For faster navigation, this Iframe is preloading the Wikiwand page for ষ্টিফেন হকিং.

ষ্টিফেন হকিং

ষ্টিৱেন হকিং
black and white photo of Hawking in a chair, in an office.
১৯৮০ৰ দশকত নাছাত ষ্টিৱেন হকিং
জন্ম ষ্টিৱেন ৱিলিয়াম হকিং
৮ জানুৱাৰী, ১৯৪২
অক্সফোৰ্ড, ইংলেণ্ড
মৃত্যু ১৪ মাৰ্চ, ২০১৮ (৭৬ বছৰ)
কেমব্ৰিজ, ইংলেণ্ড
বাসস্থান যুক্তৰাজ্য
জাতীয়তা ব্ৰিটিছ
ক্ষেত্ৰ
  • সাধাৰণ আপেক্ষিকতাবাদ
  • কোৱাণ্টাম মাধ্যাকৰ্ষণ
কৰ্মস্থান
  • কেমব্ৰিজ বিশ্ববিদ্যালয়
  • কেলিফৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
  • পেৰিমিটাৰ সংজ্ঞাবদ্ধ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান
  • অক্সফোৰ্ড বিশ্ববিদ্যালয়
  • কেমব্ৰিজ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ডেনিছ চিএমা
আন শৈক্ষিক পৰামৰ্শদাতা ৰবাৰ্ট বেৰমান
উল্লেখযোগ্য বিদ্যাৰ্থী
  • ৰেইমণ্ড লেফলেম
  • ডন পেজ
  • ফাই দৌকাৰ
জনা যায়
  • হকিং বিকিৰণ (Hawking radiation)
  • চিংগেলাৰিটি সূত্ৰ (Singularity theorems)
  • সময়ৰ চমু ইতিহাস(A Brief History of Time)
প্ৰভাৱ
  • ডিক্ৰন তাহটা
উল্লেখনীয় বঁটা
  • এলবাৰ্ট আইনষ্টাইন বঁটা (১৯৭৮)
  • ৱল্ফ পুৰস্কাৰ (১৯৮৮)
  • প্ৰিন্স অফ অষ্ট্যুৰিয়াছ বঁটা (১৯৮৯)
  • কল্ফি মেডেল (২০০৬)
  • প্ৰেচিডেণ্টচিয়েল মেডেল অফ ফ্ৰিডম (২০০৯)
দাম্পত্যসঙ্গী
  • জেন হকিং
    (বি. ১৯৬৫-১৯৯১, বিচ্ছেদ)
  • এলাইন মাচন
    (বি. ১৯৯৫-২০০৬, বিচ্ছেদ)
স্বাক্ষৰ

ষ্টিৱেন ৱিলিয়াম হকিং (ইংৰাজী: Stephen William Hawking; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। তেওঁ মৃত্যুৰ আগতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ থিওৰেটিকেল কজমলজি'ৰ গৱেষণা পৰিচালক আছিল আৰু ১৯৭৯ চনৰপৰা ২০০৯ চন পৰ্যন্ত কেমব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ লুকাচীয় অধ্যাপক আছিল। তেওঁ 'ৰয়েল ছ’ছাইটি অৱ আৰ্টছ'ৰ সন্মানীয় ফেল’, 'পণ্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য, আৰু ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম' সন্মানেৰে ভূষিত কৰা হৈছিল। মটৰ নিউৰন ৰোগৰ (Motor neuron disease) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল। ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে যুক্তৰাজ্যৰ কেমব্ৰিজত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।[1]

১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অ'ক্সফ'ৰ্ডত হকিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ড॰ ফ্ৰেংক হকিং আৰু ইছাবেল হকিং।[2][3]

ছেণ্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ। ১৯৬২ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তাতে তেওঁ মহাকাশ বিজ্ঞান অধ্যয়ন কৰে। তেওঁ ক্ৰমে ট্ৰিনিটি হল আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত সিদ্ধান্তগত মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ষ্টিৱেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰ'জাৰ পেনৰ'জৰ সৈতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে আইনষ্টাইনআপেক্ষিকতাবাদৰ সূত্ৰই দৰ্শায় যে মহাকাশ আৰু সময়ৰ আৰম্ভণি বিগ বেঙৰ জৰিয়তে আৰু সমাপ্তি হয় কৃষ্ণগহ্বৰত। তেওঁ চেণ্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জি, কেমব্ৰিজত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত নিজা বাসগৃহত তেওঁৰ দেহাৱহান হয়।

গ্ৰন্থৰাজী

[সম্পাদনা কৰক]
  • A Brief History of Time (১৯৮৮)
  • Black Holes and Baby Universes and Other Essays (১৯৯৩)
  • The Universe in a Nutshell (২০০১)
  • On the Shoulders of Giants (২০০২)
  • God Created the Integers: The Mathematical Breakthroughs That Changed History (২০০৫)
  • The Dreams That Stuff Is Made of: The Most Astounding Papers of Quantum Physics and How They Shook the Scientific World (২০০১)
  • My Brief History (২০১৩)
  • Brief Answers to the Big Questions (২০১৮)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-১১
  2. Larsen 2005, পৃষ্ঠা. xiii, 2.
  3. Ferguson 2011, পৃষ্ঠা. 21.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ষ্টিফেন হকিং
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?