For faster navigation, this Iframe is preloading the Wikiwand page for সোণালী বান্দৰ.

সোণালী বান্দৰ

সোণালী বান্দৰ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Trachypithecus
Species group: T. pileatus
প্ৰজাতি: T. geei
বৈজ্ঞানিক নাম
Trachypithecus geei
(Khajuria, 1956)
সোণালী বান্দৰৰ বিতৰণ

সোণালী বান্দৰ (ইংৰাজী: Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম,[2][3] ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় [4][5]৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria ,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ (Schedule I) প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

সোণালী বান্দৰৰ দুটা উপ-প্ৰজাতি পোৱা যায়[6]:-

  • Trachypithecus geei geei
  • Trachypithecus geei bhutanensis
সোণালী বান্দৰৰ মুখমণ্ডল।

সোণালী বান্দৰৰ দেহৰ বৰণ সোণালী, মুখখন ক’লা আৰু নেজডাল যথেষ্ট দীঘ৷ সোণালী বান্দৰে সাধাৰণতে ওখ গছত বাস কৰে বাবে দীঘল নেজ ডালে দেহৰ ভাৰসাম্য ৰখাতো সহায় কৰে৷ দেহৰ দৈৰ্ঘ্য ৫০-৬০ ছে: মি: আৰু ওজন-৯.৫-১১ কি:গ্ৰা:৷ সোণালী বান্দৰ এবিধ তৃণভোজী প্ৰাণী ,প্ৰধানত: ফল-মূল, গছৰ পাত , গুটি আৰু ফুল খাদ্য ইচাপে গ্ৰহণ কৰে ৷

বিস্তৃতি

[সম্পাদনা কৰক]
সোণালী বান্দৰ

সোণালী বান্দৰৰ বিস্তৃত তেনেই সীমিত৷ ভাৰতবৰ্ষত দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবত মানাহ নদী, পশ্চিমে সোণকোষ নদী আৰু উত্তৰে ভূটানৰ ক’লা পাহাৰ পৰ্য্যন্ত এই প্ৰাণী বিধৰ বিচৰণস্হলী [5] [7]

ই সাধাৰণতে ৮-৫০ টা প্ৰাণীৰ দলত বাস কৰে৷ একোটা দলত সাধাৰণতে এটা বা দুটা মতা প্ৰাণী থাকে[8]৷ এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে৷

স্থিতি তথা সংৰক্ষণ

[সম্পাদনা কৰক]

সোণালী বান্দৰ এবিধ বিলুপ্তপ্ৰায় (endangered) প্ৰাণী ৷ ২০০১ চনৰ এটা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষত ইয়াৰ সংখ্যা প্ৰায় ১০৬৪ টা ৷ ইয়াৰে ৬০% ই পূৰ্ণবয়স্ক প্ৰাণী বুলি তথ্য পোৱা গৈছে [5] [9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Das, J., Medhi, R. & Molur, S. (2008). Trachypithecus geei. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  2. Choudhury, A.U. (1988). Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
  3. Choudhury, A.U. (1988). Conservation in Manas Tiger Reserve. Tigerpaper 15(2): 23-27.
  4. Choudhury, A.U. (1990). Primates in Bhutan. Oryx 24: 125.
  5. 5.0 5.1 5.2 Srivastava, A.; Biswas, J.; Das, J.; Bujarbarua, P. (2001), "Status and Distribution of Golden Langurs (Trachypithecus geei) in Assam, India", American Journal of Primatology খণ্ড 55 (1): 15–23, doi:10.1002/ajp.1035 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; msw3 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. Wangchuk, Tashi; Inouye, David W.; Hare, Matthew P (2008). "The Emergence of an Endangered Species: Evolution and Phylogeny of the Trachypithecus geei of Bhutan". International Journal of Primatology খণ্ড 29 (3): 565–582. 
  8. Biswas, J. 2002. Home range shifting of free ranging golden langur: Trachypithecus geei (Khajuria, 1956). (abstract) XIXth Congress of the International Primatological Society. Beijing, China.
  9. Rekha Medhi, Dilip Chetry, P. C. Bhattacharjee and B. N. Patiri (2004). "Status of Trachypithecus geei in a Rubber Plantation in Western Assam, India". International Journal of Primatology খণ্ড 25 (6): 1331–1337. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
সোণালী বান্দৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?