For faster navigation, this Iframe is preloading the Wikiwand page for আলং.

আলং

আলং
—  নগৰ  —
আলং
আলংৰ অৱস্থান
অৰুণাচল প্ৰদেশ আৰু ভাৰত
স্থানাঙ্ক 28°10′N 94°46′E / 28.17°N 94.77°E / 28.17; 94.77
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা পশ্চিম ছিয়াং
প্ৰতিষ্ঠা ১৯৪৮
জনসংখ্যা 20,680[1] (2011)
চৰকাৰী ভাষা ইংৰাজী
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা


619 m (2,031 ft)

জলবায়ু

উষ্ণতা
• গ্ৰীষ্মকালিন
• শীতকালিন

Cfa (Köppen)

     ২৪.৭°ছে (৭৬.৪৬°ফা)
     ১৮.৫°ছে (৬৫.৩°ফা)

ক'ড
  • পিনক'ড • 791 001
    • ফোন • +91 3783 XXX XXXX
    • যান-বাহনৰ নম্বৰ • AR-08

আলং বা আল' (Aalo) উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।

জনসংখ্যা

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি আলঙৰ জনসংখ্যা ১৬,৮৩৪ জন।[2] ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা। আলঙৰ সাক্ষৰতাৰ হাৰ ৬৯%। ইয়াৰে ৭৫% পুৰুষ আৰু ৬১% মহিলা। আলঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৬ গৰাকী। নগৰখনৰ জনসংখ্যাৰ ১৫% ছবছৰৰ অনুৰ্দ্ধৰ।

আলঙৰ সংখ্যাগৰিষ্ঠ লোক গালো জনজাতিৰ। ইয়াত ব্যৱহৃত মূল ভাষা হৈছে গালো ভাষা (Galo)। নগৰখনৰ অধিকাংশ লোক দ'নী প'ল'ৰ অনুগামী আৰু বাকী লোকসকল খ্ৰীষ্টান, তিব্বতীয় বৌদ্ধ, হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী।

যাতায়ত

[সম্পাদনা কৰক]

অসমৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা ইটানগৰ সংযোগী পথটোৱে আলং নগৰখনকো সংযোগ কৰিছে। আলঙৰ পৰা ইটানগৰলৈ নিয়মীয়া বাছ সেৱা আছে। অৰুণাচলৰ পাছিঘাটৰ পৰা আলঙলৈ দুৰত্ব ১০৬ কিমি আৰু ময়িং (Moying) লৈ ১৫০ কিমি।

আলঙৰ নিকটতম বিমানকোঠটো লিকাবালিত অৱস্থিত। লিকাবালিৰ পৰা অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ বিমানসেৱা আছে।

আলঙত এতিয়াও ৰেলসেৱা প্ৰৱৰ্ত্তন হোৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচনটো চিলাপথাৰত অৱস্থিত।[3]

প্ৰচাৰ মাধ্যম

[সম্পাদনা কৰক]

আলঙত অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা কেন্দ্ৰ আছে যাক আকাশবাণী আলং নামেৰে জনা যায়।

সংস্কৃতি

[সম্পাদনা কৰক]

আলঙত উদযাপন কৰা প্ৰধান উৎসৱটো হ’ল মোপিন উত্‍সৱ। এই উৎসৱ এপ্ৰিল মাহত পালন কৰা হয়। তাৰোপৰি জানুৱাৰী মাহত আলঙত য়’মগ’ নদী উৎসৱ (Yomgo River Festival) পালন কৰা হয়। এই উৎসৱৰ প্ৰধান উদেশ্য হৈছে আলঙৰ স্থানীয় কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জড়িয়তে পৰ্য্যটনৰ বিকাশ কৰা।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
আলং
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?