For faster navigation, this Iframe is preloading the Wikiwand page for মেলেৰিয়া.

মেলেৰিয়া

অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
মেলেৰিয়া
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

A Plasmodium in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a sporozoite) traverses the cytoplasm of a mosquito midgut epithelial cell.
আই.চি.ডি.-10 B50-B54
আই.চি.ডি.-9 084
OMIM 248310
ডিজিজেছ ডে'টাবে'ছ 7728
মেডলাইন প্লাছ 000621
ইমেডিচিন med/1385 emerg/305 ped/1357
MeSH C03.752.250.552

https://youtube.com/@RahulZGCreation Archived 2023-01-06 at the Wayback Machine

মেলেৰিয়া (ইংৰাজী: Maleria)ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয়। (অণুবীক্ষণ যন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায়। যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে।

মেলেৰিয়াৰ লক্ষণ

[সম্পাদনা কৰক]

মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-

(১) শীতল অৱস্থা- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয়। ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে। আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে। এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পৰ্যন্ত থাকিব পাৰে।

(২) উষ্ণ অৱস্থা - এই অৱস্থাত জ্বৰ ইমানেই বেছি হয় যে ৰোগীজনৰ‌ প্ৰচণ্ড উত্তাপ অনুভৱ হয় আৰু গাৰ কাপোৰ খুলি পেলাই দিয়ে। ৰোগীৰ তীব্ৰ মূৰ কামুৰণি হয়। মাজে মাজে বমিও হয়। এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পৰ্যন্ত্য থাকে। নাড়ীৰ স্পন্দন জোৰেৰে হয়। ৰোগীৰ খুব পিয়াঁহ লাগে।

(৩) ঘৰ্মাক্ত অৱস্থা- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে। এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত্য থাকে।

মেলেৰিয়াৰ প্ৰকাৰ

[সম্পাদনা কৰক]

পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে। সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া)। ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক। অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে। পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে। শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে। আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
মেলেৰিয়া
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?