For faster navigation, this Iframe is preloading the Wikiwand page for যম.

যম

যম
মৃত্যু আৰু ন্যায়ৰ দেৱতা[1]
অন্য নাম ধৰ্মৰাজ, যমৰাজ, কাল
দেৱনাগৰী यम
সম্পৰ্ক লোকপাল, দেৱতা
নিবাস নৰক/যমলোক
গ্ৰহ প্লুটো[2]
মন্ত্ৰ ওঁ‌ম সূৰ্য পুত্ৰায়ে বিধমহি মহাকালায় ধীমহি থানো যমো প্ৰচোদয়াৎ [note 1][3]
অস্ত্ৰ দণ্ড, পাশা আৰু গদা
সঙ্গী ধূমৰ্ণা[4][টোকা 1]
সহোদৰ যমী, অশ্বিন, শ্ৰাদ্ধদেৱ মনু, ৰেৱন্ত, শনি আৰু তপতী
সন্তান সূনীতা, যমকুমাৰ; যুধিষ্ঠিৰ[8]
আসন/বাহন ম'হ
ৰোমান সমাৰ্থক ৰেমাছ,[9] ডিচপেটাৰ[10]

যম বা যমৰাজ (সংস্কৃত: यम:) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম।[11][12] তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়।[13] যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়।[14] সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে।

যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, ম'হৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দেৱতা হিচাপে বৰ্ণনা কৰা হয়। আখ্যানসমূহৰ মতে তেওঁ আৰু যমুনা নদী যমজ ভ্ৰাতৃ-ভগ্নী আৰু সূৰ্যৰ পুত্ৰ। তেওঁৰ প্ৰধান আখ্যানসমূহ পাণ্ডৱসকল, সাবিত্ৰী আৰু সত্যবান আৰু মাৰ্কণ্ডেয়ৰ সৈতে জড়িত। মৃত্যুৰ সৈতে জড়িত আন এজন দেৱতা চিত্ৰগুপ্তই যমক সংগ দিয়ে।[15]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

যমশব্দৰ অৰ্থ যমজ বা যঁ‌জা (যমৰ যমজ ভগ্নীৰ নাম যমী)। যম শব্দই নৈতিক দায়িত্ব বা শাসন অৰ্থাৎ ধৰ্মকো বুজায়।[16][17][18] বৈদিক পৰম্পৰাসমূহত যমেই হৈছে মৃত্যুবৰণ কৰি স্বৰ্গগামী হোৱা প্ৰথমগৰাকী মৰণশীল।[19] আৰু সেয়ে তেওঁ মৃতকসকলৰ ৰজাৰূপে পৰিগণিত হয়।[20]

চিত্ৰায়ন

[সম্পাদনা কৰক]

হিন্দু ধৰ্ম[21] সূৰ্যপুত্ৰ যম এগৰাকী লোকপাল বা দিশৰক্ষক দেৱতা আৰু দক্ষিণ দিশৰ তেওঁ অধিপতি। [22] ঋকবেদৰ দশম খণ্ডৰ তিনিটা শ্লোক যমৰ প্ৰতি উৎসৰ্গিত।[23] পুৰাণসমূহত যমক চতুৰ্ভুজ, বাহিৰলৈ নিৰ্গত দুই তীক্ষ্ণ দন্তযুক্ত, মেঘবৰ্ণ আৰু ভয়ংকৰ চাৱনিৰ গৰাকী বুলি কোৱা হৈছে। তেওঁৰ বস্ত্ৰ ৰঙা, হালধীয়া নাইবা নীলা আৰু জুইৰ মালাই তেওঁক আৱৰি ৰাখে। তেওঁৰ হাতত যমপাশ আৰু গদা বা তৰোৱাল থাকে। যমৰ বাহন হৈছে ম'হ।[24] যমপাশৰ সহায়ত তেওঁ মৃত্যুমুখী লোকৰ জীৱটো কৰায়ত্ত কৰে। তেওঁক এডাল দণ্ড লৈ থকা অৱস্থাতো দেখা যায়।[25] যম সূৰ্য আৰু সৰন্যুৰ পুত্ৰ তথা যমী আৰু শ্ৰদ্ধাদেৱৰ ভ্ৰাতৃ।[26] শনি তেওঁৰ সতীয়া ভায়েক। যমৰ পুত্ৰৰ নাম কাতিলা।[27] ভাৰতত যমৰ প্ৰতি উচৰ্গিত অনেক মন্দিৰ আছে।[28] বিষ্ণুধৰ্মোত্তৰৰ মতে চতুৰ্ভুজ যমৰ দেহৰ ৰঙ বৰ্ষণমুখৰ মেঘৰ দৰে ক'লা। তেওঁৰ কেঁ‌চাসোণৰ দৰে বস্ত্ৰৰ আৰু সৰ্বোপ্ৰকাৰৰ অলংকাৰ পৰিধান কৰে। তেওঁৰ পত্নী ধূমৰ্ণা নীলা পদুম হাতত লৈ যমৰ বাওঁ‌ফালে বিৰাজ কৰে।[29]

পৌৰাণিক সাহিত্য

[সম্পাদনা কৰক]

ঋকবেদৰ মতে যমৰাজ সৌৰদেৱতা বিভাসত বা সূৰ্য আৰু সৰন্যু অৰ্থাৎ সংজ্ঞাৰ পুত্ৰ। যমী তেওঁৰ যমজ ভগ্নী।[18][30] বেদখনৰ প্ৰথম আৰু দশম খণ্ডতে যমৰ সৰ্বাধিক উপস্থিতি দেখা যায়। ইয়াত দেৱতাৰ সৈতে যমৰ ওতপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ উপৰিও ঋকবেদৰ মতে স্বৰ্গপ্ৰাপ্তিৰ পিছত মানুহে দেখা পোৱা দুজন দেৱতা হৈছে যম আৰু বৰুণ। যমে মৃত লোকসকলক জিৰাবলৈ আশ্ৰয় দিয়ে বুলি উল্লেখ আছে। ঋকবৈদিক তিনিখন স্বৰ্গৰ আটাইতকৈ উচ্চতাত অৱস্থিত স্বৰ্গখনেই যমৰ। ইয়াৰ তলৰ দুয়োখন স্বৰ্গ সৱিতুৰৰ। যমৰজাৰ স্বৰ্গতে দেৱতাসকলে নিবাস কৰে আৰু সংগীতেৰে এই ঠাই গুঞ্জড়িত হৈ থাকে। যমৰ উপাসনা কাৰ্যত সোমৰস আৰু বলি আগবঢ়োৱা হয়। তেওঁক বলিৰ দেহত আসন গ্ৰহণ কৰিবলৈ দি বলিদাতাসকলক স্বৰ্গপুৰীত স্থান দিবলৈ প্ৰাৰ্থনা কৰা হয়।[18]

আদিকালৰ দুই মৰণশীল যম আৰু যমীৰ মাজত হোৱা কথোপকথনৰ এক শ্লোকত যমীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ যমক আহ্বান জনায়। এই কাৰ্যৰ সপক্ষে যমীয়ে বংশ ৰক্ষাৰ উদ্দেশ্য, সৃষ্টিকৰ্তাই এক যোৰা হিচাপেই তেওঁলোকক একে গৰ্ভতে সৃষ্টি কৰা আৰু পৰিয়ালকেন্দ্ৰিক শাৰীৰিক সম্পৰ্কৰ বাবে বাবে দ্যু অৰ্থাৎ আকাশ আৰু পৃথিৱী জনাজায় হোৱা আদি যুক্তি আগবঢ়ায়। ইয়াৰ পৰিৱৰ্তে যমে যুক্তি দিয়ে যে তেওঁলোকৰ পূৰ্বপুৰুষ মিত্ৰ আৰু বৰুণ নীতিত অটল আৰু সকলোতে তেওঁলোকৰ গুপ্তচৰ বিদ্যমান। [31][18]

বৈদিক সাহিত্যত যমক প্ৰথমগৰাকী মৰণশীল মানৱ হিচাপে উল্লেখ কৰা হৈছে। তেওঁ মৃত্যুবৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰলোকলৈ এক পথৰ সৃষ্টি কৰে। মৃত্যুবৰণ কৰা প্ৰথমজন লোক হোৱাৰ বাবেই তেওঁ মৃতকসকলৰ অধিপতি হয়। বৈদিক সাহিত্যসমূহত যম ক্ৰমান্বয়ে মৃত্যুৰ ঋণাত্মক দিশসমূহৰ সৈতে সাঙোৰ খাই পৰে আৰু অৱশেষত মৃত্যুৰ দেৱতা হিচাপে পৰিগণিত হয়। তেওঁ অন্ত, ৰোগ আৰু নিদ্ৰাৰ সৈতেও ক্ৰমশঃ জড়িত হৈ পৰে।[18]

যমৰ দুটা চাৰিচকুৱা, বহল নাকৰ ৰঙাচকুৱা পখৰা কুকুৰ আছে।[18][32] অথৰ্ববেদত ইয়াৰে এটা কুকুৰক ক'লা বৰণৰ বুলি উল্লেখ কৰা হৈছে। ইহঁ‌তে মৃত্যুমুখী লোকক বিচাৰি উলিয়ায় আৰু যমৰ নগৰীৰ দুৱাৰৰখীয়াৰ কাম কৰে। ইহঁতে ভ্ৰষ্ট লোকক স্বৰ্গত প্ৰৱেশ কৰাত বাধা দিয়ে।[18]

যজুৰ্বেদৰ মতে যম আৰু যমী উচ্চতম স্বৰ্গত বাস কৰে। তৈত্তিৰীয় আৰণ্যকৰ মতে যমৰ ম'হটোৰ চকুৰ বৰণ সোণালী আৰু শিং দুটা লোৰ।[18]

  1. বিভিন্ন গ্ৰন্থত যমৰ সহধৰ্মিণীৰ বিভিন্ন নাম আছে। ইয়াৰে ভিতৰত ধূমৰ্ণাই সবাতোকৈ প্ৰচলিত।[5] কিছুসংখ্যক লেখনিত উৰ্মিলা, শ্যামলা বা বিজয়াৰ নামো পোৱা যায়।[6] কেতিয়াবা যমক তিনিগৰাকী পত্নী ক্ৰমে হেম-মালা, সুশীলা আৰু বিজয়াৰ স্বামী বুলি বৰ্ণনা কৰা হয়।[7] ধৰ্মৰ ৰূপ্ত তেওঁক দক্ষৰ ১০ গৰাকী বা ১২ গৰাকী জীয়ৰীৰ সৈতে উপস্থাপন কৰা হয়।
  1. অনুবাদ: ওঁ‌ম, মোক সূৰ্যৰ পুত্ৰৰ প্ৰতি ধ্যানস্থ হ'বলৈ দিয়া, হে কালৰ মহান দেৱতা, মোক উচ্চ বুদ্ধি দিয়া, আৰু মৃত্যুৰে মোৰ মন আলোকিত কৰা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. (en ভাষাত) Cyclopaedia of India and of Eastern and Southern Asia, Commercial, Industrial and Scientific: Products of the Mineral, Vegetable and Animal Kingdoms, Useful Arts and Manufactures. Ed. by Edward Balfour. [Dr.:] Scottish and Adelphi Press. 1873. https://books.google.com/books?id=VJlaAAAAcAAJ&q=yama+god+of+justice&pg=RA2-PA228. 
  2. "Planetary Linguistics". http://seds.lpl.arizona.edu/nineplanets/nineplanets/days.html। আহৰণ কৰা হৈছে: June 12, 2007. 
  3. "Gāyatri Mantras of Several Gods". Hindupedia. http://www.hindupedia.com/en/G%C4%81yatri_Mantras_of_Several_Gods. 
  4. Puranic Encyclopedia by Vettam Mani
  5. Baaren, Theodorus Petrus van (1982) (en ভাষাত). Visible Religion: Annual for Religious Iconography. Brill. https://books.google.com/books?id=ocu4AAAAIAAJ&q=yama+dhumorna. 
  6. Debroy, Bibek (2005) (en ভাষাত). The History of Puranas. Bharatiya Kala Prakashan. ISBN 978-81-8090-062-4. https://books.google.com/books?id=6oQlAQAAIAAJ&q=yama+Urmila. 
  7. Daniélou, Alain (1991) (en ভাষাত). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Inner Traditions / Bear & Co. ISBN 978-0-89281-354-4. https://books.google.com/books?id=1HMXN9h6WX0C&q=Yama. 
  8. Tales of Yudhishthira. Amar Chitra Katha Private limited. ISBN 8184820054. 
  9. Mallory, Adams & 1997 129–130.
  10. Lincoln 1991, পৃষ্ঠা. 33.
  11. "Yama". World History Encyclopedia. https://www.worldhistory.org/Yama/। আহৰণ কৰা হৈছে: 9 January 2021. 
  12. Jan 10, Shrinivasa M. / TNN /; 2020; Ist, 08:39. "A temple for Yamaraj in Mandya district | Mysuru News" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mysuru/a-temple-for-yamaraj-in-mandya-district/articleshow/73181559.cms। আহৰণ কৰা হৈছে: 2020-12-13. 
  13. Dalal, Roshen (2010). The Religions of India: A Concise Guide to Nine Major Faiths. ISBN 9780143415176. https://books.google.com/books?id=pNmfdAKFpkQC&q=Yama+Dharma. 
  14. Kumar, Venkat Sai Krishna. "Yama" (en ভাষাত). Hindugods.in. Archived from the original on 11 January 2021. https://web.archive.org/web/20210111074443/https://www.hindugods.in/gods/yama/। আহৰণ কৰা হৈছে: 9 January 2021. 
  15. "Lord Chitragupta - Who helps Lord Yamaraj to maintain karmic accounts". Detechter. 5 December 2017. https://detechter.com/lord-chitragupta-who-helps-lord-yamaraj-to-maintain-karmic-accounts/। আহৰণ কৰা হৈছে: 12 March 2021. 
  16. Danielou, Alain (2017-01-01) (en ভাষাত). The Myths and Gods of India: The Classic Work on Hindu Polytheism. Motilal Banarsidass. ISBN 978-81-208-3638-9. https://books.google.com/books?id=OIXtDwAAQBAJ&q=yama+god+of+justice+dharma&pg=PA132. 
  17. "Sanskrit Dictionary for Spoken Sanskrit". spokensanskrit.org. http://spokensanskrit.org/index.php?tran_input=yama&direct=se&script=hk&link=yes&mode=3। আহৰণ কৰা হৈছে: 2019-10-17. 
  18. 18.0 18.1 18.2 18.3 18.4 18.5 18.6 18.7 Macdonell, Arthur Anthony (1897). Vedic Mythology. Oxford University Press. পৃষ্ঠা. 171-173. 
  19. "Yama And Markandeya – Chapter – 1 "Introduction" – Wattpad". www.wattpad.com. https://www.wattpad.com/339449859-yama-and-markandeya-chapter-1-introduction। আহৰণ কৰা হৈছে: 9 January 2021. 
  20. Arthur Anthony Macdonell (1995). Vedic Mythology. Motilal Banarsidass. পৃষ্ঠা. 172. ISBN 978-8120811133. https://books.google.com/books?id=b7Meabtj8mcC&pg=PA172. 
  21. ^  a  b  c  Shulman pp. 36–39, 41
  22. "Yama – The god of death |". Hindu Scriptures | Vedic lifestyle, Scriptures, Vedas, Upanishads, Itihaas, Smrutis, Sanskrit.. 13 December 2017. https://www.hinduscriptures.com/gods/devta/yama-god-death/1364/। আহৰণ কৰা হৈছে: 9 January 2021. 
  23. "Rig Veda Book 10 Hymn 14 Yama". Sacred-Texts. http://www.sacred-texts.com/hin/rigveda/rv10014.htm। আহৰণ কৰা হৈছে: July 8, 2017. 
  24. Warrier, Shrikala (2014). Kamandalu: The Seven Sacred Rivers of Hinduism. Mayur University London; First edition. পৃষ্ঠা. 291. ISBN 978-0953567973. 
  25. "How much do you know about Yamaraj – The Hindu God of Death?". www.speakingtree.in. https://www.speakingtree.in/blog/yamaraj-the-hindu-god-of-death। আহৰণ কৰা হৈছে: 2018-01-07. 
  26. "Yama: The God of Death in Hinduism". Sanskriti – Hinduism and Indian Culture Website. 15 March 2015. Archived from the original on 11 January 2021. https://web.archive.org/web/20210111222204/https://www.sanskritimagazine.com/indian-religions/hinduism/yama-the-god-of-death-in-hinduism/। আহৰণ কৰা হৈছে: 9 January 2021. 
  27. Effectuation of Shani Adoration pg. 10 at https://books.google.com/books?id=RnzLgxvmOFkC&pg=PA9&dq=shani+karma&cd=2#v=onepage&q=shani%20karma&f=false
  28. The Great Temples of India, Ceylon, and Burma By Asian Educ Service, p.19
  29. https://archive.org/details/vishnudharmottar031493mbp
  30. Rao 1914, vol. 2, p. 525
  31. Jamison, Stephanie; Brereton, Joel (2014). The Rigveda: The Earliest Religious Poetry of India. Oxford University Press. পৃষ্ঠা. 1381-1383, 1389-1390. ISBN 9780199370184. 
  32. Jamison & Brereton 2014, পৃষ্ঠা. 1392.
{{bottomLinkPreText}} {{bottomLinkText}}
যম
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?