For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:সহায়িকা/স্মৰ্তব্য.

ৱিকিপিডিয়া:সহায়িকা/স্মৰ্তব্য

ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    

ৱিকিপিডিয়াত সম্পাদনা কৰোঁতে কেইটামান কথা মনত ৰাখিব

সম্পাদনা নীতি

বিষয়বস্তু

ৱিকিপিডিয়া এখন সকলোৱে সম্পাদনা কৰিব পৰা বিশ্বকোষ (লগতে পঞ্জীকাত থকা ধৰণৰ কিছুমান বিষয়ো থাকে)। গতিকে ইয়াত "উল্লেখযোগ্য" বিষয়ৰহে প্ৰবন্ধ থাকিব লাগে। উল্লেখযোগ্যতাৰ ওপৰত মাজে-সময়ে ৱিকিপিডিয়াত বিতৰ্ক হয় যদিও এটা কথা ঠিক যে পৃথিৱীৰ প্ৰতিজন মানুহ, প্ৰতিখন গাঁও বা প্ৰতিটো পথৰ ওপৰত প্ৰবন্ধ থাকিব নালাগে। অ-বিশ্বকোষীয় কিছুমান সমলৰ বাবে ভগ্নী প্ৰকল্পসমূহ আছেই।

বিশ্বকোষৰ প্ৰবন্ধবোৰ "বিষয়"টোৰ সম্পৰ্কেহে, বিষয়টোৰ "শব্দ"বোৰৰ ওপৰত নহয়। গতিকে অভিধান এখনত পাব পৰা শব্দ বা বাক্যাংশৰ অৰ্থ ৱিক্স্যনেৰীতহে দিয়া উচিত।

আনৰ সহায়ক হ'ব পৰাকৈ ৰাজহুৱা প্ৰান্তৰ কোনো মূল উৎসৰ পাঠ আপুনি ৱিকিচ'ৰ্ছত দিব পাৰে।

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):

সকলো আনুসংগিক প্ৰকল্পৰ তালিকাৰ বাবে ৱিকিপিডিয়া প্ৰকল্পৰ সম্পূৰ্ণ তালিকা চাওক।

ৱিকিপিডিয়া কোনো "মৌলিক গৱেষণা"ৰ স্থান নহয়। ৱিকিপিডিয়াত নিলিখিবলগীয়া অধিক কথাৰ বাবে ৱিকিপিডিয়া কি নহয় আৰু ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি) চাওক।

লিখকসকলে নিজৰ বিষয়ে বা নিজৰ সফলতাৰ বিষয়ে লিখা উচিত নহয় কাৰণ তেতিয়া আদৰ্শৰ বিবাদ হ'ব পাৰে। আপুনি যদি সঁচাকৈয়ে সফল ব্যক্তি, আন কোনোবাই দেৰিকৈ হ'লেও আপোনাৰ বিষয়ে লিখিব। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:আত্মজীৱনী চাওক।

নিৰপেক্ষ দৃষ্টিভংগী

"নিৰপেক্ষ দৃষ্টিভংগীৰে প্ৰবন্ধ লিখাটো ৱিকিপিডিয়াৰ এটা মূল নীতি। ইয়াক চমুকৈ "NPOV" বুলিও কোৱা হয়। এই নীতি অনুসৰি কোনো বিষয়ত সকলো দৃষ্টিভংগীক সমানে গুৰুত্ব দিয়া হয়। এটা দৃষ্টিকোণেৰে মন্তব্য দিয়াৰ সলনি আমি বিচাৰ নকৰাকৈ সকলো সৃষ্টিকোণেৰে বিষয়টো ফঁহিয়াই চাবলৈ চেষ্টা কৰোঁ। তথ্যৰ উপস্থাপনহে আমাৰ লক্ষ্য। আমাৰ নীতি মানি চলিলেও প্ৰবন্ধ এটা ১০০% "বস্তুগত নহ'ব পাৰে।

প্ৰবন্ধ এটাত বিবেচনা ব্যক্ত কৰিব পাৰি. কিন্তু সেয়া সত্য বুলি প্ৰমাণৰ চেষ্টা কৰিব নালাগে। এইবোৰ লিখোঁতে এনেকৈ লিখা ভাল: "সমৰ্থকসকলৰ মতে..." আদি।

কোনো কোনো প্ৰবন্ধৰ নিৰপেক্ষতা লৈ প্ৰশ্ন উঠিব পাৰে। বিজ্ঞাপনধৰ্মী প্ৰবন্ধ বা ৰাজনৈতিক দ্বন্দ এই শ্ৰেণীত পৰে। কেতিয়াবা কেৱল এটা দৃষ্টিকোণক বেছি প্ৰাধান্য দিলেও এনে হয়।

যদি আপুনি ৰাজনীতি বা ধৰ্মৰ কোনো বিতৰ্কিত বিষয়ৰ প্ৰবন্ধ লিখিব খুজিছে, তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰ পৃষ্ঠাখন পঢ়ি লওক। আপুনি সম্পাদনা গৰম হ'লে নিজকে ঠাণ্ডা ৰখাৰ উপায় ৰচনাখনো পঢ়া উচিত। নিজৰ পছন্দৰ বিষয় গণিত বা বোলছবি এখনৰ বিষয়ে উচ্চাসিত প্ৰবন্ধ লিখাৰ আগতেও এয়া পঢ়া উচিত। অধিক তথ্যৰ বাবে NPOV সহায়িকা চাওক।

উৎসৰ উল্লেখ

আপুনি বৰঙণি দিয়া তথ্যৰ বাবে উপযুক্ত উৎসৰ উল্লেখ কৰাটোও প্ৰয়োজনীয়। একে কথা এই সহায়িকাৰ "উদ্ধৃতি" পৃষ্ঠাখনত কোৱা হৈছে। উদ্ধৃতিয়ে পাঠকসকলক আপোনাৰ কথাৰ সত্যাসত্য প্ৰমাণ কৰাত আৰু অধিক তথ্য বিচাৰি উলিওৱাত সহায় কৰে।

পাঠকসকলৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি দৰকাৰী ৱেবছাইটৰ তালিকা "বহিঃ সংযোগ" অনুচ্ছেদত দিয়া উচিত। তথ্যসূত্ৰত নথকা দৰকাৰী কিতাপৰ তালিকা "অতিৰিক্ত পঠন" অনুচ্ছেদত লিখা উচিত।

অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখ চাওক


কপিৰাইট

স্বত্বাধিকাৰ থকা বস্তু অনুমতি অবিহনে ৱিকিপিডিয়াত অন্তৰ্ভুক্ত নকৰিব। প্ৰবন্ধত তথ্য সন্নিবিষ্ট কৰোঁতে নিজৰ ভাষাত লিখক। মনত ৰাখিব যে ৱেবছাইটটোৱে আন ব্যক্তব্য নিদিয়া পৰ্যন্ত ইণ্টাৰনেটত পোৱা সকলো তথ্যৰ কপিৰাইট থাকে।

অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:কপিৰাইট চাওক


লিপ্যন্তৰ

অসমীয়াত ৱিকিপিডিয়াত বিদেশী শব্দৰ অসমীয়া প্ৰতিৰূপৰ বাবে এতিয়াও কোনো ধৰাবন্ধা নীতি নাই।

অধিক তথ্যৰ বাবে ৰচনাশৈলীৰ হাতপুথি (বানান) চাওক


আচৰণ

ৱিকিপিডিয়াৰ পৰিবেশ মুকলি আৰু বাৰ্তালাপ বন্ধুসুলভ হোৱা উচিত। কোনো কথাত দ্বিমত থাকিব পাৰে কিন্তু সেইবুলি ৱিকিপিডিয়ানসকলে শিষ্টাচাৰ পৰিত্যাগ কৰিব নালাগে।

আটাইতকৈ দৰকাৰী কথাটো হ'ল আন সম্পাদকৰ প্ৰতি সদ্ভাৱ ৰখাটো। আনে মনত বেয়া ভাব লৈ কিবা কৰিছে বুলি ভাবিব নালাগে। কিবা কথাত আপুনি দুখ পালে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত বা সদস্যজনৰ আলোচনা পৃষ্ঠাত সেয়া খোলোচা কৰক।

অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:আচৰণ চাওক


প্ৰবন্ধ সৃষ্টি

ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি কৰাৰ সময়ত এই সহায়িকাত দিয়া পৰামৰ্শবোৰ মানি চলিবলৈ চেষ্টা কৰক আৰু নিৰপেক্ষতাৰ দৰে নীতিবোৰ অনুসৰণ কৰক। প্ৰবন্ধৰ বিশ্বাসযোগ্যতাৰ বাবে উৎসৰ উল্লেখ কৰক। প্ৰবন্ধ সৃষ্টিৰ বাবে আপুনি পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়। নকৰিলেও আপুনি সৃষ্টি কৰিবলগীয়া প্ৰবন্ধ প্ৰক্ৰিয়াটো অৱলম্বন কৰিব পাৰে।



প্ৰবন্ধৰ পুনঃনামকৰণ

যদি আপুনি কোনো প্ৰবন্ধৰ শিৰোনাম ভুল যেন পাইছে, অনুগ্ৰহ কৰি পুৰণা প্ৰবন্ধটোৰ কথাখিনি নতুন শিৰোনামৰ প্ৰবন্ধ পৃষ্ঠালৈ কপী-পে'ষ্ট নকৰিব। এনে কৰিলে প্ৰবন্ধটোৰ পূৰ্বৰ ইতিহাস হেৰাই যায়। শুদ্ধ উপায় হৈছে পৃষ্ঠাখন নতুন নামলৈ স্থানান্তৰ কৰা। ইয়াৰ বাবে আপুনি পঞ্জীয়ন কৰিব লাগিব। এয়া আপোনাৰ প্ৰথম স্থানান্তৰ হ'লে স্থানান্তৰ পৃষ্ঠাত থকা সাৱধানবাণী মনোযোগেৰে পঢ়ি চাওক। যদি এখন "দ্ব্যৰ্থতা দূৰীকৰণ" পৃষ্ঠা জড়িত হৈ আছে, তেন্তে ৱিকিপিডিয়া:দ্ব্যৰ্থতা দূৰীকৰণত এবাৰ চকু ফুৰাওক।

অধিক তথ্যৰ বাবে সহায়:পৃষ্ঠা স্থানান্তৰ চাওক
আপুনি শিকা কথাখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰি চাওক



এই সহায়িকাৰ পৰৱৰ্তী অংশ: পঞ্জীয়ন


{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:সহায়িকা/স্মৰ্তব্য
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?