For faster navigation, this Iframe is preloading the Wikiwand page for ৰঞ্জু হাজৰিকা.

ৰঞ্জু হাজৰিকা

ৰঞ্জু হাজৰিকা

ৰঞ্জু হাজৰিকা, ২০১৯ চন
জন্ম কুমুদ চন্দ্ৰ হাজৰিকা
২৪ জুলাই, ১৯৫২ (৭২ বছৰ)
মোনাবাৰী চাহ বাগিছা, শোণিতপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ থ্ৰিলাৰ, সামাজিক, ভৌতিক, কল্পবিজ্ঞান, শিশু সাহিত্য, অভিযান
উল্লেখনীয় কৰ্মৰাজি জুলু, এটা দ্বীপ সাতটা কবৰ, উত্তৰ ফাল্গুনী
উল্লেখযোগ্য বঁটা ৰহস্য সম্ৰাট (২০০৮)
প্ৰেৰণা বঁটা (২০০৮)
সাহিত্য বঁটা (২০১১)[1]
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০২১)
শিশু সাহিত্য অকাডেমি বঁটা, ২০২৪
দাম্পত্যসংগী প্ৰণিতা হাজৰিকা (১৯৮৪-)
সন্তান এজন পুত্ৰ, এগৰাকী কন্যা

ৰঞ্জু হাজৰিকা (ইংৰাজী: Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে। তেখেতে বৰ্তমান অসমৰ জাতীয় সংগঠন অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০২৪ চনত তেওঁ বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2][3][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰঞ্জু হাজৰিকাই মোনাবাৰী চাহ বাগিছাত গাণনিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে SSB-ত চাকৰি কৰে। তেওঁ সেই সময়তেই বহুকেইখন কিতাপ লিখি উলিয়ায় যদিও প্ৰকাশ কৰা নাছিল। SSB-ৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰো দোকান দিয়ে। তাৰ পিছত তেওঁ বালিপাৰা চাহ বাগান আৰু আন দুখন চাহ বাগিছাত চাকৰি কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতেই লিখি উলিওৱা 'বহুৰূপী' উপন্যাস এই সময়তে ১৯৭৩ চনত প্ৰকাশ পায়। আজৰি সময়ত তেখেতে আন কেইখনমান উপন্যাসৰ কাম সমাপ্ত কৰে।[5] ১৯৮২ চনত তেখেতে 'ত্ৰিশূল' আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৮৪ চনত গুৱাহাটীলৈ আহি 'সংকেত' নামৰ আলোচনীৰ সম্পাদক হিচাপে কাম কৰে। লগতে নিজে 'কণ কণ' নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰিবলৈ লয় যদিও সেইখন বেছিদিন নচলিল। পাছলৈ তেখেতে 'হিয়া', 'তাল', আৰু 'কাৰেং' আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৪ চনত তেখেত গুৱাহাটীলৈ আহে আৰু প্ৰণীতা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[5]

অন্য আগ্ৰহ

[সম্পাদনা কৰক]

উপন্যাস লিখাৰ বাহিৰেও হাজৰিকা চুটিগল্প লিখাৰ বাবে বিখ্যাত। বিস্মোই", ৰহস্য, তৃশূল, হিয়া, মৌচাক আদি বহুতো অসমীয়া আলোচনীত তেখেতৰ চুটিগল্প প্ৰকাশ পাইছে।[6][7] যোৱা ৩৫ বছৰৰ পৰা তেওঁ জ্যোতিষ বিজ্ঞানৰ চৰ্চা কৰি আহিছে, আৰু জ্যোতিষ আৰু Palmistyৰ ওপৰত ১১খন গ্ৰন্থ লিখিছে।[5]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. GOVERNMENT OF ASSAM (12 March 2013). "DIRECTORATE OF HIGHER EDUCATION" (Press release). প্ৰকাশক Assam. Archived from the original on 2016-05-19. https://web.archive.org/web/20160519213603/http://www.dheassam.gov.in/lit-awards%202003-2012.asp। আহৰণ কৰা হৈছে: 2016-07-23. "Literary Award for the year 2010–11" 
  2. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". www.thehindu.com. 15 June 2024. https://www.thehindu.com/news/national/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/article68293703.ece. 
  3. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". economictimes.indiatimes.com. 15 June 2024. https://economictimes.indiatimes.com/news/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/articleshow/111018778.cms. 
  4. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". theprint.in. 15 June 2024. https://theprint.in/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/2132795/. 
  5. 5.0 5.1 5.2 Sarmah, Pranoy Jyoti (18 April 2016). "Ranju Hazarika: The Man who knows the Sky is the Limit". Archived from the original on 15 September 2016. https://web.archive.org/web/20160915000845/http://www.epubbud.com/read.php?g=DSY3LXPU&p=1। আহৰণ কৰা হৈছে: 23 July 2016. 
  6. "Popular Assamese Magazines". Online Sivasagar. http://onlinesivasagar.com/media/trishul.html। আহৰণ কৰা হৈছে: 2016-07-27. 
  7. Mani, Lord (15 April 2010). "Mouchak: A Honeycomb of Life". Fried Eye Media. https://www.friedeye.com/mouchak-a-honeycomb-of-life/। আহৰণ কৰা হৈছে: 2016-07-27. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ৰঞ্জু হাজৰিকা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?