For faster navigation, this Iframe is preloading the Wikiwand page for প্ৰদীপ শইকীয়া.

প্ৰদীপ শইকীয়া

এই জীৱিত ব্যক্তিৰ জীৱনীমূলক প্ৰবন্ধটোত কোনো ধৰনৰ উদ্ধৃতি বা তথ্যৰ উত্‍স উল্লেখ কৰা হোৱা নাই। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্‍সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্‍স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে।
প্ৰদীপ শইকীয়া
জন্ম ১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰ
টীয়ক, যোৰহাট জিলা
মৃত্যু ২০১৭ চনৰ ১০ এপ্ৰিল
তচদ্দুক ইউচুফ পথ, ৰত্নপুৰ, নগাঁও
পেচা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, প্ৰসিদ্ধ অনুবাদক,
ভাষা অসমীয়া ইংৰাজী সংস্কৃত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ওমৰ খয়াম
উল্লেখযোগ্য বঁটা কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সাহিত্য বঁটা, ২০১৬
দাম্পত্যসংগী চাৰু শইকীয়া
সন্তান জুমলী শইকীয়া, ডা: ৰাজা বিক্ৰম শইকীয়া

প্ৰদীপ শইকীয়া (ইংৰাজী: Pradip Saikia) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক। ২০১৬ বৰ্ষত কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সাহিত্য বঁটাপ্ৰাপক।

১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰদীপ শইকীয়াৰ যোৰহাট জিলাটীয়কত জন্ম হয়। পিতৃ প্ৰয়াত উমেশ শইকীয়া আৰু মাতৃ জানকী প্ৰিয়া শইকীয়া।

ডুমডুমা এম ই স্কুল, টীয়ক হাইস্কুল, শিৱসাগৰ জিলাৰ আমগুৰি হাইস্কুলত পঢ়ি কটন কলেজৰ পৰা স্নাতক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

শৈক্ষিক কৰ্মজীৱন

[সম্পাদনা কৰক]

শিক্ষা সাং কৰি শইকীয়াই ১৯৫৬-৫৭ৰ ভিতৰত কেইদিনমান টীয়ক হাইস্কুলত, ১৯৫৯ চনত আমগুৰি উচচ মাধ্যমিকত শিক্ষকতা, ১৯৫৯-১৯৬৫ লৈকে শিৱসাগৰ কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক, ১৯৬৫ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ ধিং কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰূপে দুই দশকৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰি ১৯৮৬ৰপৰা ১৯৯৬ চনলৈকে এটা দশকৰো অধিক কাল নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগ বঢ়াই অৱসৰ গ্ৰহণ কৰে। লগতে তেওঁ নগাঁৱৰ অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নবৰুপ জাতীয় বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ওৰেটো জীৱন অসমৰ শৈক্ষিক ক্ষেত্ৰৰ সমান্তৰালকৈ সাহিত্য আৰু সামাজিক দিশত নিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰা শইকীয়া অসম আন্দোলনৰ লগতো জড়িত আছিল।

সাহিত্য ৰাজি

[সম্পাদনা কৰক]

প্ৰদীপ শইকীয়া অসমীয়া, ইংৰাজীৰ লগতে সংস্কৃত ভাষাৰো বিদগ্ধ পণ্ডিত আছিল। অসম সাহিত্য সভাৰ বিশ্বকোষ গ্ৰন্থৰ ইতিহাস সম্পৰ্কীয় সপ্তম খণ্ডৰ সম্পাদক কথা সাহিত্যিকগৰাকীয়ে এগৰাকী চিন্তাশীল প্ৰবন্ধকাৰ হিচাপে অসমীয়া আৰু ইংৰাজী ভাষাত অনেক গ্ৰন্থ অনুবাদ কৰিও প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ সোৱাদ জনতাৰ হূদয়লৈ বোৱাই এক জাতীয় দায়িত্ব পালন কৰি গৈছে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল : ‘ওমৰ খায়াম’, ‘মন্দিৰত জুই’, ‘বিশ্বযুদ্ধৰ অগ্নিপথ’, ‘প্ৰতিশ্ৰুতি’, ‘মাটিৰ মৰম’, সোণৰ আখৈ’, ‘জীৱন নদীৰ বালিচন্দা’, ‘সুকন্যা’ আদি। তদুপৰি ‘কথা মহাভাৰত, ‘কথা ৰামায়ণ’ (অনূদিত গ্ৰন্থ), ‘এ জয় ৰঘুৰ নন্দন’ গ্ৰন্থৰ জৰিয়তে ভাৰতীয় সাহিত্য-সংস্কৃতি-সভ্যতাৰ চিৰন্তন ৰূপক অসমীয়া ভাষাত পুনৰ তুলি ধৰি ভাৰতীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাব প্ৰকাশ কৰাই নহয়, মানুহৰ সু-শৃংখল, শান্তিপূৰ্ণ জীৱন-যাপনত ইয়াৰ প্ৰভাৱশীল ৰূপক মানুহৰ অন্তৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি থৈ গৈছে। জাতীয়তাবাদী চিন্তা-ধাৰাৰে উদ্বুদ্ধ সাহিত্যিকগৰাকীয়ে ১৯৯৭-৯৮ চনত নগাঁৱৰ পৰা প্ৰকাশিত ‘সাপ্তাহিক জাগৰণ’ কাকতত কাৰ্যবাহী সম্পাদক হিচাপে কিছুদিন সাংবাদিকতাৰ লগতো জড়িত আছিল।

সামাজিক জীৱন

[সম্পাদনা কৰক]

অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমি কাউন্সিলৰ সদস্য, অসম উচচ মাধ্যমিক পৰিষদৰ সদস্য, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, শ্ৰীমন্ত শংকৰ মিছন আদিৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে থাকি বিদ্যায়তনিক, ভাষা-সাহিত্য, সমাজসেৱাৰ বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছিল। ইয়াৰোপৰি তেওঁ সংস্কৃত বিকাশ মঞ্চৰ দীৰ্ঘদিন ধৰি সভাপতি পদত অধিষ্ঠিত হোৱাৰ উপৰি নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰতিষ্ঠাৰ পৰা আমৃত্যু সভাপতি, কলংপাৰ বিদ্যাপীঠৰ শৈক্ষিক পৰিষদৰ সভাপতি তথা জেষ্ঠ নাগৰিক সন্মিলনৰো সভাপতিৰ পদ অলংকৃত কৰিছিল।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  1. ওমৰ খায়াম
  2. মন্দিৰত জুই
  3. বিশ্বযুদ্ধৰ অগ্নিপথ
  4. প্ৰতিশ্ৰুতি

অনুবাদ গ্ৰন্থ

[সম্পাদনা কৰক]
  1. ইস্কাপনৰ ৰাণী
  2. চকুৰ ভাষা (কথা কবিতা)
  3. দি টেম্পেষ্ট
  1. কথা ৰামায়ণ
  2. দি পেলেচ মেইদ (কাৰেঙৰ লিগিৰীৰ অসমীয়া অনুবাদ)
  3. দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া
  4. Piyoli Phukon
  5. ইলিয়াদ
  6. ওডিছী
  1. লাচিত বৰফুকন

চুটি গল্প সংকলন

[সম্পাদনা কৰক]
  1. মাটিৰ মৰম
  2. সোণৰ আখৈ
  3. জীৱন নদীৰ বালিচন্দা
  4. সুকন্যা

তথ্য  সংগ্ৰহ

[সম্পাদনা কৰক]
  1. প্ৰদীপ শইকীয়া দেৱৰ শ্ৰদ্ধাৰ্ঘ্য, সম্পাদনা-মুনীন্দ্ৰ শইকীয়া, মিলন নেওগ, হীৰু ডেকা


বাহ্যিক  সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
প্ৰদীপ শইকীয়া
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?