For faster navigation, this Iframe is preloading the Wikiwand page for মীৰা জেচমিন.

মীৰা জেচমিন

মীৰা জেচমিন

২০২২ চনত মীৰা জেচমিন
জন্ম জেচমিন মেৰী যোছেফ [1]
১৫ ফেব্ৰুৱাৰী, ১৯৮২ (৪২ বছৰ)[2]
থিৰুৱাল্লা, কেৰালা, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০১-বৰ্তমানলৈ
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁট

মীৰা জেচমিন যোছেফ (ইংৰাজী: Meera Jasmine), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে। পেছাগতভাৱে তেওঁ মীৰা জেচমিন নামেৰে পৰিছিত।

২০০১ চনত লোহিতাদাসৰ ছবি সূত্ৰধৰণৰ জৰিয়তে মীৰাই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত ২০০০ৰ দশকটোত তেওঁ দক্ষিণ ভাৰতীয় ভাষাৰ বিভিন্ন বাণিজ্যিক আৰু সমালোচনাত্মকভাৱে সফল ছবিত অভিনয় কৰি ২০০০ চনৰ অন্যতম উল্লেখযোগ্য আৰু ভৰষাযোগ্য অভিনেত্ৰী হিচাপে পৰিগণিত হয়। ২০০৪ চনত পাদম অন্নু: অৰু ভিলাপাম ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।[3] তামিলনাডু চৰকাৰে তেওঁক কলাইমামনি আৰু ভি. শান্তাৰাম বঁটাৰে সন্মানেৰে ভূষিত কৰে।[4] দ্য হিন্দু কাকতে এসময়ত তেওঁক “মালয়ালম চিনেমাৰ তাৰকা আৰু অভিনেতাসকলৰ মাজত নিজৰ স্থান দখল কৰিব পৰা মুষ্টিমেয় অভিনেতাৰ ভিতৰত তেৱোঁ এগৰাকী” বুলি অভিহিত কৰিছিল।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মীৰা জেচমিনৰ জন্ম হৈছিল কেৰালাৰ তিৰুভাল্লাৰ কুট্টাপুজা গাঁৱৰ[1][3] জোচেফ আৰু আলেয়াম্মাৰ ঘৰত।[4] মাক-দেউতাকৰ পাঁচটা সন্তানৰ ভিতৰত তেওঁ চতুৰ্থ সন্তান আছিল।[5] তেওঁৰ দুগৰাকী ভগ্নী জিবি চাৰা জোচেফ আৰু জেনী চুজান জোচেফ,[6] তেওঁলোকেওঁ ছবিতো অভিনয় কৰিছে;[7] আৰু দুজন ভাতৃ আছে। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰীত মীৰাৰ ডুবাইত অভিযন্তা হিচাপে কাম কৰা অনিল জন টাইটাছৰ সৈতে বিবাহ হয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

মালয়ালম ছবি সূত্ৰধৰণৰ যোগে মীৰাৰ চলচ্চিত্ৰত অভিষেক হয়। তেওঁৰ দ্বিতীয়খন ছবি আছিল কমলৰ পৰিচালনাত গ্ৰামোফোন, য'ত তেওঁ নব্য নায়াৰ আৰু দিলীপৰ সৈতে অভিনয় কৰিছিল।[8] এজনী ইহুদী ছোৱালীৰ চৰিত্ৰত কৰা তেওঁৰ অভিনয়ক মালয়ালম সমালোচকসকলে শলাগ লৈছিল। তেওঁৰ তৃতীয়খন ছবি আছিল একেজন পৰিচালকৰে ৰোমান্টিক কমেডী স্বপ্নকুডু, য’ত পৃথ্বীৰাজ সুকুমাৰন, কুঞ্চকো ববন, জয়সূৰ্য্য, আৰু ভাৱনাই অভিনয় কৰিছিল। ব্যৱসায়িকভাৱে অতি সফল ছবিখনত মীৰাৰ অভিনয় উচ্চ প্ৰশংসিত হৈছিল।[9]

মীৰাৰ প্ৰথম তামিল ছবি লিংগুস্বামী পৰিচালিত ব্যৱসায় সফল ছবি ৰাণ আৰু এই ছবিখনে তেওঁক নিৰ্মাতাসকলৰ বাচনিৰ অভিনেত্ৰী কৰি তুলিছিল। ৰাণৰ সফলতাই তেওঁক তামিল চলচ্চিত্ৰ জগতৰ প্ৰতিষ্ঠিত অভিনেতাসকলৰ সৈতে কাম কৰাৰ সুযোগ দিয়ে। যদিও তেওঁৰ পৰৱৰ্তী ছবিবোৰে সিমান সফলতা দিয়া নাছিল, তেওঁ পৰিচালক মণি ৰত্নমৰ চকুত পৰিছিল আৰু আয়ুথা এজুথুৰ বাবে তেওঁক কাষ্টিং কৰিছিল। তামিল নজনা মীৰাই এই ছবিখনৰ বাবে নিজৰ ডাবিং নিজে কৰিছিল। তেওঁক পিছলৈ এন লিংগুস্বামীৰ সন্দাকোজি আৰু এছ এছ ষ্টেনলিৰ মাৰ্কিউৰী পুক্কালত দেখা যায়।[10] ২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁৰ শেহতীয়া তামিল ছবি মাম্বটিয়ান মুক্তি পায়।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

২০০৪: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পাদম অন্নু: অৰু ভিলাপাম)।
২০০৬: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (পাদম অন্নু: অৰু ভিলাপাম)।
২০০৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ(কস্তৰিমন)।
২০০৮: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (ওৰে কদল)।
২০০৯: তামিলনাডু চৰকাৰৰ দ্বাৰা কলাইমামনি বঁটা প্ৰদান।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Meera Jasmine: Destiny's child Archived 4 March 2016 at the Wayback Machine, rediff.com; 1 August 2004.
  2. Staff, Newsroom (2022-02-15). "Happy Birthday Meera Jasmine: कभी डॉक्टर बनना चाहती थीं एक्ट्रेस, अब 40 साल की उम्र में पर्दे पर वापसी करने के लिए तैयार" (en-US ভাষাত). News Room Post. https://hindi.newsroompost.com/entertainments/meera-jasmine-wanted-to-become-a-doctor/678123.html। আহৰণ কৰা হৈছে: 2022-08-26. 
  3. "Scent of the Jasmine". The Hindu (Chennai, India). 29 November 2004. http://www.hindu.com/mp/2004/11/29/stories/2004112901620100.htm. 
  4. [1] Archived 18 June 2011 at the Wayback Machine
  5. "Mature portrayal". The Hindu (Chennai, India). 26 September 2004. Archived from the original on 5 January 2005. https://web.archive.org/web/20050105085014/http://www.hindu.com/thehindu/mag/2004/09/26/stories/2004092600110500.htm. 
  6. "Meera Jasmine's sisters seek anticipatory bail". The Hindu (Chennai, India). 19 October 2004. http://www.hindu.com/2004/10/19/stories/2004101906380400.htm. 
  7. Tamil movies: Meera Jasmine's patch up with her family Archived 24 September 2015 at the Wayback Machine, behindwoods.com; accessdate 28 January 2018.
  8. "Meera Jasmin". The Hindu (Chennai, India). 11 November 2002. http://www.hindu.com/thehindu/mp/2002/11/04/stories/2002110400240400.htm. 
  9. "Youth Stuff". The Hindu (Chennai, India). 15 September 2003. http://www.hindu.com/mp/2003/09/15/stories/2003091500520200.htm. 
  10. "Review: Sandakozhi (2005)". Sify. https://www.sify.com/movies/sandakozhi-review--pclvOzjeejaji.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
মীৰা জেচমিন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?