিজৰ দাবীৰ ভিত্তিত মুছলিম সকলে তেওঁক শেষ বাণীবাহক (নবী) বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসমতে, তেখেত সকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অৱতীৰ্ণ আল্লাহৰ শেষ বাণী, যি পুনৰুত্থান দিৱস পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব।

মুছলিম সকলৰ বিশ্বাস অনুযায়ী, আদম (আঃ) ৰ পৰা আৰম্ভ কৰি ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়েই প্ৰচাৰ কৰি গৈছে। পৱিত্ৰ কোৰআনছূৰা ফাতিৰত কোৱা হৈছে,

"নিঃসন্দেহে মই তোমাক (মুহাম্মাদ) পঠাইছো সত্যৰ সৈতে সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে। আৰু এনেকোৱা কোনো সম্প্ৰদায় নাই, যিসকলৰ মাজত এজন সতৰ্ককাৰী পঠোৱা হোৱা নাই। "৩৫:২৪[11]

ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই আব্ৰাহামৰ শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাৱলম্বীকেই কোৰানত "আহলে কিতাব" (আকাশী কিতাব পোৱা) বুলি সম্বোধন কৰা হৈছে আৰু বহুদেৱতাবাদীসকলৰ পৰা পৃথক কৰা হৈছে। পৱিত্ৰ কোৰআনৰ ছূৰা আলে ইমৰাণত আহ্বান কৰা হৈছে,

"কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’। "৩:৬৪[11]

এই ধৰ্ম দুটাৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, কিন্তু বহুত ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুশৰণকাৰীসকলে তেখেতসকলৰ ওচৰত প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিসকলৰৰ তৌৰাতক (তোৰাহ) আৰু খ্ৰীষ্টানসকলৰ মতে ইঞ্জিল (নতুন বাইবেল)।

মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তমভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ/কলিমা বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-

মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষী দি আছোঁ যে, মুহাম্মদ (ছঃ) আল্লাহৰ বাৰ্তাবাহক। " এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক।

ছূৰা এখলাছত আল্লাহৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,

"কওক, তেওঁ আল্লাহ, এক, একক

আল্লাহ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই

আৰু তেওঁৰ সমতুল্য একোৱেই নাই।

কোৰআনৰ ২:২৫৫ত কোৱা হৈছে,

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ ত্ৰিত্ববাদ (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰৰ সাদৃশ্য একোৱেই নাই। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।

ফৰিষ্টা

[সম্পাদনা কৰক]

ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহ'লেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে:

  1. জিব্ৰাইল (আলাইহিছ ছালাম)
  2. মিকাইল (আলাইহিছ ছালাম)
  3. ইছৰাফিল (আলাইহিছ ছালাম)
  4. মালাক আল-মাউত (আলাইহিছ ছালাম)

ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু ইহুদি ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

পয়গম্বৰ(নবী), বাৰ্তাবাহক(ৰাছুল)

[সম্পাদনা কৰক]

ইছলামত পয়গম্বৰ (আৰবী: نبي) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী(নবী)।

ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্ৰ মুহাম্মদ(আঃ)কেই আল্লাহৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্ৰেৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নিৰ্দিষ্ট গোত্ৰ বা জাতিৰ ওচৰত প্ৰেৰিত হৈছিল।

ইহুদি আৰু খ্ৰীষ্টধৰ্মৰ বিপৰীতে, ইছলামত আল্লাহৰ বাৰ্তাবাহক আৰু পয়গম্বৰ (নবীৰ) মাজত পাৰ্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্ৰেৰণা”ৰ দ্বাৰা আল্লাহৰ প্ৰত্যাদেশ প্ৰাপ্ত। তদুপৰি, বাৰ্তাবাহকসকল গ্ৰন্থ আকাৰে এটা সম্প্ৰদায়ৰ বাবে ঐশ্বৰিক নিয়ম কানুন প্ৰদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে আল্লাহৰ কৰ্তৃক সাফল্যৰ নিশ্চয়তা প্ৰাপ্ত ব্যক্তি। যেনেকৈঃ মুছলিমসকলৰ ধৰ্মগ্ৰন্থ কোৰআনত কোৱা হৈছে,

যদিও সকলো "ৰাছুল" সকলেই "নবী", কিন্তু সকলো "নবী" সকল "ৰাছুল" নহয়।[12]

[13] [14]

[15]

সকলো বাৰ্তাবাহক(ৰাছুল আৰু কেইজনমান পয়গম্বৰৰ নাম কোৰআনত উল্লিখিত আছে। মুছলিম সকলে বিশ্বাস কৰে যে আদম হ'ল প্ৰথম পয়গম্বৰ (নবী), পক্ষান্তৰে শেষ পয়গম্বৰ হ'ল মুহাম্মাদ(ছাঃ)। খ্ৰীষ্টধৰ্মৰ নিচিনাই ইছলামেও ঈছা(আঃ) (যীশু)ৰ জন্মবাদৰ ৰহস্যত বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় যে তেখেত নবী আছিল কাৰণ আল্লাহৰ পৰা তেখেতে ওহী প্ৰাপ্ত। যীশু এজন বাৰ্তাবাহক হিচাবেও বিবেচিত হয় কাৰণ আল্লাহে তেখেতৰ ওপৰত সুসমাচাৰ(New Testament) প্ৰকাশ কৰিছিল।[16] অৱশ্যে, খ্ৰীষ্টধৰ্মৰ বিপৰীতে ইছলাম ধৰ্মত আল্লাহৰ পুত্ৰ দাবি কৰা ধৰ্ম বিৰোধী আৰু যীশু এজন মানুহ হিচাবেই বিবেচিত হয়।

ঐশ্বিক গ্ৰন্থ

[সম্পাদনা কৰক]

ঐশ্বিক গ্ৰন্থ বা আচমানী কিতাব বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। সকলো ঐশ্বিক গ্ৰন্থৰ ওপৰত ঈমান অনাটো ইছলামৰ অপৰিহাৰ্য অংগ। প্ৰথম মানৱ তথা নবী আদম (আঃ)ৰ পৰা শেষ নবী হজৰত মুহাম্মাদ (ছঃ) লৈ কালক্ৰমে বিভিন্ন নবীৰ ওপৰত এনে ঐশ্বিক গ্ৰন্থসমূহ অৱতীৰ্ণ হয়। ইয়াৰে প্ৰধাণ চাৰিটা ঐশ্বিক গ্ৰন্থ হ'ল-

  • তাওৰাত (Torah, The Old Testament) , যিখন কিতাপ অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক মুছা আঃ (Moses)ৰ ওপৰত,
  • জাবুৰ (Psalms) যিখন অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক দাউদ আঃ (David)ৰ ওপৰত,
  • ইঞ্জিল, (Bible, The New Testament) যিখন অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক ঈছা আঃ (Jesus)ৰ ওপৰত, আৰু
  • আল‌‌-কোৰআন (The Final Testament) সৰ্ৱশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যি অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক মুহাম্মাদ দঃ (Muhammad)ৰ ওপৰত।

বিচাৰ দিৱস

[সম্পাদনা কৰক]

মুছলমানসকলে বিশ্বাস কৰে যে প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ'ব। পৃথিৱীত কৰি যোৱা কৰ্ম অনুযায়ী আখিৰাত (মৃত্যুৰ পিছৰ জীৱন)-ত তেওঁলোকে ফল ভোগ কৰিব। ভাল কৰ্ম কৰাসকলক জান্নতৰ দ্বাৰা পুৰস্কৃত কৰা হ’ব আৰু নিচ কৰ্ম কৰাসকলক জাহান্নামত নিক্ষেপ কৰা হ’ব। ইছলামীয় বিশ্বাস অনুযায়ী সেই বিচাৰ দিৱসৰ কিছু পৰিস্থিতি নিম্নৰূপ-

  1. সেইদিনা সকলোকে একত্ৰিত কৰা হ’ব,
  2. পৃথিৱীৰ মাটি হ’ব ৰুটিৰ দৰে,
  3. মানুহ নগ্নপদ ও নগ্নদেহে সমবিত হ’ব,
  4. কোনোয়ে কাৰো প্ৰতি দৃষ্টি দিয়াৰ সময় নাপাব,
  5. কাফিৰসকলক (অবিশ্বাসী) নীচমুৱা কৰি টানি টানি একত্ৰিত কৰা হ’ব,
  6. প্ৰতি এহাজাৰত ৯৯৯জন লোক জাহান্নামী বুলি ঘোষিত হ’ব
  7. সেইদিন মানুহ ঘৰ্মাক্ত হ’ব, ঘামত সিহঁত কানলৈকে ডুব যাব,
  8. সূৰ্যক অতি ওচৰত অনা হ’ব আৰু মানুহ আমল অনুপাতে ঘামৰ মাজত ডুবি থাকিব,
  9. পৃথিৱীত যিয়ে আল্লাহৰ বাবে ছিজদাহ কৰা নাই বা অন্যক দেখুৱাৰ উদ্দেশ্যে ছিজদাহ কৰিছে সিহঁত সিদিনা আল্লাহক ছিজদাহ দিব নোৱাৰিব,
  10. মুমিনসকলৰ হিচাব হ’ব মুখা-মুখি,
  11. যাৰ হিচাব পুংখানুপুংখকৈ সোধা হ’ব সি ধ্বংস প্ৰাপ্ত হ’ব,
  12. সিদিন মানুহৰ মুখ বন্ধ কৰি দিয়া হ’ব,
  13. হাত, ভৰি, কান, চকু আৰু চৰ্মই মানুহৰ বিৰুদ্ধে সাক্ষী দিব,
  14. সেই দিনা সময় সীমা হ’ব ৫০ হাজাৰ বছৰৰ সমান,
  15. কিন্তু সেই দিনা মুমিনসকলৰ বাবে এটি ফৰজ সালাত আদায়ৰ সময় যেন অনুভৱ হ’ব।

ইছলামৰ পঞ্চস্তম্ভ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

  1. `Abd al-Wahhâb al-Turayrî. "The concept of monotheism in Islam:Country guide". Archived from the original on 2017-04-22. https://web.archive.org/web/20170422043757/http://en.islamtoday.net/node/1309। আহৰণ কৰা হৈছে: 2017-02-02. 
  2. Shaykh Muhammad Saalih al-Munajjid. "Meaning of the word Islam:Country guide". https://islamqa.info/en/10446. 
  3. Rosemary Pennington(Program Coordinator for Voices and Visions is a graduate student in the School of Journalism at Indiana University). "The Meaning of the Word Islam:Country guide". Archived from the original on 2017-02-11. https://web.archive.org/web/20170211023448/http://muslimvoices.org/word-islam-meaning/। আহৰণ কৰা হৈছে: 2017-02-02. 
  4. Vartan Gregorian (2003). Islam: A Mosaic, Not a Monolith. প্ৰকাশক Washington D.C.: Brookings Institution Press. পৃষ্ঠা. p. ix. ISBN 0-8157-3283-X. 
  5. Teece, Geoff (2005). Religion in Focus: Islam. Smart Apple Media. পৃষ্ঠা. p. 10. 
  6. Nelson, Lynn Harry. "Islam and the Prophet Muhammad". Kansas University. Archived from the original on 2006-08-04. https://web.archive.org/web/20060804021628/http://www.ku.edu/kansas/medieval/108/lectures/islam.html। আহৰণ কৰা হৈছে: 2006-06-17.  - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."
  7. John L Esposito (2002). What Everyone Needs to Know About Islam. Oxford University Press US. পৃষ্ঠা. p. 2. ISBN 0-19-515713-3. 
  8. Office for National Statistics (2003-02-13). "Religion In Britain". http://www.statistics.gov.uk/cci/nugget.asp?id=293। আহৰণ কৰা হৈছে: 2006-08-27. 
  9. BBC (2005-12-23). "Muslims in Europe: Country guide". http://news.bbc.co.uk/1/hi/world/europe/4385768.stm। আহৰণ কৰা হৈছে: 2006-09-28. 
  10. Pew Research Center. "The Future of World Religions: Population Growth Projections, 2010-2050: Country guide". http://www.pewforum.org/2015/04/02/religious-projections-2010-2050. 
  11. 11.0 11.1 আল্ কোৰআন. Islam House Assamese. 2015 ইংৰাজী. 
  12. Itmam al-hujjah) by Inayat Khan
  13. John Esposito(2005), Islam: The Straight Path, p.20
  14. Amin Ahsan Islahi. Tadabbur-i-Qur'an, vol.8, p.273
  15. Rasul and nabi
  16. see the Qur'an সাঁচ:Quran-usc

বহিঃসংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ইছলাম
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?