For faster navigation, this Iframe is preloading the Wikiwand page for লিম্ফ'মা.

লিম্ফ'মা

লিম্ফ'মা
লিম্ফ ন'ডৰ ঠাইত কূপীয় লিম্ফ'মা
বিভাগ হেমাট'লজি আৰু অনক'লজি
লক্ষণ লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ, ঘাম, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি, ভাগৰুৱা অনুভৱ কৰা[1][2]
আশংকাৰ কাৰণ এপষ্টাইন–বাৰ ভাইৰাছ, স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্‌ছ, ধূমপান সেৱন[2][3]
ৰোগ নিৰূপণ লিম্ফ ন'ড বায়'প্সি[1][2]
চিকিৎসা কেম'থেৰাপি, ৰেডিয়েশ্যন থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, শল্য চিকিৎসা[1][2]
আৰোগ্য সম্ভাৱনা গড় হিচাপত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ: ৮৫% (আমেৰিকা যুক্তৰাষ্ট্ৰ)[4]
পুনৰাবৃত্তি ৪.৯ মিলিয়ন (২০১৫)[5]
মৃত্যু ২০৪,৭০০ (২০১৫)[6]

লিম্ফ'মা (ইংৰাজী: Lymphoma) হৈছে লিম্ফ'ছাইটৰ (শ্বেত ৰক্ত কোষৰ এক প্ৰকাৰ) পৰা বিকশিত তেজ আৰু লসীকা বা লিম্ফৰ টিউমাৰৰ এটা গোট। বৰ্তমান সময়ত লিম্ফ'মা নামটোৱে সাধাৰণতে এনে সকলো টিউমাৰৰ পৰিৱৰ্তে কেৱল কৰ্কট ৰোগজনিত সংস্কৰণক বুজায়।[7] লক্ষণসমূহৰ ভিতৰত লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ, ঘামত তিতি যোৱা, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি হোৱা আৰু অনবৰতে ভাগৰুৱা অনুভৱ কৰা অন্যতম।[1][2] বৃদ্ধি হোৱা লিম্ফ ন'ডবোৰ সাধাৰণতে বিষহীন হয়।[1] সচৰাচৰ ৰাতিৰ সময়ত ঘাম বেছিকৈ ওলায়।[1][2]

লিম্ফ'মাৰ বহুতো উপপ্ৰকাৰ জনা যায়।[8] লিম্ফ'মাৰ দুটা ঘাই শ্ৰেণী হৈছে হজকিন লিম্ফ'মা (HL) (১০% কেছৰ ক্ষেত্ৰত)[9] আৰু নন-হজকিন লিম্ফ'মা (NHL) (৯০% কেছৰ ক্ষেত্ৰত)।[9][10] বিশ্ব স্বাস্থ্য সংস্থাই লিম্ফ'মাৰ প্ৰকাৰ হিচাপে আন দুটা শ্ৰেণী অন্তৰ্ভুক্ত কৰিছে – প্লাজমা কোষ মাইল’মা আৰু লিম্ফ'প্ৰলিফেৰেটিভ ৰোগ।[11] লিম্ফ'মা আৰু লিউকেমিয়া হৈছে হেমাট'পয়েটিক আৰু লিম্ফ'ইড কলাৰ টিউমাৰৰ এটা বিশাল গোটৰ অংশ।[12]

হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল এপষ্টাইন–বাৰ ভাইৰাছৰ সংক্ৰমণ আৰু পৰিয়ালত এই ৰোগৰ ইতিহাস।[1] আনহাতে, সাধাৰণ প্ৰকাৰৰ নন-হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্‌ছ, মানৱ টি-লিম্ফ’ট্ৰপিক ভাইৰাছৰ সংক্ৰমণ, ইমিউন’ছাপ্ৰেছিভ ঔষধ, আৰু কিছুমান কীটনাশক।[2][13] প্ৰচুৰ পৰিমাণে ৰেড মীট খোৱা আৰু ধঁপাত সেৱন কৰিলেও বিপদাশংকা বৃদ্ধি পাব পাৰে।[3][14][15] যদিহে বৃদ্ধি হোৱা লিম্ফ ন'ডৰ উপস্থিতি দেখা যায়, তেতিয়া সচৰাচৰ লিম্ফ ন'ড বায়'প্সিৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়।[1][2] তেজ, প্ৰস্ৰাৱ আৰু অস্থি মজ্জাৰ পৰীক্ষা কৰাটোও ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে।[2] তাৰ পিছত মেডিকেল ইমেজিঙৰ সহায়ত কৰ্কট ৰোগ বিয়পি পৰিছে নে নাই আৰু ক'ত বিয়পি পৰিছে সেয়া নিৰ্ণয় কৰিব পাৰি।[1][2] লিম্ফ'মা প্ৰায়ে হাওঁফাওঁ, যকৃত আৰু মগজুলৈ বিয়পে।[1][2]

চিকিৎসাৰ ভিতৰত আছে কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, আৰু অস্ত্ৰোপচাৰ।[1][2] কিছুমান নন-হজকিন লিম্ফ'মাত লিম্ফ'মা কোষৰ দ্বাৰা উৎপন্ন হোৱা প্ৰটিনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেজ ইমানেই ডাঠ হৈ পৰে যে প্ৰটিনখিনি আঁতৰাবলৈ প্লাজমাফেৰেছিছ সম্পন্ন কৰা হয়।[2] আমেৰিকা যুক্তৰাষ্ট্ৰত সকলো হজকিন লিম্ফ'মাৰ উপপ্ৰকাৰৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৮৫%,[4] আনহাতে নন-হজকিন লিম্ফ'মাৰ ক্ষেত্ৰত এই হাৰ ৬৯%।[16] ২০১২ চনত গোটেই বিশ্বজুৰি ৫ লাখ ৬৬ হাজাৰ লোকৰ দেহত লিম্ফ'মা বিকশিত হৈছিল আৰু ৩ লাখ ৫ হাজাৰ লোকৰ মৃত্যু হৈছিল।[11] সকলো কৰ্কট ৰোগৰ ভিতৰত ৩–৪ শতাংশই লিম্ফ'মা।[11][17] উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহত লিম্ফ'মা বেছিকৈ হোৱা পৰিলক্ষিত হয়।[11]

টমাছ হজকিন

১৮৩২ চনত টমাছ হজকিনে লিম্ফ'মাৰ প্ৰথম বৰ্ণনা আগবঢ়াইছিল, বিশেষকৈ তেওঁৰ নামেৰে নামকৰণ কৰা ৰূপটোৰ।[18] তেতিয়াৰ পৰাই আন বহু ধৰণৰ লিম্ফ'মাৰ বৰ্ণনা আগবঢ়োৱা হৈছে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

"লিম্ফ'মা" শব্দটো লেটিন ভাষাৰ লিম্ফা ("পানী") আৰু গ্ৰীক ভাষাৰ -oma ("ৰোগ বৃদ্ধি, টিউমাৰ")ৰ পৰা আহিছে।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 "General Information About Adult Hodgkin Lymphoma". National Cancer Institute. 2014-04-23. http://www.cancer.gov/cancertopics/pdq/treatment/adulthodgkins/Patient/page1/AllPages। আহৰণ কৰা হৈছে: 9 September 2022. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 "General Information About Adult Non-Hodgkin Lymphoma". National Cancer Institute. 2014-04-25. http://www.cancer.gov/cancertopics/pdq/treatment/adult-non-hodgkins/Patient/page1/AllPages। আহৰণ কৰা হৈছে: 9 September 2022. 
  3. 3.0 3.1 "Cigarette smoking and risk of Hodgkin lymphoma and its subtypes: a pooled analysis from the International Lymphoma Epidemiology Consortium (InterLymph)". Annals of Oncology খণ্ড 24 (9): 2245–2255. September 2013. doi:10.1093/annonc/mdt218. PMID 23788758. 
  4. 4.0 4.1 "Hodgkin Lymphoma—SEER Stat Fact Sheets". Seer.cancer.gov. http://seer.cancer.gov/statfacts/html/hodg.html। আহৰণ কৰা হৈছে: 9 September 2022. 
  5. "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015". Lancet খণ্ড 388 (10053): 1545–1602. October 2016. doi:10.1016/S0140-6736(16)31678-6. PMID 27733282. 
  6. Wang, Haidong et al. (October 2016). "Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015". Lancet খণ্ড 388 (10053): 1459–1544. doi:10.1016/s0140-6736(16)31012-1. PMID 27733281. 
  7. Taylor, Elizabeth J. (2000). Dorland's Illustrated medical dictionary. (29th সম্পাদনা). প্ৰকাশক Philadelphia: Saunders. পৃষ্ঠা. 1038. ISBN 0721662544. https://archive.org/details/trent_0116404640520/page/1038. 
  8. Aditya Bardia (2010). Johns Hopkins Patients' Guide to Lymphoma. Jones & Bartlett Learning. পৃষ্ঠা. 6. ISBN 9781449631413. https://books.google.com/books?id=IG05tEhKGq4C&pg=PA6. 
  9. 9.0 9.1 The Lymphoma Guide Information for Patients and Caregivers. 2013. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714194242/http://www.lls.org/content/nationalcontent/resourcecenter/freeeducationmaterials/lymphoma/pdf/lymphomaguide.pdf। আহৰণ কৰা হৈছে: 9 September 2022. 
  10. "Lymphoma". NCI. 2011-02-02. http://www.cancer.gov/dictionary?cdrid=45368। আহৰণ কৰা হৈছে: 9 September 2022. 
  11. 11.0 11.1 11.2 11.3 World Cancer Report 2014.. World Health Organization. 2014. পৃষ্ঠা. Chapter 5.13. ISBN 978-9283204299. 
  12. "The 2008 revision of the World Health Organization (WHO) classification of myeloid neoplasms and acute leukemia: rationale and important changes". Blood খণ্ড 114 (5): 937–951. July 2009. doi:10.1182/blood-2009-03-209262. PMID 19357394. 
  13. "The association between non-Hodgkin lymphoma and organophosphate pesticides exposure: A meta-analysis". Environmental Pollution খণ্ড 231 (Pt 1): 319–328. December 2017. doi:10.1016/j.envpol.2017.08.028. PMID 28810201. 
  14. "Red and Processed Meat Consumption Increases Risk for Non-Hodgkin Lymphoma: A PRISMA-Compliant Meta-Analysis of Observational Studies". Medicine খণ্ড 94 (45): e1729. November 2015. doi:10.1097/MD.0000000000001729. PMID 26559248. 
  15. "Meat intake and non-Hodgkin lymphoma: a meta-analysis of observational studies". Cancer Causes & Control খণ্ড 27 (5): 595–606. May 2016. doi:10.1007/s10552-016-0745-2. PMID 27076059. 
  16. "SEER Stat Fact Sheets: Non-Hodgkin Lymphoma". NCI. http://seer.cancer.gov/statfacts/html/nhl.html। আহৰণ কৰা হৈছে: 9 September 2022. 
  17. Marcus, Robert (2013). Lymphoma : pathology, diagnosis and treatment (Second সম্পাদনা). পৃষ্ঠা. 1. ISBN 9781107010598. https://books.google.com/books?id=SX0LAgAAQBAJ&pg=PP1. 
  18. Hellman, Samuel; Mauch, P.M. Ed. (1999). "Chapter 1". Hodgkin's Disease. Lippincott Williams & Wilkins. পৃষ্ঠা. 5. ISBN 0-7817-1502-4. 
  19. "-oma". Online Etymology Dictionary. https://www.etymonline.com/word/-oma?ref=etymonline_crossreference. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
বৰ্গীকৰণ
বাহ্যিক সমল
{{bottomLinkPreText}} {{bottomLinkText}}
লিম্ফ'মা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?