For faster navigation, this Iframe is preloading the Wikiwand page for হেলিকপ্টাৰ.

হেলিকপ্টাৰ

এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগউল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত ((উদ্ধৃতিৰ প্ৰয়োজন)) বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।
হেলিকপ্টাৰ 1922

হেলিকপ্টাৰ (ইংৰাজী: Helicopter) হৈছে একপ্ৰকাৰৰ ঘূৰ্ণকযুক্ত (Rotor) আকাশীযান যি মাটিৰ পৰা উলম্ব্ভাৱে উঠা নমা কৰিব পাৰে। মাটিৰপৰা উলম্বভাৱে উঠা নমা, আগলৈ-পিছলৈ, সোঁৱে-বাৱেঁ উৰিব পৰা আৰু মাটিৰ ওপৰত একে ঠাইতে ওপঙি থাকিব পৰা আদি ক্ষমতাৰ বাবে বহুতো দুৰ্গম ঠাইলৈও এই আকাশীযানৰ সহায়ত যাব পাৰি, য’ত সাধাৰণ পাখি-যুক্ত আকাশীযান অৱতৰণ কৰাটো অসম্ভব।

An Iranian Air Force HH-43 Huskie

হেলিকপ্টাৰ শব্দটো ফৰাচী ভাষাৰ হেলিকপ্টেৰে শব্দৰ পৰা আহিছে, যি গ্ৰীক ভাষাৰ ‘হেলিক্স’(বেঁকা), আৰু ‘তেৰণ’(পাখি) শব্দৰ পৰা অহিছে। প্ৰথম ব্যৱহাৰযুগ্য হেলিকপ্টাৰৰ উৎপাদন ১৯৩৬ চনত আৰম্ভ হৈছিল।

খ্ৰীষ্টপূৰ্ব ৪০০ শতিকাতে চীনদেশত এক হাতেৰে উৰাব পৰা খেলনাৰ প্ৰচলন হৈছিল, বাঁহৰ ঠাৰিৰ মূৰত দুখন পাখিযুক্ত এই খেলনাবিধ হাতেৰে জোৰেৰে ঘূৰাই এৰি দিলে ওপৰলৈ উৰি যায় আৰু লাহে লাহে নামি আহে। এই খেলনাবিধেই প্ৰথম উলম্বভাৱে মাটিৰ পৰা উৰিব পৰা যানৰ বাটকটিয়া বুলি কব পাৰি। প্ৰায় ১৪৮০ চন মানত লিঅ’নাৰ্ড দা ভিন্সিয়ে এনে এখন যানৰ নক্সা তৈয়াৰ কৰিছিল যাৰ উৰাৰ নীতিসমূহ হেলিকপ্টাৰৰ লগত বহুত মিলে।

১৭৫৪ চনত মিখাইল লমন’ছ্ভ নামৰ এজন ৰাছিয়ান বিজ্ঞানীয়ে ৰাছিয়ান একাডেমী অৱ ছায়ন্সত স্প্ৰিঙৰ সহায়ত চলা এবিধ ঘূৰ্ণকৰ বিৱৰণ কৰিছিল। ১৭৮৩ চনত খ্ৰীষ্টিয়ান ডি লানয় নামৰ ফৰাচী লোক এজনে বিপৰীত দিশত ঘূৰা দুটা ঘূৰ্ণকযুক্ত এখন যানৰ মদেল নিৰ্মাণ কৰিছিল আৰু ফ্ৰেন্স একাডেমী অৱ ছায়ন্সৰ ছাৰ জৰ্জ কেলীৰ আগত ইয়াৰ প্ৰদৰ্শন কৰিছিল।

এই সময়চোৱাত হেলিকপ্টাৰৰ উৰণ প্ৰণালীৰ ওপৰত বহুতো গৱেষণা হৈছিল যদিও তেনে এখন যানত আকাশত উৰুৱাই ৰাখিব পৰাকৈ শক্তি যোগাব পৰা পাতল ইঞ্জিনৰ আৱিষ্কাৰ হোৱা নাছিল। পোন প্ৰথমে ১৮৬১ চনৰ ফ্ৰান্সৰ গুস্তাভ ডি পণ্টন আমেক’ৰ্ট নামৰ এজন আৱিষ্কাৰকে ভাঁপ ইঞ্জিনত চলা এবিধ মদেল তৈয়াৰ কৰে। হেলিকপ্টাৰ নামটো তেৱেই পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। অৱশ্যে এই মডেলটো উৰাৰ ক্ষেত্ৰত অসফল হয়। ১৮৭৮ চনত ইটালীৰ এনৰিক’ ফ’ৰলানিনি নামৰ এজন অভিযন্তাই ভাপ ইঞ্জিনৰ সহায়ত এখন যানৰ নিৰ্মাণ কৰে যি মাটিৰ পৰা ১২ মিটাৰ ওপৰলৈ প্ৰায় ২০ ছেকেণ্ড মানৰ বাবে উৰি থকাত সফল হয়।

বিশ্ববিখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক থমাছ আলভা এডিছনেও হেলিকপ্টাৰৰ ওপৰত গৱেষণা কৰিছিল। তেৱেই প্ৰথম হেলিকপ্টাৰত অন্তৰ্দাহক ইঞ্জিনৰ ব্যৱহাৰৰ কৰাৰ কথা চিন্তা কৰে। এনেধৰণৰ ইঞ্জিন ব্যৱহাৰ কৰিয়েই জন বেহিল নামৰ এজন আৱিষ্কাৰকে এখন যান নিৰ্মাণ কৰাত সফলতা লাভ কৰে। ১৯০১ চনত তেওঁ নিৰ্মাণ কৰা যানখনে মাটিৰ পৰা আধামিটাৰ ওপৰত উৰিবলৈ সক্ষম হয়। ১৯০৫ চনত এই যানখনে মাটিৰ পৰা ৪ মিটাৰ উচ্চতাত প্ৰায় ১৫০০ মিটাৰ অতিক্ৰম কৰে।

১৯০৬ চনত ফ্ৰান্সৰ দুই ভাই-ককাই জেকুইছ আৰু লুই ব্ৰিগুডে হেলিকপ্টাৰৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ১৯০৭ চনত তেওঁলোকে জাইৰ’প্লেন ১ নামৰ এখন যান নিৰ্মাণ কৰে। এই যানখনে পাইলটসহ মাটিৰ পৰা ২ ফুট উচ্চতাত প্ৰায় এক মিনিট ধৰি উৰাত সফল হয়। অৱশ্যে এই যানখন সুস্থিৰভাৱে উৰিব পৰা নাছিল আৰু চাৰি কোণত ধৰি ৰাখিব লাগিছিল। তথাপি জাইৰ’প্লেন-১ কে হেলিকপ্টাৰৰ প্ৰথম সফল মানৱযুক্ত উৰণ আখ্যা দিয়া হয়। একে বছৰতে ফৰাচী আৱিষ্কাৰক পল কৰ্নোয়ে দুটা ঘূৰ্ণকযুক্ত এখন যান নিৰ্মাণ কৰি উলিয়ায়। ১৯০৭ চনৰ ১৩ নৱেম্বৰত এই যানখনেৰে তেওঁ মাটিৰ পৰা ১ ফুট উচ্চতাত ২০ ছেকেণ্ডৰ বাবে উৰি থাকিবলৈ সক্ষম হয়। এই উৰণ সম্পূৰ্ণভাৱে মুক্ত আছিল, অৰ্থাৎ যানখনক ক’তো ধৰি ৰখা হোৱা নাছিল।

এনেদৰেই বিভিন্ন আৱিষ্কাৰকৰ হাতত বিকশিত হৈ হৈ বৰ্তমান হেলিকপ্টাৰে আজিৰ ৰূপ পাইছেহি।

{{bottomLinkPreText}} {{bottomLinkText}}
হেলিকপ্টাৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?