বসু
হিন্দু ধৰ্মত বসু (সংস্কৃত: वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা।[Note 1] [Note 2][3] অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। প্ৰকৃতিৰ দিশসমূহক প্ৰতিনিধিত্ব কৰা আঠ মৌলিক দেৱতাই লগতে মহাজাগতিক প্ৰাকৃতিক পৰিঘটনাকো প্ৰতিনিধিত্ব কৰে (সূৰ্য, চন্দ্ৰ আৰু তৰা)। বসু নামৰ অৰ্থ হৈছে ‘উজ্জ্বলতা’ বা ‘ধন দাতা’। তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ ভিতৰত তেওঁলোক আঠজন।
অষ্ট বসু
[সম্পাদনা কৰক]বিভিন্ন গ্ৰন্থত অষ্ট বসুৰ তালিকাত ভিন্নতা আছে। বৃহদাৰণ্যক উপনিষদ, বিষ্ণু পুৰাণ আৰু মহাভাৰতত সাধাৰণতে এই সংখ্যা আৰু নামৰ ক্ষেত্ৰত সমতা দেখিবলৈ পোৱা যায়। এই নাম আৰু অৰ্থ তলত উল্লেখ কৰা ধৰণৰ-
বৃহদাৰণ্যক | বিষ্ণু পুৰাণ[4] | মহাভাৰত[5] | |||
---|---|---|---|---|---|
নাম | অৰ্থ | নাম | নাম | অৰ্থ | |
পৃথ্বী | "পৃথিৱী" | ভূমি | ধৰা | "পৃথিৱী" | |
বৰুণ | "পানী" | সমূদ্ৰ | অপ | "পানী" | |
অগ্নি | "তপ্ত জুই" | অগ্নি | অনল | "জুই" | |
বায়ু | "বতাহ" | বায়ু | অনিল | "বতাহ" | |
আদিত্য | "চিৰন্তন", সূৰ্য্যৰ এটা একেবাৰে সাধাৰণ নাম | অংশুমান | প্ৰত্যুষ | "সূৰ্য" | |
আকাশ | "আকশ" | আকাশ | প্ৰভাস | "আকাশ বা ইথাৰ" | |
চন্দ্ৰমা | "চন্দ্ৰ" | চন্দ্ৰ | সোম | "জোন" | |
নক্ষত্ৰ | "তাৰকামণ্ডলী" | প্ৰভাস | ধ্ৰুৱ | "গতিহীন", ধ্ৰুৱ তৰাৰ নাম |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ashtavasu in Sanskrit glossary, The practical Sanskrit-English dictionary, www.wisdomlib.org
- ↑ Ashtavasu in Marathi glossary, The Molesworth Marathi and English Dictionary, www.wisdomlib.org
- ↑ Story of Aṣṭavasu, Puranic encyclopaedia
- ↑ Viṣṇu Purāṇa, Chapter 15 of Aṃśam 1
- ↑ Ślokas 17 and 18, Chapter 66, Ādi Parva, Mahābhārata)
টোকা
[সম্পাদনা কৰক]- ↑ Aṣṭavasu (अष्टवसु).—The eight वसु (vasu)s in the present मन्वन्तर (manvantara) are (a) धर, ध्रुव, सोम, आप, अनिल, अनल, प्रत्यूष, प्रभास (dhara, dhruva, soma, āpa, anila, anala, pratyūṣa, prabhāsa). (b) द्रोण, प्राण, ध्रुव, अर्क, अग्नि, दोष, वसु, विभावसु (droṇa, prāṇa, dhruva, arka, agni, doṣa, vasu, vibhāvasu).[1]
- ↑ aṣṭavasu (अष्टवसु).—m pl S The eight vasu viz. dhara, dhruva, sōma, āp, anila, anala, pratyūṣa, prabhāsa. In bhāgavatapurāṇa the enumeration is drōṇa, prāṇa, dhruva, arka, agni, dōṣa, vasu, vibhāvasu.[2]
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.