For faster navigation, this Iframe is preloading the Wikiwand page for মনমোহন সিং.

মনমোহন সিং

এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন।আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে।


মনমোহন সিং
১৩তম ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২২ মে' ২০১৪ – ২৬ মে' ২০১৪
ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম
প্ৰতিভা পাটিল
প্ৰণৱ মুখাৰ্জী
পূৰ্বসূৰী অটল বিহাৰী বাজপেয়ী
উত্তৰসূৰী নৰেন্দ্ৰ মোদী
ভাৰতৰ বিত্ত মন্ত্ৰী
কাৰ্যকাল
২৬ জুন, ২০১২ – ৩১ জুলাই, ২০১২
পূৰ্বসূৰী প্ৰণৱ মুখাৰ্জী
উত্তৰসূৰী পি চিডাম্বৰাম
কাৰ্যকাল
৩০ নৱেম্বৰ, ২০০৮ – ২৪ জানুৱাৰী, ২০০৯
পূৰ্বসূৰী পি চিডাম্বৰাম
উত্তৰসূৰী প্ৰণৱ মুখাৰ্জী
কাৰ্যকাল
২১ জুন, ১৯৯১ – ১৬ মে, ১৯৯৬
প্ৰধানমন্ত্ৰী পি ভি নৰসিংস ৰাও
পূৰ্বসূৰী Yashwant Sinha
উত্তৰসূৰী Jaswant Singh
ভাৰতৰ ৰেল মন্ত্ৰী
কাৰ্যকাল
19 May 2011 – 13 July 2011
পূৰ্বসূৰী Mamata Banerjee
উত্তৰসূৰী Dinesh Trivedi
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
কাৰ্যকাল
6 November 2005 – 24 October 2006
পূৰ্বসূৰী K. Natwar Singh
উত্তৰসূৰী Pranab Mukherjee
পৰিকল্পনা আয়োগৰ উপ-সভাপতি
কাৰ্যকাল
15 January 1985 – 31 August 1987
প্ৰধানমন্ত্ৰী Rajiv Gandhi
পূৰ্বসূৰী P. V. Narasimha Rao
উত্তৰসূৰী P. Shiv Shankar
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ
কাৰ্যকাল
15 September 1982 – 15 January 1985
পূৰ্বসূৰী I. G. Patel
উত্তৰসূৰী Amitav Ghosh
ব্যক্তিগত তথ্য
জন্ম ২৬ ছেপ্টেম্বৰ, ১৯৩২ (৯১ বছৰ)
গহ, অবিভাজিত পঞ্জাব, British India[1]
মৃত্যু ১৫ অক্টোবৰ ২০২১
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯১ ৰ পৰা এতিয়ালৈ)
আন ৰাজনৈতিক
সম্পৰ্ক
United Front (1996–2004)
United Progressive Alliance (2004–present)
দাম্পত্যসঙ্গী গুৰুচৰণ কৌৰ (১৯৫৮ ৰ পৰা এতিয়ালৈ)
সন্তান উপিন্দৰ
ডমন
অম্ৰিত
বাসস্থান Panchavati
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড়
ছেইণ্ট জনচ কলেজ, কেম্ব্ৰিজ
Nuffield College, Oxford
ৱেবছাইট pmindia.gov.in

ড॰ মনমোহন সিং ([mənˈmoːɦən ˈsɪ́ŋɡ] ( শুনক); জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ

মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফ'ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা (১৯৭২-৭৬), ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (১৯৮২-৮৫), পৰিকল্পনা আয়োগৰ অধ্যক্ষ (১৯৮৫-৮৭) আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।

১৯৯১ চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ড॰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাচৰ কেইবছৰত ড॰ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল, যদিও ১৯৯৬ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তথাক্ৰমে পাচৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধীপক্ষৰ নেতা হিচাবে কংগ্ৰেছ দলৰ নেতৃত্ব কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাবে মনমোহন সিঙক প্ৰধানমন্ত্ৰিত্ব অৰ্পণ কৰে। সিঙৰ নেতৃত্বৰ "UPA I" চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিশ্যন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এম্প্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। ২০০৮ চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰলৈ সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হ'বলৈ ওলাইছিল। যদিও UPA I -অৰ কাৰ্য্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট উৰ্ধগামী হয়, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায়।

২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰে। পাচৰ কেইবছৰত কমনৱেল্থ গেমচৰ আয়োজন, ২ জি স্পেক্ট্ৰাম, কয়লাৰ আবণ্টন আদি কেইবাটাও দুৰ্নীতি কাণ্ডই চৰকাৰক জুৰুলা কৰে।

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত পঞ্জাবৰ গহত(বৰ্তমান পাকিস্তানত) গুৰমুখ সিঙৰ ঔৰসত আৰু অমৃত কৌৰৰ গৰ্ভত মনমোহন সিঙে জন্মলাভ কৰে। শিশু অৱস্থাতে মাকক হেৰুওৱা মনমোহনক আইতাকে (দেউতাকৰ মাক) তুলি-তালি ডাঙৰ-দীঘল কৰে।

দেশ বিভাজনৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভাৰতৰ অমৃতসৰলৈ গুছি আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। তাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ক্ৰমে ১৯৫২ আৰু ১৯৫৪ চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ 'ট্ৰাইপচ' (Tripos) সফলতাৰে সমাপ্ত কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সআন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hindus Contribution Towards Making Of Pakistan 22 May 2010. Retrieved 28 January 2011

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
মনমোহন সিং
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?