For faster navigation, this Iframe is preloading the Wikiwand page for ভাৰতৰ বহুপতি প্ৰথা.

ভাৰতৰ বহুপতি প্ৰথা

ভাৰতৰ বহুপতি প্ৰথাৰ (ইংৰাজী: Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা। বহুপতি প্ৰথাৰ উদাহৰণ হিন্দু মহাকাব্য মহাভাৰতত দেখা পোৱা যায়; য'ত পাঞ্চাল ৰজাৰ জীয়ৰী দ্ৰৌপদীয়ে পাঁচজন ভাতৃৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হৈছিল।[1]

বহুপতি প্ৰথা মুখ্যতঃ ভাৰতৰ হিমাচলৰ এটা অংশ কিন্নৌৰ অঞ্চলত প্ৰচলিত আছিল। কিন্নৌৰ ভাৰত-চীন সীমান্তৰ ওচৰত অৱস্থিত। মহাভাৰতত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলক তেৰ বছৰৰ বাবে তেওঁলোকৰ ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা হৈছিল আৰু শেষৰটো বছৰ কিন্নৌৰৰ এই পাহাৰীয়া অঞ্চলত অজ্ঞাতবাসত কটাইছিল। কিছুমান কিন্নৌৰীয়ে দাবী কৰে যে এই প্ৰথা তেওঁলোকে পাণ্ডৱসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছে; যাক তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ গণ্য কৰে।

দক্ষিণ ভাৰতত নীলগিৰিৰ টোড়া জনজাতি, ত্ৰিবাংকুৰৰ নাঞ্জানাদ ভেল্লালা জাতিৰ মাজতো বহুপতি প্ৰথা দেখা যায়।[2] যদিও বহুতো জনগোষ্ঠী আৰু জনজাতিৰ মাজত এই প্ৰথা নাইকীয়া হৈ গৈছে, তথাপিও কিছুমান পাহাৰীৰ মাজত, বিশেষকৈ উত্তৰ ভাৰতৰ গাড়োৱালক ‘জৌনচাৰ বাৱাৰ’ অঞ্চলত এই প্ৰথা দেখা যায়।

শেহতীয়া বছৰবোৰত কৃষিভূমিৰ বিভাজন পৰিহাৰ কৰিবলৈ পাঞ্জাবৰ মালৱা অঞ্চলৰ কৃষিজীৱি সমাজত বহুপতি প্ৰথা বৃদ্ধি পোৱা দেখা গৈছে।[3]

আইনগত বৈধতা

[সম্পাদনা কৰক]

১৮৬০ৰ ভাৰতীয় দণ্ড বিধিৰ ৪৯৪ আৰু ৪৯৫ ধাৰা অনুসৰি খ্ৰীষ্টিয়ানসকলৰ বাবে বহুগমন নিষিদ্ধ। হিন্দু বিবাহ আইন, ১৯৫৫ অনুসৰি কোনো হিন্দু লোকে পতি/পত্নী জীৱিত থকা অৱস্থাত পুনৰবিবাহ কৰিব নোৱাৰে। সেয়েহে ভাৰতত বহুবিবাহ বেআইনী।[4]

কিন্নৌৰ

[সম্পাদনা কৰক]

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ বহুতো গাঁৱত বহুপতি প্ৰথা চলি আছে। বহুপতি প্ৰথা মুখ্যতঃ পুৰুষ-প্ৰধান সমাজৰ গাওঁবোৰত প্ৰচলিত আৰু তাত এতিয়াও প্ৰাচীন ৰীতি-নীতি আৰু ৰীতি-নীতি অনুসৰণ কৰে। এই প্ৰথাৰ বিভিন্ন ধৰণৰ ৰূপ আছে। সাধাৰণতে সকলো ভাতৃয়ে একেগৰাকী নাৰীক বিবাহ কৰে। কেতিয়াবা ভাতৃসকলে পিছতো বিবাহ কৰায়। কেবল পত্নীয়েহে সন্তানৰ তেজৰ সম্বন্ধ নিৰূপণ কৰিব পাৰে। উত্তৰাধিকাৰ সম্পৰ্কীয় বিবাদ সমাধান কৰিবলৈ ডিএনএ পৰীক্ষা কৰাৰো দুই-এটা উদাহৰণ আছে। বিবাহ ভংগৰ নিয়মবোৰ কঠোৰ আৰু বিবাহ চুক্তিৰ বিৰুদ্ধে যোৱা এজন ভাতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিতও কৰিব পৰা যায়।[5]

নীলগিৰি পাহাৰত টোড়া জনগোষ্ঠীৰ দুজন পুৰুষ আৰু এজনী নাৰী, ১৮৭১

টোড়া হৈছে দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰত বাস কৰা জনজাতীয় লোক যি কেইবা শতিকাৰ পৰা বহুপতি প্ৰথা চলি আহিছে।[6] যিসকল পুৰুষে এগৰাকী বা দুগৰাকী পত্নীক বিবাহ কৰায়, স্বামীসকল প্ৰায়ে পূৰ্ণভাতৃ বা সতীয়া ভাতৃ হয়।[7] বিয়াৰ পিছত এগৰাকী টোড়া মহিলাই স্বয়ংক্ৰিয়ভাবে তেওঁৰ স্বামীৰ আন ভাতৃসকলৰো পত্নীৰ মৰ্যদা পায়।[8] যেতিয়া তেওঁ গৰ্ভৱতী হয়, তেতিয়া যিজন স্বামীয়ে আনুষ্ঠানিক ভাবে পত্নীক এজোৰ ধনু-কাড় দিব, তেৱেঁ সেই সন্তানৰ পিতৃ হ’ব। পৰৱৰ্তী সময়ত গৰ্ভৱতী হ’লে আন এজন স্বামীয়ে সেই আনুষ্ঠানিকতা পালন কৰিব।[9]

কেৰালাত বহুপতি আৰু বহুপত্নী প্ৰথা ঊনবিংশ শতিকাৰ শেহলৈকে প্ৰচলিত আছিল আৰু বিংশ শতিকাৰ মাজভাগলৈ তেনে ঘটনাৰ কথা ছেগা-চোৰোকাকৈ শুনা গৈছিল। নায়াৰ, এজহাৱা, কম্মলান, নাডাৰ আদি জাতিৰ মাজত বহুপতি প্ৰথা দেখা গৈছিল। [10][11][12] [13] [14]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Samuelson, James (1890). India, Past and Present, Historical, Social, and Political. প্ৰকাশক London: Trübner & Co.. পৃষ্ঠা. 18, 20, 46, 47. https://archive.org/stream/pli.kerala.rare.6522#page/n0। আহৰণ কৰা হৈছে: 6 September 2018. 
  2. Lakshmi Raghunandan. At the Turn of the Tide: The Life and Times of Maharani Setu Lakshmi Bayi, the Last Queen of Travancore, 1995. পৃষ্ঠা. 185. 
  3. "Draupadis bloom in rural Punjab" The Times of India. 16 July 2005.
  4. Modern Indian Family Law, Werner Menski, Routledge, 2013 p.194
  5. Negi, Sunder Kala; Singh, Hoshiar (2014). "Marital Satisfaction and Well Being among Fraternal Polyandrous and Monogamous Tribal People of Kinnaur". IRC'S International Journal of Multidisciplinary Research in Social & Management Sciences খণ্ড 2 (4): 47-57. https://www.researchgate.net/publication/331816023_Marital_Satisfaction_and_Well_Being_Among_Fraternal_Polyandrous_and_Monogamous_Tribal_People_of_Kinnaur. 
  6. Anthony R Walker (28 February – 12 March 2004). "The truth about the Todas". Frontline খণ্ড 21 (5). Archived from the original on 13 October 2007. https://web.archive.org/web/20071013183019/http://hinduonnet.com/fline/fl2105/stories/20040312000206600.htm. 
  7. Austin L. Hughes (14 July 1988). Evolution and Human Kinship. OUP USA. পৃষ্ঠা. 101. ISBN 978-0-19-505234-3. https://books.google.com/books?id=5g9002yyTW8C&q=Evolution+and+human+kinship&pg=PP1. 
  8. Bron B. Ingoldsby and Suzanna D. Smith (7 September 2005). Families in Global and Multicultural Perspective. Sage Publications, Inc. পৃষ্ঠা. 104. ISBN 978-0-7619-2819-5. https://books.google.com/books?id=UR3HhhtRy3gC&q=Families+in+global+and+multicultural+perspective. 
  9. The Todas by William Halse Rivers Rivers.
  10. Hardgrave, Robert L. (en ভাষাত). The Nadars of Tamilnad. University of California Press. https://books.google.com/books?id=KZ9mqiLgkdEC. 
  11. A Study of Polyandry – Prince Peter of Greece and Denmark (1963) The Hague: Moulton. Open Library ID OL15135517M. p. 159.
  12. Polyandry in India: Demographic, economic, social, religious, and psychological concomitants of plural marriages in women - Manis Kumar Raha and Palash Chandra Coomar (1987) Gian Pub. House. আই.এচ.বি.এন. 81-212-0105-5. p. 432.
  13. Singh, Sarva Daman (1988). Polyandry in Ancient India. ISBN 9788120804876. https://books.google.com/books?id=limC6vCMYnMC. 
  14. 074531693

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]
  • Manis Kumar Raha & Palash Chandra Coomar : Polyandry in India. Gian Publishing House, Delhi, 1987.
{{bottomLinkPreText}} {{bottomLinkText}}
ভাৰতৰ বহুপতি প্ৰথা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?