For faster navigation, this Iframe is preloading the Wikiwand page for মৃগীৰোগ.

মৃগীৰোগ

এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগউল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত ((উদ্ধৃতিৰ প্ৰয়োজন)) বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই। অনুগ্ৰহ কৰি HTML markupৰ যোগেদি প্ৰযোজ্য অংশত নকলৰ পুৰীয়া চিহ্নসমূহ যোগ কৰক। ৱিকি চিহ্নসমূহ যোগ দিয়ক (সহায়) প্ৰয়োজন অনুসৰি, অন্য প্ৰবন্ধসমূহলৈ "[[" আৰু "]]" সম্পৰ্কীয় শব্দৰ দুয়োকাষে যোগ কৰাৰ (অধিক জানিবৰ বাবে সহায়:সংযোগ পৃষ্ঠা চাওক) লগতে পৰীক্ষা কৰক যে আপুনি দিয়া সংযোগসমূহ ৱিকিপিডিয়াত বিচৰাধৰণে হয়। অনুগ্ৰহ কৰি সংযোগসমূহ পাঠকৰ সহায়ৰ বাবে, যেনে: বিখ্যাত ব্যক্তিৰ নাম, বিখ্যাত ঠাই, সাধাৰণ জীৱিকাকে আদি ধৰি নিত্য ব্যৱহৃত প্ৰয়োজনীয় শব্দসমূহ যিবোৰ ৱিকিপিডিয়াত প্ৰবন্ধ হিচাপে সংযোগ কৰিব পাৰি। প্ৰবন্ধৰ পৰিচিতি অংশটো সুন্দৰভাৱে গঢ় দিয়ক, লক্ষ্য ৰাখিব যে ই অতি চমু বা বেছি দীঘল হৈ নাথাকে। গঠনশৈলী আৰ্হি অনুসৰি অনুচ্ছেদৰ শিৰোনাম সমূহ সজাওক যদি সম্ভৱ হয় তেন্তে প্ৰবন্ধটোত এটা সঠিক তথ্যপেৰা যোগ দিয়ক। ওপৰত দিয়া চৰ্তসমূহ পূৰণ হোৱাৰ পাছত সাঁচটো আঁতৰাই দিয়ক।
মৃগীৰোগ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Generalized 3 Hz spike and wave discharges in EEG
আই.চি.ডি.-10 G40-G41
আই.চি.ডি.-9 345
ডিজিজেছ ডে'টাবে'ছ 4366
মেডলাইন প্লাছ 000694
ইমেডিচিন neuro/415
MeSH D004827

মৃগীৰোগ (ইংৰাজী: Epilepsy) এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয়। এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে। ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে। এই ছটফটাই থকা অৱস্থা সাধাৰণতে ১ৰ পৰা ২ মিনিট থাকে আৰু অজ্ঞান অৱস্থা ১০ৰ পৰা ১৫ মিনিট থাকে।

৪০০ খৃষ্টপূৰ্বত আমাৰ ভাৰতবৰ্ষৰ আয়ুৰ্বেদ গ্ৰন্থ চৰক সংহিতাত অপস্মৰ নামেৰে এই "চেতনা হেৰাই যোৱা ৰোগৰ" বৰ্ণনা পোৱা যায়। একে সময়তেই অৰ্থাৎ ৪০০ খৃষ্টপূৰ্বতেই গ্ৰীকৰ মহান চিকিৎসক হিপক্ৰেটিচে ইয়াক এক 'মগজুৰ বিজুতি' বুলি উল্লেখ কৰিছিল। এই হিপক্ৰেটিচৰ নামতেই আজিৰ চিকিৎসকসকলে ডাক্তৰী বিদ্যা আৰম্ভ কৰাৰ আগতে সততাৰ শপত লয়। কিন্তু তাতোকৈ আগৰ পৌৰাণিক বেবিলিয়োনিয়ানৰ (বৰ্তমানৰ ইৰাক)১০৬৭ -১০৪৬ খৃষ্টপূৰ্বৰ চুমেৰিয়ান লিপিত লিখা শিলালিপিক এই ৰোগৰ প্ৰথম লিখিত বৰ্ণনা বুলি সকলোৱে স্বীকৃতি দিছে। সেই সময়ত এই "পৰি যোৱা ৰোগৰ"লক্ষণসমূহৰ বিশদ বিৱৰণীও লিপিবদ্ধ কৰা হৈছিল। আনহাতে ইপিলেপ্সি শব্দটোৰ উৎপত্তি পৌৰাণিক গ্ৰীক শব্দ ইপিলেপ্সিয়াৰ পৰা হৈছে-যাৰ অৰ্থ হ'ল "খামুচি ধৰা "বা ফিট হোৱা। অতি প্ৰাচীন কালৰ পৰা পৰিচিত এই ৰোগত বিশ্বৰ ০-৫% ৰ পৰা ১% জনসংখ্যাই আক্ৰান্ত বুলি থাৱৰ কৰা হৈছে। জাতি, ধৰ্ম, লিংগ, বয়স, দেশ নিৰ্বিশেষে মৃগীৰোগ বিশ্বৰ চুকে-কোনে ব্যাপ্ত। মৃগীত ভোগা বিখ্যাত লোকৰ ভিতৰত আলেকজেণ্ডাৰ, জুলিয়াছ চিজাৰ, নেপোলিয়ন বোনাপাৰ্ট, এৰিষ্ট'টল, ছক্ৰেটিছ, লেনিন, দস্তয়েভস্কি, লৰ্ড বাইৰণ, টনী গ্ৰেগ আদিৰ নাম উল্লেখযোগ্য। [উদ্ধৃতিৰ প্ৰয়োজন]

ৰোগৰ বিস্তৃতি

[সম্পাদনা কৰক]

ভাৰতত অনুমাণিক ৫০লাখ মৃগী ৰোগাক্ৰান্ত লোক আছে আৰু তাৰে ১০লাখ জনৰ ৰোগ ঔষধে নিয়ন্ত্ৰণ কৰিব পৰা নাই। প্ৰাপ্ত বয়স্কৰ তুলনাত শিশু ৰোগীৰ সংখ্যা অধিক। অৰ্থাৎ অপৈনত মস্তিষ্কত মৃগী ৰোগ বেচিকৈ হোৱা দেখা যায়। মানুহৰ বাহিৰে কুকুৰ আৰু মেকুৰীৰো মৃগী ৰোগ হোৱা জনা যায়। ই হ'ল কুকুৰৰ এবিধ সঘনাই হোৱা মস্তিষ্কৰ বিজুটি।

ৰোগৰ কাৰণ

[সম্পাদনা কৰক]

মস্তিষ্কৰ কোষৰ পৰা আকস্মিকভাবে ওলোৱা উচ্চ ক্ষমতাসম্পন্ন তৰংগই শৰীৰত মৃগীৰ লক্ষণসমূহ পৰিস্প্ফুট কৰি তোলে। মানৱ দেহত থকা গামা -এমাইন- ব্যুটাৰিক- এচিড (GABA) নামৰ দ্ৰব্যই আমাৰ স্নায়ুতন্ত্ৰক শান্ত কৰি ৰাখে। গাবাই মাংসপেশীৰ টোন নিয়ন্ত্ৰণত ৰাখে। মৃগীত আক্ৰান্ত ৰোগীৰ এই গাবাৰ কেন্দ্ৰসমূহ(ৰিচেপ্তৰ) বাধা প্ৰাপ্ত হয়- ফলত ফিটৰ উৎপত্তি হয়। কাৰণৰ ওপৰত নিৰ্ভৰ কৰি মৃগীক দুটা শ্ৰেণীত ভগাব পাৰি। প্ৰথম বিধ হ'ল সম্ভৱপৰ সকলো পৰীক্ষা কৰিও একো কাৰণ নোপোৱাকৈ হোৱাকৈ উৎপন্ন হোৱা মৃগীৰোগ - যাক ডাক্তৰী ভাষাত ইডিঅ'পেথিক বা প্ৰাইমেৰী ইপিলেপ্সি বোলে। দ্বীতিয়বিধত পৰীক্ষা কৰিলে মৃগীৰোগ উৎপন্ন হোৱাৰ কাৰণ দেখা পোৱা যায় - ইয়াক চেকেণ্ডৰী ইপিলেপ্সি বোলে। মগজুৰ টিউমাৰ, মস্তিষ্কৰ আঘাত ( যেনে মস্তিষ্কৰ খোলাৰ হাড় ভঙা), মস্তিষ্কৰ তেজৰ নলীৰ বিজুটি (যেনে ৰক্তক্ষৰণ) বীজাণুৰ সংক্ৰমণ ( যেনে এনকেফেলাইটিচ), মদ, বিভিন্ন ড্ৰাগছ, অতি উত্তেজনা বা ষ্ট্ৰেচ আদিৰ পৰা চেকেণ্ডৰী ইপিলেপ্সি হব পাৰে। সাধাৰণতে ৭২% ৰোগী ইডিঅ'পেথিক বা প্ৰাইমেৰী ইপিলেপ্সিৰ আৰু ২৮% ৰোগী চেকেণ্ডৰী ইপিলেপ্সিৰ দেখা যায়।

ৰোগৰ প্ৰকাৰ

[সম্পাদনা কৰক]

ইপিলেপ্সিক উৎস আৰু লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি জেনেৰেলাইজদ চিজাৰ বা পাৰ্চিয়েল চিজাৰ দুটা শ্ৰেণীত ভগাব পাৰি। জেনেৰেলাইজদ চিজাৰ হলে মস্তিষ্কৰ দুয়োটা গোলাৰ্দ্ধৰ পৰাই একে সময়তে তৰংগ সমূহ নিৰ্গত হয়। ফলত সৰ্বশৰীৰতেই ইয়াৰ প্ৰভাৱ দেখা যায়। ফিট হওঁতে জিভাত কামোৰ খাব পাৰে। ৰোগীৰ অজ্ঞাতে শৌচ-প্ৰসাৱ নিৰ্গত হব পাৰে। তাৰ পিছত ৰোগী কেইমিনিটমানৰ বাবে সজ্ঞাহীনহৈ পৰে। আনহাতে পাৰ্চিয়েল চিজাৰ হলে মগজুৰ কোনো এটা নিৰ্দিষ্ট অংশৰ পৰা তৰংগৰ উৎপত্তি হয়। যদি ৰোগীয়ে সঞ্জা হেৰুৱায় তেতিয়া ইয়াক পাৰ্চিয়েল কম্প্লেস্ক চিজাৰ বোলে আৰু চেতনা নেহেৰুৱালে ইয়াক পাৰ্চিয়েল চিম্পল চিজাৰ বোলে। পাৰ্চিয়েল বা ফকেল চিজাৰত সাধাৰণতে ফিট হোৱাৰ আগতে ৰোগীয়ে এটা বিশেষ অনুভূতি লাভ কৰে- যাক ঔৰা (Aura) বোলে। ঔৰাত ৰোগীজনে মূল অসুখটো (এটেক)হোৱাৰ আগতে নানান বিচিত্ৰ অনুভূতিৰ মুখামুখি হয়। তেওঁ কাণেৰ কিবা শুনিবলৈ বা চকুৰে কিবা দেখিবলৈ পাব পাৰে, মূৰ ঘূৰাব পাৰে, মূৰটো পাতল যেন লাগিব পাৰে, বমিৰ ভাৱ হব পাৰে ইত্যাদি। বহুতো মাইগ্ৰেইনৰ ৰোগীয়েও ঔৰা অনুভৱ কৰে। জেনেৰেলাইজদ চিজাৰত (আন নাম গ্ৰেণ্ডমাল ইপিলেপ্সি)ঔৰা অনুভৱ নহয়। জেনেৰেলাইজদ চিজাৰ দুই ধৰণৰ হব পাৰে - জোকাৰণী থকা বা কনভালচনযুক্ত (Convulsive), নহলে জোকাৰণী নথকা বা কনভালচন নোহোৱা (Non-convulsive)।

প্ৰথম বিধত ঔৰা নাথাকে যদিও অসুখৰ আৰম্ভ হয় “গা বেয়া লগা অনুভৱেৰে”, তাৰ পিছত মাংসপেশীবোৰ কঠিন হৈ পৰে, মুখেৰে চিঞৰ বা শব্দ বাহিৰ হয়, লেলাৱতি ওলায়, জিভা কামোৰ খাব পাৰে, শ্বাস-প্ৰশ্বাস অস্বাভাবিক হয়, ৰক্তচাপ আৰু হৃদগতি বাঢ়ে, শৰীৰ নীলা পৰে - খন্তেক পিছতেই কেউটা হাত-ভৰিৰ মাংসপেশী শিথিল হৈ পৰে। এইদৰে এবাৰ সংকোচন, এবাৰ শিথিল হোৱাৰ প্ৰক্ৰিয়াৰে কেইমিনিটমানলৈ এটেক চলি থাকে (Generalized Tonic Clonic Convulsive Seizures)। তাৰ পিছত ৰোগী শান্ত, অৱস, ভ্ৰান্ত হয়- মূৰৰ বিষ আৰু নিদ্ৰা অনুভৱ কৰে।

দ্বিতীয় বিধ অসুখত সাধাৰণতে কমবয়সীয়া শিশু বা কৌশোৰক আক্ৰান্ত হোৱা দেখা যায়। ৰোগী হঠাৎতে সংজ্ঞাহীন হৈ পৰে, শৰীৰৰ সকলো মাংসপেশী নিষ্ক্ৰিয় হৈ পৰে, চকু একেথৰ হৈ ৰৈ পৰিব পাৰে - এই অৱস্থাটো দহ চেকেণ্ডমান থাকে আৰু দিনটোত বহুবাৰ এনে হব পাৰে। আনকি কেতিয়াবা অভিভাৱকৰ চকুত নপৰিবও পাৰে। ই হ'ল Generalized Non Convulsive Seizures আন নাম Petit Mal Epilepsy। এটেক হোৱাৰ পিছত ৰোগীয়ে অৱসাদ, ক্লান্তিবোধ কৰিব পাৰে নাইবা ঘন ঘনকৈ নিশ্বাস লব পাৰে। ইইজিৰ দ্বাৰা সহজতে এই ৰোগক চিনাক্ত কৰিব পাৰি।

তদুপৰি চিকিৎসকসকলে ৰোগীৰ বয়স, লক্ষণ, সম্ভাব্য কাৰণ আৰু বিভিন্ন তথ্যৰ (যেনে ইইজিৰ তথ্য, দৰবৰ প্ৰভাৱ আদিৰ) ওপৰত ভিত্তি কৰি নানান ইপিলেপ্সি চিনড্ৰম ঠাৱৰ কৰিছে। ইপিলেপ্সিত বংশানুক্ৰমিক প্ৰভাৱ বিশেষভাৱে দেখা যায় যদিও সকলোবিলাক ইপিলেপ্সিতেই বংশানুক্ৰমিক প্ৰভাৱ নাথাকে। বিশেষকৈ জুভেনাইল মায়ক্লনিক ইপিলেপ্সি আৰু বিনাইন ফেমেলিয়েল ইপিলেপ্সিৰ ক্ষেত্ৰত বংশানুক্ৰমিক প্ৰভাৱ দেখা যায়।

ৰোগৰ প্ৰতিকাৰ

[সম্পাদনা কৰক]

১৮৫৭ চনত আমেৰিকা আৰু ইউৰোপত 'ব্ৰমাইড' নামৰ দৰৱক প্ৰথমবাৰৰ বাবে এই ৰোগৰ চিকিৎসাত প্ৰয়োগ কৰা হয়। ১৯১২চনত ফেনবাৰৰ্বিটন, ১৯৩৮চনত ফেনিটইন - এই দুবিধ আজিও বহুল প্ৰচলিত মৃগী ৰোগৰ দৰৱ আবিস্কৃত হয়। ১৯২০চনত জাৰ্মানীৰ বিজ্ঞানীসকলে ইইজি যন্ত্ৰৰ আৱিষ্কাৰ কৰে। ইয়াৰ পিছত ১৯৫০-১৯৭০সময়চোৱাত বহু কেইবিধ দৰৱৰ উদ্ভাৱন হয়। আজিৰ দিনত কুৰি বিধৰো অধিক ভিন্ন ভিন্ন ঔষধ উপলব্ধ হৈছে। তাৰে ভিতৰত ফেনবাৰৰ্বিটন, ফেনিটইন, কাৰ্বামেজাপিন(টেগ্ৰিটল), অস্কাকাৰ্বাজাপিন, ভেলপ্ৰয়িক এচিড, ভেলপ্ৰয়েট চেমিচডিয়াম, ক্লনাজেপাম, ক্লৰাজেপেট, ইথোস্কিমাইড, গাবাপেণ্টিন, প্ৰিগাবালিন, ফেলবামেট, ফচফেনিটইন, লেমট্ৰিজিন, লেকচামাইড, লেভিটিৰাচিটাম, টপিৰামেট, ভিগাবাট্ৰিন, ক্লবাযাম, যনিচামাইড আদিৰ নাম উল্লেখযোগ্য।

মৃগীৰোগীৰ পোনতেই এটেক হৈ হাত-ভৰি জোকাৰি থকা অৱস্থাত লবলগীয়া প্ৰাথমিক চিকিৎসা হ'ল এনে ধৰণৰ - ৰোগীজনক মুকলি নিৰাপদ ঠাইলৈ আনি, ভিৰ কৰি বেৰি নধৰি মুকলি বতাহ পাবলৈ দিব লাগে। একাটি কৰি শুৱাই দিব লাগে যাতে লেলাৱতি বাহিৰলৈ বৈ যাব পাৰে। পিন্ধা কাপোৰ ঢিলা কৰি দিব লগে। চচমা পিন্ধি আছে যদি খুলি দিব লগে। যদি হাত-ভৰি-গা আচাৰি আছে মুঠেই তাত বাধা প্ৰদান কৰিব নালাগে। এটেক বা ফিট হৈ থকা অৱস্থাত পানী, দৰৱ বা কোনো খাদ্য খুৱাবলৈ মুঠেই যত্ন কৰিব নালাগে। সেই সময়ত মুখত একো ভৰাবলৈও প্ৰয়াস কৰিব নালাগে। ফিট হৈ যোৱাৰ পিছত ৰোগীৰ ক্লান্ত দেহাক শুবলৈ সুবিধা কৰি দিব লাগে।

ৰোগীয়ে লবলগীয়া সাবধানতা সমূহ

[সম্পাদনা কৰক]

ডাক্তৰৰ অনুমতি অবিহনে দৰব কম বা বন্ধ বা সলনি কৰিব নালাগে। সাঁতোৰা, গাড়ী চলোৱা, মেচিনত কাম কৰা, ওখ ঠাই বগোৱা আদি কাৰ্য এনে অসুখত ভোগা সকলৰ বাবে অতি বিপদজনক। হুলস্থূলীয়া পৰিবেশৰ পৰা আঁতৰত থকা ভাল। টোপনি খতি আৰু অতিমাত্ৰা শ্ৰম কৰাটো বেয়া।

বিবাহত বহাত কোনো বাধা নাই। ৰোগে বৈবাহিক জীৱনত কোনো বিৰূপ প্ৰভাৱ নেপেলায়। মহিলাই গৰ্ভধাৰণ কৰিলে ডাক্তৰৰ তত্ত্বাবধানত দৰব খাই থাকিব। গৰ্ভস্থ সন্তানৰ নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি ৰোগীৰ ঔষধ আৰু দৰবৰ সালসলনিৰ প্ৰয়োজন হব পাৰে। তদুপৰি ৰোগীক ভিটামিন-কে দিয়া হয়।

ৰোগীক দৰব সাধাৰণতে অন্তত: তিনিবছৰ কাল অসুখ নিয়ন্ত্ৰণত ৰখাকৈ খোৱাব লাগে। তাৰ পিছত ক্ৰমে দৰবৰ পৰিমাণ ৬মাহৰ মূৰে মূৰে কমাই আহি এটা সময়ত বন্ধ কৰিব পাৰি। সদায় এটা কথা ৰোগী আৰু পৰিয়ালৰ মানুহে জনা উচিত যে ফিট নোহোৱাকৈ শৰীৰক ৰখাটো অত্যন্ত জৰুৰী। কেতিয়াবা অইন অসুখত ভুগিলেও ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ মৃগীৰোগীৰ দৰব বন্ধ কৰিব নালাগে।

বহুতবোৰ চেকেণ্ডৰী ইপিলেপ্সি আৰু অইন নিৰ্বাচিত মৃগীৰোগীৰ ক্ষেত্ৰত অপাৰেচনৰো ভূমিকা আছে। বহু ৰোগীয়ে দৰব নিজে বন্ধ কৰি নিজৰ বিপদ চপাই আনে। ষ্টেটাচ ইপিলেপ্তিকাচ নামৰ এনে এটা গুৰুতৰ অৱস্থাৰ বাবে বহু ক্ষেত্ৰত ৰোগীকো জগৰীয়া কৰা হয়। কিছুমান ৰোগীয়ে মানসিক ৰোগ ডিপ্ৰেচনত ভুগি আত্মহত্যাৰ প্ৰয়াস কৰিব পাৰে-পৰিয়ালৰ লোক সতৰ্ক থকা ভাল। ভালদৰে ৰোগৰ চিকিৎসা নকৰিলে ৰোগীৰ আকস্মিক মৃত্যুও ঘটিব পাৰে। ৰোগীক অনাদৰ, অৱহেলা কেতিয়াও নকৰিবলৈ পৰামৰ্শ দিয়া হয়। অশিক্ষিত অন্ধ বিশ্বাসীলোকে অসুখীয়া ৰোগীক দেখিলে দেও-ভূত লম্ভা বুলি ভবা ধাৰণা, ফিটহৈ থকা ৰোগীক জোতা শুঙাই চেতনা আনিবলৈ কৰা অপচেষ্টা আদিবোৰ শিক্ষিত লোকসকলে আঁতৰাবলৈ চেষ্টা কৰিবলৈ চিকিৎসকসকলে উপদেশ দিয়ে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত মৃগীৰোগী সম্পৰ্কীয় মিডিয়া ফাইল।
{{bottomLinkPreText}} {{bottomLinkText}}
মৃগীৰোগ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?