For faster navigation, this Iframe is preloading the Wikiwand page for মিলখা সিং.

মিলখা সিং

মিলখা সিং

২০১২ চনত চণ্ডীগড় গ'ল্ফ ক্লাবত সিং
ব্যক্তিগত তথ্যাৱলী
উপনাম উৰন্ত শিখ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
জন্ম ২০ নৱেম্বৰ, ১৯২৯
গোবিন্দপুৰা (বৰ্তমানৰ পাকিস্তান), পঞ্জাব অঞ্চল, ব্ৰিটিছ শাসিত ভাৰত
মৃত্যু ১৮ জুন, ২০২১ (৯১ বছৰ)
PGIMER, চণ্ডীগড়, ভাৰত
নিয়োগাধীন অৱসৰ প্ৰাপ্ত; পূৰ্বে ভাৰতীয় সেনা আৰু পঞ্জাব চৰকাৰৰ পদত নিয়োজিত
সামৰিক কেৰিয়াৰ
আনুগত্য  ভাৰত
চাকৰি/শাখা  ভাৰতীয় সেনা
পদমৰ্যদা সন্মানীয় অধিনায়ক
পুৰস্কাৰ Padma Shri riband পদ্মশ্ৰী
ক্ৰীড়া
ক্ৰীড়া ট্ৰেক এণ্ড ফিল্ড
শিতান ট্ৰেক এণ্ড ফিল্ড

মিলখা সিং (ইংৰাজী: Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১)[1] এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে। ২০১৩ চনলৈকে কমন্‌ৱেল্‌থ গে'ম্‌ছত ব্যক্তিগত শাখাত এথ্‌লেটিক্‌ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ। তেখেতে মেলবৰ্ণৰ ১৯৫৬ গ্ৰীষ্মকালীন অলিম্পিক, ৰোমৰ ১৯৬০ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৪ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ৰীড়াজগতলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়।

সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল ১৯৬০ চনৰ অলিম্পিকৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেল য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম 'ফেভৰিট' হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম ২৫০ মিটাৰলৈকে আগবাঢ়ি আছিল যদিও তাৰপিছত বাকী প্ৰতিযোগীয়ে তেওঁক চেৰ পেলাই যায়। এই দৌৰত কেইবাটাও অভিলেখ স্থাপন হৈছিল আৰু ফটো ফিনিছৰ যোগেদি আমেৰিকাৰ অ'টিছ ডেভিছক দ্বিতীয় স্থানত থকা কাৰ্ল কৌফ্‌মেনতকৈ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হৈছিল। মিলখা সিঙে ইয়াত ৪৫.৭৩ ছেকেণ্ড সময়েৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল যিটো প্ৰায় ৪০ বছৰ অক্ষত হৈ থাকে।

ভাৰতৰ বিভাজনৰ সময়ত মাউৰা হৈ পৰা মিলখা সিং নিজৰ কষ্টৰ বলেৰে পিছলৈ ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা হৈ পৰিছিল। ২০০৮ চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক "ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথ্‌লিট" আখ্যা দিয়ে।[2] ২০১২ চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে কয় যে “ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী।”[3]

মিলখা সিং আৰু জীয়েক চ'নিয়া চানৱাল্‌কাই মিলি তেওঁৰ আত্মজীৱনী "The Race of My Life" লিখি উলিয়ায়।[4] এই গ্ৰন্থখনৰ ভিত্তিতে নিৰ্মাণ কৰা চলচ্চিত্ৰ "ভাগ্‌ মিলখা ভাগ্‌"-এ ২০১৩ চনত মুক্তি লাভ কৰে।[5][6][7]

মিলখা সিঙক ২৪ মে' ২০২১ তাৰিখে মোহালিৰ ফৰ্টিছ চিকিৎসালয়ৰ ক'ভিড-১৯ৰ ফলত হোৱা নিউম'নিয়া বাবে ভৰ্তি কৰোৱা হয়। তেওঁৰ অৱস্থা কিছু সময়ৰ বাবে স্থিৰ হৈছিল, কিন্তু ১৮ জুন ২০২১-ত ভাৰতীয় সময় অনুসৰি নিশা ১১:৩০ বজাত তেওঁৰ মৃত্যু হয়।[8] উল্লেখযোগ্য যে তেওঁৰ পত্নী নিৰ্মল চাইনীৰ কেইদিনমান আগতে ২০২১ চনৰ ১৩ জুনত ক'ভিড-১৯ৰ বাবে মৃত্যু হৈছিল। [9]নিৰ্মল চাইনী ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ভলীবল দলৰ অধিনায়ক আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Milkha Singh passes away after long battle with Covid". Tridib Baparnash. The Times of India. 19 June 2021. https://timesofindia.indiatimes.com/sports/more-sports/athletics/milkha-singh-passes-away-after-long-battle-with-covid/articleshow/83650257.cms। আহৰণ কৰা হৈছে: 19 June 2021. 
  2. Brijnath, Rohit (30 July 2008). "The 'Flying Sikh' remembers". BBC News. http://news.bbc.co.uk/1/hi/world/south_asia/7532626.stm। আহৰণ কৰা হৈছে: 12 July 2013. 
  3. "Opening week's action at the Games... and what to expect". The Independent. 29 July 2012. http://www.independent.co.uk/sport/olympics/news/opening-weeks-action-at-the-games-and-what-to-expect-7985155.html। আহৰণ কৰা হৈছে: 14 July 2013. 
  4. "Milkha Singh: ‘My God, my religion, my beloved’". Livemint/Hindustan Times. 10 July 2013. http://www.livemint.com/Leisure/zqnhgnEijysVEmD6DfEhrJ/Milkha-Singh--My-God-my-religion-my-beloved.html। আহৰণ কৰা হৈছে: 15 July 2013. 
  5. "I don’t know how much people know about Milkha Singh: Farhan Akhtar". Hindustan Times. 12 July 2013. Archived from the original on 14 July 2013. https://web.archive.org/web/20130714194215/http://www.hindustantimes.com/Entertainment/Bollywood/I-don-t-know-how-much-people-know-about-Milkha-Singh-Farhan-Akhtar/Article1-1091306.aspx। আহৰণ কৰা হৈছে: 15 July 2013. 
  6. "Bhaag Milkha Bhaag Picks Up Well On Day One". Box Office India. 12 July 2013. Archived from the original on 13 July 2013. http://archive.is/PBHiR। আহৰণ কৰা হৈছে: 13 July 2013. 
  7. Ramnath, Nandini (1 July 2013). "When Milkha Singh ran for his life". Livemint/Hindustan Times. http://www.livemint.com/Leisure/fawdjxruZQLB1WdtIkQ5DI/When-Milkha-Singh-ran-for-his-life.html। আহৰণ কৰা হৈছে: 13 July 2013. 
  8. Nitin Sharma (18 June 2021). "Milkha Singh no more; passes away aged 91 due to COVID-19 complications". The Indian Express. https://indianexpress.com/article/sports/sport-others/milkha-singh-dead-7365490/। আহৰণ কৰা হৈছে: 18 June 2021. 
  9. Nitin Sharma (14 June 2021). "Nirmal Milkha Singh dies of Covid: 'She has been the biggest trophy for me'". The Indian Express. https://indianexpress.com/article/sports/sport-others/nirmal-kaur-milkha-singh-wife-covid-19-death-7357415/। আহৰণ কৰা হৈছে: 18 June 2021. 

বহিঃ সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
মিলখা সিং
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?