For faster navigation, this Iframe is preloading the Wikiwand page for বাণাসুৰ.

বাণাসুৰ

বাণাসুৰ
তথ্য
পৰিয়াল বলি (পিতৃ)
দাম্পত্যসঙ্গী কন্দলা
সন্তান ঊষা

বাণ (বা বাণাসুৰ) হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ।[1][2] শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল। আনহাতে হিমাচলৰ লোককথা মতে তেওঁ শোণিতপুৰৰ (বৰ্তমানৰ হিমাচল প্ৰদেশৰ চাৰাহন) ৰজা আছিল।[3]

কিংবদন্তি

[সম্পাদনা কৰক]

প্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক তেওঁ পূজা কৰিছিল। শিৱ‌ই তাণ্ডৱ নৃত্য কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱ‌ই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী ঊষাঅগ্নিগড়ৰ দুৰ্গত বন্দী কৰি ৰাখে। এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ জী চিত্ৰলেখা। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে।[4] এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণ‌ই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰি-হৰ যুদ্ধ বোলে। যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। ব্ৰহ্মাৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱ‌ই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়।[5][6][7][8] ইয়াৰ পাছত কৃষ্ণই বাণাসুৰৰ দুখন হাতৰ বাহিৰে সকলোবোৰ কাটি পেলায়।[9] বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

বংশ-পৰিয়াল

[সম্পাদনা কৰক]
Banasur Remarking on Evil

বাণাসুৰৰ বংশ এনে ধৰণৰ:[10]

মিডিয়া আৰু সাহিত্য

[সম্পাদনা কৰক]

ভাৰতীয় মহাকাব্য মহাভাৰত আৰু ভাগৱত পুৰাণত বাণাসুৰৰ কাহিনী বৰ্ণোৱা হৈছে। শক্তি দেৱীয়ে বিয়াৰ বাবে তেওঁক প্ৰত্যাখ্যান কৰাৰ কাহিনী তামিল সংগম সাহিত্যকৰ্ম মণিমেকলৈ আৰু পুৰাণানুৰু; ভট্টৱতাৰৰ বাণাসুৰ কথাত বৰ্ণিত হৈছে।[11] ওড়িয়া ভাষাত শিশু শংকৰ দাসে ১৫ শ শতিকাত ৰচনা কৰা মহাকাব্যিক কবিতা ঊষাভিলাষতো বাণৰ কাহিনী কোৱা হৈছে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৪ বছৰ বয়সতে "শোণিত কুঁৱৰী" নাটক ৰচনা কৰিছিল।

১৯৬১ চনত ৰাজাৰাজেশ্বৰী ফিল্ম্‌ছৰ বেনাৰত কাডাৰু নাগাভূষণমে "ঊষা পৰিণয়ম" নামৰ এখন তেলেগু বোলছবি নিৰ্মাণ কৰিছিল। প্ৰখ্যাত তেলেগু অভিনেতা এছ ভি ৰংগা ৰাৱে বাণাসুৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।[12]

লাইফ অ'কে টেলিভিজন চিৰিজ "দেৱ'ন কা দেৱ...মহাদেৱ"ত বাণাসুৰৰ চৰিত্ৰ পঞ্জৱী অভিনেতা বিক্ৰমজিত বিৰ্কে ৰূপায়ণ কৰিছিল।

Far Cry 4 নামৰ ভিডিঅ' গেইমতো বাণাসুৰৰ চৰিত্ৰ আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. krishna.com - Glossary description
  2. Kumar, Anu (30 November 2012). Banasura: The Thousand-Armed Asura. Hachette India. ISBN 978-93-5009-537-9. https://books.google.com/books?id=uitM7zXHImQC. 
  3. "- Shri Bhima Kali Temple". Archived from the original on 2017-10-01. https://web.archive.org/web/20171001075133/http://bhimakali.nic.in/legends.htm। আহৰণ কৰা হৈছে: 2017-07-31. 
  4. M. Padmanabhan; Meera Ravi Shankar (1 August 2004). Tales of Krishna from Mahabharatha. Sura Books. পৃষ্ঠা. 56–57. ISBN 978-81-7478-417-9. https://books.google.com/books?id=39TA4-XyaQkC&pg=PT56. 
  5. Vanamali (2012). The Complete Life of Krishna. Simon and Schuster. ISBN 1594776903. https://books.google.co.in/books?id=LFwoDwAAQBAJ&pg=PT170&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjgmOrIlvTUAhUFvo8KHcXcANEQ6AEIMjAD#v=onepage&q=banasura%20krishna%20shiva&f=false. 
  6. Stephen Knapp. Krishna Deities and Their Miracles. Prabhat Prakashan. https://books.google.co.in/books?id=Fw_ODQAAQBAJ&pg=PT16&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjgmOrIlvTUAhUFvo8KHcXcANEQ6AEIRzAH#v=onepage&q=banasura%20krishna%20shiva&f=false. 
  7. Krishna. Har Anand Publications. 2009. পৃষ্ঠা. 68. ISBN 8124114226. http://books.google.com/books?id=L1SrCwAAQBAJ&pg=PA23. 
  8. Chandra sekhar Singh. The Purans volume-02. Lulu.com. ISBN 1365593274. https://books.google.co.in/books?id=iifBDQAAQBAJ&pg=PT393&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjm2tT1m_TUAhUJMI8KHQIIBCw4ChDoAQgnMAE#v=onepage&q=banasura%20krishna%20shiva&f=false. 
  9. "Banasur - demon with a thousand arms". sagarworld.com. Archived from the original on 25 August 2022. https://web.archive.org/web/20220825154130/https://www.sagarworld.com/shri-krishna/banasur-demon-with-a-thousand-arms। আহৰণ কৰা হৈছে: 25 August 2022. 
  10. Bhaleram Beniwal: Jāt Yodhāon ke Balidān, Jaypal Agencies, Agra 2005
  11. Kalla, Krishan Lal. The Literary Heritage of Kashmir. প্ৰকাশক Jammu and Kashmir (India): Mittal Publications. পৃষ্ঠা. 11. 
  12. Usha Parinayam 1961 film at IMDb.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Dictionary of Hindu Lore and Legend (আই.এচ.বি.এন. 0-500-51088-1) by Anna Dhallapiccola
  • Acharya Chandra Shekhar Shastri: Puranon ki Anmol Kahanian, 2006 আই.এচ.বি.এন. 81-902258-6-3
{{bottomLinkPreText}} {{bottomLinkText}}
বাণাসুৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?