For faster navigation, this Iframe is preloading the Wikiwand page for হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ).

হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)

হালধীয়া চৰায়ে বাওধান খায়
(The Catastrophe)
80
ছবি
পৰিচালক জাহ্নু বৰুৱা
চিত্ৰনাট্য জাহ্নু বৰুৱা
প্ৰযোজক শৈলধৰ বৰুৱা
জাহ্নু বৰুৱা
অভিনয়ত ইন্দ্ৰ বনিয়া
পূৰ্ণিমা পাঠক শইকীয়া
চিত্ৰগ্ৰহণকাৰী অনুপ জোটৱানী
সংগীত পৰিচালক সত্য বৰুৱা
মুক্তি
৩১ আগষ্ট, ১৯৮৭
দৈৰ্ঘ্য
১২০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

হালধীয়া চৰায়ে বাওধান খায় (ইংৰাজী: The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে। ছবিখনে ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৭) শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা[1] পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছিল। ছবিখন ৩৫ মিঃমিঃত নিৰ্মাণ কৰা হৈছিল।[2]

ৰসেশ্বৰ এজন দুখীয়া খেতিয়ক। পত্নী আৰু দুটা সন্তান সহ চাৰিজনীয়া পৰিয়াল। সামান্য এটুকুৰা মাটিত খেতিবাতি কৰি কিবাকৈ জোৰা-তাপলি মাৰি সংসাৰ চলায়। এজাক বৰষুণৰ আশাত সকলোৱে আকাশলৈ চাই থাকে। অৱশেষত বহু আকাংক্ষিত বৰষুণ এজাক আহিল। ৰসেশ্বৰে নাঙল লৈ হাল বাবলৈ গ'ল। পথাৰলৈ গৈহে ৰসেশ্বৰে গম পালে যে যিটুকুৰা মাটি পুৰুষানুক্ৰমে খেতি কৰি আহিছে, সেই টুকুৰা মাটিৰ গৰাকী এতিয়াৰে পৰা গাঁৱৰ প্ৰভাৱশালী মহাজন সনাতনহে। ৰসেশ্বৰ সনাতন মহাজনৰ ওচৰত ঋণগ্ৰস্থ হৈ আছিল। সেই ঋণ আৰু তাৰ বাবদ দিবলগীয়া সুতৰ বিনিময়ত মহাজনে মাটিখিনি দখল কৰিলে। এই অন্যায়ৰ বিৰুদ্ধে তেওঁ আদালতত গোচৰ তৰিলে। কিন্তু ৰঙাফিতাৰ মেৰপাকত ন্যায় পাব দূৰৈৰ কথা, তেওঁ আৰু বেছি দুৰ্দশাগ্ৰস্থহে হৈ পৰিল। এনেতে নিৰ্বাচন আহিল। সনাতন মহাজনো নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল। পেটৰ দায়ত ৰসেশ্বৰে চিৰশক্ৰ সনাতন মহাজনৰ হৈ নিৰ্বাচনৰ কাম কৰিবলৈ বাধ্য হ'ল। সৌভাগ্যক্ৰমে ৰসেশ্বৰৰ গোচৰটো এজন সত্‍ হাকিমৰ ওচৰলৈ গ'ল। হাকিমে দেখিলে যে ন্যায়িক যুদ্ধত ৰসেশ্বৰে মাটি ঘূৰাই পোৱাৰ সম্ভৱনা ক্ষীণ বা গোচৰ চলাই থকাটোৱো এজন কপৰ্দকহীন মানুহৰ বাবে অসম্ভৱ কথা। সেয়েহে হাকিমে গোচৰ চলাই যোৱাৰ সলনি অন্য এটা পন্থা উলিয়ালে। হাকিমে মহাজনক বুজালে যে মহাজন যিহেতু এজন নিৰ্বাচনী প্ৰাৰ্থী, ৰসেশ্বৰৰ বিষয়টোক লৈ বিৰোধীপক্ষই সুবিধা ল’ব পাৰে। এতেকে মাটিখিনি ৰসেশ্বৰক ওভতাই দিয়া উচিত। মহাজন মান্তি হ'ল আৰু মাটিখিনি ওভতাই দিলে।[2][1]

অভিনয়ত

[সম্পাদনা কৰক]

কলাকুশলী

[সম্পাদনা কৰক]
  • সংলাপ- জাহ্নু বৰুৱা, ৰত্ন ওজা
  • শব্দগ্ৰহণ-যতীন শৰ্মা
  • কলা নিৰ্দেশনা-ফটিক বৰুৱা[2]

সন্মান তথা স্বীকৃতি

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (স্বৰ্ণকমল) (১৯৮৭)[1]
  • লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ:
    • চিলভাৰ লিওপাৰ্ড
    • বৰ্ল্ড একুমেনিকাল এৱাৰ্ড
    • চিটিজেন্‌চ প্ৰাইজ
    • শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া)
  • টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: এছিয়াৰ শ্ৰেষ্ঠ বঁটা
  • এমিয়েন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ফ্ৰান্স:
    • শ্ৰেষ্ঠ ছবি
    • শ্ৰেষ্ঠ অভিনেতা
  • ৰাজ্যিক বঁটা: শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "National Film Awards Archives". DIRECTORATE OF FILM FESTIVALS. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 3 August 2021. 
  2. 2.0 2.1 2.2 2.3 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 342. 
  3. "Jahnu Barua Official Website - Achivements". Archived from the original on February 19, 2012. https://web.archive.org/web/20120219012444/http://www.jahnubarua.com/achievements.php। আহৰণ কৰা হৈছে: December 06, 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?