For faster navigation, this Iframe is preloading the Wikiwand page for ফুটুকী জেঠী.

ফুটুকী জেঠী

এই প্ৰবন্ধৰ শীৰ্ষক নামটো প্ৰৱন্ধটো লিখাৰ সময়ত সম্পাদকে যথাযথ অনুবাদ কৰি লোৱা নাম। মূল নামটো ইংৰাজী বা আন ভাষাত আছে যাৰ সঠিক অসমীয়া প্ৰতিশব্দ বৰ্তমানলৈ উপলব্ধ নহয় বা বিচাৰি উলিয়াব পৰা নাই। পাঠকৰ সুবিধাৰ বাবে প্ৰবন্ধৰ পৰিচিতি অংশত মূল নামটোৰ উল্লেখ কৰা হৈছে। অভিজ্ঞ ব্যক্তিসকলক প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত নামাকৰণ সম্পৰ্কে মতামত প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনোৱা হ’ল।
Spotted Salamander
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Amphibia
বৰ্গ: Caudata
পৰিয়াল: Ambystomatidae
গণ: Ambystoma
প্ৰজাতি: A. maculatum
বৈজ্ঞানিক নাম
Ambystoma maculatum
(Shaw, 1802)

ফুটুকী জেঠী বা হালধীয়া ফুটুকী জেঠী (ইংৰাজী: Spotted Salamander বা Yellow-spotted Salamander) (বৈজ্ঞানিক নাম: Ambystoma maculatum) সাধাৰণতে আমেৰিকা বা কানাডাত পোৱা এবিধ সৰীসৃপ।

এই ফুটুকী জেঠী বা চালামেণ্ডাৰ প্ৰায় ১৫-১৯ ছে. মি. দীঘল। ইয়াৰ ৰং সাধাৰণতে ক'লা কিন্তু কেতিয়াবা গাঢ় নীলা বা মটীয়া ৰঙৰো হয়। ইয়াৰ পিঠিত দুশাৰী হালধীয়া (বা কমলা-হালধীয়াৰ মিশ্ৰণ) ৰঙৰ দুশাৰী ফুটুকীয়া শাৰী থাকে। সাধাৰণতে ইয়াৰ মূৰৰফালে থকা ফুটবোৰ কমলা আৰু পিছফালে থকাবোৰ হালধীয়া হোৱা দেখা যায়।

প্ৰকৃতি

[সম্পাদনা কৰক]

ইহঁতে ডাঠ হাবিত ঘৰ সাজে আৰু কণী পাৰে পুখুৰী বা তেনে জলাশয়ৰ পানীত। বেছিভাগ সময় ইহঁতে নিজকে শেলুৱৈ ধৰা কাঠ বা শিলৰ তলত লুকুৱাই ৰাখে। শীতকালত ইহঁতে মাটিৰ তলত থাকে। প্ৰতিৰক্ষাৰ বাবে নিজকে লুকুৱাই ৰখা, বিষ নিক্ষেপ কৰা আদি উপায় অৱলম্বন কৰে। শত্ৰুৱে আক্ৰমণ কৰিলে ইহঁতে নিজৰ নেজডাল দেহৰপৰা বিচ্চিন্ন কৰি হাত সাৰিব পাৰে। এই সৰি পৰা অংশবোৰ পিছত পুনৰ্গঠন হয়।

জীৱনচক্ৰ

[সম্পাদনা কৰক]

ইহঁতে বসন্ত কালত পুখুৰী বা তেনে জলাশয়ৰ পানীত কণী পাৰে। এবাৰত এজনী মাইকী চালামেণ্ডাৰে ১০০ টালৈকে কণী পাৰে। কণী ফুটি পোৱালি ওলাবলৈ এমাহৰ পৰা দুমাহলৈকে সময় লয়।

ইহঁতে ফৰিং, পোক-পৰুৱা, মকৰা আৰু আন সৰু সৰু সৰীসৃপ চিকাৰ কৰি খায়। ই নিশাচৰ।

একমাত্ৰ সালোক সংশ্লেষণকাৰী শেলাই বহনকাৰী প্ৰাণী

[সম্পাদনা কৰক]
এটা ফুটুকীয়া চালামেণ্ডাৰ

এক গৱেষণাত প্ৰমাণিত হৈছে যে, ফুটুকীয়া চালামেণ্ডাৰ ( বৈজ্ঞানিক নাম Ambystoma maculatum) নামৰ সৰীসৃপ প্ৰাণীবিধৰ দেহত পত্ৰহৰিৎযুক্ত শেলাই পোৱা গৈছে আৰু সেয়েহে ইয়াক এতিয়ালৈকে জনা প্ৰথম সালোক সংশ্লেষণকাৰী শেলাই বহনকাৰী মেৰুদণ্ডী প্ৰাণী বুলি অভিহিত কৰা হৈছে। এই আৱিষ্কাৰ ৩০ জুলাই, ২০১০ চনৰ Nature পত্ৰিকাত প্ৰকাশিত হৈছে।[1]

ইয়াৰ ওপৰত হোৱা গৱেষণা

[সম্পাদনা কৰক]

ডেলহাউচি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰায়ান কাৰ্ণি আৰু তেওঁৰ সতীৰ্থসকলে কেইবাবিধো চালামেণ্ডাৰৰ ভ্ৰূণৰ ওপৰত এক পৰীক্ষা চলাইছিল। এই পৰীক্ষাত এওলোকে সেই বিশেষ চালামেণ্ডাৰবিধৰ ভ্ৰূণৰ কিছুমান কোষৰপৰা এক বিশেষ ধৰণৰ সেউজীয়া আভা বিকিৰিত হোৱা দেখিবলৈ পালে। তাৰপৰাই তেওঁলোক প্ৰথমবাৰৰ বাবে ইয়াত পত্ৰহৰিৎ থকাৰ প্ৰমাণ পালে। এই পত্ৰহৰিতেই সূৰ্য্যৰ পোহৰ শোষণ কৰি সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা গ্লুক’জ প্ৰস্তুত কৰে। তেওঁলোকৰ মতে এই জীৱবিধৰ ভ্ৰূণৰ সালোকসংশ্লেষণকাৰী এবিধ শেলাইৰ লগত যথেষ্ট মিল আছে। তেওঁলোকে পিছত এটা ঠিক প্ৰষ্ফুটিত হোৱাৰ আগৰ সময়ৰ ভ্ৰণৰ Transmission Electron Microscopy ৰ দ্বাৰা ছবি লৈ এই মন্তব্যত উপনীত হয়।

পৰিঘটনাটো প্ৰকৃততে

[সম্পাদনা কৰক]

বিজ্ঞানীৰ দলটোৱে প্ৰকৃততে সেই ভ্ৰণসমূহত শেলাইবিধ আৰু চালামেণ্ডাৰৰ মাইট’কন্দ্ৰিয়াই সহাৱস্থান কৰি থকা বুলিহে কৈছে। ইয়াৰদ্বাৰা দুয়ো দুয়োৰে পৰা লাভবান হৈছে। কিন্তু এনেকৈ এবিধ জীৱৰ কলাসমূহৰ মাজত এবিধ উদ্ভিদে সহাবস্থান কৰি থকাটো অসম্ভৱ। কাৰণ যিকোনো প্ৰাণীত প্ৰতিৰক্ষা কৰিবলৈ থকা কলাসমূহে দেহত সোমোৱা যিকোনো বাহ্যিক পদাৰ্থকে দেহত সোমোৱাত বাধা প্ৰদান কৰে আৰু দেহক সুৰক্ষিত কৰি ৰাখে। যদিহে সুৰক্ষাপ্ৰণালীৰ বাধা অতিক্ৰমি দেহত সেইসমূহ পদাৰ্থ প্ৰৱেশ কৰে, জীৱটোৰ দেহ আক্ৰান্ত হ’ব নাইবা জীৱটোৰ মৃত্যু হ’ব। বিজ্ঞানীসকলে এটি মাতৃ চালামেণ্ডাৰৰ জৰায়ুৰ পৰা দেহলৈ সংযোজিত নলীৰ বেৰতো এই পদাৰ্থসমূহ প্ৰত্যক্ষ কৰিছে। ইয়াৰ অৰ্থ এয়াই যে মাতৃৰ পৰা ভ্ৰূণলৈ এই পদাৰ্থবোৰ গৈছে অথাৎ সেইটো কোনো আক্ৰান্ত ভ্ৰুণ নহয়। কিন্তু এই সহাৱস্থানক লৈ এতিয়াও দ্বিমত নথকা নহয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • Hammerson (2004). Ambystoma maculatum. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006. Database entry includes a range map and a brief justification of why this species is of least concern.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ফুটুকী জেঠী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?