For faster navigation, this Iframe is preloading the Wikiwand page for ব্লগ.

ব্লগ

এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগউল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত ((উদ্ধৃতিৰ প্ৰয়োজন)) বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।

ব্লগ হৈছে (ˈৱেবব্লগˈৰ সংক্ষিপ্ত ৰূপ) ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত (এইবোৰক পষ্ট বুলি কোৱা হয়) ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত স্থান পায়। ২০০৯ চন মানলৈ ব্লগবোৰ ঘাইকৈ একো একোজন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত প্ৰকাশ পাইছিল, তাৰ মাজতে দুই এটা ব্লগ সমূহীয়াকৈও প্ৰকাশ পাইছিল। একেদৰে বিষয়বস্তুৰ ক্ষেত্ৰতো তেতিয়া ব্লগবোৰত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি লেখা প্ৰকাশ পাইছিল। ২০১০ চনৰ পিছৰপৰা "একাধিক লেখকৰ সন্মিলিত ব্লগ" (ইংৰাজীত যাক কোৱা হয় multi-author blogs বা চমুকৈ MABs) প্ৰকাশৰ জোৱাৰ উঠে বুলিব পাৰি। এনেবোৰ ক্ষেত্ৰত একেটা ব্লগতে বহু লোকৰ লেখা বা পষ্ট প্ৰকাশ পায়। এনে সন্মিলিত ব্লগ কিছুমান সম্পাদনা কৰিবলৈ আজিকালি বৃত্তিগত লোকো নিয়োগ কৰা হয়। সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, ছাত্ৰসমাজ, উকীল সংস্থা বা অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ওলোৱা সমূহীয়া ব্লগৰ লেখ-জোখ নাই। ব্লগৰ বিভিন্ন ৱেবপৃষ্ঠাবোৰে ইণ্টাৰনেটৰ জগতখনত এটা ডাঙৰ অংশ আগুৰি আছে বুলিব পাৰি।

১৯৯০ দশকৰ শেষৰফালে যেতিয়া ৱেব মাধ্যমত প্ৰকাশৰ সঁজুলিবোৰ উন্নত আৰু সৰল হ'বলৈ ধৰিলে, আৰু HTML বা কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ দৰে বিষয়ৰ কাৰিকৰী জ্ঞান নথকা মানুহবোৰেও ইণ্টাৰনেটত কিবা এটা প্ৰকাশ কৰাৰ পৰিৱেশ সৃষ্টি হ'ল; তেতিয়াৰ পৰাই ব্লগৰ বিকাশ আৰু জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আগতে ৱেবত কিবা এটা সূচী বা প্ৰবন্ধ প্ৰকাশ কৰিবলৈ HTML বা ফাইল ট্ৰেঞ্চফাৰ প্ৰট'ক'ল সম্পৰ্কে জনাটো আৱশ্যকীয় আছিল, আৰু তেনে লোকসকল সাধাৰণতে হেকাৰ বা কম্পিউটাৰ সম্পৰ্কে অতি উৎসাহী লোকহে আছিল। কিন্তু ২০১০ চনৰ পিছৰ পৰা অধিকাংশ ৱেবচাইটেই interactive Web 2.0 শ্ৰেণীৰ হ'লগৈ, যাৰ ফলস্বৰূপে অনলাইনতে ৱেবচাইট একোটাত মন্তব্য আগবঢ়াব পৰাও হ'ল। এই সুবিধাটোৱেই পূৰ্বৰ স্থিৰ ৱেবচাইটবোৰৰ পৰা নতুন ৱেবচাইটবোৰক (ব্লগ) পৃথক কৰি তুলিলে। সেইটো ফালৰ পৰা চাবলৈ গ'লে ব্লগিঙে ছ'চিয়েল নেটৱৰ্কিং চাইটৰ ভূমিকাও পালন কৰা বুলি ক'ব পাৰি। প্ৰকৃতপক্ষে ব্লগাৰসকলে যে নিজৰ ব্লগত নতুন নতুন সূচী বা লেখাই প্ৰকাশ কৰি থাকে তেনে নহয়, তেওঁলোকে আন ব্লগাৰ আৰু পঢ়ুৱৈৰ লগত এক সম্পৰ্কও গঢ়ি তোলে। অৱশ্যে এনে কিছুমান বহুল-পঠিত ব্লগো আছে, যিবোৰত মন্তব্য দিয়াৰ সুবিধাটো নাথাকে।

সাধাৰণতে একোটা ব্লগত লেখা, ডিজিটেল চিত্ৰ, আন ব্লগলৈ যাব পৰা লিংক, ৱেবপৃষ্ঠা আৰু বিষয়টোৰ লগত জড়িত আন মাধ্যমসমূহ থাকে। অধিকাংশ ব্লগেই মূলতঃ লেখাকেন্দ্ৰীক যদিও কলা, চিত্ৰ, ভিডিঅ' (ইয়াক ভ্লগ বুলি জনা যায়), অডিঅ' আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্লগো আছে।

নতুন ব্লগ সৃষ্টি

[সম্পাদনা কৰক]

ব্লগ সৃষ্টি কৰিবলৈ বিভিন্ন অনলাইন প্লে'টফৰ্ম ব্যৱহাৰ কৰিব পাৰি। এনে প্লে'টফৰ্মসমূহৰ ভিতৰত ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদিৰ দৰে জনপ্ৰিয় ব্লগিং ৱেবচাইটসমূহে খৰচবিহীনভাৱেও ব্লগ খোলাৰ সুবিধা দিয়ে। অৱশ্যে বিনামূল্যে খোলা ব্লগসমূহত সকলোবোৰ সুবিধা সক্ৰিয় কৰিব পৰা নাযায়। কিন্তু মাহিলি বা বছৰেকীয়া ভিত্তিত পইছা আদায় কৰি বাণিজ্যিক আঁচনি সক্ৰিয় কৰি ল'লে ব্লগটো নিজৰ ইচ্ছামতে সজাই-পৰাই তুলিব পাৰি আৰু অধিক আকৰ্ষণীয়কৈ গঢ় দিব পাৰি। তদুপৰি পইছা আদায়ৰ দ্বাৰা ব্লগটোৰ বাবে নিজ পছন্দৰ ডমেইনো ক্ৰয় কৰিব পাৰি।

ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদি ব্লগিং ৱেবচাইটবোৰ খুলি চালেই তাত ব্লগ খোলাৰ নিৰ্দেশনাসমূহ ভালদৰে বুজাই দিয়া হয়। এই নিৰ্দেশনা অনুসৰি পাঁচ-দহ মিনিটৰ ভিতৰতে এটা ব্লগ খুলি ল'ব পাৰি। গতিকে ব্লগ খোলাটো আজিৰ দিনত খুব সাধাৰণ কথাৰ লেখীয়া। অৱশ্যে ব্লগিঙৰ ক্ষেত্ৰখনত সফল হ'বলৈ নিয়মীয়াকৈ লেখা বা আন বিষয়বস্তু প্ৰকাশ কৰি থকা প্ৰয়োজন।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ব্লগ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?