For faster navigation, this Iframe is preloading the Wikiwand page for স্পঞ্জ.

স্পঞ্জ

স্পঞ্জ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
সাম্ৰাজ্য: Eukaryota
ৰাজ্য: Animalia
উপৰাজ্য: Parazoa
পৰ্ব: পৰিফেৰা
শ্ৰেণী
  • কেলেৰিয়া
  • Hexactinellida
  • Demospongiae
  • Homoscleromorpha
সমুদ্ৰৰ ৬০ মি গভীৰ পানীৰ তলৰ শিলৰ দেৱালত লাগি থকা স্পঞ্জ

পৰিফেৰা (ইংৰাজী: :Porifera) যাৰ সাধাৰণ নাম স্পঞ্জ (ইংৰাজী: :Sponge) হৈছে এবিধ বহুকোষী প্ৰাণী। স্পঞ্জ বা পৰিফেৰা হৈছে প্ৰাণী ৰাজ্যৰ এটা পৰ্ব (phylum)। ইহঁত সাধাৰণতে সামুদ্ৰিক আৰু অপ্ৰতিসম (asymmetrical) প্ৰাণী। ইহঁত আদিম বহুকোষী প্ৰাণী। লেটিন শব্দ Porus অৰ্থ ছিদ্ৰ আৰু Ferre অৰ্থ বহন কৰা। এই শব্দ দুটিৰ সমন্বয়ত পৰিফেৰা (Porifera) শব্দটো গঠন কৰা হৈছে। ১৮৩৬ চনত বিজ্ঞানী গ্ৰাণ্টে (Grant) প্ৰথম পৰিফেৰা (Porifera) পৰ্বটোৰ নামকৰণ কৰিছিল।[1]

বৈশিষ্ট্য

[সম্পাদনা কৰক]

বহুকোষী দেহত সুনিৰ্দিষ্ট কলা, কলাতন্ত্ৰ, অঙ্গ আৰু অঙ্গতন্ত্ৰ নাথাকে। প্ৰধানত অসাম্য দেহ, অৰ্থাৎ দেহ কোনো দিশৰ পৰাই সমানভাৱে ভাগ কৰিব পৰা নাযায়। দেহৰ নলিকাতন্ত্ৰ (Canal system) বৰ্তমানেও এই পৰ্বৰ অনন্য বৈশিষ্ট্য। দেহৰ অভ্যন্তৰত কোৱান'চাইট কোষৰ দ্বাৰা আবৃত স্পঞ্জোচিল (Spongocoel) নামৰ গহ্বৰ থাকে যি অছকুলাম (Osculum) নামৰ ডাঙৰ আকাৰৰ ছিদ্ৰেৰে বাহিৰলৈ উন্মুক্ত হৈ থাকে। দেহপ্ৰাচীৰ অষ্টিয়া (Ostia) নামৰ অসংখ্য ক্ষুদ্ৰাকৃতিৰ ছিদ্ৰ বিশিষ্ট, এইবোৰ প'ৰচাইট (porocyte) নামৰ কোষৰ দ্বাৰা গঠিত। দেহত ফ্লেজেলা বিশিষ্ট কোষ পিনাক'চাইট (Pinacocyte) আৰু কোৱান'চাইটৰ (Choanocyte) দ্বাৰা পৰিবেষ্টিত এক বা একাধিক প্ৰকোষ্ঠ (Chamber) থাকে। ইহঁতৰ দেহ ফুলদানি আকৃতিৰ (Vase-like), চুঙা আকৃতিৰ (Cylindrical), নলাকাৰ (Tubular), কুচন আকৃতিৰ (Cushion-shaped) ইত্যাদি আৰু প্ৰতিসাম্যতা (Symmetry) অপ্ৰতিসম (Asymmetry) অথবা পাৰ্শ্বীয় প্ৰতিসম (Radial symmetry)। দেহপ্ৰাচীৰ দ্বিস্তৰ বিশিষ্ট। বাহিৰৰ স্তৰ পিনাক'ডাৰ্ম (Pinacoderm) আৰু ভিতৰৰ স্তৰ কোৱান'ডাৰ্ম (Choanoderm)। উভৰ স্তৰৰ মাজত সাধাৰণতে অকোষীয় (Non-cellular) মেছেনকাইম (Mesenchyme) ধাত্ৰ থাকে য'ত স্পিকিউল (Spicule), স্পঞ্জিন (Spongin) আৰু এমিবয়ড (Amoeboid) কোষ দেখিবলৈ পোৱা যায়। পূৰ্ণাংগ প্ৰাণীবোৰ নিশ্চল (Sessile) অৰ্থাৎ কোনো অবকাঠামোত স্থায়ীভাবে লাগি থাকে। দেহত মুখছিদ্ৰ বা পায়ুছিদ্ৰ নাথাকে। ইহঁত অকলশৰীয়া (Solitary) অথবা উপনিৱেশ (Colonial) গঠন কৰি বাস কৰে। সকলো জলজ প্ৰাণী; বেছিভাগ সামুদ্ৰিক, কিছুমান প্ৰজাতি মৃদুপানীত বাস কৰে। সকলো স্পঞ্জেই উভলিঙ্গী (Hermaphrodite), যদিও ইহঁতে Allogamy তথা cross-fertilization প্ৰদৰ্শন কৰে অৰ্থাৎ একে দেহত স্ত্ৰী আৰু পুৰুষ জননকোষ উৎপন্ন হলেও দুটি ভিন্ন সদস্যৰ স্ত্ৰী আৰু পুৰুষ জননকোষৰ মাধ্যমেও নিষেচন (Fertilization) সম্পন্ন হয়। ইহঁতৰ অযৌন প্ৰজনন মুকুল উৎপাদন বা মুকুলোদগম (Budding), দ্বিবিভাজন বা ফিছন (Fission) আৰু গেমিউল গঠনৰ (Gemmule formation) জৰিয়তে আৰু যৌন প্ৰজনন গেমেট'গনিৰ (Gametogony) যোগেদি হয়। সকলো প্ৰাণীৰ পুনৰুজ্জীৱন ক্ষমতা আছে। দেহেৰ ক্ষতিগ্ৰস্ত অংশৰ পুনঃ উৎপত্তিৰ (Regeneration) ক্ষমতা আছে।

শ্ৰেণীবিন্যাস

[সম্পাদনা কৰক]

১৯৭২ চনত বিজ্ঞানী মেগলিচৰ (Meglitsch) প্ৰদত্ত পৰিফেৰা পৰ্বৰ বৰ্গীকৰণ মূলতঃ অন্তঃকঙ্কালৰ ওপৰত ভিত্তিকৰি নিৰ্মিত।[2]

শ্ৰেণী: কেলকেৰিয়া (Calcarea)

[সম্পাদনা কৰক]

লেটিন শব্দ Calx যাৰ আভিধানিক অৰ্থ Lime অৰ্থাৎ চুণৰ পৰা কেলকেৰিয়া শব্দটো আহৰণ কৰা হৈছে। সৰু আকৃতিৰ চুণযুক্ত (Calcareous) স্পঞ্জৰ দৈৰ্ঘ্য ১০ ছেমি, ইয়াতকৈও সৰু হয়। দেহাকৃতি চুঙাকৃতিৰ (Cylindrical) বা ফুলদানী (Vase-like) আকৃতিৰ। অকলশৰীয়া (Solitary) বা উপনিৱেশ (Colonial) পাতি বাস কৰে। স্পিকিউল (Spicule) চুণেৰে (Lime) নিৰ্মিত আৰু এক/তিনি/চাৰি ৰশ্মি (Rayed) বিশিষ্ট। ফ্লেজেলাম প্ৰকোষ্ঠ দীঘল আকৃতিৰ। কোৱান'চাইট (Choanocyte) নামৰ কোষবোৰ আকৃতিত ডাঙৰ। সকলো সামুদ্ৰিক। উদাহৰণ: Sycon gelatinosum

শ্ৰেণী: হেক্সাটিনেলিডা (Hexactinellida)

[সম্পাদনা কৰক]

কাপ (Cup), গোলাকাৰ বা ফুলদানী আকৃতিৰ স্পঞ্জ তুলনামূলকভাৱে বৃহৎ আকাৰৰ, অনেক এক মিটাৰ পৰ্যন্ত হয়। স্পিকিউল (Spicule) ছিলিকাৰ দ্বাৰা নিৰ্মিত (Siliceous) আৰু ছয় ৰশ্মি (Rayed) বিশিষ্ট। ডাৰ্মেল এপিথেলিয়াম (Dermal epithelium) বা এক্সোপিনাকোৰ্ডাম (Exopinacoderm) অনুপস্থিত। ফ্লেজেলাম প্ৰকোষ্ঠ ডিম্বাকৃতিৰ কোৱান'চাইট (Choanocyte) নামৰ কোষবোৰো আকৃতিত সৰু। সকলো সামুদ্ৰিক, অনেক গভীৰ সমুদ্ৰৰ বাসিন্দা। উদাহৰণ: Euplectella aspergillus

শ্ৰেণী: ডেম'স্পঞ্জি (Demospongiae)

[সম্পাদনা কৰক]

গ্ৰীক শব্দ Demose যাৰ আভিধানিক অৰ্থ Frame অৰ্থাৎ কাঠামো আৰু Spongos যাৰ আভিধানিক অৰ্থ Sponge অৰ্থাৎ স্পঞ্জৰ পৰা ডেম'স্পঞ্জি শব্দটি আহৰণ কৰা হৈছে। কোৱান'চাইট (Choanocyte) নামৰ কোষবোৰ আকৃতিত সৰু। ফ্লেজেলাম প্ৰকোষ্ঠ গোলাকাৰ বা বৃত্তাকাৰ। অনেক প্ৰাণীৰ স্পিকিউল নাথাকে। যিবোৰৰ থাকে সিহঁতৰ স্পিকিউল ছিলিকা (Siliceous) বা স্পঞ্জিন-তন্তুৰ (Spongin fibre) দ্বাৰা নিৰ্মিত অথবা ছিলিকা আৰু স্পঞ্জিন তন্তুৰ সমন্বয়ত গঠিত আৰু এক বা ছয় ৰশ্মি (Rayed) বিশিষ্ট। সৰুৰ পৰা বৃহৎ আকাৰৰ দেহ ফুলদানী আকৃতিৰ (Vase-like), কাপ আকৃতিৰ (Cup-like), কুছন আকৃতিৰ (Cushion-shaped) আৰু ইহঁত অকলশৰীয়া (Solitary) অথবা উপনিৱেশ (Colonial) গঠন কৰি অৱস্থান কৰে। অধিকাংশই সামুদ্ৰিক, কিছুমান মৃদু পানীৰ বাসিন্দা। উদাহৰণ: Spongilla locustris

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
স্পঞ্জ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?