For faster navigation, this Iframe is preloading the Wikiwand page for ৰুবিকৰ কিউব.

ৰুবিকৰ কিউব

ৰুবিকৰ কিউব
অন্য নাম মেজিক কিউব
প্ৰকাৰ Combination puzzle
উদ্ভাৱক এৰ্নো ৰুবিক
কোম্পানী Seven Towns, ltd
দেশ হাংগেৰী
উপলব্ধতা 1977 (as Hungarian Magic Cube); 1980 (as Rubik's Cube, worldwide)–present
আধিকাৰিক ৱেবছাইট
ৰুবিকৰ কিউবৰ ৰঙসমূহ

ৰুবিকৰ কিউব (ইংৰাজী: Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত[1][2] হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল।[3] ৰুবিকে ১৯৮০ চনত Ideal Toy Corporation নামৰ কোম্পানীটোক ইয়াৰ বাণিজ্যিক উৎপাদন আৰু বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে।[4] কোম্পানীটোৱে ইয়াৰ নাম ৰুবিকচ কিউব অৰ্থাৎ ৰুবিকৰ কিউব ৰাখিলে। সেই একেটা বৰ্ষত ই শ্ৰেষ্ঠ পাজলৰ German Game of The Yearৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয়। ২০০৯ চনলৈ প্ৰায় ৩৫০ মিলিয়ন[5][6] এই ঘনক বিক্ৰীৰে ই পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা পাজল খেল হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়।[7][8]

প্ৰতিটো ক্লাচিক ঘনকৰ ৬খন তলিৰ প্ৰত্যেখনকে ৯খন ষ্টিকাৰে আৱৰি ঠাকে। এই ষ্টিকাৰ সমূহত ৬টা ৰং থাকে- বগা, ৰঙা, নীলা, কমলা, সেউজীয়া আৰু হালধীয়া। বৰ্তমান উপলব্ধ মডেল সমূহত বগা হালধীয়াৰ বিপৰীতে, নীলা সেউজীয়াৰ বিপৰীতে আৰু কমলা ৰঙাৰ বিপৰীতে থাকে। আৰু এই ৰঙা, বগা আৰু নীলা ৰঙকেইটা তলিকেইখনত ঘড়ীৰ কাটাৰ ক্ৰমত থাকে।[9] আভ্যন্তৰীন যান্ত্ৰিক কাৰুকাৰ্য এনেকুৱা যে প্ৰতিখন তলিয়েই সুকীয়াকৈ ঘূৰিব পাৰে। ইয়াৰ ফলত ৰঙসমূহ সানমিহলি হৈ গৈ প্ৰতিখন তলিৰ ৰঙ ভিন্নৰঙী হৈ যায়। পাজলটো সমাধান কৰিবলৈ প্ৰতিখন তলিৰ ৰঙ একে কৰা দৰকাৰ।

যদিও ১৯৮০ৰ দশকত ই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল, আজিও ই বহুল ভাৱে ব্যৱহৃত আৰু সমাদৃত হৈ আছে। ৱৰ্ল্ড কিউব এচ'চিয়েচনে (World Cube Association) ২০০৩ চনৰ পৰা এই পাজল সমাধান কৰা প্ৰতিযোগিতা আয়োযন কৰি আহিছে।

ধাৰণা আৰু বিকাশ

[সম্পাদনা কৰক]

আৰম্ভণিৰ মডেল সমূহ

[সম্পাদনা কৰক]

১৯৭০ চনৰ মাৰ্চত লেৰী নিক'লচে ২x২x২ আকৃতিৰ এক ঘূৰ্ণীয়মান ঘনকৰ পাজল এটা উদ্ভাৱন কৰিছিল আৰু কানাডিয়ান পেটেণ্টৰ বাবে আৱেদন কৰিছিল। ইয়াত ঘনকসমূহ চুম্বকৰ দ্বাৰা এটাৰ সৈতে আনটো লাগি আছিল। ১৯৭২ চনৰ ১১ এপ্ৰিলত ৰুবিকৰ উদ্ভাৱনৰ দুবছৰ আগত নিক'লচক (আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট 3655201 ) আমেৰিকাৰ পেটেণ্ট (৩৬৫৫২০১) অনুমোদন জনোৱা হয়। ১৯৭০ চনৰ ৯ এপ্ৰিলত ফ্ৰেংক ফক্স নামৰ এজন লোকে তেওঁৰ "গোলকীয় ৩x৩x৩" মডেলৰ পেটেণ্টৰ বাবে আৱেদন কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জনুৱাৰীত ব্ৰিটেইনৰ পেটেণ্ট (১৩৪৪২৫৯)লাভ কৰে।[10]

ৰুবিকৰ উদ্ভাৱন

[সম্পাদনা কৰক]

৭০ ৰ দশকৰ মাজভাগত এৰ্নো ৰুবিকে বুডাপেষ্টৰ একাডেমী অৱ এপ্লাইড আৰ্টচ্‌ এণ্ড ক্ৰাফটচ্‌ ( Academy of Applied Arts and Crafts)ৰ ইণ্টেৰিয়ৰ ডিজাইন বিভাগত কাম কৰিছিল।[11] যদিওবা ছাত্ৰ-ছাত্ৰীসকলক ত্ৰিমাত্ৰিক গঠনৰ বিষয়ে জ্ঞান দিবলৈ এইটো তৈয়াৰ কৰা হৈছিল বুলি ব্যাপকভাৱে প্ৰচাৰিত হৈছিল, দৰাচলতে ইয়াৰ উদ্দেশ্য আছিল ভিন্ন কৌশল তথা কাৰুকাৰ্য অবিহনে অকাধিক গতিশীল অংশ থকা বস্তুৰ গাঠনিক সমস্যা সমাধান কৰা। প্ৰথমবাৰ কিউবটোৰ তলিসমূহ ঘূৰাই পুনৰ আগৰ অৱস্থালৈ নিবলৈ চেষ্টা নকৰালৈ ৰুবিকে অনুমানেই কৰিব পৰা নাছিল যে তেওঁ এটা পাজল উদ্ভাৱন কৰিছে।[12] ১৯৭৫ চনত তেওঁৰ এই মেজিক কিউবটোৱে হাংগেৰীয়ান পেটেণ্ট HU170062 লাভ কৰে।

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. William Fotheringham (2007). Fotheringham's Sporting Pastimes. Anova Books. পৃষ্ঠা. 50. ISBN 1-86105-953-1. 
  2. de Castella, Tom. "The people who are still addicted to the Rubik's Cube". BBC News Magazine. bbc.com. http://www.bbc.com/news/magazine-27186297। আহৰণ কৰা হৈছে: 28 April 2014. 
  3. 'Driven mad' Rubik's nut weeps on solving cube... after 26 years of trying, Daily Mail Reporter, January 12, 2009.
  4. Daintith, John (1994). A Biographical Encyclopedia of Scientists. প্ৰকাশক Bristol: Institute of Physics Pub. পৃষ্ঠা. 771. ISBN 0-7503-0287-9. 
  5. William Lee Adams (2009-01-28). "The Rubik's Cube: A Puzzling Success". TIME. Archived from the original on 2013-08-26. https://web.archive.org/web/20130826200145/http://www.time.com/time/magazine/article/0,9171,1874509,00.html। আহৰণ কৰা হৈছে: 2009-02-05. 
  6. Alastair Jamieson (2009-01-31). "Rubik's Cube inventor is back with Rubik's 360". The Daily Telegraph (London). http://www.telegraph.co.uk/lifestyle/4412176/Rubiks-Cube-inventor-is-back-with-Rubiks-360.html। আহৰণ কৰা হৈছে: 2009-02-05. 
  7. "eGames, Mindscape Put International Twist On Rubik's Cube PC Game". Reuters. 2008-02-06. http://www.reuters.com/article/pressRelease/idUS147698+06-Feb-2008+PNW20080206। আহৰণ কৰা হৈছে: 2009-02-06. 
  8. Marshall, Ray. Squaring up to the Rubchallenge. icNewcastle. Retrieved August 15, 2005.
  9. Michael W. Dempsey (1988). Growing up with science: The illustrated encyclopedia of invention. প্ৰকাশক London: Marshall Cavendish. পৃষ্ঠা. 1245. ISBN 0-87475-841-6. 
  10. "Patent Specification 1344259". http://www.jaapsch.net/puzzles/patents/gb1344259.pdf। আহৰণ কৰা হৈছে: 15 June 2012. 
  11. Kelly Boyer Sagert (2007). The 1970s (American Popular Culture Through History). প্ৰকাশক Westport, Conn: Greenwood Press. পৃষ্ঠা. 130. ISBN 0-313-33919-8. 
  12. "Rubik's Cube". PuzzleSolver. 2006-12-01. http://www.puzzlesolver.com/puzzle.php?id=29;page=15। আহৰণ কৰা হৈছে: 2012-06-20. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ৰুবিকৰ কিউব
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?