For faster navigation, this Iframe is preloading the Wikiwand page for বনৰীয়া ম’হ.

বনৰীয়া ম’হ

বনৰীয়া ম'হ
Wild water buffalo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
উপপৰিয়াল: Bovinae
গোত্ৰ: Bovini
গণ: Bubalus
প্ৰজাতি: B. arnee
বৈজ্ঞানিক নাম
Bubalus arnee
(Kerr, 1792)
Subspecies
  • B. a. arnee (much of India and Nepal)
  • B. a. fulvus (Assam and neighbouring areas)
  • B. a. theerapati (southeast Asia)
Asiatic water buffalo range

বনৰীয়া ম'হ (ইংৰাজী: Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।[1] সমগ্ৰ বিশ্বত ইয়াৰ প্ৰায় ৩,৪০০টা প্ৰাণী জীয়াই আছেগৈ। তাৰে ৩,১০০ (৯১%) ভাৰতবৰ্ষত বিশেষকৈ অসমত আছে। .[2]

দৈহিক গঠন

[সম্পাদনা কৰক]
Skull of a wild water buffalo in the Bavarian State Collection of Zoology

বনৰীয়া ম'হ পোহনীয়া ম'হতকৈ আকাৰত ডাঙৰ আৰু ইয়াৰ ওজনো অধিক। ইহঁতৰ ওজন সাধাৰণতে ৭০০-১২০০ কিলোগ্ৰাম হয়। মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰায় ২৪০-৩০০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১০০ ছে:মি: হয়। মতা আৰু মাইকী উভয়ৰে শিং থাকে। বনৰীয়া ম'হৰ ছালৰ বৰণ গাঢ় মুগা বা ক'লা হয়। ইয়াৰ কপালত এটা সৰু চুলিৰ কোঁচা থকা দেখা যায়। ইয়াৰ কাণ দুখণ তুলনামূলকভাৱে সৰু। ইয়াৰ নেজৰ আগটোত একোঁচা চুলি থাকে।[3]

টেক্স'নমি

[সম্পাদনা কৰক]
Water buffalo sculpture, Lopburi, Thailand, 2300 BCE

কেৰলাছ লিনিয়াছে পোণপ্ৰথমে ১৭৫৮ চনত Bos bubalis হিচাপে পোহনীয়া ম'হৰ বৈজ্ঞানিক নামকৰণ কৰে। ১৭৯২ চনত ৰবাৰ্ট কেৰ (Robert Kerr) এ বনৰীয়া ম'হক Bos arnee আখ্যা দিয়ে।[4][5][6]

বাসস্থান আৰু বিস্তৃতি

[সম্পাদনা কৰক]
Landscape in Kaziranga National Park with a herd of water buffaloes in the background

বনৰীয়া ম'হ প্ৰধানকৈ ভাৰত, নেপাল, বাংলাদেশ, ভূটান, থাইলেণ্ড আৰু কম্বোডিয়াত দেখিবলৈ পোৱা যায়। এই প্ৰাণীবিধ পাকিস্তান, বাংলাদেশ, লাওছ আৰু ভিয়েটনামৰ পৰা ইতিমধ্যে বিলুপ্ত হৈছে বুলি জনা গৈছে।[1][2] এই প্ৰাণীবিধে প্ৰধানকৈ পানীপূৰ্ণ ঘাঁহনি, বিল আৰু নৈৰ উপত্যকা অঞ্চলত দেখা যায়।[3]

ভাৰতবৰ্ষত বনৰীয়া ম'হ প্ৰধানকৈ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল যেনে কাজিৰঙা, মানস, ডিব্ৰু ছৈখোৱা, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য আদিত বিস্তৃত হৈ আছে। তদুপৰি অৰুণাচল প্ৰদেশৰ 'D'Ering Memorial Wildlife Sanctuary' তো ইয়াক দেখা যায়। ইয়াৰ বাহিৰে পশ্চিমবংগৰ বাক্সা ব্যাঘ্ৰ্য প্ৰকল্প, মেঘালয়ৰ বালপাকৰাম (Balpakram ) ৰাষ্ট্ৰীয় উদ্যান আদিতো বনৰীয়া ম'হ সৰু সৰু গোটত বিস্তৃত হৈ আছে।[2] নব্বৈ শতিকাৰ প্ৰধমভাগত অসম আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহতো প্ৰায় ৩,৩০০-৩,৫০০ মান বনৰীয়া ম'হ আছিল বুলি জনা যায়।[7] কিন্তু বিভিন্ন কাৰণত এই জনসংখ্যা হ্ৰাস পাই ১৯৯৭ চনত কেৱল ১,৫০০ হৈ পৰে।[1]

নেপালত কেৱল Koshi Tappu Wildlife Reserveত বনৰীয়া ম'হ দেখা যায়। ১৯৭৬ চনত ইয়াৰ জনসংখ্যা ৬৩ টাৰ পৰা ২০০৯ চনত ২১৯ টালৈ বৃদ্ধি পালে।[8][9] ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে সৰু সৰু গোটত বনৰীয়া ম'হ দেখিবলৈ পোৱা যায়। ই প্ৰকৃততে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একেটা বৃহৎ গোটৰ অংশ।[2] ম্যানমাৰৰ Hukaung Valley Tiger Reserveতো কিছুসংখ্যক বনৰীয়া ম'হ দেখা যায়।[1]

থাইলেণ্ডত, ৪০ টাতকৈ সৰু সৰু গোটত কিছু বনৰীয়া ম'হ বিস্তৃত হৈ আছে। Huai Kha Khaeng Wildlife Sanctuary ত প্ৰায় ২৫-৩০টা মান বনৰীয়া ম'হৰ গোট এটা থকাৰ তথ্য পোৱা গৈছে। কিন্তু যোৱা ১৫ বছৰ মান ধৰি এই গোটটোত বনৰীয়া ম'হৰ সংখ্যা বৃদ্ধি পোৱা নাই।[10]

তেনেদৰে কম্বোডিয়াতো 'Mondulkiri' আৰু Ratanakiri Provinces ত কেইডজনমান বনৰীয়া ম'হ বিস্তৃত হৈ আছে।[11]

বনৰীয়া ম'হ দিন আৰু ৰাতি সমানে সক্ৰিয় হৈ থাকে। পূৰ্ণবয়স্ক মাইকী ম'হ আৰু পোৱালিয়ে মিলি ৩০টা পৰ্যন্ত প্ৰাণীৰ স্থায়ী গোট ( clans) গঠন কৰে। এনে গোট একোটাই প্ৰায় ১৭০-১০০০ হেক্টৰ পৰ্যন্ত এলেকা অধিকাৰ কৰি ৰাখে। এনে গোটসমূহ সাধাৰণতে . পূৰ্ণবয়স্ক ম'হে নেতৃত্ব দিয়ে। এনে কেইবাটাও সৰু গোট লগ হৈ একোটা বৃহৎ দল (herd) গঠন হয়। এনে দলত ৩০-৫০০ টামান বনৰীয়া ম'হ থাকে। পূৰ্ণবয়স্ক মতা ম'হে 'bachelor group' গঠন কৰে নাইবা অকলশৰীয়াকৈ থাকে।

বনৰীবা ম'হে ঋতু অনুযায়ী প্ৰজনন কৰে। সাধাৰণতে অক্টোবৰৰ পৰা নৱেম্বৰ পৰ্যন্ত ইহঁত প্ৰজননত লিপ্ত হয়। অৱশ্যে কিছু কিছু অঞ্চলত ই বছৰ জুৰি প্ৰজনন কৰাৰো তথ্য পোৱা যায়।

মাইকী বনৰীয়া ম'হে ১০-১১ মাহ গৰ্ভধাৰণ কৰাৰ পিছত একোটাকৈ পোৱালিৰ জন্ম দিয়ে। মতা ম'হে ১৮ মাহত আৰু মাইকী ম'হে তিনিবছৰৰ বয়সত প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে। বনৰীয়া ম'হৰ এতিয়ালৈকে জানিব পৰা মতে সৰ্বাধিক আয়ুসকাল হ'ল ২৫ বছৰ।[3]

বনৰীয়া ম'হে সাধাৰণতে উদ্ভিদ খাই জীয়াই থাকে। ই খেতি পথাৰত বিশেষকৈ ধান, কুঁহিয়াৰ, মৰাপাট আদিও খায়।[12]

শেহতীয়াকৈ বনৰীয়া ম'হৰ প্ৰায় ৫০% পৰ্যন্ত জনসংখ্যা হ্ৰাস পাইছে। এই প্ৰাণীবিধে সন্মুখীন হোৱা প্ৰধান সমস্যাবোৰ হৈছে-[1]

  • interbreeding -বনাঞ্চলৰ আশে পেশে থকা পোহনীয়া ম'হৰ সৈতে অন্ত:প্ৰজনন;
  • থাইলেণ্ড, কম্বোডিয়া, ম্যানমাৰ আদিত চোৰংচিকাৰ;
  • খেতিপথাৰলৈ পৰিৱৰ্ত্তন হোৱাৰ ফলত আৰু অন্যান্য কাৰণত হোৱা বনাঞ্চল ধ্বংস;
  • জলাহ-ভূমিৰ বিনষ্টিকৰণ;
  • পোহনীয়া ম'হৰ পৰা সোঁচৰা বিভিন্ন ৰোগ;
  • পোহনীয়া ম'হৰ সৈতে খাদ্যৰ বাবে হোৱা আন্ত; প্ৰজাতি প্ৰতিযোগিতা।

সংৰক্ষণ

[সম্পাদনা কৰক]

Bubalus arnee ক ইতিমধ্যে CITES Appendix III ৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ভূটান, ভাৰত, নেপাল আৰু থাইলেণ্ডত আইনী সংৰক্ষণ প্ৰদান কৰা হৈছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Hedges, S., Baral, H. S., Timmins, R. J., Duckworth, J. W. (2008). "Bubalus arnee". IUCN Red List of Threatened Species. Version 2012.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/3129. 
  2. 2.0 2.1 2.2 2.3 Choudhury, A. (2010). The vanishing herds : the wild water buffalo. Gibbon Books, Rhino Foundation, CEPF & COA, Taiwan, Guwahati, India.
  3. 3.0 3.1 3.2 Nowak, R. M. (1999). Walker's Mammals of the World. Volume 1. The Johns Hopkins University Press, Baltimore, USA and London, UK
  4. Ellerman, J. R., Morrison-Scott, T. C. S. (1966). Checklist of Palaearctic and Indian mammals 1758 to 1946. Second edition. London: British Museum of Natural History. Pp 383–384.
  5. Gentry, A. Clutton-Brock, J., Groves, C. P. (2004). The naming of wild animal species and their domestic derivatives. Journal of Archaeological Science 31: 645–651.
  6. Yang, D. Y., Li Liu, Chen, X., Speller, C. F. (2008). Wild or domesticated: DNA analysis of ancient water buffalo remains from north China. Journal of Archaeological Science 35 (2008): 2778–2785.
  7. Choudhury, A. (1994). The decline of the wild water buffalo in northeast India. Oryx 28(1): 70–73.
  8. Heinen, J. T. (1993). Population viability and management recommendations for wild water buffalo (Bubalus bubalis) in Kosi Tappu Wildlife Reserve, Nepal. Biological Conservation 65: 29–34.
  9. Heinen, J. T., Ramchandra, K. (2006). Threats to a small population: a census and conservation recommendations for wild buffalo Bubalus arnee in Nepal. Oryx 40: 1–8.
  10. Chaiyarat, R., Lauhachinda, V., Kutintara, U., Bhumpakphan, N., Prayurasiddhi, T. (2004). Population of Wild Water Buffalo (Bubalus Bubalis) in Huai Kha Khaeng Wildlife Sanctuary, Thailand Archived 2011-07-28 at the Wayback Machine. Natural History Bulletin Siam Society 52 (2): 151–162.
  11. Tordoff, A. W., Timmins, R. J., Maxwell, A., Huy Keavuth, Lic Vuthy and Khou Eang Hourt (eds). (2005). Biological assessment of the Lower Mekong Dry Forests Ecoregion. WWF Greater Mekong Programme. Phnom Penh, Cambodia
  12. Lēkhakun, B., Mcneely, J. A. (1988). Mammals of Thailand. 2nd edition. Saha Karn Bhaet, Bangkok, Thailand

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
বনৰীয়া ম’হ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?