For faster navigation, this Iframe is preloading the Wikiwand page for বোধগত পক্ষপাতিতা.

বোধগত পক্ষপাতিতা

বোধগত পক্ষপাতিতা (ইংৰাজী: Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস।[1] ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে। বস্তুনিষ্ঠ প্ৰবিষ্টিৰ পৰিৱৰ্তে সেইজন ব্যক্তিৰ আচৰণ তেওঁ গঢ়ি তোলা বাস্তৱৰ নিৰ্মাণে পৰিচালিত কৰে। সেয়েহে, বোধগত পক্ষপাতিতাই কেতিয়াবা উপলব্ধিগত বৈষম্য, অশুদ্ধ বিবেচনা, যুক্তিহীন ব্যাখ্যা আৰু বহল অৰ্থত ক'বলৈ গ'লে যুক্তিহীনতাৰ সৃষ্টি কৰে।[2][3][4]

বোধগত পক্ষপাতিতাৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল এম'ছ ভাৰ্চস্কি আৰু ডেনিয়েল কাহনেমেনে ১৯৭২ চনত।[5] তেওঁলোক দুজন আৰু তেওঁলোকৰ কেইগৰাকীমান সতীৰ্থই মিলি অনুকৃতিযোগ্য কেইবাটাও বিকল্প বা আৰ্হি দেখুৱাইছিল, য'ত মানুহৰ বিবেচনা আৰু সিদ্ধান্তবোৰে “যুক্তিবাদী নিৰ্বাচন তত্ত্ব”ৰ পৰা ফালৰি কাটি আহে। বিবেচনা আৰু সিদ্ধান্ত-নিৰ্মাণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা তেনেবোৰ বৈসাদৃশ্যক ভাৰ্চস্কি আৰু কাহনেমেনে heuristicৰ জৰিয়তে দেখুৱাই দিছিল। heuristicত কিছুমান মানসিক চমুপথ সম্পৃক্ত হৈ থাকে যিবোৰে অনিশ্চিত পৰিণতিৰ সম্ভাৱনা সম্বন্ধে কিছুমান তৎকালীন অনুমান তৈয়াৰ কৰে।[6] মগজুৰ বাবে এই চমু বাটসমূহ তৈয়াৰ কৰাটো সহজ যদিও কোনো কোনো ক্ষেত্ৰত এইসমূহে “বিষম প্ৰণালীগত ত্ৰুটি”ৰ সৃষ্টি কৰে।[7]

পক্ষপাতিতা এক বৃহৎ পৰিসৰ আছে। তলত কেইটামান উল্লেখযোগ্য পক্ষপাতিতাৰ বিষয়ে উল্লেখ কৰা হ'ল:

  • দলৰ লগত জড়িত পক্ষপাতিতা (যেনে: risky shift) বনাম ব্যক্তিগত পৰ্যায়ত পক্ষপাতিতা।
  • সিদ্ধান্ত-নিৰ্মাণক প্ৰভাৱিত কৰা পক্ষপাত, য'ত বিকল্পৰ প্ৰতি থকা প্ৰত্যাশাক বিবেচনা কৰা হয়। উদাহৰণ-sunk costs fallacy
  • স্মৃতিশক্তিক প্ৰভাৱিত কৰা পক্ষপাত,[8] যেনে-consistency bias (কাৰোবাৰ অতীতৰ দৃষ্টিভংগীকো বৰ্তমানৰ দৰেই বুলি মনত ৰখা)
  • অভিৰোচনাক প্ৰভাৱান্বিত কৰা পক্ষপাত,[9] উদাহৰণস্বৰূপে, যোগাত্মক নিজস্ব-ভাৱমূৰ্তিয়ে ইগোকেন্দ্ৰিক পক্ষপাতৰ সৃষ্টি কৰে (egocentric bias) আৰু অপ্ৰীতিকৰ বোধগত বৈষম্যক (cognitive dissonance) আওকাণ কৰা।[10]

মগজুৱে কিদৰে বিশেষ ঘটনা এটাক গ্ৰহণ কৰে, তাৰ ওপৰতো কিছুমান পক্ষপাত নিৰ্ভৰশীল। ইয়াৰ ফলত স্মৃতি আৰু সিদ্ধান্ত নিৰ্মাণ হয়। এই বিবিধতাক কেতিয়াবা “hot cognition” বনাম “cold cognition” বুলি কোৱা হয়, যিহেতু অভিৰোচিত যুক্তিবাদে (motivated reasoning) এক বিশেষ উদ্দীপনাময় অৱস্থাৰ সৃষ্টি কৰিব পাৰে। শীতল অথবা “cold” পক্ষপাতৰ ভিতৰত,

  • প্ৰাসংগিক তথ্য অৱহেলা কৰাৰ ফলত হোৱা (যেনে: সম্ভাৱিতাক আওকান (neglect of probability)),
  • অপ্ৰাসংগিক তথ্যৰ দ্বাৰা প্ৰভাৱিত হৈ কিছুমানে সিদ্ধান্ত নিৰ্মাণ কৰে, উদাহৰণস্বৰূপে কাঠামোবদ্ধ প্ৰভাৱ ইত্যাদি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The evolution of cognitive bias.". The Handbook of Evolutionary Psychology. প্ৰকাশক Hoboken, NJ, US: John Wiley & Sons Inc. 2005. পৃষ্ঠা. 724–746. http://www.sscnet.ucla.edu/comm/haselton/papers/downloads/handbookevpsych.pdf. 
  2. "Subjective probability: A judgment of representativeness". Cognitive Psychology খণ্ড 3 (3): 430–454. 1972. doi:10.1016/0010-0285(72)90016-3. Archived from the original on 2019-12-14. https://web.archive.org/web/20191214120047/http://datacolada.org/wp-content/uploads/2014/08/Kahneman-Tversky-1972.pdf। আহৰণ কৰা হৈছে: 2020-05-26. 
  3. Thinking and Deciding (4th সম্পাদনা). প্ৰকাশক New York, NY: Cambridge University Press. 2007. 
  4. Ariely, Dan (2008). Predictably Irrational: The Hidden Forces That Shape Our Decisions. প্ৰকাশক New York, NY: HarperCollins. ISBN 978-0-06-135323-9. 
  5. "Representativeness Revisited: Attribute Substitution in Intuitive Judgment". Heuristics and Biases: The Psychology of Intuitive Judgment. প্ৰকাশক Cambridge: Cambridge University Press. 2002. পৃষ্ঠা. 51–52. ISBN 978-0-521-79679-8. 
  6. Social psychology and human nature: International Edition. প্ৰকাশক Belmont, USA: Wadsworth. 2010. পৃষ্ঠা. 141. 
  7. "Judgment under Uncertainty: Heuristics and Biases". Science খণ্ড 185 (4157): 1124–31. September 1974. doi:10.1126/science.185.4157.1124. PMID 17835457. 
  8. "The seven sins of memory. Insights from psychology and cognitive neuroscience". The American Psychologist খণ্ড 54 (3): 182–203. March 1999. doi:10.1037/0003-066X.54.3.182. PMID 10199218. 
  9. "The case for motivated reasoning". Psychological Bulletin খণ্ড 108 (3): 480–98. November 1990. doi:10.1037/0033-2909.108.3.480. PMID 2270237. http://synapse.princeton.edu/~sam/kunda90_psychol_bulletin_the-case-for-motivated-reasoning.pdf। আহৰণ কৰা হৈছে: 2017-10-27. 
  10. Stroebe, W., ed (1993). "Self-enhancement and Superiority Biases in Social Comparison". European Review of Social Psychology 4. Wiley. 
{{bottomLinkPreText}} {{bottomLinkText}}
বোধগত পক্ষপাতিতা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?